হালধীয়া ৰঙৰ ঘড়ীটো (শান্তুনু চাংমাই)


১)
টিক টক টিক টক, দেৱাল-ঘড়ীটো পুৰণি হৈছে;  এলাহতে কেতিয়াবা আধাঘন্টা পিছ পৰি যায়। ৰিমঝিম আৰু মইনাই সেইটোলৈ ভুলতে কেৰাহিকৈও নাচায়। দুয়োজনীৰে নিজৰ ম’বাইল ফোন আছে, সময়ৰ খবৰ প্ৰতিপল হাতৰ মুঠিতে লুকাই থাকে দেখোন। মইহে এতিয়ালৈকে পুৰণি অভ্যাস এৰিব পৰা নাই। মোৰো ম’বাইল এটা নথকা নহয়, আছে, কিন্তু বৰ আমনি পাওঁ জুমি জুমি তাত সময় চাই থাকিবলৈ। কাৰোবাৰ লগত কথা পাঁতোতেহে ম’বাইল ফোনটো ব্যৱহাৰ কৰোঁ, বাকী সময় চোৱা, এলাৰ্ম লগোৱা, মেছেজ পঢ়া আদি কামবোৰ বৰকৈ মূৰত নোসোমায়েই চোন।
 
ৰিমঝিমৰ মাকক বিয়া কৰাই অনাৰ আগতেই কিনা ঘড়ী। এতিয়াও মনত পৰে- চাকৰি পোৱা প্ৰথম দৰমহা কেইটাৰে গৰমে গৰমে নাহৰকটীয়া টাউনৰ পৰা কিনি আনি বাঁহৰ বেৰত ওলোমাই গৌৰৱত বুকুখন অলপ ফুলি গৈছিল। বংশৰ প্ৰথম চাকৰিয়াল, ঘৰখনলৈ এপদ দুপদ বস্তু কিনি সজাই নল’লে জানো সন্মান বাকী ৰ’ব ? প্ৰথমে ঘড়ী, পিছলৈ ৰেডিঅ’ এটা, বেতৰ চকী দুযোৰ, মূঢ়া তিনিটা, লাগতিয়াল বাচন-বৰ্তন, এখন চাইকেল কিনি এবছৰৰ ভিতৰতে আই-বোপাইৰো মন ভাল লগাই তুলিবলৈ সক্ষম হৈছিলোঁ। মন ভাল নালাগিলে নো সোণাৰীলৈ মাহীৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে আইমণিৰ দৰে দীপলিপ লখিমী ছোৱালী এজনী পচন্দ কৰি আহে নে? চাকৰি পোৱাৰ পিছৰ বছৰটোতে আইমণি বোৱাৰী হৈ ঘৰ সোমালহি। গাঁৱৰ মানুহৰ মূখে মূখে কথা- হাজৰিকাৰ কপাল নহয়, চোতাল বুলিয়েই ক’ব পাৰি- পুতেকে চৰকাৰী চাকৰি পালে, হাতে-কামে পাকৈত বোৱাৰীও আনিলে, ভৰিৰ ওপৰত ভৰি তুলি খোৱাৰ হে কথা।
 
চাইকেলখন পুৰণি হোৱাত গাঁৱৰে কলীয়াক এশ টকাত বেচি দিলোঁ, বেতৰ চকীযোৰতো লাহে লাহে ঘূণে বাহ ল’লে, মূঢ়াকেইটা জহি-খহি গ’ল, বাচন-বৰ্তন সলনি হ’ল, আই-বোপাইয়েও এটি এটিকৈ ইহসংসাৰৰ পৰা বিদায় মাগিলে, তিনিবছৰৰ আগতে নৰীয়াত পৰি আইমণিও গুছি গ’ল; কিন্তু কলিকতাৰ কোনো অচিন এক্সপাৰ্ট বঙালী ভদ্ৰলোকে গঢ়ি দিয়া দেৱাল-ঘড়ীটোহে এলাগীৰ লাগী হৈ চলি থাকিল। পিছে কেইমাহমানৰ পৰা তাৰ মনটোও চাগে আমন-জিমন হৈছে। ডিউটিলৈ ওলাই যোৱাত এইকাৰণেই কেইবাদিনো পলম হৈছে। জী দুজনীয়ে সেইটো খালত দলিয়াই দি নতুন ঘড়ী এটা আনি ল’বলৈ কৈ আছে- পেলাওঁ বুলিয়েই নো এনেদৰে ইমান দিনীয়া বস্তু এটা পেলাই দিব পাৰি নে?
যুগ সলনি হৈছে- তাৰ লগত ফেৰ মাৰি প্ৰসন্ন হাজৰিকাই ম’বাইল কিনিছোঁ, আছাম-টাইপ ঘৰ সাজিছোঁ, পানীত মটৰ ফিটিঙ কৰাই লৈছোঁ, কেবল টিভিও আনি লৈছোঁ, কিন্তু পুৰণি সময়খিনিকনো কেনেকৈ দলিয়াই খালত পেলাই দিওঁ? কিবা এটা জিদত পৰিয়েই সেইটো ওলোমাই থৈছোঁ, থাকক- যিমান দিন পাৰি, তেনেকৈয়ে থাকক, ইমান ডাঙৰ ঘৰটোত হালধীয়া ৰঙৰ ঘড়ীটোৰ কাৰণে আৰু অকণমান ঠাই নোলাবনে?
 
২)
কেইদিনমানৰ পৰা ৰিমঝিমে খাটনি ধৰি আছিল- তাইক এখন স্কুটী লাগে, মানে ছোৱালীয়ে চলোৱা মটৰচাইকেল। মই বোলোঁ- দুলীয়াজানলৈ পোন্ধৰ মিনিটৰ পিছে পিছে ভাদৈৰ পৰা লাইন টেম্পো চলে, কলেজলৈ যোৱা ছোৱালী বুলি গম পালে টকা দুটা কমকৈও লয়, মিছা-মিছি স্কুটীখন নো কিয় কিনিব লাগে? যি হে গাড়ীৰ সংখ্যা বাঢ়িছে কচু গছ বঢ়াদি, বাটত খোজ কাঢ়িবলৈকো ভয়, স্কুটাৰ চলোৱাটো কম ৰিস্কৰ কথানে? নাই নামানে- কিবা এটা লাগ বুলিলে লাগিবই, মাক ইমান সৰল আছিল, ছোৱালী দুজনীনো কেনেকৈ ইমান জেদী হ’ল, ভাবি আচৰিত লাগে।
 
ফুচুলাবলৈ চেষ্টা কৰি চালোঁ, বোলোঁ- নতুন চুৰিদাৰ এযোৰকে কিনি ল’, নহ’লে ঘোষ জুৱেলাৰ মোৰ চিনাকি, তালৈকে গৈ কি ভাল লাগে পচন্দ কৰি অৰ্ডাৰ দি আহ, লাহে লাহে ধাৰ মাৰি থাকিম, গহনা-পাতি বিয়াতো কামত আহিব, স্কুটীখন আৰু শহুৰৰ ঘৰলৈ লৈ যাব পাৰিবি জানো ? নাই, নামানে, বিয়া হেনো বহু দূৰ; প্ৰথমে ডিগ্ৰী কৰিব, তাৰ পিছত এম.এ. তাৰ পিছত দুবছৰ চাকৰি- স্কুটীখন কিনি দিলে হেনো পি.এইচ.ডি টোও লৈ পেলাব। আমি কলেজৰ দেওনা গৰকি নোপোৱা মানুহ, ছোৱালীয়ে ইমানকৈ পঢ়াৰ প্ৰতিশ্ৰুতি দিয়া্ৰ পিছত না-নুই কৰি থাকিলে জানোচা ডিগ্ৰীটোকে আদবাটতে এৰি পেলায় বুলি পাতল ৰঙা ৰঙৰ ফুটফুটীয়া স্কুটী এখন অগত্যা কিনি দিলোঁ। মেট্ৰিক পৰীক্ষা দিবলৈ যো-জা কৰি থকা মইনাইও সেইখন দেখি জঁপিয়াই উঠিল। কেতিয়াবা ভনীয়েকে চলায়, কেতিয়াবা বায়েকে। মই বোলোঁ- চলাইছ চলা, কিন্তু পদুমনি পাৰ হোৱাৰ কথা নাভাবিবি, কেইদিনমান ওচৰে-পাজৰেই চলাই চলাই হাতখন পোনাই ল’, তাৰ পিছতহে ভাদৈ, দুলীয়াজান।
 
হাত পোন হ’ল নে নাই ক’ব নোৱাৰোঁ, মই গাড়ী-মটৰ কেতিয়াও জীৱনত চলাই পোৱা নাই, চাইকেল, বাছ, টেম্পোতে জীৱনৰ অধিকাংশ পাৰ কৰিলোঁ। কিনাৰ চতুৰ্থ দিনা স্কুটীখন চলাই গৈ দুয়ো ভগ্নীয়ে ভাদৈৰ বুধবৰীয়া হাটৰ পৰা শাক-পাচলি কিনি-মেলিও আহিলগৈ। মাক নোহোৱা ছোৱালীৰ এনে আচৰণত মই নিতান্তই ক্ষুব্ধ হ’লোঁ। কথা নাই বতৰা নাই ছয় কিলোমিটাৰ এনেকৈ গুছি যাব লাগে নে? কথাষাৰ কওঁতে আক’ চুবুৰীয়া ৰাভাই ঢেকঢেকাই মোৰ ওপৰত হে হাঁহিলে- আজিকালিৰ ল’ৰা-ছোৱালী হেনো বাঘৰ আগতেল খোৱা বিধৰ। নতুন কাম এটা শিকি পেলাবলৈ সময় নিচেই কম লাগে। হ’ল বুলিয়েই এনেকৈ নোসোধা নেমেলাকৈ গুছি যাব লাগে নে? মাত্ৰ দুমাহৰ আগতে ক’ৰবাত বিহু খাই তিনিটা পিলিঙা ডেকাই উত্পাতকৈ একেখন মটৰ-চাইকেলতে বহি খুব স্পীডত চলাই যাওঁতে তিনিআলিটোতে ভাৰসাম্য হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা ভানখনত খুন্দা মাৰি দিয়া নাছিল নে? এটাৰতো থিতাতে আধ্যা পৰিল, ইটো এদিন পিছতে হস্পিটেলত সিফলীয়া হ’ল- যিটো বাচিল, তাৰো হাত-ভৰিৰ হাড় ভাগিল। যোৱা মানুহ বাৰু গুছি গ’ল, কিন্তু ঘৰখনৰ, মাক-দেউতাকৰ কম বিলৈ হৈছেনে চাগে? নিজৰ তেজ-মঙহৰ টুকুৰা এটাক এনেকৈ হেৰুৱাব লাগিলে বুকুখন কেনে লাগিব বাৰু? মোৰ যে ভাবিলেই মনটো ভাৰী হৈ আহে- নাই, নুশুনে, বাঘৰ আগতেল খোৱা আজিকালিৰ ল’ৰা-ছোৱালীয়ে কোনোধৰণৰ হাক-বচন মানি নচলে।
 
ৰিটায়াৰমেন্টলৈ মাত্ৰ আঢ়ৈ বছৰ হে বাকী আছে। নিয়মমতে ৰিমঝিম মইনাই পঢ়-শুনা শেষ কৰি এতিয়ালৈকে পো-পোৱালিৰে এবাহ হ’বগৈ লাগিছিল। কিন্তু বিয়াৰ ছয় বছৰ পিছলৈকে আইমণিৰ পৰা কোনো ভাল খবৰ নোপোৱাত মনটো হতাশাত মৰহিয়েই যাব ওলাইছিল। জৰা-ফুকা, পূজা-বন্তি একোৱেই কাম নিদিয়াত মন ভাঙি যোৱাটো সাধাৰণ কথা। ডিব্ৰুগড় মেডিকেলৰ ড০ শইকীয়া ছাৰেহে ছমাহৰ মেডিচিন খাবলৈ দিয়াত পিছৰটো বছৰলৈ আইমণিয়ে গা নিতিওৱাৰ খবৰ দিবগৈ পাৰিলে। ৰিমঝিম আৰু মইনা সেয়ে আমাৰ ভাটী দিয়া বয়সত পোৱা ঈশ্বৰৰ আশীৰ্বাদ।
 
 
অইল ইণ্ডিয়াত চাকৰি কৰোঁ বুলি কিছুমান মানুহে হিংসা কৰে, কিছুমান মানুহে সন্মান কৰে। এইবোৰ চাকৰি-বাকৰি, বিবাহ, মৃত্যু আদি সংযোগ আৰু ভাগ্যৰ কথা। ভাগ্যত লিখা থাকিলে ৰজা হ’বও পাৰি, কপালত লিখা নাথাকিলে পোৱালি জগা গাইয়েও গাখীৰ নিদিয়া হয়।
 
ছোৱালীয়ে লাগি লাগি এদিন চোতালতে আবেলি মোক স্কুটাৰ শিকাবলৈ ল’লে। চাইকেলতকৈ দহগুণ গধুৰ বাহনৰ টুকুৰাটো ছোৱালীহঁতে কেনেকৈ চম্ভালে তাকে ভাবি সৰিয়হ ফুল দেখি গ’লো। উঠি চলাওঁতে ভাৰসাম্য ৰাখিব নোৱাৰা হ’লোঁ- এবাৰ সোঁফালে টানে, আনবাৰ বাওঁফালে, কেতিয়াবা ঘপকৈ আগলৈ গুছি যায়, কেতিয়াবা আক’ ব্ৰেক মাৰি দিলে হামখুৰি খাই আগলৈ গুচি যাওঁ। মুঠৰ ওপৰত হাজৰিকা বুঢ়াই স্কুটাৰ শিকিছে বুলি ওচৰ-চুবুৰীয়াসকলেও আলেঙে আলেঙে চাই ফিচিঙা-ফিচিঙি কৰি থাকিল। বৰ অস্বস্তিজনক কথা!
 
-“চাওকচোন কোনে কোনে চায়। আপুনি শিকি মেলি সিঁহতৰ আগেদি ভূৰুংকৈ চলাই গ’লে নিজেই এদিন লাজ পাই যাব”, মইনাৰ মূখখন বৰ চাৰ। কিন্তু কথাষাৰো তাই ভুল কোৱা নাই। ঘঁহি থাকিলে হেনো শিলো ক্ষয় যায়; মই আৰু স্কুটী এখন চলাবলৈ শিকিব নোৱাৰিম নে?
 
-শিকিলোঁ, লাগি মেলি, দুবাৰ পেলাই এপষেকত সেইখন কাৰো সহায় নোহোৱাকৈ চলাব পৰা হ’লোগৈ।
পদুমনিৰ পৰা উষাপুৰলৈকে ৰাস্তাৰ বেছি ভিৰ নহয়- তালৈকে কেতিয়াবা অকলে চলাই গুছি যাওঁ। স্পীড-ব্ৰেকাৰ কেইটা পাৰ হওঁতে মাজে মাজে ষ্টাৰ্ট বন্ধ হৈ নোযোৱা নহয়, কিন্তু ছোৱালীয়ে কৈছে এনেকৈ বন্ধ হৈ হৈ শিকিলেহে এদিন দুলীয়াজান টাউনৰ মাজতো চলাব পৰা হ’মগৈ। ইয়াকে অধ্যৱসায় বুলিও হেনো কোৱা হয়। মিছা ক’লে কি হ’ব; আমাৰ পৰা ল’ৰা-ছোৱালীহঁতে যিমান শিকিছে, তাতকৈ দুগুণ আমিবোৰে সিঁহতমখাৰ পৰাহে শিকিবলৈ পাইছোঁ।
 
(৩)
মইনাই আজিকালি দিনে ৰাতিয়ে পঢ়িবলৈ লৈছে। মেট্ৰিক পৰীক্ষা। বায়েকে সত্তৰ শতাংশ পোৱাৰ পিছতো তাইক মই গুৱাহাটীলৈ পঢ়িবলৈ গুছি যাবলৈ নিদিলোঁ। গতিকে মইনাই আগতেই চৰ্ত ৰাখি থৈছে যে ৭৫% ৰ ওপৰত নম্বৰ আহিলেই তাইক গুৱাহাটীলৈ যাবলৈ দিব লাগিব। মই বোলোঁ, “তই আগতে সিমানখিনি নম্বৰ আনচোন- গুৱাহাটী কলকাতা য’তে মন কৰ, তাতে গৈ নিজেই নাম লগাই থৈ আহিম। তঁহতৰ উন্নতিৰ কাৰণে যিমান লাগে সিমান খিনি যেনেকৈ হ’লেও কৰিম। মাথোন নিজৰ মনটোক কাবু কৰি লৈ কিতাপত মূৰটো গুজি থ’বি।”
 
নুগুজা নহয়, তাই ভালকৈয়ে মূৰ গুজিছে। বায়েকে তাইক পাকঘৰত একেবাৰে সোমাবলৈ দিয়া নাই ; মইও যিমানখিনি সম্ভৱ হয়, সিমান লাগি ভাগি দিছোঁ।
 
স্কুটীখন হোৱাৰ পিছৰ পৰা টিউছনলৈ যাবলৈ তাইৰ বৰ সুবিধা হৈছে। আমাৰ এই অঞ্চলত ভাল অংক আৰু ইংৰাজীৰ শিক্ষক নথকাৰ বাবে দুলীয়াজান টাউনৰ দুজন নামকৰা মাস্টৰৰ তালৈ মইনা সপ্তাহত চাৰিদিনকৈ পঢ়িবলৈ যায়। আগতে টেম্পোত গৈ পুৰণি বাচ-ষ্টেণ্ডত নামি বাকীডোখৰ বাট খোজেৰে গৈছিল। তেনেকৈ হেনো বিশ মিনিটমান খোজ কাঢ়িব লগা হয়। ঠেক ৰাস্তাৰ বাবে ৰিক্সাও সেইবাটে যাব নোৱাৰে। যেনতেন মটৰ চাইকেল এখনহে যাব পাৰে। এতিয়া বায়েকে তাইক অনা-নিয়া কৰে। ভনীয়েকৰ কাৰণে ৰিমঝিমে ইমান কষ্ট কৰা দেখিলে বৰ গৌৰৱ অনুভৱ কৰোঁ।
 
ঠাণ্ডা দিন, তাতে পিকনিকৰ সময়; বৰ চিন্তা লাগি থাকে। ডিউটীৰ সময়তো ইঁহত দুজনীৰ কথা ভাবি মনটো চেৰেং চেৰেং কৰি থাকে।
 
য’তে বাঘৰ ভয়, তাতে ৰাতি হয়। বেছিকৈ দুশ্চিন্তা কৰি থাকিলে হেনো কথাবোৰ সঁচা হৈ যায়। অঘটনটো ঘটিল ত্ৰিশ ডিচেম্বৰৰ সন্ধিয়া। দেওবাৰ বুলি মোৰ ডিউটী নাছিল। মইনাৰ টিউছন মাস্টৰে একত্ৰিশ তাৰিখে নপঢ়ায় বুলি ত্ৰিশ তাৰিখেই আগতীয়াকৈ ক্লাছ লৈ থ’ব খুজিলে।
 
আগফালে বহি ফুলনিখন খুচৰি আছোঁ, ৰাভা উধাতু খাই সোমাই আহিল, “ হাজৰিকা, এই দুজনী ক’ত?”
ৰাভাৰ উদ্বিগ্ন চেহেৰাটো চায়েই গম পালোঁ যে কিবা এটা ক’ৰবাত ঘটিছে। কোৰ, খন্তি তাতে পেলাই থৈ ফুলনিৰ বাহিৰ ওলাই আহিলোঁ, “কি হ’ল ৰাভা? মইনাহঁত দুলীয়াজানলৈ টিউছন…”
-“হে হৰি, কৃষ্ণ কৃষ্ণ, তুমিয়েই ৰাখিবা। বলক বলক, এপাক গৈ আহোঁগৈ- দুলীয়াজান পিপল তলত বৰ বেয়াকৈ বাছ আৰু দুখনমান গাড়ীৰ এক্সিডেন্ট হৈছে। এইমাত্ৰ কলিতাই ফোন কৰি খবৰ দিছে- কেইবাজনো হেনো স্প’ট ডেড। দিহিঙৰ বালিত পিকনিক খাই উভতি গৈ থকা দুখন টাটা চাফাৰী গাড়ীয়ে হেনো মদ খাই উত্পাত কৰি চলাওঁতে এই কাণ্ড কৰিলে, যাওঁতে বাটত কেইবাখনো মটৰ চাইকেল মহতিয়াই থৈ গৈছে… পিপল তল পাই ডাইৰেক্ট বাছ এখনত প্ৰচণ্ড বেগে খুন্দা… হে হৰি, ওলাওক ওলাওক”
 
ৰাভাৰ কথাখিনি শুনি মূৰটো আচন্দ্ৰাই কৰি গ’ল। যেন তেন ভিতৰ গৈ লুঙীখন সলাই পেন্টটো পিন্ধিছোঁহে, ঝনঝনকৈ আলহী-কোঠাৰ পৰা কিবা এটা ভঙাৰ শব্দ আহিল। আহি চাই দেখোঁ- ৱাল ক্লকটো মাটিত সৰি পৰি টুকুৰা-টুকুৰ হৈ আছে। বিপদৰ আশংকাত মোৰ চকুৰ গুৰি সেমেকি আহিল।
 
ৰাভাৰ বাইকখনত বহি ঘটনা স্থলী পালোঁগৈ। ঘটনা সঁচাকৈয়ে বিষম। চাফাৰী এখন বাছখনৰ আগফালে বেয়াকৈ সোমাই আছে, চাৰিওফালে ভঙা চিচাৰ টুকুৰা। মানুহৰ ভিৰ। ডেড বডী আৰু আহতসকলক ইতিমধ্যেই হস্পিটেললৈ নিয়া হৈছে।
 
তালৈ গ’লো। তাতো ভিৰ। ঘটনাৰ কথা শুনা পাই ঢেৰ মানুহ ঢপলিয়াই আহিছে। এটা এটাকৈ ভিক্টিমবোৰৰ কোঠালৈ গৈ চালোঁ। তেজ আৰু আৰ্তনাদ। যিমানেই দেখিলোঁ- বুকুখন বিষাই গৈ থাকিল।
ডেকা ডাক্তৰ এজনক ধৰি কাও-বাওকৈ কোনোবা ছোৱালী নিহত আহতৰ খবৰ আছে নেকি সোধাত তেওঁ মূৰ দুপিয়াই অন্য চেক্চন এটালৈ যাবলৈ দিলে। তাত মহিলা ভিক্টিমসকলক ৰখা হৈছে। দহ-বাৰজনীৰ মাজত মইনাহঁতক নেদেখি বুকুখন অলপ পাতল হ’লেও অজান ভয় এটাই খুলি খুলো খাব ধৰিলে। কিজানি…
 
ওলাই আহোঁতেহে ৰাভাৰ মূৰত অকণমান সদবুদ্ধি খেলাল। হয়তোন, ৰিমঝিমৰ ম’বাইলটোত এটা ফোন কৰি চালেইতো হয়!  পকেট খেপিয়াই দেখোঁ- ততা তৈয়াকৈ ওলাই আহোঁতে ম’বাইলডাল আনিবলৈকে নহ’ল। সিঁহত দুজনীৰ নাম্বাৰকেইটাও মুখস্থ নাই।
 
পুনৰ উধাতু খাই ঘৰ। যিমানেই ঘৰৰ ওচৰ পাইছোঁহি সিমানেই বুকুখনত উত্তেজনা বাঢ়ি গৈ আছে।
কেঁকুৰিটো পাৰ হৈয়ে দেখিলোঁ আন্ধাৰত ৰঙা ৰঙৰ স্কুটীখন বাৰাণ্ডাৰ ওচৰতে জিলিকি আছে।
 
আমাক দেখি দুয়োজনী আগবাঢ়ি আহিল, “ঘৰত তলা মাৰি ক’লৈ গুছি গৈছিল দেউতা? পিপলতলত হেনো এক্সিডেন্ট হৈছে; আমি দুজনীয়ে আপোনাৰ কথা চিন্তা কৰি কৰি মৰিছোঁ… ম’বাইলত ফোন ইমানকৈ কৰিছোঁ, আপুনি উঠোৱাও নাই।” একো উত্তৰ নিদি দুয়োজনীকে বুকুৰ মাজত সাৱটি ধৰিলোঁ। আপোনজনক হেৰুৱাই পোৱাৰ আনন্দত গৰম লোতক দুগালেদি বৈ আহিল।
 
-“স্কুটীৰ চাবিটো দেচোন। আজিৰ পৰা মাঘ বিহু শেষ নোহোৱালৈকে কোনো দৰকাৰ নাই এইখন চলোৱাৰ।” কিবা আপত্তি কৰিব খুজিও মোৰ চেহেৰাৰ ফালে চাই ৰিমঝিমে যেন কিবা এটা বুজি পাই লাহেকৈ চাবিটো উলিয়াই মোৰ হাতত দিলে।
 
ঘৰৰ তলা খুলি লাইটবোৰ জ্বলালোঁ। আপদীয়া ঘড়ীটোৰ টুকুৰাবোৰ তেতিয়াও তাতে সিঁচৰতি হৈ পৰি আছিল।
 
কিয় জানো মোৰ মনত এনে লাগিল- নিজে প্ৰাণত্যাগ কৰি হ’লেও পুৰণিকলীয়া ৱাল-ক্ল’কটোৱে নিজৰ মালিকৰ ছোৱালীৰ প্ৰাণৰ ভিক্ষা ঈশ্বৰৰ পৰা কৰি সিঁহত দুজনীক ৰক্ষা কৰিলে। কোনোবা আপোন মানুহ হেৰুৱাৰ বেজাৰত বুকুখন পুনৰ মোচৰ খাই উঠিল।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments