হাগনী ( নীলিম জ্যোতি কলিতা )

 স্নেপশ্বট্ — ১

————–
ফাৰ্মাচিখনলৈ ল’ৰাজনে খৰখোজেৰে আহি ফাৰ্মাচিষ্টজনক কলে, “দাদা, হাগনী হোৱাৰ টেবলেট দুটা দিয়কছোন।”
ফাৰ্মাচিষ্টজনে ল’ৰাজনলৈ চায় সুধিলে, “হাগনী হ’বলৈ লাগে নে নহ’বলৈ?”
মই কাষতে ৰৈ আছিলো। হাঁহিতো যেনে তেনে সামৰিলোঁ।

স্নেপশ্বট্ –২
————–
ছাতিটোৰে বৰষুণজাকক বাধা দি ফাৰ্মাচিখনলৈ আগবাঢ়িলোঁ। একাপ গৰম চাহেৰে সেমেকা গধূলিটোৰ সোৱাদ লৈ থকা ফাৰ্মাচিষ্টজনক ক’লোঁ, “দাদা, দুটা জ্বৰ নোহোৱাৰ টেবলেট দিয়কছোন।”
ফাৰ্মাচিষ্টজনে চাহকাপত শুহা এটা মাৰি মোলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে। মোৰ হাঁহি উঠিল। লগে লগে সুৰ সলাই ক’লোঁ, “ৰাতিপুৱাৰ পৰা দেউতাৰ জ্বৰ। টেবলেট দুটা দিয়কছোন।”

*টোকাআমি দৈনন্দিন জীৱনত কিমান বাক্য ভুলকৈ প্ৰয়োগ কৰি আছো মন কৰকছোন। আমি এতিয়া এনে এটা পৰ্যায় পালোহি শুদ্ধকৈ কথা কলে মানুহে বুজি নোপোৱা হৈছে আৰু ভুল বাক্যৰে পৰিস্হিতি চম্ভালি লোৱাটো সহজ হৈ পৰিছে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments