হাৰামী ( অনন্ত বৰা )

মুখত সকলো সময়তে মদৰ গোন্ধ এটা, কথা বতৰাবোৰৰও লাগ বান্ধ নাই মানুহজনৰ৷ বিমলদা মানুহটো বোলে আগতে এনেকুৱা নাছিল৷ ডিগ্ৰী অৰ্হতা কি আছে সেইটো মই সঠিককৈ নাজানো, কিন্তু কৃত্ৰিম ভাৱে ওপৰলৈ তেল উলিয়াই অনা মানে যিবিলাক তেলৰ ৱেলৰ নিজে নিজে তেল উলাব পৰা চাপ বা শক্তি নাথাকে সেইবোৰ ৱেলৰ পৰা কেনেকৈ তেল উৎপাদন কৰিব লাগে ( যিটো পদ্ধতিক ইংৰাজীত আৰ্টিফিচিয়েল লিফ্ট বুলি কয় ) সেই বিষয়ে বিমলদা মানুহটোৰ বহুত জ্ঞান আছে৷ ভাল ভাল বিষয়া অভিযন্তাই বিমলদাক মানি যায়৷ উচ্চ পৰ্যায়ৰ অনাঅসমীয়া বিষয়াবোৰক যেতিয়া অসমীয়া অশ্লীল শব্দকেইটা মাতি বিমলদাই গালি পাৰে আৰু একো বুজি নাপায় বিষয়া কেইজনে হাঁ কৰি বিমলদাৰ মুখলৈ চাই থাকে, তেতিয়া তামাম জমে ৷ অফিচৰ মানুহবোৰে বিমলদাৰ বিষয়ে অনেক কথা কয়৷ বিমলদা অমুক, বিমলদা তমুক৷ আচলতে বিমলদাৰ বিষয়ে কোনোবাই ভালকৈ কোৱা মই মোৰ ন বছৰীয়া চাকৰি জীৱনত আজিলৈকে শুনা নাই৷ বিমল মদাহী, বিমল জুৱাৰী কোনোবা আনৰ মাইকীৰ লগত বিমলদাৰ অবৈধ সম্পৰ্ক, ইত্যাদি ইত্যাদি৷ মুঠতে বিমল এটা বেয়া মানুহ৷ পিছে কি হ’ব বিমলদাৰ কামটোৰ লগত আমাৰ ইলেক্ট্ৰিকেল বিভাগৰ কিছুমান কাম থাকে৷ চাকৰিত জইন কৰিয়েই মোৰ বিমলদাৰ লগত ফিল্ড ডিউটি৷ সকলোৱে কয় মানুহটোৰ লগত বৰকৈ হলি গলি নকৰিবা ভাইটি, বৰ হাৰামী মানুহ৷ কথা বেছি নকয় বিমলদাই, যি কেইটা কয় অশ্লীল কথাই কয়৷ চকু কান মুদি সময়বোৰ পাৰ কৰাৰ বাহিৰে উপায় নাই৷ কিছুদিন যোৱাৰ পাছত লাহে লাহে বিমলদাৰ লগত মোৰ অলপ ঘনিষ্ঠতা বাঢ়িল৷ মানুহজনক প্ৰথম লগ পাওঁতে ভাবিছিলো, কেনেকৈযে কাম কৰিম এই মানুহজনৰ লগত? কিন্তুু অলপ দিনৰ পিছত অনুভৱ কৰিলো, আচলতে মানুহবোৰে কোৱা কথাবোৰৰ সতে যেন মানুহজনৰ কৰবাত কিবা এটা পাৰ্থক্য আছে, অনুভৱ কৰিলো সততে মদ আৰু অশ্লীল কথাবতৰাৰে সীমাবদ্ধ হৈ থকা বিমলদা মানুহটোৰ আনক বুজাবলৈ নিদিয়াকৈ থকা এখন হৃদয় আছে৷ ওখ শকত প্ৰকাণ্ড মানুহ এটা বিমলদা৷ বয়স পঞ্চাশ মান হ’ল, বিয়া নকৰালে৷ ঘৰৰ মানুহৰ লগতো বিশেষ সম্পৰ্ক নাই বোলে৷ ভাড়াঘৰত থাকে বিমলদা৷ কোনোবা কোনোবাই কয়, কাষতে থকা পৰিয়ালটোৰ মহিলাগৰাকীৰ লগত বিমলদাৰ অবৈধ সম্পৰ্ক৷
কেতিয়াবা বিমলদাক শুধিবলৈ মন যায় কথাবোৰ৷ সুধা নহয়, কিয় ক’ব নোৱাৰো কেতিয়াবা বিমলদাৰ চকুলৈ চালেই মোৰ পাঞ্জাৱী সাহিত্যিক অজিত ক’ৰে লিখা কথা এটা মনত পৰি যায় ৷ ক’ত পঢ়িছিলো জানো! ’ জীৱনৰ কিছুমান কথা কাৰোৰে সতে ভগাই ল’ব নোৱাৰি, চিৰদিন কেৱল নিজেই বহন কৰিব লাগে সেই নিসংগ ব্যথা ’ ৷ ঠিক তেনেকুৱা কিবাএটা কথা যেন বিমলদাৰ চকুদুটাই ক’ব খোজে কেতিয়াবা৷ কথাবোৰ সুধিম নেকি বিমল দাক? নাই আকৌ ৰৈ যাওঁ৷ সেইবোৰ কথা শুধি বিমলদাৰ মুখৰ অশ্লীল গালিবোৰ খাবলৈ মন নাই৷ দিনবোৰ গৈ থাকে৷
এদিন বিমলদাই ভাত খাবলৈ নিমন্ত্ৰণ দিলে মোক৷ চিন্তা লাগিল, যাম জানো! ন’গলেও কুকুৰ গালি পাৰিব৷ কি কৰা যায়! অৱশেষত বহুত চিন্তা কৰি বিমলদাৰ ভাড়াঘৰ ওলালোগৈ৷ মনতে সেইদিনা সাহস গোটালো, আজি বিমলদাক তেওঁৰ বিষয়ে কথাবোৰ সুধিব লাগিব৷
বহিৰৰ পৰা মাত দিলো৷ নাই মাত নাই৷ আকৌ এবাৰ মাতিলো, এইবাৰ কাষৰ ভাড়াঘৰটোৰ পৰা বিমলদাই মাত দিলে৷ : আহিলি নেকি! বহচোন মই গৈছো৷
উৱা মানুহবোৰে কোৱা কথাবোৰ তাৰমানে সঁচা৷ চাল্লা হাৰামী বুঢ়া, দিন দুপৰতে, ধুৰ৷ মই বিমলদাৰ দুচকুত বিচাৰি পোৱা সেই প্ৰশ্নবোধকবোৰ তাৰমানে মোৰ মনৰ এটা অৰ্থহীন অদ্ভুত কল্পনাৰ বাহিৰে একো নহয়৷
উপায় নাই, বিমলদাৰ ঘৰটোলৈ সোমাই গ’লো৷ বৰ সুন্দৰ নহলেও পৰিপাটিকৈ ৰাখিছে ৰূমটো৷ উৱা সন্মুখৰ বেৰখনত কাগজৰ টুকুৰা কেইটামানত ৰঙা আখৰেৰে কিবাকিবি লিখি আঠা লগাই থৈছে৷ কি লিখা আছে বাৰু? ওচৰ চাপি গ’লো৷ এখনত লিখা আছে ’ মই বিমল ধৰুৱা, ত্ৰিশ হাজাৰ টকা ধাৰ৷ সময়মতে ঘূৰাই দিবি’, আন এখনত লিখা আছে ’ আজিৰ পৰা মদ নাখাবি’, আৰু কিবাকিবি ’মই বিমল হাৰামী, মানুহে কয় ’৷
কি অদ্ভুত মানুহ এইটো! কি সাংঘাতিক কাৰবাৰ৷
এনেতে হাতত বাচন দুটামান লৈ বিমলদা সোমাই আহিল৷
: কি তই সেইবোৰ পঢ়িলি নেকি!
: ইমান ডাঙৰ ডাঙৰকৈ লিখি বেৰত এইবোৰ কিয় লগাই থৈছে?
বিমলদাই হাঁহিলে আৰু ক’লে
: আচলতে মোক শাসন কৰিবলৈ কোনো নাই যে সেয়ে নিজকে নিজে কিবাকিবি কৈ মনত পেলাই থাকিবলৈ এইবোৰ লিখি থৈছো৷
: আচৰিত মানুহ আপুনি বিমলদা৷ মোৰ কথাত বিমলদাই আকৌ হাঁহিলে৷ আজি বিমলদাই মদখোৱা নাই৷ কথা বতৰাবোৰ ভালকৈ কৈছে৷ নাই , আজি বিমলদাৰ পৰা তেওঁৰ বিষয়ে কিছু কথা উলিয়াব লাগিব৷ মই একো কথা উলিয়াব লগা নহলেই৷ তেওঁ নিজেই আৰম্ভ কৰিলে কবলৈ৷ এনেকুৱা কিছুমান কথা যিবোৰ কথা বুকুত কঢ়িয়াই বিমলদাই এটা বদনাম জীৱন কটাই আছে, মদৰ নিচাৰে অহৰহ ধাকি ৰাখিব খুজিছে কিছু ক্ষোভ, কিছু যন্ত্ৰণা৷ মই ইমানদিনে বিমলদাৰ দুচকুত পঢ়ি থকা কথাবোৰ তাৰমানে! বাৰে বাৰে কনফিউজ কৰি দিয়ে মোক এই মানুহটোৱে৷
সৰুতে মাক দেউতাক হেৰুহেৰুওৱা বিমলদাৰ ককায়েকো বেছিদিন জীয়াই নাথাকিল৷ ভতিজাক দুটা সৰু হৈ থাকোতেই ককায়েক ঢুকাল৷ গাভৰু নবৌৱেকৰ লগত মানুহবোৰে বুবু বা বা কৈ বিমলদাক সাঙুৰি পেলালে৷ অতিষ্ঠ হৈ এদিন বিমলদাই ঘৰখন, গাওঁখন এৰিব লগা হ’ল৷ ভতিজাক নবৌৱেকৰ দায়িত্ব কিন্তুু বিমলদাই এৰি দিয়া নাই৷ ভতিজাকদুটাক পঢ়াশুনাৰ পৰা নবৌৱেকৰ প্ৰতি ঘৰখনৰ প্ৰতি থকা দায়িত্ব আজিও পালন কৰি আছে বিমলদাই ৷
বিমলদাৰ কথাবোৰ শুনি আচৰিত হৈ গৈছিলো৷ ইমান অশ্লীল কথাকোৱা সকলো সময়তে মদৰ নিচাত ডুবি থকা এই মানুহজনৰ প্ৰতি মোৰ তেতিয়া আৰু শ্ৰদ্ধা বাঢ়িছিল যেতিয়া তেওঁ ক’লে, ওচৰৰ ভাড়াঘৰৰ পৰিয়ালটোৰ বিছনাত পৰি থকা ৰুগীয়া মানুহজনক তেওঁ আলপৈচান ধৰে, ভাত ৰান্ধি খুৱাই৷ মানুহজনীয়ে ঘৰে ঘৰে কাম কৰি টিয়ুবাৰ কুলচিছে নিঃশেষ কৰি পেলোৱা গিৰিয়েকটোৰ যত্ন লবলৈ সময় নাপায়৷ আৰু সেই পৰিয়ালটোৰ মানুহজনীক কেতিয়াবা কিবা কাৰণত সহায় কৰি দিলে, মটৰ চাইকেলত উঠাই কৰবালৈ নিলে বিমলদা আনৰ মাইকীৰ অবৈধ প্ৰেমিক৷
বিমলদাৰ কথাবোৰে সেইদিনা মোক বাৰুকৈয়ে ভবাই তুলিলে৷
বিমলদাই ইতিমধ্যে দুপেগমান মদ খালে৷ কথাবোৰ অলপ ইফাল সিফাল হৈছে৷ আৰু দুপেগমান লোৱাৰ পাছত চাগে কথাবোৰ আৰু অশ্লীল হৈ পৰিব৷ বিমলদাক বুজি নোপোৱাকৈয়ে তেওঁৰ বিষয়ে বিভিন্ন ধৰণৰ কথাবোৰ কৈ তৃপ্তি পোৱা হাৰামী মানুহবোৰৰ মনবোৰৰ দৰে অশ্লীল ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments