হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনীৰ সেই দহ মিনিটটো —-পঙ্কজজ্যোতি মহন্ত

হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পূজাত ঘৰলৈ আহি উভতি যোৱাই নাই নেকি অ’? – শইকীয়াৰ ঘৰৰ মানুহজনীয়ে জীয়েকক সৰুকৈ সুধিলে৷

“মইনো কেনেকৈ জানো নো“, জীয়েকে ভেকাহী মাৰি মাকৰ পিনে মূৰ ঘুৰাওতেই দেখিলে দেখোন মাকে খিৰিকীৰ পৰ্দাৰ ফাকেৰে বাহিৰলৈ জুমি চাই আছে৷ হাজৰিকাৰ ঘৰৰ জীয়েকজনী বাহিৰলৈ ওলাইছে বুলি তাইয়ো লগে লগে উঠি আহি মাকৰ গলধনৰ ওপৰেদি পৰ্দাৰ আঁৰেৰে বাহিৰলৈ চাবলৈ চেষ্টা কৰিলে৷ মানুহৰ তেজৰ গোন্ধ পোৱা জোক দুটাই পাৰ্যমানে নিজকে দীঘল কৰি কৰি দূৰলৈ হাকুতীয়াই থকা দৰে মাক-বায়েকৰ প’জ দুটা হঠাতে দেখি ঘৰৰে ল’ৰাটোৱে সুধিলে – “কিনো তেনেকৈ চাই আছা তোমালোক দুজনীয়ে? “ সিয়ো বেঙা মেলি চাই দেখিলে হাজৰিকাৰ ঘৰৰ জীয়েকজনী পদূলি মুখত ৰৈ আছে৷

“এইজনী পূজাতে আহিছিল নহয়, কিয় বা যোৱা নাই৷ পঢ়া এৰি গুচি আহিল নেকি? “ – মাকে ক’লে৷

মাকৰ কথা তল পেলাই জীয়েকে ক’লে, “টপটো ভাল লাগিছে চোৱা না, চোৱা না৷ মই এটা কিনিম দেই৷ “

পুতেকটোৰ মনলৈয়ো কৌতূহল আহিল – “সেইজনী কেলৈ ৰৈ আছে তাত? “

“কিনো পঢ়ি আছে জানো এইজনীয়ে? “, কাৰোৰে আন একো উত্তৰ নিদি মাকে আকৌ উলিয়ালে৷

“ভাল কিবাই পঢ়িছে চাগে“, জীয়েকে ক’লে৷

“থ, ইমান চোকা নহয়“, মাকে ক’লে, “বাহিৰত আছে বুলিয়েই ডাঙৰ মানুহ হোৱা নাই৷ পিচে যি হ’লেও লোকে গৈ বাহিৰ পালেগৈ৷ তহ’তে পঢ়া-শুনা কেলেই কমাই দিছ বাৰু? এইবোৰে তহঁতক কিন্তু পিছত তলত পাৰি থ’ব, তেতিয়া মোৰ কথা মনত পেলাবি, এতিয়া নুশুন মোৰ কথা“ কৈ কৈ মাকে সিহঁতৰ মুখলৈ চালে৷ পুনৰ একেখন বাজানাকে শুনি ল’ৰাটো কোঠাটোৰ পৰা ওলাই গ’ল৷

ৰাস্তাটোৰ সীপাৰে বৰুৱা ঘৰৰ মানুহটোৱে চুচুক-চামাক কৰি বাৰীতে কিবা কৰি আছে৷ হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনীক পদূলিতে দেখি তেওঁ তাৰ পৰাই মাত এষাৰ দিম বুলি ভাবিছে, কিন্তু তেওঁৰ পৰা অকণমান দূৰত আছে, চকুৰে চকুৰে নপৰিলে এনেই মাতিবলৈ দূৰত্বটো নোজেৰে৷ হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়েও তেওঁক তাতে দেখি মাত এষাৰ দিম বুলি ভাবিছে, কিন্তু তাইয়ো একেটাই সমস্যা পাইছে৷ তাই বৰুৱাৰ ঘৰৰ মানুহটোক মাত এষাৰ দিম বুলি সেইপিনে অলপপৰ চায়, কিন্তু সেইকণ সময়ত তেওঁ কামত মন দি থাকে৷ তেৱোঁ তাইক মাত এষাৰ দিম চায় অলপপৰ, কিন্তু তেতিয়া তাই বিচিত্ৰ জগত চোৱাৰ দৰে বেলেগে পিনে মন দি আকাশ-পাতাল চাই থাকে৷ তেওঁলোক দুয়োকে সেইটো পজিচনত থকাটো শইকীয়া ঘৰৰ মানুহজনীয়ে দেখি তেওঁ কাণ এখন ঠিয় কৰি থাকিল – কিবা পাতিলে যেনেতেনে শুনিম!

বৰুৱাৰ ঘৰৰ সিফালৰ আনটো বৰুৱা পৰিয়ালৰ মানুহটো বজাৰলৈ ওলাই এখুজি দুখুজিকৈ চোতাল পাওঁতেই হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকক পদূলিত দেখা পালে৷ তেওঁ সেইপিনে দেখাটো ঘৰৰ মানুহজনীয়ে দেখা পাই সুধিলে, “এইজনীয়ে কমপ্লিট কৰি আহিলে নেকি? “

“নাজানো কি কৰিলে৷ ঘৰৰ মানুহক সুধিবলৈ বেয়া, সিদিনা খুৰাকটোকে সুধিছিলোঁ, ক’লে বোলে – মোক সেইবোৰ নুসুধিব, তাই কিনো কৰিছে, কিনো কথা, একো গম নাপাওঁ মই! “

“অ’….., খুৰাকেই তেনেকৈ কৈছে যেতিয়া কিবা গণ্ডগোল আছে চাগে৷ বাহিৰলৈ গৈ হাৱা লাগিবও পাৰে“, মানুহজনীয়ে ক’লে৷

“কিনো অ? “, ভিতৰৰ পৰা কথাবোৰ শুনি বুজি নাপাই ভাগ ল’বলৈ বুলি সেইঘৰ বৰুৱাৰ জীয়েকো বেলকনিলৈ ওলাই আহিল৷

“হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনীৰ কথা কৈছোঁ……… খুৰাকে দেউতাৰক এনেকৈ কৈছে হেনো৷ খুৰাকেই নাজানে যেতিয়া সেইজনীয়ে কিখন কৰি আছে ঠিক নাই৷ হায়দৰাবাদতে আছে নে ক’তে আছে কোনেনো দেখিছে? “

“হেই, সেইটোৰ কথা কোনোবাই শুনে নেকি? “, সেইঘৰ বৰুৱাৰ জীয়েকজনীয়ে সেইটো মানুহক দেখিবই নোৱাৰে৷ মাক-দেউতাকে লুতুৰা এটাৰ বিষয়ে ভালকৈ পতাৰ দৰে তাই বিৰক্ত হৈ তেনেকৈ ক’লে৷

“তেনেকৈ নক’বি ৰহ৷ কোনোবাই কাৰোবাৰ কথা কিবা কৈছে, কৈ থাকক৷ আমি নহয় বুলিব দৰকাৰ নাই৷ “ লোকৰ ঘৰৰ জীয়েকৰ বিষয়ে বেয়াটো শুনাৰ সুযোগ দিয়াৰ বাবে খুৰাকটোৰ প্ৰতি কৃতজ্ঞ হৈ মাকে জীয়েকক হাক দিলে৷

সেইঘৰ বৰুৱাৰ জীয়েকে মাকহঁতক আকৌ ক’বলৈ ধৰিলে, “সেইটোৱে পঢ়াৰ কথা একো নাজানে অ’৷ কেনেকৈ মাষ্টৰ হ’ল, কি পঢ়ুৱায় ভগবানেহে জানে আৰু৷ সেইকাৰণে তেনেকৈ কৈছে; বুজি পালেহে সেইটোৱে কিবা ভাল কথা! মোক এদিন লগ পাই সুধিলে, তুমি কি কৰি আছা? মই বোলো বি-টেক কৰি আছোঁ৷ তেওঁ বোলে এইবোৰ পঢ়াতকৈ মেডিকেল ইঞ্জিনিয়াৰিঙত যাব লাগিছিল, দেউতাৰ ইমান টকা আছে৷ তেওঁ যেনেকৈহে কৈছে, টকা নাথাকিলে যেনিবা মেডিকেল-ইঞ্জিনিয়াৰিং পঢ়িব নালাগেই! “

মেধীৰ ঘৰৰ মানুহহাল ইভিনিং ৱাক কৰিবলৈ ওলাইছিল, হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পদূলি মুখত ৰৈ থকা দেখা পাই চোতালতে অকণমান ৰৈ আলেঙে আলেঙে চাই ৰ’ল৷ “এইজনীয়ে পেপাৰৰ কামত লাগি আছে বুলি ক’লে এদিন দেউতাকে৷ সাংবাদিকবোৰৰ পূজাৰ ছুটিও নাই বুলি শুনো দেখোন, এই ইমানদিন ঘৰতে আছে নেকি! কাম এৰি থৈ আহিল চাগে? “, মেধীৰ ঘৰৰ মানুহটোৱে মানুহজনীক সুধিলে৷

“হায়দৰাবাদত আছে বুলিহে জানো“, মানুহজনীয়ে উত্তৰ দিলে৷

“তাতে আছে৷ তাতে ক’ৰবাত সোমাইছে চাগে“, মানুহটোৱে ক’লে৷

“পেপাৰৰ চাকৰিটোহে পালেগৈ মানে, কেই পইছা পাব? চুলিখিনি কেনেকৈ ৰাখিছে চা সেইজনীয়ে! “ মানুহজনীয়ে ক’লে৷

“ভাল পজিচনত থাকিবও পাৰে৷ ভাল পজিচনত থাকিলে পেপাৰতো বহুত টকা“, মানুহটোৱে ক’লে৷

“নাপায়৷ থওকহে, ভাল পজিচনটো পাবগে! হাজাৰ-বাৰশত খাটি থাকিব জীৱনভৰ৷ “ দুয়োৱে চকুৱে চকুৱে চাই তৃপ্তিৰ হাঁহি মাৰি গেটখন খুলি ওলাই আহিল৷

মেধীৰ ঘৰৰ মানুহহাল আহি আহি হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী ওচৰ পালেহি৷ তাই তেওঁলোকলৈ চাই মাত দিলে, “মেধী খুৰা, খুৰী৷ “

“এয়া অ’, অকণমান ওলাই আহিলোঁ৷ কেতিয়া আহিলা তুমি? “ মেধীৰ ঘৰৰ মানুহটোৱে চেনেহেৰে সুধিলে৷

“পূজাতে আহিলোঁ৷ “

মানুহহাল ৰ’ল অকণমান৷ মানুহজনীয়ে ৰঙীন হৈ ক’লে, “তোমাৰ খবৰ দেউতাৰ পৰা পাই থাকোঁ৷ বৰ ভাল লাগিছে, বহুত নাম কৰিব পাৰিছা, আমাৰ অঞ্চলটোৰে নাম হয়৷ নহয় জানো! “ হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে নম্ৰভাৱে শুনি থাকিল৷ মানুহহালে একেলগে ক’লে, “ক’ৰবাত লগ পোৱা হ’লে চিনিয়েই নাপালোঁহেঁতেন চাগে“, মানুহটোৱে ক’বলৈ লোৱাত মানুহজনীয়ে মনে মনে ৰৈ মুখত মিঠা হাঁহি এটা লৈ তাইলৈ চাই থাকিল, মানুহটোৱে ক’লে – “আমাৰ ওচৰতে এয়া ইঘৰ-সিঘৰৰ ফুৰাচকা একদম নহয়েই বুলিহে৷ আৰু মানুহবোৰো সকলো ব্যস্ততো৷ ল’ৰা-ছোৱালীও দুদিনৰ বাবে ঘৰলৈ আহে, ওচৰত ফুৰিবলৈ সময় ক’ত? আমাৰে ল’ৰা-ছোৱালী দুটাই তোমাক চিনিয়েই নাপাব চাগে, তুমিও নাপাবা চাগে, নে কি কোৱা! উপায়ো নাই৷ “

“হয় বাৰু“, হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে উত্তৰ দিলে, “আমাৰ ঠাইবোৰ গাৱোঁ নহ’ল, চহৰো নহ’ল৷ “

“তুমি এতিয়া কোন পেপাৰত কৰি আছা নো? “ মেধী ঘৰৰ মানুহটোৱে সুধিলে৷

“হায়দৰাবাদতে চাগে ন? “ গৌৰৱ কৰা যেন কৰি মেধীৰ ঘৰৰ মানুহজনীয়েও যোগ দিলে৷

হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে চক খাই ক’লে, “মই পেপাৰত কাম কৰা নাই নহয়“, তাই সম্পূৰ্ণ কৰিবলৈ নাপাওঁঁতেই মেধীৰ ঘৰৰ মানুহজনীয়ে ক’লে – “কেলেই? দেউতাই দেখোন এদিন ক’লে – তাই পুৰা ব্যস্ত, পেপাৰৰ কামত লাগি আছে৷ “

“অ’ নহয়“, হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে ক’লে, “পেপাৰ মানে ৰিচাৰ্ছ-পেপাৰৰ কথা কৈছে৷ মই ৰিচাৰ্ছহে কৰি আছোঁ৷ “ কথাটো শুনি মেধীৰ ঘৰৰ মানুহজনীৰ গাৰ মাজেৰে চিৰিং কৈ কিবা এটা পাৰ হৈ গ’ল, তেওঁৰ মনটো দাউ দাউকৈ পুৰিবলৈ আৰম্ভ কৰিলে৷ মেধীৰ ঘৰৰ মানুহটোৰো উৎসাহ শেষ হৈ আহিল৷ অথনিৰ পৰা ওঁঠত ফুটি থকা হাঁহিটো তেওঁলোকে যিমান পাৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিলে, কিন্তু ওঁঠেৰে প্ৰকাশ হৈ নুঠিল, সেই চেষ্টাৰ ফলত মুখ দুখন বেলেগ এটা বিকৃত ভাঁজ লোৱাটোহে স্পষ্ট হৈ পৰিল, ছালৰ ৰঙো শেঁতা হৈ আহিল; সাপে গিলা ভেকুলীৰ অন্তিম মাতটোৰ দৰে এজনৰো মুখেৰে একো মাত নোলোৱা হ’ল, তেওঁলোকে যাতনা-গধুৰ বোজা এটা লৈ লৈ ৰাইজৰ বাটেৰে খোজ দিলে৷

“অ’ এইজনী তুমিহে৷ মই চাই চাই আহিছোঁ কোন বুলি৷ কি খবৰ? “ মেধীৰ ঘৰৰ মানুহহাল গৈ থকা দিশে চাই থাকোঁতেই একেবাৰে ওচৰতে মাত শুনি হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে মাতটোৰ পিনে চালে; সেইজনী চাবুকধৰাৰ ঘৰৰ মানুহজনী; তেওঁ একেলেঠাৰীৰে কথাখিনি কৈ থাকিল, “মই অথনিৰ পৰা চাই আছোঁ, কোন ৰৈ আছে বোলো এইজনী৷ “ – অৱশ্যে তেওঁ গমেই পাইছিল কোন ৰৈ আছে – “লগ পাই বৰ ভাল পালোঁ দেই৷ কেনিবা যোৱা নেকি? “

“নাই নাযাওঁ৷ লগৰ ছোৱালী এজনী থকাকৈ আহিছে৷ ঘৰলৈ প্ৰথম আহিব তাই, সেইবাবে অকণমান ওলাই ৰৈ আছোঁ৷ পাবহি এতিয়া দুই মিনিটমানতে৷ “

“অ’ মই দেখিছোঁ নহয়, বহু পৰৰ পৰা ৰৈ আছা৷ মই আকৌ আজিকালি অকণমান ৰাস্তাত খোজ কাঢ়িবলৈ লৈছোঁ৷ ওলাই আহিলো অকণমান৷ বেছি দূৰ নাযাওঁ, গাটো থৰক-বৰক লাগে৷ ল’ৰাটোৱেহে হেচুকি হেচুকি পঠিয়ায়৷ “

হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে প্ৰথম কথাটোৰ উত্তৰ দিলে, “বহু পৰ নহয়, এই দহ মিনিটমান হোৱাই নাই৷ “

চাবুকধৰাৰ ঘৰৰ মানুহজনীয়ে আৰু কথা উলিয়ালে, “এতিয়া তোমাৰ, চাকৰি-তাকৰি একো হোৱাই নাই নহয় চাগে? আমাৰ ইহঁতক বিয়া দিলোঁ, গম পোৱা চাগে৷ ভাল পৰিয়ালেই পালোঁ, পইছা-পাটি ভাল৷ ডাঙৰজনীৰ জোৱাইৰ ঘৰততো দুখন ট্ৰাক, টেক্টৰো আছে কেইখন মান, গাড়ী সলাইয়ে ৰক্ষা নাপায়; মই সিদিনা ধেমালী কৰি কৈছোঁহে বোলো – তুমি ইমান গাড়ী কিনি থাকা, মাহে মাহেনো নসলোৱা কেলেই৷ সৰুজনীৰো বৰ ভাল, লীডাৰৰ লগতো জোৱাইৰ হাত আছে৷ তোমাতকৈ সিহঁত সৰুৱেই আছিল ন? মই পাহৰিছোঁ৷ অঁ হয়, সৰুৱেই হ’ব সিহঁত৷ পঢ়া পঢ়া, ভালকৈ পঢ়া৷ আগৰ পৰাই তোমালোক ইমান ভাল পঢ়া-শুনাত, কিবা এটাতো ল’বই লাগিব৷ ভালকৈ পঢ়া, চাকৰি এটা লোৱা৷ কেতিয়া যাবাগৈ তুমি? “

“দুই-তিনিদিনতে যাম৷ আচলতে যাবই লাগিছিল, বহুতদিনৰ মূৰতহে অহা হয় বুলি একেবাৰে অলপদিন থাকি দিলোঁ৷ “

“হয় হয়৷ ঘৰখনলৈ আহি লৈ ক’তনো পটকৈ যাবলৈ মন যাব? আজিকালি পিছে বহুত সুবিধা হৈছেও, পইছাপাটি একাউণ্টত ভৰাই দিলেই হয়৷ আগেয়ে হোৱা হ’লে মাহে মাহে কোনোবা অহা-যোৱা কৰিব লাগিল হয়৷ দেউতাই পইছাপাটি পঠিওৱা কষ্ট নাপায় চাগে আজিকালি৷ “

“নাই নাই৷ মই পইছা পাওঁ নহয়, প্ৰায় চল্লিছ হাজাৰ মানকৈয়ে পাওঁ৷ ঘৰৰ পৰা পঠিয়াব নালাগে৷ “

চাবুকধৰাৰ ঘৰৰ মানুহজনীৰ চকু দুটা থৰ হৈ গ’ল৷ কলহৰ মুখেৰে হৰহৰকৈ দৈ গাখীৰ পৰাৰ দৰে কথাৰে থলথলাই থকা মানুহজনীৰ কথাবোৰ ডিঙিতে গোট মাৰি বৰফ-শীতল হৈ পৰিল৷ “মই যাওঁ দেই, তুমি থাকা“, যেনেতেনে মাতষাৰ মাতি চাবুকধৰাৰ ঘৰৰ মানুহজনীয়ে খোজ দিলে, “এনেই লগেই নাপাওঁঁ নহয়, লগ পাই ভাল লাগিল“, শেষৰ বাক্যটো ভাল লগাকৈ তেওঁৰ ডিঙিৰ পৰা ওলাও বুলিও ওলাই আহিব নোৱাৰিলে৷

মোৰ কাৰণে ইমান চিন্তা কৰা মানুহজনীক মই পাইছা পাওঁ বুলি কোৱা দেখি কিয় মুখখন শেঁতা পৰি গ’ল বাৰু? – হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে কথাটো ভাবিবলৈ ধৰোঁতেই লগৰজনী আহি পালেহিয়েই৷

বাহিৰখনত চকামকা আন্ধাৰ হ’বলৈ আৰম্ভ কৰিলে৷ শইকীয়াৰ ঘৰৰ মানুহজনীয়ে কামত ধৰিছিলগৈ৷ খিৰিকিকেইখনো মাৰোঁ আৰু হাজৰিকাৰ ঘৰৰ জীয়েকজনীকো কি কৰি আছে আকৌ চাই যাওঁ বুলি তেওঁ খিৰিকিখনৰ কাষলৈ আহিল৷ কিন্তু নাই, হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পদূলিমুখত নাই৷ সেইখিনিত কোনো নাই৷ বৰুৱাৰ ঘৰৰ মানুহটোও নাই৷ অলপপৰ পাছত একেবাৰে এন্ধাৰেই হৈ পৰিব৷ ইমানপৰে কি ঘটিল, কি হ’ল তেওঁ গমেই নাপালে৷ বৰুৱাৰ ঘৰৰ মানুহটো আৰু হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে কথা পাতিছিল নে নাই তাকো তেওঁ নজনাকৈ থাকি গ’ল৷ ক’লৰিজে সম্পূৰ্ণ সপোনটোত কি দেখিছিল গম নোপোৱাৰ বেজাৰ এটা কাব্যৰসিকৰ মনত ৰৈ যোৱাৰ দৰে হাজৰিকাৰ ঘৰৰ জীয়েকজনীয়ে কি কৰি আছে, কি কৰি আছিল, কিয় ৰৈ আছিল জানিবলৈ নোপোৱা বেজাৰ এটা শইকীয়াৰ ঘৰৰ মানুহজনীৰ মনত ৰৈ গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক