হাতীবৰুৱাৰ হাউলিত তাজমহল- মধুমিতা বৰুৱা শইকীয়া

প্ৰশস্ত পথাৰ যেন আগচোতালখনৰ দাঁতিত পদূলিমুৱাকৈ শিলিখাজোপা৷ পদূলিত ওখ দেৱালৰ সমানে সমানে এখন মজবুত লোহাৰ গেট৷ ওখ পুলদুটাত দুটা বিবৰ্ণ লাইট৷

এতিয়াও মনত আছে পুলকৰ৷ গধূলিৰ লগে লগে হাউলীটোৰ লাইটকেইটা জ্বলি উঠে৷ এম্বেচেদৰ, জীপ, ফিয়েট আদি গাড়ীৰ সমাগম এটা আৰম্ভ হয় পদূলিত৷ চহৰৰ বৰেণ্য অধিবক্তা সকলৰ গোট খায়, উকীলৰ চেম্বাৰত৷ সকলোৱে আইনৰ কথাবোৰ পাতে৷ কিবাকিবি লিখালিখিও৷ কৰে৷ কেতিয়াবা কিবাকিবি তৰ্ক বিতৰ্কও হয়‌৷ জ্ঞান আৰু আইনৰ আলোচনা বোৰ তুংগত উঠৈ৷ এটা সময়ত আলোচনা বোৰ সৰস মেল এখন হৈ পৰে৷ সত্যজিৎ ৰয়ৰ পথেৰ পাঁচালীৰ পৰা সহধৰ্মিনীৰ অঁকৰা মৈত উঠা কালী ৰূপটোলৈকে৷ পাতলীয়া কৈ ৰঙীন সোমৰসৰ গলাধঃকৰণ অকণো হয়৷ শনিবাৰ মানে ভাগৰ অৱষাদ খেদোৱাৰ উত্তম দিন৷ দামী দামী মদৰ বটলৰ টুংটাং শব্দৰ দোলনিৰ স’তে যুতি বান্ধি দুপদাপ খোজেৰে পুলকৰ বাপেকৰ ব্যস্ততাৰ সীমা নোহোৱা হয়৷
ফুলকটা ট্ৰেত বিভিন্ন মুখৰচক পকৰী, চানা, বুটভাজি, নানাবিধ চাটনিৰ যোগান ধৰিব লাগে৷ লগুৱাৰ শাৰীত পুলকৰ দেউতাক নাছিল যদিও উকীল দেউতাক দিবলগীয়া মান্যতাখিনি পুলকৰ দেউতাকে কিন্তু পাহৰি যোৱা নাছিল৷ নিজৰ স্থিতিটো পুলকে দেউতাকৰ কৰ্মৰ পৰা বুজি উঠিছিল৷ সি উকীলৰ ঘৰৰ পুৰণি ভৃত্যৰ ল’ৰা৷

হাতীবৰুৱাৰ পত্নীৰ পুৰণি বাতবিষ আছিল৷ প্ৰায়ে সুসজ্জিত শোৱনিকোঠাৰ কুন্দাত কটা বিছনাত পাৰ কৰিছিল দিনৰ পাছত দিন৷ নিঃসন্তান পত্নীৰ নিজানৰ সংগী আছিল, পুলক আৰু পটেশ্বৰী ওৰফে পটে বাই আৰু পখিলা৷ পুলকে পটেবাইক পেহী বুলি মাতিছিল৷ উকীল দেউতা প্ৰায়ভাগ সময় চেম্বাৰতে থাকে(পুলকে সেই কোঠাটোক কিতাপঘৰ বুলি কৈছিল৷ ) উকীলনী আইদেউৰ সুখ স্বাচ্ছন্দ্য আৰু যথাযথ চিকিৎসাৰ ক্ষেত্ৰত কিন্তু উকীল দেউতাই কোনোদিনে আওকাণ কৰা নাছিল৷ সন্তান নথকাৰ কিঞ্চিত এটা দুখ আৰু ওকালতিৰ ব্যস্ততাৰ দোহাই দি তেখেতে দিনৰাতি আইনৰ জগতখনতেই অৱগাহন কৰিছিল৷ উকীলনী আইদেউক সুখ স্বাচ্ছন্দ্যৰ মাজত সন্মানৰে ৰাখিছিল যদিও ক’ৰবাত কিবা এটা যেন উত্তাপহীনতাৰ এটা ভাবে তেখেতসকলৰ মাজত এধানি দূৰত্বৰ সৃষ্টি কৰিছিল৷ আচলতে পুলক বৰ সৰুৰে পৰাই মানসিকভাৱে কিছু পুৰঠ আছিল৷ পুলকৰ চকুৰ আগৰপৰা কিছুমান কথা আঁতৰি যোৱা নাছিল৷ অৱশ্যে তেতিয়া সি সৰু ল’ৰা৷ কিবা এটা ভাব মনলৈ আহিছিল যদিও সেইবোৰ বিশ্লেষণ কৰাৰ বয়স নাছিল পুলকৰ৷ উকীল ককাৰ যহত সিয়ো ৰূম ভৰ্ত্তি খেলাবস্তুৰ স’তে খেলি ধূলি পাৰ কৰিছিল৷ অৱশ্যে মাকহীনতাই দিয়া অপ্ৰকাশিত শোকৰ দহন এটাত পিষ্ট পুলকক তাৰ শৈশৱে এটা উদাসীনতাও এটা দিছিল৷ তাৰ জন্মতে মাক ঢুকাইছিল৷
পাছে উকীলনী আইদেউ আৰু পটে পেহীৰ সান্নিধ্যত পালিত হোৱা শৈশৱৰ দিনবোৰত সি মাক নোহোৱাৰ দুখ পাহৰিছিল৷ আচলতে হাতীবৰুৱাৰ ঘৰখনত হাতীবৰুৱা উকীল আৰু উকীলনী আইদেউৰ বাহিৰে লগুৱা লিকচৌ, মালি, মহৰী আদি বাহিৰা মানুহৰহে গিজগিজাই আছিল৷ আইদেউক চাবলৈ আছিল পটে বাই৷ উকীলৰ লগত ছাঁ ৰ দৰে লাগি থকাটোৱে পুলকৰ দেউতাৰ কাম আছিল৷

উকীলে বাৰীৰ পাছফালে আটাইৰে বাবে সৰু সৰু ঘৰ সাজি দিছিল৷ হাতীবৰুৱাৰ হাউলীত মানুহৰ অভাৱ নাছিল৷ পুলকহঁত আটায়ে এটা সৰু চুবুৰীৰ দৰে থাকি এটা পৰিয়ালৰ দৰে বান্ধখাই আছিল৷ উকীল উকীলনী সিহঁতৰ আশ্ৰয়দাতা ভগৱান আছিল৷ পূজা বিহু সকলোতে সিহঁতে নতুন কাপোৰেই নহয়, আঁঠুৱা, চাইকেল, তবলা আদি সকলোৰে হেঁপাহ অনুযায়ী ভিন্ন ভিন্ন উপহাৰ পাইছিল৷ পাছফালৰ বাৰীত যেন সৰগহে পাতিছিল সিহঁতে৷ তাতেই আছিল, হাতীবৰুৱা আৰু বৰুৱানীৰ পৰম সুখ৷ সিহঁতে খাব দিলেহে খাবলৈ পাইছিল উকীলে৷ উকীলনীয়ে মাত্ৰ দিহা দিছিল বিছনাৰ পৰাই৷
পটে পেহীৰ জীয়েক আছিল পখিলা৷ পখিলাৰ বাপেক বোলে, হাইজাত মৰিছিল৷ উকীলৰ নিকট পেস্কাৰ এজনৰ পুতেক৷ নীহকুলীয়া পটেক বিয়া কৰোৱাৰ বাবে পেস্কাৰে উলিয়াই দিছিল৷ মৰমৰে আশ্ৰয় দিছিল উকীল৷ পটেবাইয়ে উকীলকে শহুৰৰ মান দিছিল৷ পখিলা আৰু পুলক আছিল হাতীবৰুৱাৰ বৰ মৰমৰ৷

পখিলা আৰু পুলক একেখন চোতালতে লৰিধাপৰি ডাঙৰ হৈছিল৷ চেংগুটি খেলা, কুকুভা খেলাৰ লগ৷ কাজিয়াৰো শেষ নাছিল দুইটাৰ৷ শোকত আতুৰ হৈ থাকিলেও কোমল বয়সৰ চপলতাৰ বাবে পুলকো অঘাইতঙো আছিল৷ এতিয়াও মনত পৰে পুলকৰ৷ এদিন কিবা এটা লাগি পখিলাক সি দম দিছিল, বেছি কথা নকবি, একেবাৰে বিয়া কৰাই দিম তোক৷ মাৰ ঘৰলৈ যাব নিদিও‍ঁ বাপ্পেকে৷ তামোল গছত বান্ধি থম তোক৷ পখিলা ই ভেঁ ভেঁকৈ কান্দিছিল৷

পুলকে পটেবাইক পখিলাৰ বিৰুদ্ধে গোচৰ দিছিল৷ বুইছা পটে পেহী, পখিলাক মই বিয়া কৰাম আৰু মাকৰ ঘৰলৈ আহিবলৈ নিদিও‌ঁ, বান্ধি থম৷ খেকখেকায় হাঁহিছিল পটে পেহী৷ পুলকৰ এতিয়া মনত পৰে, সেইদিনা পটেবাইৰ মুখখন জিলিকি উঠিছিল৷ সেই জিলিকনিখিনি অনুধাৱন কৰাৰ বয়স নাছিল পুলকৰ৷ ইমানো পৰিপক্ব নাছিল সি৷

পটৈ পেহীক তেনেকৈ কৈ পখিলাক জব্দ কৰাৰ গৌৰৱত হাতেৰে গাড়ী চলাই ভিৰাই লৰ মাৰিছিল সি, ভি …ভি….টেঁৎ টেঁৎ৷

পখিলাও কম টেঙৰ নাছিল৷ সদায় তাই কান্দি ৰণ জিকিছিল৷ পুলকে তাইৰ মাক পটেবাইক কথা লগোৱা দেখি, তাইৰ খঙে দুখে একাকাৰ হ’ল৷ মাকৰ ফালে কেৰেপ নকৰি তাই একেকোবে আহি উকীলনী আইতাকৰ কাষ পালেহি৷ উকীল নী আইতাৰ বুকুত পৰি তাই, পুলকৰ বিষয়ে গোচৰ দিবলৈ ধৰিলে৷ মাতটো কান্দোন এটা হৈ পৰিল, ভেঁ…ভেঁ৷ শেঙুনখিনি উজাই তাই কবলৈ ধৰিলে, অ আইতা কোৱাছোন, পুলকক ককাই জেলত দিবনে? ককাৰ পঢ়া হৈ গ’লে, তোমাৰ ঔষধ খোৱাৰ খবৰ কৰিবলৈ আহিলে তুমি সুধিবাছোন৷ পুলক বহুত বেয়া ল’ৰা৷ জেলত সুমুৱাই থব লাগে তাইক৷

বেদনা বিধূৰ নীৰৱতা আৰু ৰোগাক্ৰান্ত হতাশাত মূক হৈ বিছনাত পৰি থাকি প্ৰায় হাঁহিবলৈ এৰি দিয়া, উকীলনীয়ে পুলক আৰু পখিলাৰ স’তে কিন্তু সদায় হাস্য বদন আছিল৷ হাঁহি এটা মাৰি, তেওঁ পখিলাৰ মূৰত হাতখন থৈছিল৷ “হয়তো আকৌ পখিলাক কোনে বান্ধি থব৷ পাৰে৷ পাছে পুলকক যদি ককাৰে জেলত দিয়ে, তই কাৰ লগত খেলিবি? মাত্ৰ সি যদি তোক বান্ধি থয়, আমাৰ গজেন মালিকাইক পঠায় দিম৷ গজেনে তোক মোকলাই দিব দেই৷ তই মাটি খুচৰি খুচৰি গজেনক তই কিমান সহায় কৰি দিয় ফুলনিবাগিচাত৷ পানী দিয়, গোবৰ সাৰ দিয় গজেনৰ লগত, হয় নে নহয়?

পখিলা পমি গৈছিল উকীলনী আইতাকৰ ভৰষাত৷ আশ্বস্ত হৈছিল৷ এপাকত আইতাৰ গালত চুমা এটা খাই কৈছিল, ধুনু আইতা তুমি শুৱা দেই৷ ককা আহিলে ঔষধ খাবা দেই৷ মই পুলকক কৈ আহোঁগৈ, …ই ই লাজ পালে লাজ পালে মালী দাদাই মোক মোকলাই দিব৷ তাৰপাছত আকৌ উভতি আহি আইতাক মনে মনে ফুচফূচনি দি ক’লে, অ ’আইতা, মালী দাদাই যদি মোক মুকলি কৰি দিয়ে, মই মালী দাদাক এপাহ গোলাপ ফুল খুজি পুলকক দি দিম দিয়া৷ সি মোৰ বন্ধুতো, নহয়নে আইতা৷
ইতিমধ্যে পটে আহি সেইখিনি ত উপস্থিত হৈছিল৷ উকীলনী আৰু পটেই দুয়োয়ে দুয়োলৈকে চাই মুখ টিপি হাঁহিলে৷ আচলতে জীৱনৰ পাঠ পঢ়ি পৰিপক্ব হোৱা দুই নাৰীয়ে বুজি উঠিছিল, মৰম নামৰ গজালি এটা এদিন এনেকৈ য়ে হয়তো গছ হৈ জীৱনৰ এটা আলিবাট ৰ ছাঁ হব৷ আপত্তি কৰিবলগীয়া একো৷ দুখীয়া যদিও দুয়োটা ভাল বংশৰ ল’ৰাছোৱালী৷ ভগৱন্তই সকলো মিলাই থয়৷ হাঁহিৰ থুনপাক এটা ধৰি পটেই উকীলনীক গাৰু এটা দি অলপ বহাই দিলে‌৷ পটেই সদায় ভাৱে তাই নহলে এই মানুহ গৰাকীৰ কি হ’লহেতেঁন বাৰু৷ আনফালে উকীল উকীলনী নোহোৱা হ’লে, তাইৰ বাৰু কি হ’লহেঁতেন৷

পটেৰ ভাৱনাত যতি পেলাই, উকীলনীয়ে সেহাই সেহাই পটেক ক’লে, …জোঁৱাই পালি আৰু দে পটে৷ লাজ আৰু স্বস্তিৰে হাঁহি মাৰি পটেই উত্তৰ দিছিল, আইদেউ য়ে যে কি কয়!

ইতিমধ্যে পুলক আহি ৰৈ আছিল কোঠাৰ কাষত৷ বুজা নুবুজাৰ দোমোজাত, তাৰ কণমানি মনটোও আলোড়িত হৈছিল কিবা এটা অচিন ভাল লগাত৷
সেয়া তাৰ শেষ শৈশৱৰ হেন্দোলনি আছিল, কৈশোৰৰ দুৱাৰমুখত আছিল অনাগত ভবিষ্যত৷ সেই ভবিষ্যতৰ সপোনলানিৰ প্ৰথম সপোনটো হয়তো পখিলা ই আছিল৷

তাৰ জীৱন দস্তাবেজৰ পাতনিত লিখা হৈ ৰ’ল তাৰ মমতাজ ৰ নাম৷ তাই পখিলা৷ অভিজাত কলেজৰ বাকৰিত যদিও সি পাৰ কৰিলে, যৌৱনৰ ৰঙীন সময়, কিন্তু তাৰ অভ্যন্তৰত জেতুকাৰ ৰঙখিনি পখিলাৰ নামতেই ৰৈ গ’ল৷ সৰবৰহী পুলক তাৰ সমনীয়া ল’ৰা ছোৱালীৰ মাজত, বিশেষকৈ ছোৱালী বোৰৰ মাজত এজন অন্তৰংগ বন্ধু হিচাবে ৰৈ গ’ল৷ প্ৰেম নাহিল তাৰ জীৱনলৈ৷ অংকুৰিত প্ৰেম সমাধিস্থ হোৱাৰ পাছত, দ্বিতীয় বাৰ প্ৰেম তাৰ বাবে অংকৰ বাহিৰে একো নাছিল৷
উকীলনি আইতা ঢুকুৱাৰ পাছতে, হাতীবৰুৱাৰ হাউলীটোত যেন যমে বাস ললে৷ ওপৰা উপৰিকৈ মৃত্যুৰ উৎসৱ পাতিলে নিয়তিয়ে৷ পুলকৰ শেষ শিক্ষাবৰ্ষত মৃত্যু ঘটিছিল পুলকৰ দেউতাকৰ৷ পটে বাইৰ ককাঁল পৰিছিল৷ দেউতাকৰ মৃত্যত ধপলিয়াই অহা পুলকক ফেকুৰি ফেকুৰি কৈছিল, পুলক উকীল দেউতাৰ ব্যৱস্থা এটা কৰ৷ মই আৰু৷ বেছি দিন নাথাকো৷ পখিলাৰ দেউতাকৰ পৰিয়ালে পখিলাক বিচাৰিছে৷ দেৰিকৈ হলেও মোকো বিচাৰিছে৷ দদায়েকহ’তে তাইৰ দায়িত্ব লব৷ মই না কৰো কেনেকৈ তই কচোন৷ পুলকে পেহীৰ কান্ধত মূৰটো পেলাই সহাঁৰি জনাইছিল৷ হয়, পটে পেহী তোমাক এখন ঘৰৰ প্ৰয়োজন হৈছে৷ পখিলাকো আপোনজনৰ অভিভাৱকত্বৰ প্ৰয়োজন এতিয়া৷ উকীল ককা এতিয়া নিজেই শ্বেফালী আণ্টিৰ ওপৰত নিৰ্ভৰশীল৷ টকা পইচাতকৈ এটা সময়ত সহায় আৰু সংগ বেছি দৰকাৰী হৈ পৰে৷ তোমালোক যোৱা গৈ পেহী৷ সেয়াই ভাল হব৷ পখিলাই পুলকলৈ ভৰ্ৎসনামিহলি চাৱনি এটাৰে চাই আঁতৰি গৈছিল৷ অপ্ৰকাশিত হৈও বেলিৰ পোহৰৰ দৰে প্ৰকাশিত এটা অজান অভিমানত তাইৰ গাল দুখন ৰঙা হৈ পৰিছিল৷

পটে পেহী য়ে বুজিও নুবুজাৰ ভাও ধৰিছিল৷ পখিলাৰ দৰে ছোৱালী এতিয়া পুলকৰ দৰে প্ৰখৰ মেধাৰ ল’ৰাক যাচিবলৈ যোৱাটো আকাশ কুসুম বূলি বুজি পাইছিল৷ তদুপৰি পুলকৰ পঢ়াশুনা আৰু বহুত বাকী৷ পখিলাৰ খুড়াকহঁতে পখিলাৰ ভবিষ্যতৰ ভৰষা৷ সহজ সৰল, পটে বাইৰ চিন্তাও অমূলক নাছিল৷

পুলকৰ বাবে তাইক ৰাখি থবলৈ সি কিহৰ ভৰষাতেই বা কয়৷ কিঞ্চিত হলেও যেন নিজৰ প্ৰতিষ্ঠাৰ বাবে, সি পলাইছিল৷ কাম কাজ সামৰি সি উভতি গৈছিল৷

আই আই এমৰ পৰা এম বি এ হৈ ওলাওঁতে, ককাক তেতিয়া আয়ত্তৰ বাহিৰত৷ ডিমেনচিয়াৰ কবলত হেৰুৱাই পেলাই ছিল তেওঁ নিজৰেই অস্তিত্ব৷ সা-সম্পত্তিৰ বিষয় জঞ্জাল লবলৈ, ককাৰ এসময়ৰ প্ৰেমিকা শ্বেফালী আণ্টি প্ৰস্তুত নহয়৷ নামজ্বলা শ্বেফালী আণ্টিৰ নিজৰ সম্পত্তিৰ হিচাবেই ৰাখে ভতিজাহঁতে৷ সম্পত্তিৰ আশা ত নহয়, এসময়ৰ প্ৰেমিকৰ ছাঁয়া হৈহে তেওঁ ককাৰ লগত আছে৷ মানুহৰ বু বা ক ভ্ৰক্ষেপ কৰা মানুহ নহয় তেওঁ৷ তেওঁ শ্ৰদ্ধা কৰে উকীল হাতীবৰুৱাৰ পত্নী কো৷ স্থান মানৰ যুদ্ধত তেওঁ নাই৷

আকাশ পাতাল ভাৱনাত গেটৰ সন্মুখত ৰৈ আছে পুলক৷ ককা ঢুকাল৷ তাৰ শৈশৱৰ পৃথিৱীৰ শেষ বিন্দুত তাৰ সৈতে, তাৰ বিয়াগোম চাকৰিটোৰ বাহিৰে কোনো নাই৷ স্থানুৰ দৰে ৰৈ আছে পুলক৷ মাল্টিনেছনেল কম্পেনীৰ আধুনিক প্ৰসাদৰ অফিচত ঘণ্টা ঘণ্টা সোমাই থাকি বতাহ লবলৈ পাহৰি যোৱা পুলক ৰৈ আছে, পুৰণি স্থলপদ্ম জোপাৰ পকা ভেটিটোৰ তলত৷ পকাবোৰ ভাঙি ইটাবোৰ ওলাই পৰিছে৷ ইয়াত এতিয়া স্থলপদ্ম জোপা নাই৷ তাত আছে এজোপা অযত্নপালিত লেং পেং শীৰ্ণ দেবদাৰু গছ এজোপা৷

সোঁৱৰণীৰ সুবাসিত সপোন দিঠকৰ এখন ছাঁয়াছবিয়ে অগা দেৱা কৰিছে পুলকৰ চকুৰ আগত৷ অকণমান কান্দিব পাৰিলেও ভাল লাগিলহেঁতেন চাগে’ তাৰ৷ অথচ বৈষয়িক সম্ভ্ৰম আৰু মানদণ্ড ই পুলকক এতিয়া কান্দিবলৈও অনুমতি নিদিয়ে৷ এধানি শোকে যেন তৰানৰা চিঙি পুলকৰ ডিঙিলৈ বগাই আহিছে৷ পিয়াহ লাগিছে তাৰ৷ আকণ্ঠ শুকান অনুভৱৰ মাজত ৰৈ থকা সি যেন এটা পানীপিয়া চৰাইৰ দৰে ছটফটাই উঠিছে৷

প্ৰায় দুই বজাৰ সময় হ’ল৷ দেওবাৰৰ আজৰিলৈ দাতব্য অনুষ্ঠানটোৰ দুই এজন মানুহ ইতিমধ্যে আহি পাইছে৷ পুলকে এতিয়া মানুহ খিনিৰ লগত কাগজ পত্ৰৰ আনুষংগিক কামবোৰ সমাধা কৰিব৷ মানৱদৰদী উকীল হাতীবৰুৱা ককাৰ সম্পতি পুলকে মানুহৰ অনুষ্ঠানকে দান কৰিব৷ ইয়াত এখন অনাথ আশ্ৰমৰ আধাৰ শিলা উঠিব৷ মাটি ঘৰৰ মমতা শেষ হৈ গ’ল৷ ককাকৰ মাটিখিনিত পুলকৰ দাবী এতিয়া একো নাই৷ মাথোঁ ৰিঙা ৰিঙা অনুভৱ এটাত সি যেন শুনিছে, পখিলাৰ মাতষাৰ- পুলক আহ, ঘৰ ঘৰ খেলোঁ৷

পুলকে নিজকে চম্ভালি লৈছে৷ গলখেকাৰি এটা মাৰি সি কবলৈ ধৰিছে৷ ভাবলেশহীন হৈ,- আজিৰ পৰা এয়া আপোনালোকৰ সম্পত্তি, অনাথ আলয়ৰ সম্পত্তি৷ মোৰ মাত্ৰ এটা অনুৰোধ আছে আপোনালোকৰ ওচৰত৷ মানুহ কেইজন সচকিত হৈ উঠিল৷ কি অনুৰোধ থাকিব পাৰে, কাগজ পত্ৰ হস্তান্তৰৰ পাছত৷ তেখেতসকলৰ অনাহক চিন্তাৰ অৱসান ঘটাই এইবাৰ পুলকে হাঁহি এটা মাৰি ক’লে, নাই নাই৷ এনেকুৱা একো অনুৰোধ নকৰোঁ যে, এই অনাথ আশ্ৰমৰ কামকাজত ক্ষতি হব৷ মাত্ৰ এটা অনানুষ্ঠিক অনুৰোধ আছে মোৰ৷ একান্তই ব্যক্তিগত৷ আপোনালোকে শংকা লব নালাগে মনত৷ মাত্ৰ এই দেৱদাৰু জোপা থকা পকাৰ ঘূৰণীয়া ঘেৰটো, আপোনালোকে নতুনকৈ পকা কৰি দিবছোন৷ তদুপৰি চাওকচোন এই দেৱদাৰু জোপা কেনেকৈ লেং পেংকৈ বাঢ়িছে৷ তাতকৈ আপোনালোকে ইয়াতে এজোপা স্থলপদ্ম ৰুই দিব৷ লহপহীয়া হ’লে বৰ ভাল দেখিব৷ আগতে দেৱদাৰুজোপাৰ সলনি ইয়াত ডালভৰি ফুললগা স্থলপদ্ম এজোপা আছিল৷ একো নাথাকিলেও মাথোঁ মায়াসনা চিন থাকি গলেও ভাল লাগিব দিয়কচোন৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক