হাড় – সোণটু ৰঞ্জন বৰুৱা

বৰুৱা চাৰ বাৰাণ্ডাত বহি আছে। নামথকা মহাবিদ্যালয় এখনৰ অধ্যাপক তেখেত। পুৱাৰ সময়, এই সময়তে তেখেতে টমিক শিকলিৰ বন্ধনৰ পৰা মুক্ত কৰি খেলিবলৈ দিয়ে। সিও চৌহদত ধপলিয়াই, ধেমালি কৰি মুক্তিৰ সময়কণ উপভোগ কৰিছে।

টমি পিটবুল প্ৰজাতিৰ। সাধাৰণতে পিটবুল প্ৰজাতিৰ কুকুৰবোৰ অতি আক্ৰমণাত্মক হয়। টমিও একেই, অতি আক্ৰমণাত্মক।

বৰুৱা চাৰ বাৰান্দাৰ চকীখনত বহি বৰুৱানীক পুৱাৰ চাহকাপ আনিবলৈ চিঞৰিবলৈ লৈছিলহে, তেনেতে পদূলিত স্থানীয় নেতা জনক দেখি ৰৈ গ’ল। যিজন পুনৰবাৰ এই অঞ্চলৰ জনপ্ৰতিনিধিৰ প্ৰবল দাবীদাৰ। নিৰ্বাচন সমাগত, এইসময়ত নেতাসকলৰ কথা বতৰা, ব্যৱহাৰ পাতিলৈ আমূল পৰিবৰ্তন আহে। এই জনাও তাৰ পৰা সাৰি যোৱা নাই। নিৰ্বাচনী অধিসূচনা ঘোষণা হোৱাৰ আগলৈকে ৰজা মহাৰজাৰ দৰে জীৱন কটোৱা মানুহটোৱে এইকেইদিন সাধাৰন জনতাৰ দৰে পদব্ৰজে ঘুৰি ফুৰিছে। যিজন মানুহৰ মুখখন চাবলৈ আজি পাঁচবছৰে জনতাই হাঁহাকাৰ কৰিছিল, সেইজন মানুহেই আজি নমস্কাৰ দিবলৈ মানুহ বিচাৰি ফুৰিছে। আজি ওলাই আহিয়েই তেওঁৰ চকু বৰুৱা চাৰৰ ওপৰত পৰিল।

:”নমস্কাৰ নমস্কাৰ, ভালে আছেনে?”

গেটৰ বাহিৰৰ পৰাই তেওঁ ইমান জোৰেৰে নিৰ্বাচনী নমস্কাৰ এটা দলিয়াই দিলে যে, যিটোৱে বৰুৱা চাৰৰ কাণত নিৰ্ঘাট আঘাত কৰিব পাৰে। অব্যৰ্থ লক্ষ্য, আঘাত কৰিলেও। মাত শুনি বৰুৱা চাৰে মুৰ তুলি চাই মাত লগালে

:” অ আহক আহক চাৰ, মই আপোনাৰ কথাই ভাবি আছিলোঁ।”

বৰুৱা চাৰৰ টমি যে মুক্ত হৈ আছে সেই কথা মনলৈ নানি তেওঁ গেট খুলি ভিতৰলৈ সোমাই আহিল। টমিও ৰৈ থকা ভকত নহয়, তেখেতক দেখিয়েই তীব্ৰ গতিত চোঁচা ল’লে। ভয়ৰ কোবত তেখেতৰ মুখেৰে কিবা ওলোৱাৰ আগতেই টমি গৈ তেখেতৰ ওচৰ পালেগৈ।

আৰু আশ্বৰ্যজনক ঘটনাটোও তেতিয়াই ঘটিল। তেওঁৰ ওচৰ পায়েই টমিৰ ভুকভুকনি বন্ধ হৈ গল। সি যেন তাৰ কোনো সমগোত্ৰীয় সমনীয়াক হে লগ পালে। সি জঁপিয়াই জঁপিয়াই তেখেতক জপটিয়াই সাৱতি ধৰিবলৈ ললে। মাজে মাজে ভৰিতো দুচেলেক মান মাৰি আত্মীয়তা প্ৰকাশ কৰিবলৈ ধৰিলে।

“আচৰিত ” বৰুৱা চাৰে টমিৰ আচৰণ দেখি আচৰিত হৈ কলে

:” আন মানুহ হলে ই গেটৰ পৰা ভিতৰ সোমাবলৈ নিদিয়ে, কিন্তু আপোনাৰ ভৰি চেলেকিছে?”
টমিয়ে যেতিয়া তেখেতৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰি কৰি ভাগৰি কাষত শুই দিলে।
বৰুৱা চাৰে কথা আৰম্ভ কৰিলে

:”মোৰ কামটো কি হ’লগৈ? ঘৰত বিয়া পালেহি, অলপ সোনকালে কৰি দিয়ক। ”

টমিয়ে কাষতে শুই প্লাষ্টিকৰ মগ এটা চোবাবলৈ ধৰিলে।

:” চাৰ, জানেই দেখোন অফিচৰ জামেলা বোৰ। নতুন নিৰ্মাণৰ অনুমতি ইমান সহজে নাপায়। ”

:” তোক হাড় লাগে মানে?? হাড়? ” বৰুৱা চাৰে কলে।
তেখেতে চক খাই বৰুৱা চাৰৰ মুখলৈ চালে। দেখিলে বৰুৱা চাৰে টমিকহে কৈ আছে। স্বস্তিৰ নিশ্বাস এৰিলে তেখেতে। বৰুৱা চাৰে পুনৰ তেখেতলৈ চাই কথা আগবঢ়ালে

:” আৰে, ইয়াত যাৰ যি মন তাকেই কৰে দেখোন। লোকে একমহলাৰ ঠাইত চাৰিমহলা তুলি দিছে। মই নীতিনিয়মৰ মাজেৰে এটা কোঠাৰ অনুমতি বিচাৰিছোঁ, তাতো ইমান……. ”

” চাৰ আপুনি জানেই দেখোন, এইবোৰ ফাইলে কিমান টেবুল পাৰ হব লাগে। চিন্তা নকৰিব, মই আপোনাৰ কামটো যেনে তেনে কৰি দিয়ামেই। ”

:” ইয়াক মানে হাড় লাগিবই, নহলে….. ” বৰুৱা চাৰে টমিলৈ চাই কলে। ইতিমধ্যে সি তেখেতৰ জোতা এপাত আনি কামুৰি আছেহি।

:”হেৰা” বৰুৱা চাৰে ভিতৰলৈ চাই মাত লগালে
:” এইফালে একাপ হাড় আৰু টমিৰ কাৰণে চাহ লৈ আহিবা। ই ৰাক্ষসে পালে গোটেই দেশখনেই চোবাই চোবাই খাব।”

:” বোধকৰোঁ তাৰ দাঁতৰ খজুৱতি উঠিছে। ”

:” ভুল ভাবিছে, ইহঁতৰ স্বভাৱেই এইটো। আমিয়েই খোৱাই বোৱাই ধোৱাই পখলাই লালন পালন কৰিম আৰু সিহঁতি আমাৰ বস্তুকেই চুবাব।……. আপুনি জানেনে এই দেশত সকলোতকৈ অসুখী কোন?”

:”আপোনাৰ মতে? ”

:” আটাইতকৈ অসুখী মই, ইয়াৰ বাবে। ” বৰুৱা চাৰে হাতত চেন্দেল এপাত তুলি ললে।

:” আৰু কিয় অসুখী জানেনে? ”

:” কিয়?”

:”কিয়নো আমি ভদ্ৰ মানুহ যে…. ।”এইবুলি কৈয়েই বৰুৱা চাৰে চেন্দলপাত টমিৰ গালৈ বুলি জোৰেৰে দলিয়াই দিলে।

মুৰটো সামান্য বেকা কৰি টমি চেন্দেলৰ প্ৰহাৰৰ পৰা বাচি গল। নিজক কেনেকৈ বচাব লাগে সি ভালদৰেই জানে। কিন্তু তথাপিও সি জোতাপাত কামুৰিবলৈ এৰি নিদিলে। তেনেতে বৰুৱানী চাহ লৈ উপস্থিত হলহি। বৰুৱানীৰ হাতলৈ চাই বৰুৱাই সুধিলে

:”হাড় নানিলা যে? ইয়াক চোবাবলৈ হাড় লাগে বুলি চিঞৰা শুনা নাছিলা নেকি? যোৱা যোৱা আনোগৈ, নহলে ই আমাকে চুবাই পেলাব। জোতা, চেন্দেল চব চুবাই আছে দেখা নাই। কিবা এটা মুখৰ আগত নিদিলে ই পিন্ধি থকা কাপোৰ ফালি উলংগ কৰি দিব। ” বুলি কৈয়েই বৰুৱা চাৰে বৰুৱানীক কাণে কাণে কিবা এটা কলে। কথা শুনি মুৰ দুপিয়াই বৰুৱানী ভিতৰলৈ সোমাই গৈ তৎক্ষণাত আকৌ উলাই আহিল। আহিয়েই এটা লেফাফা আৰু এডাল হাড় বৰুৱা চাৰৰ ফালে আগুৱাই দিলে ।

:” হো, ভৰা তোৰ পেট…… “চৰম বিতৃষ্ণাৰে টমিলৈ হাড় ডাল দলিয়াই দি বৰুৱা চাৰে লেফাফাটো নেতাজনৰ হাতত গুজি দিলে। ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক