হাস্যৰসিক বেজবৰুৱা (আব্দুজ চাজিদ)

ঊনবিংশ শতিকাৰ প্ৰথম ভাগত বংগদেশত জাতীয় চেতনাৰ স্ফুৰণ ঘটিছিল৷ তেনে সময়তে লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ সতীৰ্থসকল উপস্থিত হৈছিলগৈ বংগত৷ বংগৰ সময় তেতিয়া সংঘাত-সমন্বয়ৰ সময়৷ এফালে গঢ় লৈছে বিভিন্ন প্ৰকাৰ জনগোষ্ঠীসমূহে৷ জন্ম হৈছে বিভিন্ন প্ৰকাৰৰ চিন্তা-ভাবনা, ধ্যান-ধাৰণাৰ৷ আনফালে পাশ্চাত্য সাহিত্য-শিল্প-সংস্কৃতি-দৰ্শন৷ ইউৰোপীয় সাহিত্য আৰু বংগীয় নৱজাগৰণৰ তেনে এক সন্ধিক্ষণতে বংগত উপস্থিত হৈও বেজবৰুৱা আৰু তেখেতৰ সংগীসকলে সঠিক কৰ্মক্ষেত্ৰ বাচি উলিয়াই সঠিকভাৱেই নিজৰ পথত ভৰি দিছিল৷ সেয়ে তেখেতৰ চিন্তাধাৰাত তিনি ঘাই সুঁতিৰ প্ৰভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ ঐতিহ্যৰ পৰা ভাববাদী দৃষ্টিভংগী, পশ্চিমৰ পৰা পোৱা মানবিকবাদী দৃষ্টিভংগী আৰু স্বদেশপ্ৰেম৷ এই সকলোবোৰ দিশেই সফল অভিব্যক্তি লভিছিল বেজবৰুৱাৰ ব্যক্তিত্বত৷ যাৰ ফলত তেখেতক যুগৰ প্ৰতিনিধি বুলি ক’ব পাৰি৷ সংস্কাৰমুক্ততা, উদাৰতা আৰু গভীৰ মানবিক দৃষ্টিভংগী – এই তিনিটা গুণে বেজবৰুৱাৰ ব্যক্তিত্বক আধুনিক কৰি ৰাখিছে৷

ঐতিহ্য, আধুনিকতা আৰু দেশপ্ৰেমৰ প্ৰভাৱত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰৱাসত থাকিও অসমীয়া ভাষা, সাহিত্য আৰু জাতীয় জীৱনৰ মংগলৰ অৰ্থে হাতত কলম তুলি লৈছিল৷ তেখেতৰ লিখনিত দুই প্ৰকাৰৰ চৰিত্ৰ দৃষ্টিগোচৰ হয়৷ জাতিটোক নকৈ গঢ়িবৰ বাবে সবল, সৃষ্টিশীল ভূমিকা আৰু জাতীয় জীৱনৰ দোষ-ত্ৰুটি গুচাবৰ বাবে সমালোচকৰ চৰিত্ৰ৷ সমালোচনাত্মক দৃষ্টিভংগীৰে সামাজিক দুখ-দুৰ্বলতাৰ প্ৰতি সৰ্তকীকৰণৰ নিমিত্তে তেখেতে ‘কৃপাবৰ বৰুৱা’ (পিছলৈ বৰবৰুৱা)ৰ হাতত কাপ তুলি দিছিল৷ জোনাকী, উষা, বাঁহী, আৱাহন, অসম বন্তি, মিলন, ন-জোন আদি আলোচনীসমূহত প্ৰকাশ পাইছিল তেখেতৰ প্ৰবন্ধসমূহ৷

অনুকৰণীয় ভাব, শুদ্ধ ভাষা আৰু হাস্যৰস বেজবৰুৱাৰ সাহিত্যৰ উপাদান আছিল৷ তেখেতৰ হাঁহি, কৌতুক আৰু ব্যংগৰ ভাষা আছিল নিটোল আৰু সুপৰিকল্পিত৷ তেখেতে ভাষাৰ মৰ্যাদা আৰু শালীনতা ৰক্ষা কৰি চলিছিল৷ তেখেতৰ ভাষা, জতুৱা-ঠাঁচ আজিও সমানে সক্রিয় হৈ আছে৷ অন্যহাতে, বেজবৰুৱাৰ হাস্যৰসৰ মাজত লুকাই আছিল গভীৰ দুখবোধ৷ এই দুখবোধৰ উৎস তেখেতৰ জাতি আৰু সমাজ জীৱন৷ অন্তৰত দুখবোধ থাকিলেও হাঁহিৰ সৃষ্টিযে হ’ব পাৰে, বেজবৰুৱাই তাৰে আৰ্হি দেখুৱাই থৈ গ’ল৷

ৰসৰাজগৰাকীয়ে সৃষ্টি কৰা হাস্য-ব্যংগাত্মক চৰিত্ৰ ‘কৃপাবৰ বৰবৰুৱা’ বিশ্ব-সাহিত্যৰ কমিক চৰিত্ৰসমূহৰ ভিতৰত এটা লেখত ল’বলগীয়া চৰিত্ৰ৷ কৃপাবৰ বৰবৰুৱাৰ সমগোত্ৰীয় চৰিত্ৰ অসমীয়া সাহিত্যত দ্বিতীয় এটা নাই৷ ভাৰতীয় সাহিত্যতো এই চৰিত্ৰ বিৰল আৰু অতুলনীয়৷ বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱা’ একপ্ৰকাৰ অসমীয়াৰ জাতীয় বহুৱাৰ চৰিত্ৰ৷ বহুৱাই সদায় সমাজৰ মূলসুঁতিৰ পৰা আঁতৰি গৈ ৰস সৃষ্টি কৰি ভাল পায়৷ তাচ্ছিল্য কৰা যেন লাগিলেও বহুৱাই কৰা তাচ্ছিল্যই ব্যাপক অৰ্থ কঢ়িয়াই আনে৷ বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱা’ৰ যোগেদি জাতীয় জীৱনৰ দুখ-ত্ৰুটি, অসামঞ্জস্য-বিসংগতি ইত্যাদি পৰিষ্কাৰকৈ দাঙি ধৰা হৈছে৷

‘কৃপাবৰ বৰবৰুৱা’ক ভেটি কৰিয়ে বেজবৰুৱাই হাস্যৰসৰ সৃষ্টি কৰিছিল৷ তেখেতৰ হাস্যৰস সৃষ্টিৰ কৌশল আছিল পৃথিৱীৰ শ্ৰেষ্ঠ হাস্যৰসিকসকলৰ দৰে একে৷ সেয়ে তেখেতক গ্ৰীক কমেডিয়ে শ্ৰেষ্ঠ ৰূপ পোৱা এৰিষ্টফেনিছ, বিশ্ববিখ্যাত ব্যংগাত্মক লিখক ‘গালিভাৰ্ছ ট্ৰেভেল্চ’ৰ ৰচক জনাথন ছুইফ্ট আদিৰ শাৰীত ধৰিব পাৰি৷ ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), ‘বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিৰ ৰহস্য’, ‘কৃপাবৰ বৰুৱাৰ সামৰণি’ ইত্যাদিবোৰ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি৷ ইয়াৰে ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ত কৃপাবৰৰ শ্ৰেষ্ঠ ৰূপ ফুটি উঠিছে৷ এইবিলাকৰ বাহিৰেও বেজবৰুৱাই হাস্যৰসিক কবিতা (পেৰডি), কমিক, ড্ৰামা, চুটিগল্প, প্ৰহসন আদিৰ সৃষ্টি কৰি থৈ গৈছে৷ বেণুধৰ শৰ্মাৰ মতে, ‘সমাজিক’ বেজবৰুৱাৰ শ্ৰেষ্ঠ খুহুটীয়া ৰচনা৷ ভণ্ডামি, স্ত্ৰী-স্বাধীনতা, বৃদ্ধ-বিবাহ, অন্ধ-বিশ্বাস, অন্ধ-অনুকৰণ, সাংবাদিকতা ইত্যাদি সামাজিক-ৰাজনৈতিক সমস্যাৰাজিক বিষয়-বস্তু হিচাপে লৈ বেজবৰুৱাই ৰচনা কৰা কৃপাবৰী সাহিত্যই আজিও বিমল হাস্যৰ খোৰাক যোগায়৷

বৈজ্ঞানিক আৰু আধুনিক মনৰ অধিকাৰী আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ এটা সংস্কাৰমুক্ত মন লৈ তেখেতে পৰিৱৰ্তনৰ অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল হাস্যৰসৰ মাজেদি৷ অসমীয়া সমাজৰ স্খলনবোৰ, জাতিৰ ভণ্ডামিবোৰ হাস্যৰসৰ মাজেদি ফুটাই তুলি তীব্ৰ কটাক্ষৰে অসমীয়া জাতিক, তদানীন্তন সমাজক সমালোচনা কৰাৰ লগতে উপলুঙা কৰিছিল৷ সেয়া আছিল তেখেতৰ সমাজ সংস্কাৰৰ কৌশল৷ অসমীয়া জাতিক ৰোগমুক্ত কৰি সুস্থ-সবল কৰি গঢ়ি তোলাই তেখেতৰ ৰচনাসম্ভাৰৰ মূল উদ্দেশ্য আছিল৷ সমালোচনাৰে তেখেতে অসমীয়া জাতিক বেত্ৰাঘাত কৰিলেও সেয়া অসমীয়াৰ প্ৰাপ্য বোলাই যুগুত৷

বেজবৰুৱাৰ দৃষ্টিৰ সামগ্ৰিকতাই সমগ্ৰ অসমখনকে সামৰি লৈছিল৷ অসমৰ মানুহ, অসমৰ প্ৰকৃতি, অসমৰ ভূগোল-বুৰঞ্জী আদি সৰ্বদিশতে তেখেতে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল৷ দেশ বা জাতিৰ স্বাৰ্থত কেতিয়াবা ব্যক্তিক, কেতিয়াবা জাতিক ইতিকিং কৰিলেও সাধাৰণ মানুহৰ প্ৰতি বেজবৰুৱাৰ আছিল অকৃত্ৰিম ভালপোৱা৷ সাধাৰণ মানুহক তেখেতে বিদ্ৰূপ কৰা নাছিল৷ বৰঞ্চ নগৰীয়া অল্পশিক্ষিত, নতুন স্বল্পশিক্ষিত মানুহ; নাগৰিক জীৱনৰ ভণ্ডামি আৰু পুৰণি কু-সংস্কাৰৰ মাজত নিমজ্জিত মানুহবোৰহে তেখেতৰ আক্রমণৰ লক্ষ্য আছিল৷ অসমৰ মানুহৰ মংগল কামনা, দুখ-দুৰ্দশা-দুৰ্বলতা দূৰ কৰাৰ আকাংক্ষা লিখনিৰ জৰিয়তে তেখেতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উনুকিয়াই থৈ গৈছে৷ বেজবৰুৱাক নজনাকৈ অসমৰ মানুহৰ ভিতৰ-বাহিৰ ভালকৈ জানিব পৰাটো সম্ভৱপৰ নহয়৷ অসমীয়া সাহিত্যৰ এইগৰাকী মহাৰথীৰ যোগেদি অসমৰ জাতীয় জীৱনৰ নিশ্বাস অনুভৱ কৰিব পাৰি৷ ঊনবিংশ শতিকাৰ বেজবৰুৱা সেয়েহে অনাগত দিনবোৰতো সমানেই প্ৰাসংগিক হৈ থাকিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক