হাহেঁ হাঁহে (উজ্জ্বল ফুকন)

 

“এখ একতিৰিচ এক

এখ একতিৰিচ দুই

এখ একতিৰিচ তিনি” এইটো সৰুকণৰ দিচাংমুখৰ ঘাটত পূৰ্ণোদ্যমে মাছৰ ডাক চলি আছে।

“এহ ভীম কাই দিয়েই দিলি নেকি সেইটো। বৰ ভাল মাছ আছিল দেই সেইটো। আৰু আছেনে?” ৰাজে মিৰি ককাইক সুধিলে।

এই মিৰি ককাইক সকলোৱে ভীম কাই বুলি কয়। ৰাজে শুনামতে এবাৰ ককাইয়ে ভাওনাত ভীমৰ ভাও লৈছিল। ককাইৰ তেতিয়া ভৰ যৌৱন। ককাইয়ে প্রেয়সী জয়ন্তীক কৈছিল ” তই যদি আজি ভাওনা চাবলৈ নাহ মই কিন্তু দিচাঙত

জাপ দিম। মাছে খাব মোক” । জয়ন্তীও সন্ধিয়াতে আহি নামঘৰত উপস্থিত হল নিজৰ মানুহটোক ভীমৰ ৰূপত দেখাৰ আশাত। কাঢ়া ৰঙা লিপষ্টিক আৰু ডাঠ কলা কাজলেৰে জয়ন্তীকো হিড়িম্বা যেন লাগিছিল। আঠ বাজি গল ন’ বাজিগল।

কিন্তু ভীম ওলোৱাৰ কোনো উমঘাম নাই। চাইকেলৰ চকাৰ প্রেচ মাৰোতে ব্যৱহাৰ কৰা আঠাৰে লগোৱা মোচকোচা খজুৱাবলৈ আৰম্ভ কৰিছিল ককাইৰ। শেষত মাজনিশা প্রমটাৰৰ চিঞৰ “এয়া ভীমৰ প্রৱেশ”।

“বাপেৰৰ প্রৱেশ। আঠটাত উলিয়াম বুলি বাৰটাত উলিয়াইছ। বিম নোলাই বিম গৰত গৈ শুই তাকিব। বিমে আজি বাওনাত আসুৰ নবদে তোকে বদিব। ” দিচাঙৰ পাৰে পাৰে ভীমৰূপী মিৰিককাই আৰু আগে আগে প্রান হাতত লৈ ধুতি কোঁচাই প্রমটাৰ। সেই তেতিয়াৰ পৰাই মিৰি ককাই ভীমকাই বুলি গোটেই অঞ্চলত জনাজাত।

 

“আছে ৰবি টো অলপ। তোৰ কাৰনে ইচপিচিয়েল এটা থৈছো।” ভীমকাইয়ে চকু টিপিয়াই কলে।

উৰুকাৰ দিনা ৰাজে ভীমকাইক যেতিয়াই লগ পাই চিনাকি গানটো গাই তেওঁক জোকাই “দিচাঙ মুখৰ ডেকাটি, বজালিজে পেপাটি।” ভীম কাইয়েও তালে তালে সূহুৰি বজায়।

পিছে এইটো কিহৰ মাত সূহুৰিৰ মাতটো নহয়। “ট্রিৰিৰিৰিং ট্রিৰিৰিৰিং ব্রিৰিৰিং ব্রাৰৰৰঙ থিথথককক থাথাকক” ক্রেজি ফ্রগৰ ৰিঙটনটো বাজি উঠিল।

“এহ , সপোনহে দেখি আছিলো। সপোনো সপোন বিহুৰ আগদিনা গৈ একেবাৰে দিচাঙমুখৰ ঘাট পালোগৈ। বাবলুৰ ফন’” ফনটো চাই ৰাজে ভোৰভোৰালে।

“অ মূৰচোবোৱা ক। ভাল সপোন এটা দেখি আছিলো লগালিহি খেলিমেলিখন।” ৰাজে বাবলুক কলে।

“অই , কাইলৈ কি কৰি আছ?” ৰাজৰ উত্তৰলৈ নৰৈ বাবলুৱে আকৌ কবলৈ ধৰিলে “হেৰৌ কাইলৈ মাঘৰ বিহুৰ উৰুকা । ভোজ খাও যে,জেওৰা জপনা চুৰ কৰো,লোকৰ বাৰীৰ আলু কচু চুৰ কৰো। মনত পৰিছেনে?”

বাবলুৱে সুধিলে ৰাজক।

হঠাত ৰাজে চিঞৰি উঠিল “অই পিশাচ চিঞৰি নাথাকিবি। গেঞ্জীৰ ব্রেণ্ড এক্সপ্রেচৰপৰা জকিলৈ সলনি হব পাৰে কিন্তু সিপাৰে কপি থকা অন্তৰখন জানো সলনি হব। তই গুৱাহাটিৰ উজান বজাৰৰ আৰু মই শিৱসাগৰৰ। মোক গজনি বুলি ভাবিছ নেকি? চৰ্ট টাৰ্ম মেমৰি লচ। এনেই মূৰটো গৰম হৈ আছে বিহুত ঘৰলৈ যাব পৰা নাই , তাতে তই সেইবোৰ মনত পৰিছে নে নাই সুধিছ। ইফালে নিউজ লাইভ আৰু দিৱাই ৩৬৫ৰ যুদ্ধখন আছেই । কোনে কিমান ডাঙৰ মাছ দেখুৱাব পাৰে । কোনোবাটো উজান বজাৰৰ মাছৰ বজাৰত পিটপিটাই ফুৰিছে আনটো গৈ যোৰহাটৰ মাছৰ বজাৰ পাইছেগৈ। মৰি থকা মাছকেইটা দাঙি দাঙি দেখুৱাওতে কেমেৰামেনটোৱে পাৰিলে মাছটোকো কব ‘স্মাইল প্লীজ'”।

 

“হাঁ হাঁ হাঁ , হব দে খঙ নকৰিবি। এতিয়া কথা হল কাইলৈ উৰুকা বুলি ৰনৰ ঘৰতে বহিম। আৰু হাঁহ এজনী আনিব লাগিব। হাঁহে কোমোৰাই উহ ৰক্ষা নাই আৰু। কি কৱ।” বাবলুৰ জিভাৰ পানী মবাইলৰ মাজেৰে আহি ৰাজৰ কাণ তিয়াই যোৱা যেন লাগিল।

“থিক আছে দে কাইলৈ ৰাতিপুৱাই হাঁহ বিচাৰি যাম। মোৰ ঘৰৰ কাষৰ বজাৰত পাই যাব লাগে। নহলে মাৰাথাহালি ব্রীজৰ কাষত হাঁহ পাই বোলে। ৰনে জানে। মই পালে লৈ যাম আৰু তহঁতে পালে মোক খৱৰ দিলেই হল।” ৰাজে কলে।

“হব দে আমি হাঁহ পালে খৱৰ দি আছো।” বাবলুৰ উত্তৰ।

জাৰৰ মুখৰ ব্যস্ত পথ। তাতে স্কুল যোৱাৰ সময়। কানাড়াই হওক বা অসমীয়াই হওক পাঁচ পইচাবোৰ স্কুল গৈ থকা দেখিলে ৰাজৰ নিজৰ সৰুকালৰ দিনবোৰ মনত পৰি যায়। কাৰো ৰবলৈ সময় নাই। গাড়ীৰপৰা আলু বস্তা কঢ়িয়াই

অনা মানুহকেইটাৰপৰা আদি কৰি সেই বজাৰ কৰিবলৈ অহা মানুহ কেইজনলৈ সকলো ব্যস্ত। নাকত সোপা দি এগৰাকী ভদ্র মহিলাই গিৰীয়েকক কৈছে “হেৰি মই এই গেলাখনত নোসোমাও দেই। আপুনি যাওক আৰু ভাল মাছ

কেইটামান লৈ আহক। আৰু ভালকৈ চাই আনিব। মই কিন্তু উৰুকাৰ দিনা গেলা মাছ খাব নোৱাৰো। ” – মানুহহাল বঙলা বুলি, সন্দেহ এটা হৈছিল ৰাজৰ কিন্ত হঠাত অসমীয়া চিনাকি শব্দকেইটা কাণত পৰাত এক মূহুৰ্তৰ বাবে

ৰাজৰ শিৱসাগৰৰ চেন্ট্রেল মাৰ্কেটৰ মুখত ৰৈ থকা যেন লাগিল। বিহুৰ দিনা ঘৰৰপৰা আতৰত থাকি অচিনাকি হলেও দম্পত্তিটোক মাত এষাৰ দিবলৈ মন গল ৰাজৰ। কিন্তু ভিতৰত শুই থকা বেয়া ৰাজটোৱে মাত লগালে “ৰাজ তই ইমান তললৈ যাব পাৰনে?নতুনকৈ বিয়া পাতি আহিছে কপালত ৰেড চিগনেল দেখা নাইনেকি?” ভাল ৰাজটোৱে খঙত ভিতৰতে গুজৰি গুমৰি উঠিল “কুকুৰ সেই ভাববোৰ তোৰ হে আহে। মই বিহুববীয়া শুভেচ্ছা দিম বুলিহে ভাবিছিলো।

তই সেই বেয়া মানুহবোৰৰ দৰে , যিবোৰে ভাবে মহাত্মা গান্ধীয়ে মৰাৰ আগতে ‘হে ৰাম’কোৱা নাছিল। নাথুৰাম গদছেক ‘হেৰামজাদা’ কব বিচাৰিছিল। “হেৰাম” ক’লে কিন্ত “জাদা” কোৱাৰ আগতেই বাপুৱে বিদায় মাগিলে। আমি ভালবোৰে আজিও

হে ৰাম বুলিয়ে ভাবো”। “থ থ তোৰ চকুৱে যেতিয়া কথা কয় শব্দ কিয়নো লাগে। মানুহজনীৰ দেহাৰ ভাজে ভাজে তোৰ পিটপিটাই ফুৰা চকুকেইটা দেখিয়েই মই বুজি পাইছো তই কিমান ভাল।” বেয়া ৰাজটোৱে আকৌ এচাত দিলে

ভাল ৰাজক। সৰুৰে পৰা নিজৰ মাজতে জীয়াই থকা দুটা ৰাজৰ মাজত সন্ধি কৰিবলৈ গৈ ৰাজে কেতিয়াও নিজক বিচাৰি নাপায়। তথাপি বেয়া ৰাজক শান্ত কৰিবলৈ বুকুত উলমাই ৰখা কলা চকুযোৰ লগাই ৰাজে চকুদুটা লুকুৱাই থলে।

কপালত এজাক ঘামৰ সৈতে মানুহ এজন আলু বস্তা এটা পিঠিত লৈ দম্পতিটোৰ কাষেৰে পাৰ হৈ গল। আলু বস্তাটো ভালকৈ উঠোৱাৰ চলেৰে ভদ্রমহিলাক এবাৰ কেঢ়াহিকৈ চাই গল। সি যেন এক নতুন উদ্যম পালে।

তাৰ কাণত চাগৈ ‘জুৰমলয়া কোন দেশলৈ বাতৰি নিয়া’ দৰে কিবা কানাড়া গান বাজি উঠিল। একে সময়তে ভদ্র মহিলাৰ মুখৰ পৰা দুটামান কটু শব্দ ওলাই আহিল। “চিঃ কটা এইদাল চোৱাচোন। ধুলিৰে গোটেইটো পোত খাই

আহিছে। আৰু কি দূৰ্গন্ধ।” ভদ্রমহিলাই যেন পাৰিলে গোটেই ৰুমালখন নাকত সোমোৱাই দিব। বস্তা কঢ়িয়াই নিয়া মানুহটো আৰু ভদ্রমহিলাৰ মাজৰ বতাহখিনিও চাগৈ অলপ সময়ৰ বাবে থমকি ৰল। হয়তো বতাহখিনিয়েও বুজি নাপালে কিয় এটাই তাক প্রশংসাৰে উপচাই পেলালে আৰু আনজনীয়ে তাতে চেঁচা পানী ধালিলে।

 

ৰাজেও ধোৱা অলপ উৰুৱাই গোটেই ঘটনাটোৰ গতিবিধি চাই আছিল। মনে মনে সি ভাবিলে প্রত্যেকটো ঘামৰ টোপালৰে ভাগ্য বেলেগ বেলেগ। বস্তা উঠোৱা মানুহটোৰ কপালৰ পৰা ইটোৰ পিছত সিটো ঘামৰ টোপাল পুৰঠ হৈ নিজে

নিজে সৰি পৰিছে আৰু ভদ্রমহিলাৰ গালত যেন ঘামৰ টোপাল জন্ম নৌহৌওতেই মৃত্যুক সাৱটি লৈছে। থিক সেই গৰ্ভপাত কৰোৱাৰ দৰে। কোনোবাই এটা সন্তানৰ বাবে মঠ মন্দিৰ ঘূৰি হাবাথূৰি খাই আৰু কোনোবাই ফিগাৰ বেয়া হব বুলি

বা অনাকাংক্ষিত সন্তানক গৰ্ভাপাত কৰোৱাই।

“অই হাঁহ পালো।আহি যা।” বাবলুৰ ফনত ৰাজ আকৌ বাস্তৱ জগতলৈ ঘূৰি আহিল।

“গৈ আছো।” ৰাজৰ উত্তৰ। যোৱাৰ আগতে সি ভনীয়েকক ফন কৰি হাঁহ ৰন্ধাৰ কাৰুকাৰ্য্যবোৰ বুজি ললে। কাৰণ আজি উৰুকাৰ দিনা হাঁহৰ মাংস লগত যুদ্ধ কৰিবৰ মন নাই তাৰ। ৰনে হাঁহ ৰন্ধাত অলপ সহায় কৰিব কিন্তু বাবলুৰপৰা

একো আশা কৰিব নোৱাৰি। খুব বেছি নহৰু আৰু পিয়াঁজ গুছাই দিব পাৰে। তাকো বহুত অনুৰুধ কৰিব লাগিব। তাক কথা কৈ থাকিব পালেই হল আৰু একো নালাগে। ৰনৰ ঘৰ পাই ৰাজে দেখিলে বাবলু ৰঙীন পানী থিক কৰাত হে ব্যস্ত।

তিনিওটাই এপেগ এপেগ লৈ ‘জয়’ বুলি কৈ গ্লাছকেইটা যুজাই দিলে। বাবলুৱে সাধাৰণতে কৰাৰ দৰে গান বজোৱাত ব্যস্ত হৈ পৰিল। ৰন আৰু ৰাজে হাঁহৰ লগত যুদ্ধ আৰম্ভ কৰিলে। ভনীয়েকে কোৱাৰ দৰে ৰাজে সকলোখিনি কৰি গল।

কিন্তু হাঁহ সিজাৰ কোনো লক্ষণ নাই। ৰাতি বহু দেৰি হল। হাঁহ সিজোৱা চলিয়েই আছে।

ৰাজে বাবলুক সুধিলে “কৰ পেঞ্চন পোৱা বুঢ়া হাঁহ এটা কিনি আনিলি?”

“অ বে এতিয়া ছোৱলীবোৰ বাদেই দে হাঁহেও বাঁহ দিয়া হল।” বাবলুৱে কলে।

“প্রেছাৰত ভৰাই অনিৰ্দিষ্ট কাললৈ হুইছেল মৰাই দিয়া যাওক। ধান খাকে হাঁহ কাহা যায়েগা।” ৰনে ৰাজলৈ চাই কলে।

“ধান খাকে নহয় কোমোৰা খাকে হাঁহ কাহা যায়েগা” ৰাজে হাঁহি হাঁহি কলে।

 

ছয়টা মান হুইছেল মৰাৰ পিছত হাঁহ কুমলিল। বাবলুৰ চিঞৰ তাক ৰঙীন পানীৰ লগত হাঁহ খাবলৈ লাগে। ভাতো যে খাব লাগে বপুৰাই পাহৰিলেই। তিনিটা বাজি গল।

ৰাজে ৰনক কলে “উৰুকাৰ হাঁহ খাওতে খাওতে মেজি জ্বলিবই।”

ৰনে হাঁহি হাঁহি মূৰ দুপিয়াই তিনিওটালৈ ভাত বাঢ়ি দিলে। ভাত খাই উঠি বাবলুৰ নাটক আৰম্ভ হল।

“যাৰ বাবে মহল সাজিলো

তাই মোৰ কাষলৈ নাহিল।

মোৰ আশাৰ নাও যেতিয়া ডুবিছিল

তাই তেতিয়া পাৰত বহি হাঁহিছিল।”

 

“শেষ।এই চাৰিটা বজাত ইয়াৰ পেনপেননি আৰম্ভ হল। ” ৰাজে কলে।

ৰনে বাচি ৰোৱা হাঁহৰ টুকুৰা এটাত কামূৰি সুধিলে “কিহৰ মহল অ,মদৰ মহল সাজিলে কৰ ছোৱালী আহিব।”

“হাঁ হাঁ হাঁ এই ছোৱালীমখাৰ কথা কলে মোৰ খঙ হে উঠে বুজিছ। ইহঁত বিয়া হৈ গলে সিহঁতৰ লগত গোটেই ঘৰখনে কান্দে। কিন্তু দুদিন পিছত সিহঁতৰ কান্দোন কচুপাতৰ পানীৰ দৰে নোহোৱা হয়। মনত পৰেনে প্রথম ঘৰৰ বাহিৰলৈ পঢ়িবলৈ ওলাইযোৱা সময়খিনি।ঘৰৰ মানুহখিনিয়ে বৰ সন্তোষ পাইছিল ‘ভালেই হল চকুৰ আগত আৰু ইয়াৰ উৎপাতবোৰ চাই থাকিবলগা নহয়।’এতিয়া তহঁতেই কছোন এবাৰ ঘৰৰ বাহিৰলৈ ওলাই অহা কেইটা ভাগ্যবান আছে যি নিজৰ ঘৰুৱা চহৰখনত চাকৰি পাইছে। কিন্তু আমাৰ কাৰণে কোনোবাই ভাবেনে?” বেয়া মাতটো মাতি ৰাজে কলে “কোনেও নাভাবে।”

বাবলুৰ ফালৰপৰা অলপ কলা নিমখৰ দৰে গোন্ধ উৰি আহিল। সি এই গোন্ধ বিয়পাই ৰাজৰ কথাৰ সমৰ্থন কৰিছেনে বিৰোধিতা কৰিছে বুজা নগল। ৰনে নাকত সোপা দিয়াৰ দৰে কৰি কলে “কাৰোবাৰ ইখন দুৱাৰেদি হাঁহে হাঁহিছে যেন পাইছো।”

ৰনলৈ চাই বাবলুৱেও যেনে তেনে নাকত ধৰিলেগৈ। নিচাৰ কোবত হাতে নাক বিচাৰি পাওতে অলপ সময় ললে।

ৰাজে টিভিত নিউজ লাইভ লগাই বাবলুক কলে “সেই সাংবাদিকটোৱেই কামটো কৰিলে দে। তোৰ হাঁহ থিকেই আছে।”

“আৰু তই যে বিয়া বিয়া কৈ থাক আমাৰনো বয়স কিমান হৈছে? সৰুতে বহুতবাৰ দাবল প্রমচন পালো বুলি কম বয়সতে পঢ়া শেষ হল আৰু কম বয়সতে চাকৰি পালো।তাত মোৰ কি দোষ।” ৰনে যিমানপাৰি নহঁহাকৈ কলে।

“মইটো এল পি বৃত্তি দিবলৈ নাপালো। তৃতীয়ৰপৰা পঞ্চম শ্রেনীলৈ দাবল প্রমচন পাই গলো। কি কৰিবি বেছি চোকা হলেও বেয়া।” ৰাজে মাত লগালে।

“মোৰটো বয়সৰ প্রমানপত্রই নাই। কিয় সোধ?” ৰনে কলে।

“কিয়? তোৰ মেট্রিকৰ এডমিট হেৰুৱালি চাগৈ।” বাবলুৱে গহীন হৈ সুধিলে।

“মেট্রিকৰ পৰীক্ষা দিলেহে এডমিট পাবি। পৰীক্ষাই দিবলৈ নাপালো।” ৰনে যিমানপাৰে গহীন হৈ কলে।

“কি তই মেট্রিক নিদিয়াকৈ ইঞ্জিনিয়াৰিঙ কেনেকৈ কৰিলি।” বাবলুৰ যেন নিচা ফাটি গল।

“দাবল প্রমচন পাই গলো নহয় নৱমৰপৰা একাদশলৈ।” ৰনৰ উত্তৰ।

“ধেত্‍ চাল্লা তহঁতে পঢ়িছিলি নে ১০০ মিটাৰ হাৰ্ডলছ দৌৰিছিলি?” বাবলুৱে মূৰটো খজুৱাই খজুৱাই কলে।

 

হঠাত টিভিৰ পৰ্দাত ক’ৰবাৰ মেজি জ্বলোৱা দৃশ্য ভাহি আহিল। বাবলুৱে আঠু কাঢ়ি সেৱা কৰিবলৈ ধৰিলে।

“হেৰৌ গাটো ধুৱাই নহল সেৱা কৰো জানো এনেকৈ।” ৰাজে কলে।

“টিভিৰ মেজিহে দায় দোষ নধৰে দে ” ৰনে মাত লগালে।

“মনটো পৱিত্র হলেই হল।” বাবলুৱে এইটো বাক্য কৈ কৈ হোস্টেলত একেৰাহে আটাইটকৈ বেছিদিন গা নোধোৱাৰ ৰেকৰ্ড কৰি আহিছে।

তিনিওটাই আঠু কাঢ়ি সেৱা কৰাত লাগিল। তলপেটত হেচা পৰাত বাবলুৰ হাঁহে এইবাৰ অট্টহাস্য মাৰিব ধৰিলে “ধুধুধুতততততত ধাধাধাততত পুপুতত পাপাততততত”

“কেচাই পকাই ধ্বংসি নিয়া। ” একেসময়তে টিভিৰ পৰা এটা চিঞৰ ভাহি আহিল। মেজিত বাঁহ ফুটিল চাগৈ।

তিনিওটাই হাঁহি হাঁহি একেলগে চিঞৰিলে “হাঁহ, কোমোৰাক মুক্তি দিয়া।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments