হাৰপিজ ভাইৰাচে কৰা ৰোগ (ডা০ ভূপেন শইকীয়া)

হাৰপিজ ভাইৰাচে কৰা ৰোগ

আজিৰ স্বাস্থ্য কথাত হাৰপিজ ভাইৰাচৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ৷ গ্ৰীক শব্দ হাৰপিজৰ অৰ্থ হ’ল গুপ্ত৷ এই নামৰ সাৰ্থকতা আপোনালোকে আৰু অলপ পঢ়িলেই বুজিবলৈ সমৰ্থ হব৷ মই দুবিধসঘনাই চকুত পৰা ৰোগ

(১) হাৰপিজ চিম্প্লেস্ক  আৰু (২) হাৰপিজ জষ্টাৰ ৰোগৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ৷ নামৰ মিল দেখা গলেও দুয়োবিধে সৃষ্টি কৰা ৰোগৰ লক্ষণসমূহ সম্পূৰ্ণ ভিন্ন ভিন্ন ৷

এই দুয়ো বিধ ৰোগৰ  সম্পূৰ্ণ নিৰাময় (Cure) সম্ভৱপৰ নহয়৷ ৰোগীৰ প্ৰাণহানি নহয় কিন্তু ৰোগীয়ে কামৰ ক্ষতি, শাৰীৰিক আৰু মানসিক যন্ত্ৰণাত ভূগিব পাৰে৷ আকৌ বহুক্ষেত্ৰত নিজে শৰীৰত ৰোগৰ অৱস্থান সম্পৰ্কে জ্ঞাত নোহোৱাকৈ থাকি অইনলৈ ৰোগ বিয়পায়৷ এনে ৰোগৰ বাহক বা কেৰিয়াৰক কেবল চিকিৎসকেহে চিনাক্ত  কৰিব পাৰে৷

হাৰপিজ চিম্প্লেস্ক  হ’ল এবিধ ডি এন এ ভাইৰাচ৷ ইলেকট্ৰণ মাইক্ৰস্কপত যথেষ্ট মিল থকা এইবিধ ভাইৰাচৰ দুটা প্ৰজাতি আছে৷ দুয়োটা প্ৰজাতিয়ে মানব শৰীৰত বেলেগ বেলেগ ৰোগৰ লক্ষণ দেখোৱায়৷ এবাৰশৰীৰত প্ৰবেশ কৰিলে এই দুই ভাইৰাচ ভাতৃয়ে মানব

দেহাৰ স্নায়ুকোষত গোটেই জীবনলৈ থাকি যায়৷ হাৰপিজ চিম্প্লেস্ক -১ হ’ল অ’ৰেল বা মুখমণ্ডলৰ হাৰপিজৰ  জন্মদাতা৷ হাৰপিজ চিম্প্লেস্ক – ২ হ’ল  জেনাইতেল বা যৌনাংগৰ হাৰপিজৰ জন্মদাতা৷ হাৰপিজ চিম্প্লেস্ক – ১  ভাইৰাচে লুকাবলৈ

আশ্ৰয় লয়  ট্ৰাইজেমিনেল নাৰ্ভৰ গেংলিয়নত৷ আনহাতে হাৰপিজ চিম্প্লেস্ক -২ ভাইৰাচে লুকাবলৈ আশ্ৰয় লয় চেক্ৰেল গেংলিয়নত৷ এই দুই বিধ ভাইৰাচো বিপদজনক হব পাৰে যদি চকু বা মগজুক আক্ৰান্ত কৰে৷

এজন সুস্থ মানুহৰ শৰীৰলৈ হাৰপিজ চিম্প্লেস্ক -১ আহিব পাৰে ৰোগী বা ৰোগৰ বাহকৰ সৈতে চুম্বন, আলিংগন নাইবা যৌন ক্ৰিয়াৰ দ্বাৰা৷ হাৰপিজ চিম্প্লেস্ক -২ একেদৰে সুস্থ  মানুহৰ শৰীৰলৈ আহিব পাৰে ৰোগী বা ৰোগৰ

বাহকৰ সৈতে কৰা যৌন  ক্ৰিয়াৰ দ্বাৰা৷  সেয়ে হাৰপিজ চিম্প্লেস্কক   চিকিৎসকসকলে যৌন ব্যাধি (Sexually Transmitted Disease) বুলি গণ্য কৰে৷ এই দুয়োবিধ হাৰপিজত আক্ৰান্ত হোৱাৰ বিষয়ে দুই তৃতীয়াংশ লোক অৱগত নোহোৱাকৈ থাকে৷ বহুতৰ শৰীৰত ৰোগৰ সাধাৰণ লক্ষণ কম সময়ৰ বাবে দেখা দি নাইকীয়া হৈ পৰে৷ কিন্তু সুপ্ত ৰোগ পুনৰ জাগ্ৰত বা সক্ৰিয় হৈ পৰে যেতিয়া যি কোনো কাৰণতে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

(Immunity) হ্ৰাস  পায়৷

অ’ৰেল হাৰপিজত শৰীৰত ভাইৰাচে প্ৰবেশ কৰাৰ পৰা লক্ষণ দেখা দিয়ালৈকে ২ৰ পৰা ১২দিন সময় লয় (Incubation Period)৷জ্বৰ, মাংসপেশীৰ বিষ, ভাগৰুৱা অনুভবৰ ওপৰিও মুখৰ ভিতৰত, ওঁঠত,তালুত, জিভাত, গালৰ ভিতৰফালে বিষোৱা ঘা বা পানীজ্বলা উঠে৷ গোটা বা জুলীয়া খোৱাত কষ্ট হয়৷ ডিঙিত গাঙঠি উঠে৷ কেতিয়াবা দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়৷ ৰোগৰ এই অৱস্থাসমূহ শৰীৰত২৷৩ সপ্তাহলৈ চলিব পাৰে৷ অ’ৰেল হাৰপিজৰ উপনাম কিছুমান হ’ল এনে

– ক’ল্ড চ’ৰ, হাৰপিজ লেবিয়েলিচ, হাৰপিজ জিনজিগ’ষ্টমেটাইটিচ৷ জেনাইতেল বা যৌনাংগৰ হাৰপিজৰ  লক্ষণসমূহ শৰীৰত ভাইৰাচ প্ৰবেশ কৰাৰ ২৷৭ দিনৰ ভিতৰত ফুটি

উঠে আৰু সেইবিলাক ২৷৪ সপ্তাহলৈ চলি থাকিব পাৰে৷যৌনাংগত আৰু শৌচদ্বাৰৰ ওচৰত খজুৱতি হয় আৰু সৰু ডাঙৰ বিষোৱা পানীজ্বলা ওলায়৷ প্ৰস্ৰাব কৰাত জলা-পূৰা আৰু কষ্ট অনুভব হয়৷ পুৰুষৰ তুলনাত মহিলাৰ প্ৰস্ৰাবৰ

কষ্ট বেচিকৈ হয়৷ কৰঙণৰ গাঙঠি ফুলি উঠে৷ জ্বৰ, মূৰৰ বিষ গা আৰু  কঁকালৰ বিষ হয়৷ 

হাৰপিজ চিম্প্লেস্কৰ চিকিৎসা : দুয়োবিধ হাৰপিজতেই বিষ, জ্বৰ কমোৱাৰ ঔষধ আৱশ্যক অনুসৰি দিয়া হয়৷ শৰীৰৰ আৰ্দ্ৰতা ঠিকে ৰাখিবলৈ ৰোগীক বেচি জুলীয়া দ্ৰব্য খাবলৈ পৰামৰ্শ দিয়া হয়৷ মুখৰঘাত ল’কেল এনাচথেটিকযুক্ত মলম লগাব দিব পাৰি৷ আনহাতে যৌনাংগৰ ঘাত এন্টিভাইৰেল মলম লগাব দিয়া হয়৷ এচাইক্লভিৰ বা আন এন্টিভাইৰেল ঔষধৰ প্ৰয়োগে ৰোগৰ কষ্টসমূহ লাঘৱ কৰাৰ ওপৰিও যন্ত্ৰণাৰ  সময়খিনি চমুৱাই দিয়ে৷ আজিকালি  জিংক, লাইচিনযুক্ত ভিটামিন আৰু এলোভেৰা হাৰপিজত বহুতো চিকিৎসকে সহায়ক দৰব হিচাবে ব্যৱহাৰ কৰিব ধৰিছে৷          এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যৌনাংগৰ হাৰপিজত ভোগা লোকসকলৰ এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আনৰ তুলনাত ৩ গুণ বৃদ্ধি পায়৷ আকৌ সতৰ্ক নহলে গৰ্ভৱতী মাতৃৰপৰা সন্তানলৈও ৰোগ বিয়পিব পাৰে যাৰ ফলত গৰ্ভপাতৰ ওপৰিও সময়তকৈ আগতে সন্তান ভূমিষ্ঠ হবপাৰে৷ কনডমৰ ব্যৱহাৰে জেনাইতেল হাৰপিজৰ বিয়পাত বাধা দিয়ে৷ দুয়োবিধ হাৰপিজ চিম্প্লেস্ক ৰোগেৰেই কম বেচি পৰিমানে এজন মানুহৰ জীবনত পুনৰাবৃত্তি হোৱা দেখা যায়৷

এতিয়া কিছু আমোদজনক কথাৰ ভাগ দিওঁ ৷ এই হাৰপিজৰ বিষয়ে মানুহে অতি প্ৰাচীনকালৰ পৰাই অৱগত আছিল৷ টিবেৰিয়াচ নামৰ গ্ৰীক সম্ৰাটে (খৃ০পূ০ ৪২) ৰোগ বিয়পোৱাত বাধা দিবলৈ চুমা খোৱানিসিদ্ধ ঘোষণা কৰিছিল৷ শ্বেস্কপিয়েৰৰ (১৬শতিকাৰ ৰচনা) “ৰুমিঅ’-জুলিয়েট”ত জুলিয়েটৰ ওঁঠত হোৱা পানী জ্বলাৰ কথা উল্লেখ আছে৷ ব্ৰিটিছ চিকিৎসক ৰিচাৰ্ড বাৰ্টনে ( ১৬৯৭ – ১৭২৪) তেওঁৰ লিখনিত পোন প্ৰথমবাৰৰবাবে  হাৰপিজ চিম্প্লেস্কৰ নাম উল্লেখ কৰে৷ আকৌ ১৯৬০চনৰ পৰাহে এন্টিভাইৰেল ঔষধৰ ব্যৱহাৰ হৰপিজত কৰিবৰ আৰম্ভণি হৈছে৷

এতিয়া আলোচনা কৰিম হাৰপিজ জষ্টাৰৰ বিষয়ে৷ যি  ভাইৰাচে চিকেন পস্ক কৰে সেই ভাইৰাচেই  শৰীৰত সুপ্ত হৈ থাকি এটা সময়ত হাৰপিজ জষ্টাৰৰ উৎপত্তি কৰে৷ হাৰপিজ জষ্টাৰৰ  আন নাম হ’ল শ্বিংগলচ (Shingles) আৰু জ’না(Zona)৷ গ্ৰীক ভাষাত  জষ্টাৰৰ অৰ্থ হ’ল পেটি বা অলংকাৰ৷ বোধহয় শৰীৰত ৰোগৰ আকৃতি প্ৰকৃতিলৈ চাই এই নামাকৰণ কৰা হ’ল৷

এবাৰ চিকেন পস্ক হলে তাৰ ভাইৰাচ (Varicella Zoster Virus (VZV)  শৰীৰৰস্নায়ুতন্ত্ৰত সুপ্ত অৱস্থাত  ৰৈ যায়৷ বহু বছৰৰ পিছত সি সক্ৰিয় হলে হাৰপিজ জষ্টাৰ  ৰোগৰ সৃষ্টি হয়৷বিভিন্ন কাৰণত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) কমিলে সুপ্ত ভাইৰাচ সক্ৰিয় হয় বুলি অনুমান কৰা হৈছে৷ হাৰপিজ জষ্টাৰ সাধাৰণতে ৫০ৰ ওপৰৰ বয়সৰ লোকৰ বেচিকৈ হোৱা দেখা যায় যদিও যি কোনো বয়সৰ লোকৰ এই ৰোগ হব পাৰে৷এক সমীক্ষামতে সমগ্ৰ বিশ্বত প্ৰতি হাজাৰজনৰ ভিতৰত ৩ৰ পৰা৪ জন লোকৰ হাৰপিজজষ্টাৰ হয়৷               ৰোগৰ লক্ষণসমূহ হ’ল শৰীৰৰ এফালে এক নিৰ্দিষ্ট অঞ্চলত প্ৰায়েই শাৰি পাতি পীড়াদায়ক পানীজ্বলাৰ উৎপত্তি৷ হাৰপিজ জষ্টাৰ হোৱা শৰীৰৰ অঞ্চলটোৰ চেতনা কেতিয়াবা কমিব পাৰে, আকৌ কেতিয়াবাজিনজিননি আদিও হব পাৰে৷লগত খজুৱতি, জ্বৰ,  গা-মূৰৰ বিষ থাকে৷ পানীজ্বলাবিলাক পিছলৈ তেজ ভৰ্তি হোৱাৰ বাবে ৰঙচুৱা হয় আৰু ৭৷১০ দিনত নিকৰি বান্ধি শুকাব ধৰে৷ কেতিয়াবা ক’লা দাগ এৰি থৈ যায়৷ হৰপিজজষ্টাৰ মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুত (Cranial Nerve) জড়িত হলে বিপদজনক হব পাৰে৷ অন্ধতাৰ কাৰক হব পাৰে৷

কাণৰ ভিতৰেদি অহা ফেচিয়েল নাৰ্ভ আক্ৰান্ত হলে ফেচিয়েল পালচি, শ্ৰৱণ শক্তি হ্ৰাস আদি হয়  ( Ramsay Hunt Syndrome )৷ ট্ৰাইজেমিনেল নাৰ্ভ আক্ৰান্ত হলেও বেচ কষ্টপ্ৰদ জটিল পৰিস্থিতিৰ সৃষ্টি হয়৷

কেতিয়াবা কোনো কোনো  ব্যক্তিৰ  (৫ জনৰ ভিতৰত এজনৰ) হাৰপিজ জষ্টাৰৰ বিষ কেইবামাহলৈও থাকি যায়  ( Post Herpetic Neuralgia)৷ কিছুমানৰ হাৰপিজ  জষ্টাৰৰ ওপৰত  অতিৰিক্তভাবে বেক্টেৰিয়াৰ সংক্ৰমণহব পাৰে৷          লেবৰেটৰীত তেজ পৰীক্ষাত হাৰপিজ জষ্টাৰৰ ৰোগীৰ শ্বেতকণিকাৰ বৃ্দ্ধি দেখা যায়৷  তেজত চিকেনপস্কৰ ভাইৰাচৰ বিৰুদ্ধে এন্টিবডি ধৰা পৰে৷ পানীজ্বলাৰ দ্ৰব্যৰ (BlisterFluid)  পি চি আৰনামৰ পৰীক্ষা আৰু য’ত সুবিধা থাকে তাত ভাইৰাচ চিনাক্ত কৰিব পাৰি৷                             চিকিৎসা বিষহৰণকাৰী দৰব, এন্টিভাইৰেল দৰব, এন্টিএলাৰ্জিৰ দৰব আৰু প্ৰয়োজন সাপেক্ষে ষ্টেৰইডৰ সহায়ত কৰা হয়৷ যষ্টিস্ক (Zostrix) নামৰ ক্ৰিমত জালুকৰ গুড়ি সন্নিবিষ্ট কৰি প’ষ্টহাৰপেটিক নিউৰেলজিয়াত ব্যৱহাৰ কৰি  সুফল পোৱা গৈছে৷

এটি লাগতিয়াল কথা – সাধাৰণতে হাৰপিজ জষ্টাৰ এজনৰ পৰা আনজনলৈ সহজতে সংক্ৰমণ নহয়৷

কিন্তু কোনো কাৰণতে ৰোগীৰ পানীজ্বলাৰ ৰস, লেলাৱতি আদিৰ স্পৰ্শ অইন সুস্থ মানুহ বিশেষকৈ গৰ্ভৱতী মহিলাই কৰাটো নিৰাপদ নহয়৷ আন যিজনে স্পৰ্শ কৰে তেওঁৰ যদি পূৰ্বতে চিকেন পস্ক হোৱা নাই নাইবা তেওঁ চিকেন পস্কৰ ছিটাও লোৱা নাই –  তেওঁ চিকেন পস্কত ভূগিব পাৰে (হাৰপিজ জষ্টাৰত নহয়)৷      হাৰপিজ জষ্টাৰৰ ছিটা : জষ্টাভেস্ক বা শ্বিংগলচ ভেকচিন আমেৰিকা আৰু আন কিছুমান উন্নত দেশত উপলব্দ্ধ৷

এই ছিটাই হাৰপিজ জষ্টাৰ হোৱা সম্ভাৱনা হ্ৰাস কৰে৷ অসুখৰ পুনৰাবৃত্তি নহয়৷ কেনেবাকৈ ভেকচিন লোৱাজনৰ অসুখ হলেও ৰোগ গুৰুতৰ নহয়, লক্ষণসমূহৰ সোণকালে উপশম ঘটে৷

ভেকচিন ললে  পষ্ট হাৰপেটিক নিউৰেলজিয়া কমকৈ হোৱা দেখা যায়৷ সেয়ে ৫০ বছৰৰ ওপৰৰ সকলোৱে এই ছিটা লোৱা উচিত৷

আনহাতে চিকন পস্কৰ ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত মুঠ দুটা লব লাগে৷

এই ছিটাই চিকন পস্কৰ পৰা সুৰক্ষা দিয়াৰওপৰিও  কেনেবাকৈ ৰোগাক্ৰান্ত হলে ৰোগৰ  প্ৰাদূৰ্ভাৱ সামান্য কৰি ৰাখে৷

 

এতিয়ালৈ ইমানেই৷ পাঠকৰ সমাদৰ পালে ভবিষ্যতে আৰু নতুন তথ্য যোগ দিম৷

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments