“হাউচৱাইফ” (মণিমালা শইকীয়া)

“হাউচৱাইফ”

শব্দটো বৰ কমন,মানে সহজলভ্য৷ ক’বলে গ’লে বেছিয়ে কমন৷ পিছে হাউচৱাইফৰ গুণাগুণ বৰ মাৰ্জিত৷যেনে: আপোনাৰ পৰিবাৰে কি কৰে? ‘হাউচৱাইফ’৷ তোমাৰ মায়ে কি কৰে? ‘হাউচৱাইফ’৷ আপোনাৰ ছোৱলী যে বিয়াত বহিছিল, কিবা কৰেনে এতিয়া? নাই ঘৰতে, ‘হাউচৱাইফ’৷ আপোনাৰ বোৱাৰীয়ে কি কৰে? ‘হাউচৱাইফ’হে৷ আৰু মোক যদি কোনোবাই সোধে, মোৰ উত্তৰটো অলপ ব্যতিক্ৰমী হয়৷ আপুনি কি কৰে বুলি সুধিলে মই তৎক্ষণাত কৈ দিও, হেতামাৰি কলেজত কাম কৰোঁ৷ হাউচৱাইফ শব্দটো শুনাৰ লগে লগে যেন শ্ৰোতাৰ কাণখন সোপা মাৰি ধৰে৷ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় অথবা বেঙ্কত যেতিয়া সোধে আপুনি কিবা কৰেনে? তেতিয়া আৰু জমে৷ সন্মুখৰ পৰা যেতিয়া ‘হাউচৱাইফ’ শব্দটো ভাঁহি আহে তেতিয়া প্ৰশ্ন কৰোঁতাৰ মুখখন শেতা হৈ পৰে৷ আৰু যেন এষাৰো কথা নাপাতিব তেনে ভাব এটাই ফুটি উঠে৷ যেন একো কথা নজনা, একো কাম নথকা ভ্যেলু নথকা এটা বস্তুহে হাউচৱাইফ৷ ইয়াৰ সলনি যদি কোনোৱে ক’লে চাকৰি কৰা বুলি; তেতিয়া যেন খেদি খেদি কথা পাতিব, কৌতুহলৰ যেন অন্তই নপৰিব৷ পিছে হাউচৱাইফে সকলো কৌতুহলৰ যতিহে পেলায়৷ কাকো আৰ্কষণ কৰিব নোৱাৰা এটা শব্দ ‘হাউচৱাইফ’৷

কিয় বাৰু হাউচৱাইফৰ প্ৰতি মানুহৰ এই অহেতুক ধাৰণা? কিয় মানুহে ভাবে যে হাউচৱাইফ বোৰৰ একো কাম নাই, একো যেন নাজানে হাউচৱাইফবোৰে৷ আনহে নালাগে ভাল চিন্তাও যেন কৰিব নোৱাৰে হাউচৱাইফে৷ সংসাৰৰ একো কাম কাজ নথকা, একো নজনা মানুহবোৰেই হ’ল হাউচৱাইফ৷

হয়ো পিছে কথাটো৷ কাৰণ ঘৰ এখনৰ চাৰিসীমাতেই আৱদ্ধ জীৱন এই হাউচৱাইফৰ৷ ঘৰতে থাকিব লাগে, খাব লাগে আৰুনো কি কাম হাউচৱাইফৰ৷

কোনেও কিয় নুবুজে পৰিয়াল এটাত, ঘৰ এখনত, সমাজত হাউচৱাইফৰ অৱদান৷ না স্বামী, না সন্তান, না শাহু-শহুৰ, না পৰিয়ালৰ আন আন সদস্যসকলে, না এদিনৰ চিনাকী এজন ব্যক্তিয়ে! কোনোবাই কেতিয়াবা ভাবি চাইছেনে হাউচৱাইফ এগৰাকী কিমান এটা দায়িত্বশীল পদত অধিষ্ঠিত৷ তেঁও একেটা সময়তে কি কি কামত নিজকে নিয়োগ কৰে৷ কেতিয়াবা পত্নী, কেতিয়াবা মা, কেতিয়াবা বোৱাৰী, কেতিয়াবা বৌ ইত্যাদি ইত্যাদি বিভিন্ন চৰিত্ৰত অভিনয়েৰে কিদৰে ঘৰখনৰ সকলোৰে প্ৰয়োজন পুৰা কৰিছে কোনোবাই মুহূৰ্তৰ বাবেও ভাবেনে? পৰিয়াল আৰু ঘৰখনৰ পৰা সমাজলৈ প্ৰসাৰিত হোৱা বহু ভাল ভাল ব্যক্তিত্বৰ অধিকাৰী মানুহবোৰ গঢ় দিয়াত এই হাউচৱাইফৰ অৱদান কোনোবাই লক্ষ্য কৰিছেনে কেতিয়াবা!!

একো কাম নথকা হাউচৱাইফবোৰে পুৱা কোনো নুঠোতেই শুই উঠি, ঘৰখনৰ বন্ধ দুৱাৰ খিৰিকিবোৰ খুলি এটা সুস্থ সফল দিনৰ কামনাৰে দিনটোৰ কাৰ্য্যসূচী আৰম্ভ কৰে৷ বাহি ঘৰ সাৰি (চোতাল নাই ভাগ্যে আজিকালি) গা-পা ধুই গোঁসাই চাকি দি দিনটোৰ যুদ্ধলৈ সাজু হয় হাউচৱাইফ৷ তাৰ পিছত চাহ জলপানৰ লগতে সন্তানৰ বাবে টিফিন সাজুকৰাপৰ্ব৷ খোৱা যোগাৰ কৰি ল’ৰা-ছোৱালীক খুৱাই, সাজপাৰ পিন্ধাই স্কুললৈ সাজু কৰা (দেউতাকৰ অনুপস্থিতিত স্কুল বাছত উঠাবও লাগে)৷ ঘৰৰ সকলো নিজ নিজ কামত ওলাই যোৱাৰ পিছত হাউচৱাইফৰ ছুটী নহয়৷ বৰঞ্চ ঘৰৰ সকলো মানুহ অহাৰ আগতে বাকী ৰোৱা কামবোৰ সমাধা কৰাৰ দায়িত্বও হাউচৱাইফৰে৷ যেনে শাহু-শহুৰ, ননদ-দেৱৰৰ প্ৰয়োজনীয়খিনি যতনোৱা ( যদিহে যৌথ পৰিয়াল হয় তেনেহ’লেতো ৰূপতে ৰঙে চ’ৰা)৷ ঘৰৰ দামী-কমদামী আচবাব বোৰৰ ধূলি-মাকতি, মকৰা জাল গুচোৱা, ঘৰৰ মজিয়াবোৰ মচা, কাপোৰ কানি ধুই ৰ’দোৱা, কাপোৰ ইষ্ট্ৰি কৰা ইত্যাদি ইত্যাদি নানা ৰকমৰ কাম নিয়াৰিকৈ কৰা৷ যিবোৰ নেকি কামত পৰিগণিত নহয়৷ সেইখিনি শেষ নৌ হওতেই আহিলেই নহয় দুপৰীয়া সাজৰ চিন্তা৷ সকলোৰে পচন্দ অনুযায়ী ৰন্ধামেলা কৰি শেষ হয় মানে ল’ৰা-ছোৱালী স্কুলৰ পৰা আহি ঘৰ পায়েই৷ সকলোকে খুৱাই-বোৱাই, ধুই-পখালি হাউচৱাইফ দৌৰিলে বাহিৰত ধুই শুকাবলৈ থোৱা কাপোৰবোৰ আনিবলৈ৷ হয়তো ৰ’দত শুকাই কাপোৰৰ ৰং উৰিব বুলি নহয় বৰষুণৰ বাবে৷ আবেলি যদি ল’ৰা-ছোৱালী শোৱে তেন্তে অলপ সময় জিৰণি হাউচৱাইফৰ৷ আৰু যদিহে সিহঁতৰ খেলা-ধুলা বা টিউশ্যন থাকে তেন্তে সেয়াও মুদা মৰে৷ তাৰ পিছতেই আহি পৰিল সন্ধ্যা কৰ্ম৷ সন্ধিয়া জলযোগৰ (চাহ, কফি,বৰ্নভিতা) ব্যৱস্থা সমাপন কৰি সন্তানৰ স্কুলৰ ডায়েৰী চাই হোম ৱাৰ্ক কৰোৱা, হ’বলগীয়া শ্ৰেণী পৰীক্ষাৰ বাবে সিহতক সাজু কৰোৱাও হাউচৱাইফৰ নিত্য কৰ্মতে পৰে৷
সিহঁতে পঢ়িব পাৰিছে নে নোৱাৰিছে সেই চিন্তা মূৰত লৈ আকৌ এবাৰ হেতামাৰি কলেজৰ প্ৰেক্তিকেল ক্লাচ, মানে নিশাৰ খোৱা সাজৰ আয়োজন৷ সকলোবোৰ ভাতৰ পাতত (ডাইনিংটেবুল) থাকোতেই শুবলৈ যাৱতীয় যা-যোগাৰ কৰাৰ কামো হাউচৱাইফৰে৷ সকলো যেতিয়া শোৱে তেতিয়া নিজে খাই কাহি-বাতি ধুই ঘৰখনৰ দৰ্জা খিৰিকী, লাইট বন্ধ কৰি; দিনটো কুশলেৰে পাৰ কৰাৰ বাবে নেদেখা জনক ধন্যবাদ দি শোৱাপাটীত উঠে হাউচৱাইফ৷ পুৱা চকু মেলাৰ পৰা চকু মুদালৈকে হাউচৱাইফ গৰাকী কিন্তু এটা নিৰ্দিষ্ট কামত বৰ্তি নাথাকে৷ এই দীঘলীয়া সময়ছোৱাত কামৰ মেৰপেচত অলপ জিৰণিৰো অৱকাশ নাথাকে তেওঁৰ৷

এতিয়া ভাৱকচোন হাউচৱাইফ গৰাকীৰ কাম কি? বিনা কেজুৱেল লিভ, বিনা আৰ্ন লিভ, বিনা মেডিকেল লিভ, বিনা বেতনত কি চিন্তা কৰি, কাৰ প্ৰয়োজনত নিস্বাৰ্থ ভাৱে সকলোবোৰ কাম কৰি যায় তেওঁ৷ স্বীকৃতি পায় এটা হুমুনিয়াহেৰে সৈতে হাউচৱাইফ বুলি৷ স্বামী আৰু সন্তানৰ সফলতাত হাউচৱাইফৰ শলাগ কোনেও নলয়৷ কিন্তু এটা সৰু ভুল হ’লেও সকলো জপতিয়াই পৰে তেওঁৰ ওপৰত৷ হাউচৱাইফবোৰে ঘৰখন আৰু পৰিয়ালৰ বাবে নিজকে উৎসৰ্গা কৰি দিয়ে৷ অথচ এই হাউচৱাইফেই সৌ সিদিনালৈকে আছিল কাৰোবাৰ অতি আদৰৰ, আলাসৰ৷ সীমাহীন মৰম আৰু আপডালত ডাঙৰ হৈয়ো কেতিয়া আৰু কেনেকৈ জীৱন আৰু পৰিয়ালৰ ট্ৰেফিক জামত সোমাই যান-যঁট ভাঙি শৃংখলাবদ্ধ কৈ সকলোবোৰ কৰিবলৈ লয় সেইটো হাউচৱাইফেও পাহৰি পেলায়৷

লগতে কৈ থওঁ যে মেচিনৰ দৰে সকলোবোৰ কাম কৰি থকা হাউচৱাইফবোৰ একাদিক্ৰমে পৰিয়াল এটাৰ সকলোৰে চিন্তাত চিন্তিত ‘চিন্তাবিদ’, সকলোৰে মনৰ কথা বুজি কাম কৰা ‘মনোবিদ’, সকলোৰে স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰা ডাক্তৰ, সন্তানৰ শিক্ষাগুৰু আৰু পৰিয়ালৰ অৰ্থ আৰু সুৰক্ষাৰ দায়িত্বত কৰ্মৰত গৃহমন্ত্ৰী৷

এটা পৰিয়াল আৰু এখন ঘৰে সমাজত নিজৰ পৰিচয় দাঙি ধৰাত এগৰাকী হাউচৱাইফৰ অৱদান অতুলনীয়৷ মূলতে কব বিচৰিছোঁ যে সহজলভ্য হ’লেও আমাৰ জীৱনত হাউচৱাইফৰ গুৰুত্ব অতি গভীৰ৷ একো নজনা,একো কাম নকৰা এই হাউচৱাইফ সকল নহ’লে পিছে কৰ্মব্যস্ত মানুহবোৰৰ জীৱনত বাৰুকৈয়ে আউল লাগিব৷ ব্যস্ত পৃথিৱীত হাউচৱাইফো নিজৰ পৃথিৱীত অত্যন্ত ব্যস্ত৷ হাউচৱাইফ হোৱাটো লাজ নহয়, গৌৰৱৰহে কথা৷

হাউচৱাইফ জিন্দাবাদ৷৷৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments