হাউচৱাইফ আৰু সামাজিক মানসিকতা (অনামিকা বৰা)

হাউচৱাইফ আৰু সামাজিক মানসিকতা

অনামিকা বৰা


আজি কিছুদিনৰ আগতে অসমীয়া কথা বতৰাৰ মেজত অনুপমা বৰগোঁহাইৰ হাউচৱাইফৰ বিষয়ে এটি সুন্দৰ কলম পঢ়ি দুকলম লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ । বৰ্তমানৰ যান্ত্ৰিক যুগত আৰ্থিক স্বচ্ছলতাৰ বাবেই হওক বা প্রয়োজনৰ তাগিদাতেই হওক পতি-পত্নী দুয়ো চাকৰিয়াল হোৱা দেখা গৈছে। তাৰ বিপৰীতে হাউচৱাইফ সকলৰ উপস্থিতিও কিন্তু তেনেই তাকৰ নহয়। হাউচৱাইফসকলৰ প্রতি সমাজৰ কিছুমান মানুহৰ মানসিকতা দেখিলে দুখ লাগে। এগৰাকী গৃহিণীৰ ঘৰখনৰ প্রতি, ঘৰৰ প্রতিজন সদস্যৰ প্রতি থকা কৰ্তব্য তথা দায়িত্ববোধ আৰু ত্যাগক স্বীকৃতি নিদিয়াকৈ তথাকথিত বহু শিক্ষিত ব্যক্তিয়েই বিৰূপ মন্তব্য দিয়া দেখা যায়।
মোৰ দুটা সঁচা অভিজ্ঞতা এনে ধৰণৰ –
মোৰ এগৰাকী অন্তৰঙ্গ বান্ধৱীৰ নবৌৱেক এগৰাকী হাউচৱাইফ তথা গৃহিণী। তেওঁৰ স্বামী মানে মোৰ বান্ধৱীৰ ককায়েক উচ্চপদস্থ চাকৰিয়াল ব্যক্তি। ল’ৰা-ছোৱালী দুটাৰে সৈতে সুখী সংসাৰ। সন্তান দুটিয়েও মাকে চাকৰি কৰাটো নিবিচাৰে কাৰণ তেতিয়া স্কুলৰ পৰা আহি সিহঁতে মাকক দেখা নাপাবহি ঘৰত। বান্ধৱীৰ নবৌৱেকো সুখী তেনেদৰেই। কিন্তু তেওঁৰ লগৰ দুজনীমান বান্ধৱী আছে যি চাকৰিয়াল অথবা ব্যৱসায়ী। তাৰেই এগৰাকীয়ে এদিন ফুৰিবলৈ আহি ক’লে, “গোটেই দিনটো কি যে কৰি থাক? পঢ়াশুনাবোৰ এনেই কৰিলি!” কথাষাৰৰ অৰ্থ এনেকুৱা যেন চাকৰি নকৰা মহিলাসকলে পঢ়াশুনা নকৰিলেও হ’লহেতেন। শিক্ষাৰ মূল্যায়ন যেন কেৱল অৰ্থ উপাৰ্জনতেই সীমিত । এতিয়া আন এগৰাকী চাকৰিয়াল বান্ধৱীৰ কথালৈ আহোঁ । তেওঁ কয় নবৌৱেকক, “কি’নো ঘৰতেই সোমাই আছ? এতিয়া তোৰ ল’ৰা-ছোৱালী ডাঙৰ হৈছে। অলপ ওলাই গৈ কিবা এটা নকৰ কিয়?” কথাটো এনেকুৱা যেন গৃহিণীগৰাকীৰ ঘৰৰ কামবোৰ কামেই নহয়। বাহিৰলৈ ওলাই গৈ উপাৰ্জন কৰি অনাতহে যেন গৃহিণীগৰাকীৰ স্বীকৃতি লুকাই আছে। এতিয়া মোৰ কথা হ’ল, যেতিয়া এগৰাকী গৃহিণী সু-পত্নী হিচাপে, সু-মাতৃ হিচাপে সকলোৰে মৰম বুটলি সুখৰ সংসাৰ অতিবাহিত কৰি আছে, তেনেস্থলত সেই ব্যক্তিসকলৰ কি অধিকাৰ আছে বাৰু তেনে কিছুমান মন্তব্য কৰি আহি সেই গৃহিণীগৰাকীৰ মনত হীনমন্যতাৰ ভাব জগাই তোলাত । তাৰ বিপৰীতে কিয় তেওঁলোকে ক’ব নোৱাৰে, “তই ঘৰখন বৰ সুন্দৰকৈ সজাই-পৰাই থৈছ দেই। মই যে ল’ৰা-ছোৱালী কেইটাকো তোৰ দৰে সময় দিব নোৱাৰোঁ নহয়, বেয়াই লাগে।“ আচলতে কোনেও নিজৰ দুৰ্বলতা আনৰ আগত প্রকাশ কৰিব নিবিচাৰে। উপৰোক্ত দুয়ো গৰাকী মহিলাৰে কিন্তু সমস্যা একেই। প্রথম গৰাকী ব্যৱসায়ী মহিলাৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে। তেওঁ দিনটোলৈ ওলাই আহি সন্ধিয়া ৬-৭ মান বজালৈকে তাতেই থাকিব লগা হোৱাৰ বাবে তেওঁলোকৰ একমাত্র অকণমানি পুত্র সন্তানটি (Class III-ত পঢ়ে) স্কুল ছুটীৰ পিছত মাক-দেউতাক ঘৰ আহি নোপোৱালৈকে ওচৰতে থকা আইতাক-ককাকৰ (মাকৰ মাক-দেউতাক) ঘৰতেই থাকেহি। দ্বিতীয় গৰাকী চাকৰিয়াল মহিলাৰো সমস্যা একেই। এই গৰাকীয়ে যেনিবা তেওঁৰ অকণমানি সন্তানদুটিৰ চোৱাচিতাৰ বাবে নিজৰ মাকক লৈ আহিছে ককায়েক-নবৌৱেকৰ ওচৰৰ পৰা। অৱশ্যে দেউতাক থাকে ককায়েক-নবৌৱেকৰ লগতেই। এতিয়া প্রশ্ন হয় নাতিয়েকহঁত ডাঙৰ হোৱাৰ পিছত যেতিয়া মাক ওভতি যাব ঘৰলৈ তেতিয়া তেওঁৰ বোৱাৰীয়েকে সঁচা আন্তৰিকতাৰে সন্মান তথা সেৱা যাচিব পাৰিবনে তেওঁক। কাৰণ যি সময়ত বোৱাৰী গৰাকীকো এগৰাকী মাতৃৰ সু-পৰামৰ্শ আৰু সহায়-সহযোগিতাৰ প্রয়োজন আছিল, তেওঁৰ সন্তানটিক আইতাকৰ মৰমৰ প্রয়োজন আছিল, সেই সময়ত এইগৰাকী শাহুআই জীয়াৰীৰ মৰমৰ তাগিদাত আঁতৰি আছিল। তেওঁৰ উচ্চশিক্ষিতা জীয়াৰীয়েও এই সামান্য কথাটো এবাৰো হৃদয়ঙ্গম কৰা নাছিল নে!
এতিয়া মোৰ নিজৰ এটা অভিজ্ঞতা লিখিবলৈ ওলাইছো। মই এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিলোঁ । কিন্তু ঘৰুৱা কিছু অসুবিধাত সময়ৰ অভাৱত আৰু ব্যক্তিগত ভাবেও চাকৰিটো কৰি ভাল নোপোৱাত অব্যাহতি ল’লো। তাৰপিছত এদিন আহক এগৰাকী মহিলা আমাৰ ঘৰলৈ। অসময়ত মোক ঘৰত দেখি সুধি গম পালে মই চাকৰি এৰাৰ কথা। তেওঁ তেতিয়া তপ’ৰাই ক’লে, “অ’ চাকৰি কৰি কষ্ট পালা? দাদাহঁতৰ পইচাত আৰাম কৰি খাব লাগে নহয়?” সেই সময়ত মোৰ মানসিক অৱস্থাতো ভাবি চাওঁকচোন । আজিকালি চাকৰিৰ মহঙা দিনত চাকৰি এটা এৰি অহাৰ মানসিক কষ্টকণ আনে নুবুজে । কথাকেইটা শুনি যিমান দুখ লাগিছিল তাতোধিক ভাবে পুতৌ জন্মিছিল মহিলা গৰাকীলৈ, সমাজত কথা ক’ব নাজানে বুলি। তেওঁ নিজেও কিন্তু এগৰাকী হাউচৱাইফ অথবা গৃহিণী। মানে তেওঁৰ কথাৰ অৰ্থ এনেকুৱা, স্বামীৰ উপাৰ্জনত জীৱনটো উপভোগ কৰিব পাৰি। মাক-দেউতাক বা ককায়েকহঁতৰ উপাৰ্জনত জীৱন অতিবাহিত কৰাটোহে যেন অপৰাধ। এনেধৰণৰ কিছু অভিজ্ঞতাৰ পৰা ভাব হয়, হাউচৱাইফৰ বিযয়টোত পুৰুযতকৈ মহিলা সকলেই যেন মহিলাসকলক বেছিকৈ উপহাস কৰে। কথাষাৰ ভাবিলে আচৰিত লাগে!
অৱশ্যে সমাজত আৰু কিছুমান ব্যক্তি আছে যিসকলৰ কথা নক’লে লিখনিটি সম্পূৰ্ণ নহ’ব। মই আগতে কৈছোৱেই মই এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিলোঁ । তাত মই এগৰাকী এডমিনিষ্ট্রেটিভ অ’ফিচাৰ হিচাপে কৰ্মৰত আছিলোঁ । কামৰ পৰা অব্যাহতি লোৱাৰ আগমূহুৰ্ত্তত সকলোৰে পৰা বিদায় লৈছিলোঁ। মই যেতিয়া মেনেজাৰৰ ওচৰলৈ গৈছিলোঁ তেওঁ মোক সুধিছিল চাকৰিৰ পৰা অব্যাহতি লোৱাৰ কাৰণ। মই তেওঁক কৈছিলোঁ দিনটোৰ সৰহভাগ সময় মই এনেদৰে ঘৰৰ বাহিৰত খৰচ কৰিব নোৱাৰাৰ কথা, ঘৰুৱা কিছু সমস্যাৰ কথা। তেতিয়া তেখেতে মোক উৎসাহ জনাই কৈছিল তেওঁৰ এজন বন্ধুৰ ঘৰৰ কথা। কৈছিল তেওঁৰ বন্ধুপত্নীয়ে কেনেদৰে ঘৰতেই থাকি নিজৰ শিল্পকৰ্মৰে উদ্যোগ গঢ়ি তুলি তেওঁৰ স্বামী আৰু ঘৰখনক আৰ্থিক আৰু মানসিকভাবে সহায়-সহযোগিতা আগবঢ়াইছিল । কথাখিনি তেওঁ মোক বন্ধুৰ দৰে খুউব আন্তৰিকতাৰে কৈছিল। এনে ধৰণৰ ব্যক্তিৰ প্রতি শ্রদ্ধা উপজে মনত। যি এটা বাট বন্ধ হ’লেও হতাশ হ’বলৈ নিদি আন দুটা বাট দেখুৱাই দিয়ে লক্ষ্যত উপনীত হ’বলৈ। আচলতে মানুহৰ কথা-বতৰা তেনেকুৱাই হ’ব লাগে। কাৰোবাক উপহাস কৰি, নিৰাশজনক মন্তব্য দি নিৰুৎসাহ কৰাতকৈ, হীনমন্যতাৰ অনুভৱ কৰোৱাতকৈ নতুন বাটৰ সন্ধানহে দিব লাগে। নিজৰ দুৰ্বলতা ঢাকি থৈ চালে-বেৰে কোবাই কথা কোৱাতকৈ মানুহৰ ভাল কামৰ শলাগ ল’ব লাগে। সেয়াহে প্রকৃত শুভাকাঙ্ক্ষী তথা প্রকৃত বন্ধু-বান্ধৱীৰ লক্ষণ ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments