হাতীত উঠি মইনাই নতুন পৃথিৱীলৈ…. -(অনুপমা বৰগোহাঁই)

হাতীত উঠি মইনাই নতুন পৃথিৱীলৈ….
অনুপমা বৰগোহাঁই

“চন্দা বাইদেউ নামি আহা
তৰাফুল এপাহি চিঙি আনা
আমাৰে মইনাই কান্দেহে
আমাৰে মইনা শুব”……
সৰুতে মায়ে গাই শুনাইছিল এনে নিচুকনি-গীত। “চন্দা বাইদেউ”, “চান্দমামা”, “জোনবাই” – কিমান যে নাম ৰাতিৰ আকাশত ট’ ট’ কৈ জিলিকি থকা শুকুলা কাঁহীখনৰ! পৃথিৱীত এনে কোনো দেশ নাই য’ত শিশুমনক কেন্দ্ৰ কৰি সাধুকথা বা গীত মাত ৰচিত হোৱা নাই। এইবোৰৰ কিবা অৰ্থ থাকক বা নাথাকক সেই কথা বিচাৰ্যৰ বিষয় নহয়। শিশুৰ কুমলীয়া মনে অলৌকিক বিস্ময়ৰ মাজেদি দেওঁ দি ফুৰিবলৈ ভাল পায়। অসংলগ্ন, অপৰিপক্ক, আঁতি-গুৰি নোহোৱা অজস্ৰ সাধু/গীত আছে, যিবোৰে শিশুমনত ৰহস্যৰ সৃষ্টি কৰে। বিশেষকৈ জোনবাইৰ সাধু নোহোৱা দেশ নাই.. জোনবাইক লৈ নিচুকনি-গীত নোগোৱা দেশ নাই!!
“জোনবাই এ
এটি তৰা দিয়া
এটি তৰা নালাগে
দুটি তৰা দিয়া”…..
কিন্তু জোনবাইজনী ইমান কৃপণ! ইম্মানবোৰ তৰা থাকোঁতেও মইনাহঁতক ফাঁকি দি কয়, “পাত নাই, চোত নাই কিহতকৈ দিম?” আকৌ দেউতাই শিকাইছিল-
“জোনবাই এ বেজী এটি দিয়া”
জোনবায়ে কয়ঃ “বেজীনো কেলৈ??”
মইনাই কয়ঃ “মোনা চিলাবলৈ”
জোনবায়ে কয়ঃ “মোনানো কেলৈ??”
মইনাই কয়ঃ “ধন ভৰাবলৈ!!”
জোনবায়ে কয়ঃ “ধননো কেলৈ??”
মইনাই কয়ঃ “হাতী কিনিবলৈ”
দেউতাই গায়ঃ “হাতীত উঠি মইনাই বৰঘৰলৈ যায়
আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়!!”
(বৰঘৰ-ডাঙৰ মানুহৰ ঘৰ)
 
মইনাৰ মনে হাতীত উঠি গহীন আনন্দত ঘূৰি ফুৰে। সেই সময়ত টোপনিয়ে আমনি কৰা চকুকেইটা অজান আনন্দত তিৰবিৰ কৰি উঠে! মায়ে সানি-পিটিকি আগবঢ়াই দিয়া ভাতৰ টেপাকেইটাও আমনি নকৰাকৈ পেটত সোমায়। জোনবাইৰ সাধুৰ, জোনবাইৰ গীতৰ ইমানেই প্ৰভাৱ আছিল শিশুসকলৰ মন ৰাজ্যত, এটা যুগত!
শুকুলা জোনবাইৰ ক’লা দাগ বিলাকক লৈও কাহিনীৰ অন্ত নাই!! মায়ে কৈছিলঃ “সেয়া চোৱাচোন জোনবাইৰ দেশৰ তুলসী পুলিটো ..তাৰ তলত সোণৰ হৰিণ এটা চৰি ফুৰিছে!” …. চকু ফালি ফালি চাবলৈ চেষ্টা কৰোঁ …তুলসী পুলিটো আৰু স্বৰ্ণ মৃগক! কেতিয়াবা কল্পনাৰ চকুৰে দেখোঁ ..কেতিয়াবা নেদেখোঁ। সপোনত কিন্তু প্ৰায়েই জোনৰ দেশত থকা সোণৰ হৰিণটোৰ লগত খেলি থাকোঁ!
জোনত থকা ক’লা দাগটো লৈ জাৰ্মান শিশুসকলক মাক আইতাক সকলে শুনোৱা লোকগাঁথাটো হ’ল এনে ধৰণৰঃ
এটা দুষ্ট মানুহ আছিল। সি ভগৱানক প্ৰাৰ্থনা নকৰিছিল। দেওবাৰে গীৰ্জালৈ যাবলৈও বেয়া পাইছিল। এদিন দেওবাৰে সি গীৰ্জালৈ প্ৰাৰ্থনা কৰিবলৈ নগৈ চুৰ কৰি খৰি কাটি আছিল। ভগৱানে খং কৰি তাক জোনৰ দেশলৈ পঠিয়াই দিলে। জোনৰ দেশত সি সোমবাৰ (সোম-চন্দ্ৰঃ Monday-Moonday) পালে। এটা পৱিত্ৰ দিনত খৰি চুৰি কৰাৰ শাস্তি হিচাপে সি সদায় মূৰত খৰিৰ বোজা লৈ জোনবাইৰ দেশত ঘূৰি ফুৰিছে!
ইংৰাজী সাধুকথাত জোনৰ দেশত থকা মানুহটোৰ হাতত এটা জ্বলি থকা লেম্প আৰু লগত এটা কুকুৰৰ বৰ্ণনা আছে। ভাৰতীয় সাধুত স্বৰ্গৰ দেৱতা ইন্দ্ৰই সোণমৃগক চৰাইছে বুলি বৰ্ণনা আছে।
সাধু, ওমলা গীত, নিচুকনি-গীত আদিৰ যোগেদি কি যে এক সুন্দৰ কাল্পনিক জগত এখনলৈ লৈ যোৱা হৈছিল আগৰ মাইনাহঁতক! আজিকালিৰ কাৰ্টুন চিনেমা, দূৰদৰ্শন, ভিডিঅ’ গেম, কম্পিউটাৰ গেম আদিয়ে সেইখন কল্পনাৰ জগতৰ অলপো ওচৰ চাপিব নোৱাৰে!
 
“তাই মাই লোণে মাছে ভাত খাই
সৰু ঘৰৰ মেকুৰী বৰঘৰলৈ যায়
ঢাকন পেলাই
পঁইতা ভাত খায়”
…. “চাওঁ চাওঁ মেকুৰীটো বিচাৰি যাওঁ”… বুলি কণমানিটিৰ গাত ভাকুট-কুটাই দি কণমানিয়ে খিলখিলকৈ হঁহা স্বৰ্গীয় হাঁহিটি চাই, শুনি ঘৰখনৰ সকলোৰে মুখত এমোকোৰা হাঁহি বিয়পি পৰে।
 
“অলৌগুটি টলৌগুটি কচুগুটি ঘাই
মোৰ হাতৰ এইগুটি কোনখন হাতত পায়”
…“কোৱাচোন কোনখন হাতত আছে গুটিটো?”- বুলি হাত দুখন মুঠি মাৰি এখন হাতৰ মুঠিত গুটিটো লুকুৱাই দেউতাই আমাক প্ৰশ্ন কৰিছিল। আমি অকণমানি হাতখনৰ তৰ্জনী আঙুলিটো উলিয়াই লৈ দুইখন হাতৰ মুঠিত এটা এটাকৈ স্পৰ্শ কৰি গাওঁ…
“অলৌগুটি টলৌগুটি কচুগুটি খাওঁ
এই হাতৰ গুটিটো সেই হাতত পাওঁ”
.. আৰু কথাকেইটা কৈ কৈ আমাৰ হাতখন দেউতাৰ যিটো হাতৰ মুঠিত ৰৈ যায় – সেইটো মুঠি খুলি যদি সঁচাকৈ গুটিটো পাওঁ তেতিয়া আমাৰ আনন্দৰ চিঞৰ আৰু প্ৰাপ্তিৰ হাঁহিত ঘৰটো ভৰি যায়.. মাৰ মুখত ৰান্ধনি-শালৰ গৰম আৰু ব্যস্ততাৰ মাজতো তৃপ্তিৰ হাঁহি ফুটি উঠে …
“উকুলি, মুকুলি দুকুলি কাঁহি
আদৌ দৌ ডোমৰ দাঁহি
আম পাতে জাম যায়
কঁঠাল পাতে সুৰ সুৰায়
এইখন এৰি সেইখন কাট”
লগৰীয়াৰ লগত খেলা এইখন খেল আজিৰ শিশুসকলে বাৰু খেলি পাইছেনে? খেলৰ শেষত “চূণটি পাণটি ৰজাঘৰৰ ভুকুটি” ..বুলি ভুকুটিটো দিয়াৰ আৰু খোৱাৰ আমেজৰ কথা নকলোৱেইবা!
“অলং দলং কৰিছে… ৰজা ৰাণী আহিছে”, “আইদেউ আমাৰ তগৰ”, “এটি পইচা দিয়ানা.. সেইফালে যোৱানা” আদি খেল সমূহৰ প্ৰচলন আজিৰ শিশুসকলৰ মাজত নাই। নিজস্ব কল্পনা আৰু সৃজনীশীলতাৰ উৎকৰ্ষ সাধনৰ আদিপাঠ আছিল এইবোৰ খেল ধেমালি।
আজিৰ কম্পিউটাৰ, দূৰদৰ্শন, ভিডিঅ’ গেম আৰু প্ৰতিযোগিতাৰ পিছত ঘূৰি যন্ত্ৰ বা ৰবটত পৰিণত হ’বলৈ গৈ থকা আমাৰ শিশুসকলক পুনৰ এইবোৰ ওমলা গীত, সাধু, ধেমালিৰে ব্যস্ত ৰাখিব পাৰিলে সিহঁতৰ মনবোৰে কোমল কল্পনাৰ ৰাজ্যত বিচৰণ কৰিবলৈ উৰা মাৰিব.. সিহঁতৰ কল্পনা আৰু বাস্তৱত লাভ কৰা বিজ্ঞানৰ উন্নত শিক্ষাৰ মিলন ঘটাই আমি সুন্দৰ, আৱেগসম্পন্ন আৰু সংস্কাৰী অথচ নতুন পৃথিৱীৰ নতুন মানুহ সৃষ্টি কৰিবলৈ সক্ষম হ’ম আৰু এইসকল শিশুৱে ডাঙৰ হৈ সৃষ্টি কৰা সমাজখনত আমি সকলোৱে শান্তি, আনন্দ আৰু আৰামেৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ম।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments