হাজিৰা কৰাৰ মাদকতা — খিলনজ্যোতি ধাদুমিয়া

মেট্ৰিক পৰীক্ষাৰ পিছৰ দিনকেইটাৰ কথা, অৰ্থাৎ ২০০৯ চন৷ বন্ধ কিছুদিন পাইছিলো৷ বন্ধত কৰ’বাত যোৱাৰ মন কৰিছিলো৷ কিন্তু সমস্যাটো আছিল টকাৰ… ভাৱি আছিলো, কিছু টকা কেনেকৈ যোগাৰ কৰোঁ৷ তেতিয়া আমাৰ আৰ্থিক অৱস্থা বৰ শোচনীয় আছিল৷ দেউতা গাৱঁৰ ভেঞ্চাৰ হাইস্কুলখনৰ শিক্ষক আছিল, স্কুলৰ পৰা পোৱা টকাৰে তেল-নিমখৰ বজাৰকণ কেৱল হৈছিলহে…
যিকি নহওক, তেনে এটা দিনতে সম্পৰ্কীয় ভতিজা এটাক স্কুলত থৈ ঘৰলৈ চাইকেলেৰে আহি আছিলো৷ আহি থাকোঁতে বাটত কৰ’বাত ৰ’ব লগা হোৱা বাবে কিছু পলম হৈছিল৷ ঘৰৰ পাবলৈ তিনিটামান পদূলি থাকোঁতে বহুত শ্ৰমিক লগ পাইছিলো৷ সকলোৱে ৰাস্তাৰ কাষৰ মাটি সমান কৰাত লাগি আছিল৷ প্ৰায় অচিনাকি আছিল সকলো শ্ৰমিক, আমাৰ গাৱঁৰ নাছিল বেছিভাগেই৷ এজন বন্ধু লগ পালো হঠাৎ, সি আমাৰ গাৱঁৰে৷ তাৰ ঘৰৰ অৱস্থাও তেতিয়া যথেষ্ট বেয়া আছিল৷ সিয়ো মোৰ লগতেই বেলেগ স্কুলৰ পৰা মেট্ৰিক দিছিল৷ এলপি আৰু এমই স্কুল আমি একেলগতেই পঢ়িছিলো৷ তাক লগ পাই ৰ’লো, সুধিলো কিমান দিছে হাজিৰা? ক’লে, “দিনটোত সত্তৰ টকা৷ পুৱা ন বজাৰ পৰা ১২ বজালৈ আৰু এক বজাৰ পৰা চাৰি বজালৈ মাটি কাটিব লাগে৷ “ সেইদিনা তাৰ দুদিন হৈছে বুলি জনালে৷ মই কাম কৰিবলৈ ইচ্ছা আছে বুলি জনালোঁ৷ সি ক’লে, “আহি যা৷ আজি দুপৰীয়া আহিলে আধাবেলা হাজিৰা পাবি৷ “
চাইকেল লৈ ঘৰলৈ গৈ মাক চিঞৰিলো, মাই পোনচাতেই আপত্তি কৰিলে৷ আগতেও হাজিৰা কৰি পাইছো বহুবাৰ, তথাপি ৰাস্তাত কাম কৰাটো একেবাৰে ভাল পোৱা নাছিল৷ ভেন্সাৰ হ’লেও গাৱঁৰে হাইস্কুলখনৰ মাস্তৰৰ পুতেকে কাম কৰাটোত মাই সন্মানৰ কথা চিন্তা কৰাৰ লগতে বাবু-মহৰীৰ ককৰ্থনা, দাবী-ধমকি আৰু মই কষ্ট পাম বুলি ভাৱিছিল৷ কিন্তু মাৰ কথা আওকাণ কৰি মই চাইকেলৰ কেৰিয়াৰখনত কোৰখন চাইকেলৰ টিউবেৰে বান্ধি ল’লো৷ মাই কিবা এটা কোৱাৰ আগতেই কাম কৰিম বুলি চাইকেল দৌৰালো৷ ইতিমধ্যে শ্ৰমিকসকলৰ দুপৰীয়া খানা খোৱাৰ সময় হৈছিল৷ মই মহৰীজনক লগ কৰিছিলো৷ তেওঁ মোক ভালদৰেই চিনি পাইছিল৷ তেওঁৰ ঘৰ অৰুণাচলত আছিল যদিও অসমীয়া ল’ৰা আছিল৷ বোধহয় মোৰ দেউতাৰ এসময়ত তেওঁ ছাত্ৰ আছিল৷ তেওঁ বহীত মোৰ নাম লিখি লৈছিল৷ সেইদিনটোৰ আধাতে মই যোগদান কৰিছো বুলিও লিখি লৈছিল৷
খোৱা শেষ হ’লত সকলোৱে কাম লাগিছিল৷ বহুতো শ্ৰমিকৰ লগত চিনাকি হৈছিলো, আৱেলিটো পুৰা কষ্ট কৰিছিলো৷ ৰাতি বেছ ভাল টোপনি আহিছিল, মাই মোক বিশেষ একো গালি দিয়া নাছিল৷ দেউতাই এনেবোৰ কথাত মোক কোনোদিনেই বাধা দিয়া নাছিল৷
পাছদিনাৰ পৰা মই টিফিন লৈ গৈছিলো৷ মাই কিবা এখন আঞ্জাৰ সৈতে টিফিন সাজু কৰি দিছিল৷ কাম য’ত-ত’ত হৈছিল৷ কেতিয়াবা কেইবা কিল’মিটাৰ দূৰতো হৈছিল৷ চাইকেল লৈ যাবলগীয়া হৈছিল৷ দুপৰীয়া সময়ত নদীৰ পাৰত, গছৰ তলত নতুবা ৰাস্তাৰ কাষত ভাত খাইছিলো৷ সকলো শ্ৰমিকৰ লগত প্ৰায়েই আঞ্জা সলনি কৰি খাইছিলো৷ বৰ সোৱাদ পাইছিলো৷ কোনোবাই শুদা ভাত আনিলেও তাক সকলোৱে কিবা নহয় কিবা যাচিঁছিল৷ কিয়নো দুই এজন শ্ৰমিক মোতকৈ বহুত বেয়া ঘৰৰ পৰা আহিছিল৷ কিন্তু এটা কথা ক’বই লাগিব যে বিভিন্ন আদ্দাৰ মাজত কেইবা বহুত অশ্লীল বিষয়ে ঠাই পাইছিল৷ মই যিহেতু সৰু আছিলো, মোৰ শুনি লাজ লাগিছিল৷ পুখুৰীৰ পৰা চাঙিত মাটি আনিছিলো, কোৰ মাৰিছিলো৷ আমোদজনক ঘটনা এইযে এঠাইৰ পৰা আনঠাইলৈ আমাক কেতিয়াবা লৈ যাওঁতে ডাম্পাৰত লৈ যোৱা হৈছিল৷ চাইকেলৰ লগতে সকলো শ্ৰমিক উঠি লৈছিলো৷ নামিবৰ সময়ত পিছফালে হেলনীয়া কৰি দিছিল৷
হাইস্কুলৰ আমাতকৈ এবছৰ পিছৰ এজনী ছোৱালীৰ প্ৰতি তেতিয়া মোৰ দুৰ্বলতা আছিল৷ আমি কাম আৰম্ভ কৰোঁতে তাই লগৰকেইজনীৰ লগত স্কুললৈ আহিছিল৷ মই লাজ কৰা নাছিলো, মোক মাতি যাওঁতে কিন্তু কিবা এক আৱেগিক হৈ পৰিছিলো৷ তাই পাৰ হৈ গ’লেই বেছি মনোযোগ দি কোৰ মাৰিছিলো৷ সেইখন হাইস্কুলৰে ইংৰাজী শিক্ষকৰ পুত্ৰ বুলি মোক অলপ ভাল ভাৱেৰেই চাইছিল৷ বৰ্তমান তাই এগৰাকী বোৱাৰী, উল্লেখ্য যে তাইক আজিপৰ্যন্ত সেই কথাবোৰ জানিবলৈ নিদিলো…
যিকি নহওক, মোৰ দিনৰ লেখেৰে ১০টা দিন আৰু আধাবেলা হাজিৰা হৈছিল৷ বহাগ বিহুলৈ আৰু দুদিনমান আছিল৷ ঠিকাদাৰৰ ঘৰত মজুৰিবোৰ দিব বুলি কৈছিল৷ ঠিকাদাৰজনো মোৰ দেউতাৰ পুৰণি ছাত্ৰ আছিল আৰু বৰ্তমান তেওঁ এই পৃথিৱীতেই নাই৷ মজুৰি পাবৰ দিনটোত তেওঁতকৈ ওপৰৰ আৰু এগৰাকী ঠিকাদাৰ আহিছিল৷ তেখেত মোৰ দেউতাৰ লগত খুবেই ঘণিষ্ঠ আছিল৷ শ্ৰমিকসকলক উদ্দেশ্যি কিবা কৈ থাকোঁতে মোৰ ওপৰত চকু পৰিছিল৷ মই মাত লগাইছিলো, লগালগ মোক চিনি পাইছিল আৰু কিছু আচৰিত হৈছিল৷ আমি প্ৰতিদিনা ৮০ টকা হাজিৰা কৰি দিবলৈ জোৰ কৰিছিলো৷ কিন্তু তেওঁ মানি লোৱা নাছিল৷ বৰঞ্চ মোৰ আধাবেলাৰ কামৰ টকাটো কাট খাব বুলিহে জানিব পাৰিছিলো৷ মই কিছু প্ৰতিবাদ কৰিছিলো, কিন্তু এটা কমবয়সীয়া ল’ৰাৰ প্ৰতিবাদক কোনোৱে গুৰুত্ব দিয়া নাছিল৷ মোৰ হাতত এখন পাঁচশ টকা আৰু দুখন এশ টকীয়া নোট দিয়া হৈছিল৷ মই কিবা এটা আনন্দ আৰু কিবা এক অজান দুখত সাতশ টকা লৈ ঘৰলৈ আহিছিলো৷
সেই সাতশ টকাটোৰ মূল্য আজি কিমান টকা হ’ব নাজানো৷ কিন্তু সেয়া ভাৱিলে আজিও সাংঘাতিক আৱেগিক হৈ পৰোঁ৷ সেই সাতশ টকাৰে বিহু পাৰ হোৱাৰ লগে লগেই মই আমাৰ পুৰণি ঠাই নাহৰকটীয়ালৈ অকলে ফুৰিব আহিছিলো৷ আগদিনা পাঁচশ টকীয়া নোটখন এজন বেপাৰীৰ ঘৰত গৈ খুচুৰা কৰি আনিছিলো…
আজিও মনত পৰে মোৰ সেই বিশেষ কোৰখন, ভিন্ন ঠাইৰ শ্ৰমিকসকল আৰু বিশেষকৈ বিভিন্নজনৰ ঘৰৰ আঞ্জাৰ সোৱাদকণ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments