হাফ-চাৰ্ট মূল: বৰুণ কুমাৰ সাহা (বাংলা) অনুবাদ: অভিজিত দত্ত


পল্টনবজাৰ। গুৱাহাটী মহানগৰৰ হৃদপিণ্ড। ব্যস্ততাৰে ভৰা লাখ লাখ জীৱন। ব্যস্ত পথ, ব্যস্ত আকাশ, ব্যস্ত বতাহ, ব্যস্ত অণু-পৰমাণু। কিলবিল কৰি লৱৰি আছে হাজাৰ ৰঙৰ বিভিন্ন মানুহ। মানুহ?


নীলোৎপল শইকীয়ায়ো সেই ভিৰত নিজক বিচাৰিছে। চিটিবাছৰ পিছৰ চিটত বহি খিৰিকীৰে জুমি চাইছে বাহিৰলৈ। কিন্তু একোৱেই দেখা পোৱা নাই। কেবল সোত, সোত আৰু মানুহৰ সোত। সেই সোতত খেৰকুটা এডাল যেন ধৰিবলৈ চেষ্টা কৰিছে শইকীয়াই, মিলাইছে জীৱনৰ আমিত্ৰাক্ষৰ এলজেব্ৰা। চকু তেওঁৰ ঘোলা, মন তেওঁৰ শীত ঘূমটিত নিস্তেজ।

হঠাৎ তেওঁৰ চকু স্থিৰ হ’ল পদপথৰ ওপৰত ৰঙা-সেউজীয়া ৰং সংমিশ্ৰিত এটা পখৰা হাফ চাৰ্টৰ ওপৰত। হয়, এটা হাফ-চাৰ্ট। হেঙাৰত ওলমি থকা হাফ-চাৰ্টটো মটৰৰ তপত ধোৱাত ফিৰফিৰকৈ উৰি আছে। অজান এক দুৰন্ত আকৰ্ষণত নীলোৎপলৰ কলিজাটো ধৰফৰ কৰিবলৈ আৰম্ভ কৰিছে। যেনেদৰে সাঁতুৰিবলৈ ওলোৱা মানুহজনে আগ-পাছ নুগুণি পুখুৰীত জাঁপ দিয়ে, নীলোৎপল শইকীয়াও জঁপিয়াই পৰিল ঘাইপথত। লগে লগেই বাওঁফালে এক তীব্ৰবেগী মটৰ চাইকেলে প্ৰচণ্ড ব্ৰেক মাৰিলে। ডিক্স ব্ৰেকৰ চাপত মটৰ চাইকেলখনৰ পিছৰ চকাটো শূন্যত আৰু আগচকাটোৱে তেওঁৰ ঢিলা পেণ্টটোত যেন লাহেকৈ চুম্বন কৰিলে। বাছৰ হেণ্ডিমেনে চিৎকাৰ কৰি উঠিল, “লাহে লাহে দাদা”, মটৰ চাইকেলৰ আৰোহীয়েও গৰ্জি উঠিল, “ঐ গাঁৱলীয়া, অন্ধ নেকি বে!” আৰু পিছৰ গাড়ীবোৰে সমবেত লয়ত বিৰক্তিৰ সুৰ তুলিলে-“পোঁ -পোঁ-পোঁ-পোঁ পোঁপোঁপোঁপোঁ পোঁ।” শইকীয়াৰ কোনো ভ্ৰূক্ষেপ নাই। পেণ্টটোৰ ধূলি মাকতি অলপমান হাতেৰে মোহাৰি তেওঁ এইবাৰ আগবাঢ়িল পথৰ আনটো মূৰলৈ।


গৌড়ীয় মঠৰ কাষত সৰু এখন উদ্যান (হয়, সেইখন উদ্যানেই)। তাৰ কাষতেই পাচলিৰ বজাৰ। সেইফালেই আকৌ তাৰকা হোটেল তথা দৈত্যকায় মেগামাৰ্টসমূহৰ ঠেলাঠেলি। আৰু সেই বৈচিত্ৰ্যৰ সোঁমাজত সেই সৰু কাপোৰৰ দোকানখন। কি নাই তাত? শাৰী-ব্লাউজ-পেণ্ট-ফ্ৰক-পাঞ্জাবী-চুৱেটাৰৰপৰা কোট-পেণ্ট পৰ্যন্ত, সকলো (অন্তৰ্বাস বাদ দি)। পোচাকসমূহ পুৰাতন অৰ্থাৎ ইউজড। পিছে দেখিলে তেনে যেন নালাগে। গাড়ীৰ তপত ধোঁৱাত পোচাকসমূহ ফুৰফুৰাই উৰিছে, স্বমহিমাত।


দোকানৰ মুখ পাই শইকীয়াৰ ফোপনি উঠিল। মহিলা দোকানীয়ে বিহাৰী সুৰ মিহলাই অসমীয়াতে ক’লে,
“কি লাগিব দাদা—-কৌন -চা?”
শইকীয়াই ফোপাই ফোপাই আঙুলি টোৱাই বুজোৱাৰ চেষ্টা কৰিলে।
মহিলা দোকানী—-“বো-ওৱালা? ৰাইট পকেট হাফজামাটো? লাল-লাল হৰা-হৰা?”
শইকীয়াই মূৰ দুপিয়াই সন্মতি জনালে।
“একদম নয়া কাপড়া আছে দাদা—-মালিক মাত্ৰ এক মহিনা পিন্ধিছে-চুটি হৈ গৈছিল–লিজিয়ে দেখিয়ে–লেকীন ইয়াৰ পকেটটা ডান দিকে আছে–নয়া ইষ্টাইল—“

শইকীয়াই চোলাটো হাতত লোৱাৰ লগে লগে তেওঁৰ হৃদপিণ্ডটোৱে আকৌ যেন বুকু ভেদি বাহিৰ ওলাবলৈ চেষ্টা কৰিলে। তেওঁৰ ঘোলা চকুযুৰিয়ে যেন চোলাটোক গিলিবলৈ আৰম্ভ কৰিলে। চাৰিওফালে গাড়ী-মটৰ-মানুহৰ অজস্ৰ কোলাহল, অথচ তেওঁৰ কাণ নিষ্ক্ৰিয়। ইমানপৰে নীলোৎপলৰ চকুৰ কোণত দুটোপাল চকুলোৱে বাহ বান্ধিছিল। লাহে লাহে আগুৱাই আহি চকুলো দুটোপাল তেওঁৰ চকুৰ পতাত আৱদ্ধ হৈ পৰিছে। পিছফালৰ পৰা তেওঁৰ পিঠিত পৰা কোনো এক অজান বাটৰুৱাৰ অনিচ্ছাকৃত ঢকা এটাত চকুলো দুটোপাল টপককৈ সৰি পৰিল হাফচাৰ্টটোত। ব্যস্ত হৈ তেওঁ চোলাটো বুকুৰ মাজত সামৰি ল’লে, তাৰপিছত কি যে ভাবি বিৰবিৰাই কিবা ক’বলৈ আৰম্ভ কৰিলে। দোকানীয়ে চিৎকাৰ কৰি উঠিল,
“চাম্ভালকে দাদা, ইচতিৰি বিগৰ জায়েগা—ইস্কা দাম থোৰি জ্যাদা আছে–এশ আশী টাকা।”

শইকীয়া নিশ্চুপ।


মাজুলীৰ নদীসংলগ্ন এখন সৰু গাঁৱত শইকীয়াৰ ঘৰ। সপৰিবাৰে বৰ সুখত আছিল। ইমানেই সুখ আছিল যে সেই গাঁৱৰ পৰিবেশত শইকীয়া আৰু তেওঁৰ পৰিয়ালে জীৱনৰ নানা চখ-আহ্লাদ উদযাপন কৰিছিল। ঘৰত তাঁতশালে মাতে, পুখুৰীত বৰশীৰ চিপ নাচে, পেঁপাত সুৰ বাজে, ভাওনাত হনুমান সাজে, কবিতা লিখে, ৰাসলীলাৰ সময়ত হৰেক ৰকমৰ মাটিৰ পুতলা সাজে, মুখা সাজে। সকলো সময়তেই নিজক আনৰ পৰা ভিন্নৰূপত উপস্থাপন কৰি তেওঁ কিবা এক সুখ অনুভৱ কৰে। যোৱাবাৰৰ বিহুত তেওঁ হেঁপাহত ৰঙা- সেউজীয়া ৰঙী এটি পখৰা চোলা চিলাই লৈছিল। ডাঙৰ ডাঙৰ বুতাম, হাতত সোণালী বোৰ্ডাৰ, ডাবল চিলাই। তাৰ স’তে দৰ্জীক কাঢ়া নিৰ্দেশ, চোলাৰ পকেটখন যেন বাওঁফালৰ পৰিবৰ্তে সোঁফালে দিয়া হয়। ব্যতিক্ৰম।

পত্নী শইকীয়ানীয়ে প্ৰথমতে এয়া ভাওনাৰ পোচাক বুলি ভাবিছিল। কিন্তু নহ’য়। গিৰিয়েকে চোলাটো পিন্ধি যোৰহাটলৈ যাবলৈ ওলাইছে। কি সৰ্বনাশ! এই বুঢ়া বয়সত ভীমৰতি! স্বামীৰ এইধৰণৰ অদ্ভূত আচৰণত শইকীয়ানীয়ে প্ৰায় বিব্ৰতবোধ কৰিছিল। নামঘৰৰ আড্ডাত প্ৰতিবেশীসকলে ঠাট্টা কৰি কয়, “শইকীয়ানীৰ ভাগ্যই ভাল—-মানুহজন দিনে দিনে ডেকা হ’বলৈ ধৰিছে—দুদিন পাছত শইকীয়ানীক পেহী বুলি মাতিম আৰু শইকীয়াক মাতিম ভাইটি বুলি, হা-হা-হা।”
দাঁতৰ ফাঁকত তামোল-পাণ চোবাই নিজৰ খং শইকীয়ানীয়ে নিয়ন্ত্ৰণ কৰে। তাৰপিছত এদিন গোপনে স্বামীৰ এই প্ৰিয় ৰঙীন চোলাটো বিক্ৰী কৰি দিলে ফেৰীৱালাৰ হাতত। বিনিময়ত পালে ডাঙৰ চাইজৰ চচপেন এটা। বহুদিন ধৰি তন্নতন্ন কৰি বিচাৰিও শইকীয়াই সেই বিশেষ চোলাটো বিচাৰি নাপালে। অথচ সদায় সেই চচপেনৰ চাহ দুচকু মুদি এক পৰম সুখত শইকীয়াই পান কৰে।


অতদিনৰ মূৰত আজি হঠাৎ নীলোৎপলৰ চকুত ধৰা দিলে সেই চখৰ চোলাটোৱে। সেয়াও আকৌ পল্টনবজাৰৰ হাটত। পদপথত থিয় হৈ তেওঁ চোলাটোৰ ফালে অনেকপৰ চাই থাকিল। যেন বিবুদ্ধিত পৰিছে শইকীয়া। এধানি শিশুটোক মাতৃয়ে যেনেদৰে আলফুলে সাৱটি ধৰে, নীলোৎপলেও চোলাটো তেনেদৰে সাৱটি আদৰ কৰাত লাগিল। হাতৰ মুঠিত চোলাটো লৈ তেওঁ যেন অনুভৱ কৰিলে সেই সময়। দোকানী চিঞৰি উঠিল—“চাম্ভালকে দাদা, ইচটিৰি…।”


খেতিৰ ধান, পুখুৰীৰ মাছ, গৰুৰ গাখীৰ, পাচলি, পাণ-তামোল, ঘৰ-মাটি সকলো মিলি শইকীয়াৰ সংসাৰ। কিন্তু এটি পলকতেই সকলো শেষ। এটা তাচৰ ঘৰত টোকৰ লগালে যেনেদৰে ভাঙি যায়, তেনেদৰেই তেওঁৰ সংসাৰ ভাঙিল। এইবাৰৰ বানত ৰাক্ষসী নদীয়ে অজগৰৰ দৰে গিলি পেলাইছে তেওঁৰ সমস্ত সংসাৰ। খেতি-পুখুৰী-বাগিচা-ঘৰ-মাটি সকলো। আনকি নাবালক পুত্ৰ সন্তান আৰু প্ৰিয়তমা পত্নীকো। নিশাৰ আন্ধাৰত চয়তান নদীয়ে মনেমনে কেতিয়া যে পাছফালেৰে আহি ঘুমন্ত স্ত্ৰী-পুত্ৰক ভহাই লৈ গ’ল কোনেও ফুটকে নাপালে। সেই সময়ত শইকীয়া যদি মাজুলীৰ বাহিৰত নাথাকিলহেঁতেন? কি কৰিলেহেঁতেন? নদীক সুদাই এৰিলেহেঁতেন নে?

সকলো গৈছে। সকলো। আনকি স্ত্ৰী-পুত্ৰৰ শৰীৰ দুটাও ঘূৰাই নিদিলে দানৱী নদীয়ে। কি নিষ্ঠুৰ! আছে মাথোঁ নীলোৎপলৰ এই জীৱন্ত মৃতদেহ আৰু সদ্য আৱিস্কৃত ৰঙা-সেউজীয়া ৰঙী পখৰা হাফচাৰ্টটো। মহানগৰীৰ হাটত। জীৱনৰ বাটত।

দোকানীয়ে লেনিয়াই লেনিয়াই আকৌ এবাৰ ক’লে,
“বাবু এইঠো একসো আসসি ৰুপায়া সে কম নাহি পাৰিম, নয়া মাল আছে—লিজিয়ে -তো লিজিয়ে, নহ’লে ইচতিৰি মত খাৰাপ কৰিব।”


শইকীয়া নিশ্চুপ। তাৰপাছত লাহেকৈ তেওঁ জেপত হাত ভৰালে। গণি গণি চালে। জেপত মাত্ৰ ঊনপঞ্চাশ টকা।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments