হাৰ্ড ইম্যুনিটি—-দেবজিত ভৰালী

ইম্যুনিটি বা ৰোগ প্ৰতিৰোধক্ষমতা মানৱ শৰীৰৰ ( লগতে অন্যান্য জীৱকূলৰ) এক স্বয়ংচালিত জৈৱিক প্ৰক্ৰিয়া। যাৰ সহায়ত যিকোনো ৰোগৰ আক্ৰমণক শৰীৰে নিজাববীয়াকৈ বাধা দিব পাৰে আৰু শৰীৰটোক তেনে ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। মানুহৰ স্বাস্থ্যৰ সবলতা আৰু দুৰ্বলতাৰ ওপৰত নিৰ্ভৰ কৰি এই ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইম্যুনিটিৰ তীব্ৰতা ( মানুহ বিশেষে) ক’ম-বেছি হ’ব পাৰে। দুৰ্বলস্বাস্থ্যৰ ব্যক্তি এজনৰ প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে সবল-সুস্থ ব্যক্তি এজনতকৈ ক’ম হ’ব পাৰে। শৰীৰক প্ৰয়োজন হোৱা পুষ্টিৰ তাৰতম্যতাই মূলতঃ এই ক্ষমতাৰ তীব্ৰতা ( লগতে অন্যান্য আনুষংগিক কাৰণসহ) নিৰ্ধাৰণ কৰে।
যি কি নহওক, আজিৰ আলোচ্য বিষয়টো হ’ল– হাৰ্ড ইম্যুনিটি ( Herd Immunity) বা সংঘবদ্ধ ৰোগপ্ৰতিৰোধী প্ৰণালী। ধাৰণাটো এনেধৰণৰ– যেতিয়া কোনো সংক্ৰামক ৰোগ বা ভাইৰাছৰ বিপৰীতে এক জনসামূহিক প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা হয় তেতিয়াই ইয়াক কোৱা হয় হাৰ্ড ইম্যুনিটি। অৰ্থাৎ কোনো এখন ঠাইত হোৱা সংক্ৰামক ৰোগৰ সংক্ৰমণৰ ক্ষেত্ৰত যেতিয়া ঠাইখনৰ ৭০/৮০ শতাংশ লোকেই ৰোগবিধৰ বিপৰীতে প্ৰতিৰোধ ক্ষমতাসম্পন্ন হৈ উঠে তেতিয়াই হাৰ্ড ইম্যুনিটি বাহাল হয়। এইক্ষেত্ৰত প্ৰতি ৫জন লোকৰ ভিতৰত ৪ জনেই ৰোগ প্ৰতিৰোধক্ষম হয় আৰু পঞ্চম ব্যক্তিজন, যদি তেখেতৰ ৰোগ প্ৰতিৰোধক্ষমতা তুলনামূলকভাৱে দুৰ্বলো হয়, ৰোগ বা ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত নহয়। চাৰিজন ব্যক্তিৰ মাজত হোৱা সংক্ৰমণ আৰু তেওঁলোকৰ প্ৰতিৰোধক্ষমতাই ৰোগবিধক নিস্তেজ কৰি পেলায়। এইধৰণে এক সংক্ৰামক ৰোগ বা ৰোগৰ ভাইৰাছৰ বিস্তৃতিক নিয়ন্ত্ৰণ কৰিব পৰা যায়।
এতিয়া কথা হ’ল, এই সামূহিক ৰোগপ্ৰতিৰোধ প্ৰণালীক বা হাৰ্ড ইম্যুনিটিক কিদৰে আহৰণ কৰিব পাৰি। পোনপটীয়াকৈ ক’বলৈ গ’লে ৰোগ বা ভাইৰাছবিধৰ সংক্ৰমণৰ তীব্ৰতা ( How contagious a virus is)ৰ ওপৰত নিৰ্ভৰ কৰি জনসমূহৰ অধিকতম ৭০/৮০ শতাংশ লোক প্ৰতিৰোধ ক্ষমতাসম্পন্ন হ’লেহে হাৰ্ড ইম্যুনিটিক আৰ্জন ( Achieve) কৰিব পৰা যায়। এইক্ষেত্ৰত ভেকচিন্ বা প্ৰতিষেধকৰ গুৰুত্ব অপৰিসীম। প্ৰতিষেধকে শৰীৰত প্ৰতিৰোধক্ষমতা বৃদ্ধি কৰে। গতিকে প্ৰতিষেধকৰ জৰিয়তে সামূহিক ৰোগপ্ৰতিৰোধ প্ৰণালীক গঢ় দিব পৰা যায়। আমাৰ মাজত এনে বহুতো ৰোগ আছে যিবোৰ এসময়ত অতিশয় সংক্ৰামকৰূপে গণ্য কৰা হৈছিল। বসন্ত ৰোগ, সৰুআই, প’লিঅ’, পিঠাখোৱা, প্লে’গ, কলেৰা আদি ৰোগসমূহক এসময়ত মহামাৰীৰূপে গণ্য কৰা হৈছিল। কিন্তু কালক্ৰমত এইবোৰৰ প্ৰতিষেধকৰ সৃষ্টি হ’ল আৰু সেয়া গ্ৰহণ কৰি মানুহে ৰোগবোৰৰ বিপৰীতে নিজৰ প্ৰতিৰোধক্ষমতা বৃদ্ধি কৰিলে। সেয়েহে এনে ৰোগসমূহক সম্প্ৰতি বৰ ভয়ংকৰ বুলি ভবা নহয়। হাৰ্ড ইম্যুনিটিক এইক্ষেত্ৰত ইতিমধ্যেই গঢ়ি তোলা হৈছে। তথাপিও, বহুসময়ত এনে ৰোগৰ তীব্ৰসংক্ৰমণ নোহোৱা নহয়। যথোপযুক্ত হাৰ্ড ইম্যুনিটিৰ অভাৱেই ইয়াৰ মুখ্য কাৰণ বুলি ক’ব পাৰি।
ভেকচিন্ বা প্ৰতিষেধকৰ অবিহনে হাৰ্ড ইম্যুনিটি সম্ভৱ হয়নে নহয় সেয়াও জুকিয়াই চাবলগীয়া। বিষয়টো আপেক্ষিক। আমি জানো যে শৰীৰে, আমি গ্ৰহণ কৰা বিভিন্ন খাদ্যৰ যোগেদি পুষ্টি সংগ্ৰহ কৰি ইতিমধ্যেই ৰোগপ্ৰতিৰোধ ক্ষমতা স্বয়ংক্ৰিয়ভাৱে গঢ়ি তোলে। অৰ্থাৎ প্ৰত্যেকজন ব্যক্তিৰেই ক’ম-বেছি পৰিমাণে ৰোগ প্ৰতিৰোধক্ষমতা থাকে। তুলনামূলকভাৱে শিশুসকলৰ– যি বয়সত শৰীৰৰ বিকাশ প্ৰক্ৰিয়া চলি থাকে আৰু ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তিসকল অৰ্থাৎ যি বয়সত শৰীৰলৈ বাৰ্ধক্য নামি আহে তেওঁলোকৰ ৰোগ প্ৰতিৰোধক্ষমতা স্বাভাৱিকতে ক’ম হয়। শিশু আৰু বৃদ্ধসকলৰ বাহিৰে অন্য যৌৱনপ্ৰাপ্ত তথা প্ৰাপ্তবয়স্ক লোকসকলৰ ৰোগ প্ৰতিৰোধক্ষমতা শৰীৰত এক নিৰ্দিষ্ট হাৰত মজুত থাকে। অৱশ্যে শৰীৰৰ গঠন, শৰীৰৰ দুৰ্বলতা, সবলতা আদি কাৰকৰ ওপৰত প্ৰতিৰোধক্ষমতা ব্যক্তিবিশেষে ক’ম-বেছি হয় বুলি ওপৰত উল্লেখ কৰা হৈছে। কিন্তু সেই নিৰ্দিষ্ট হাৰৰ ক্ষমতা কিমান পৰিমাণৰ বা কিমান পৰ্যায়লৈ থাকে তাক চিকিৎসকৰ পৰামৰ্শৰ বিহনে ওপৰোৱাকৈ কৈ দিব নোৱাৰি। একেটা পৰিয়ালৰে কেউজন সদস্যৰ মাজতেই ইয়াৰ তাৰতম্য থকাতো স্বাভাৱিক। গতিকে, উল্লিখিত ৰোগসমূহৰ ক্ষেত্ৰতেই হওক, প্ৰতিৰোধক্ষমতা থাকিল বুলিয়েই যে ব্যক্তিজন ৰোগাক্ৰান্ত নহ’ব বা আক্ৰান্ত হোৱাৰ পাছত উচিত চিকিৎসাৰ প্ৰয়োজন নহ’ব– সেইবুলি ভাবিলেও ভুল হ’ব। গতিকে তাৰ পৰিপ্ৰেক্ষিততে ভেকচিন্ বা প্ৰতিষেধকৰ প্ৰয়োজনীয়তা আহি পৰে। ভেকচিন্ বা প্ৰতিষেধকৰ প্ৰয়োগে শৰীৰৰ ৰোগ প্ৰতিৰোধক্ষমতাক সবল কৰি তোলে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ টনকিয়াল হয়। অৰ্থাৎ প্ৰতিষেধকৰ অবিহনেও মানৱ শৰীৰৰ স্বয়ংচালিত প্ৰতিৰোধক্ষমতাৰ দ্বাৰা হাৰ্ড ইম্যুনিটি সম্ভৱ যদিও প্ৰতিষেধকৰ প্ৰয়োগে এইক্ষেত্ৰত অনুঘটকৰ কাম কৰে। উল্লেখযোগ্য যে হাৰ্ড ইম্যুনিটিৰ ধাৰণাটোৰ ওপৰত মতবিভেদ নথকা নহয়। বহু বিশেষজ্ঞৰ মতে কোনো জনসমূহৰ এক নিৰ্দিষ্ট আনুপাতিক (Proportion of a population) ব্যক্তিৰ মাজত প্ৰতিৰোধক্ষমতা বাহাল হ’লেই হাৰ্ড ইম্যুনিটি কাৰ্যক্ষম হয়, আকৌ বহুতৰ মতে জনসমূহৰ এক বুজনসংখ্যক ( প্ৰায় ৭০/৮০ শতাংশ) ব্যক্তিয়ে যেতিয়া ৰোগ প্ৰতিৰোধক্ষম হৈ পৰে তেতিয়াহে হাৰ্ড ইম্যুনিটি প্ৰক্ৰিয়াটো ফলপ্ৰসূ হৈ উঠে। হাৰ্ড ইম্যুনিটি ধাৰণাটোৱে ১৯ শতিকাতেই জন্ম পাইছিল যদিও মানুহৰ জ্ঞাতসাৰে প্ৰায়োগিক অৱস্থাত নাছিল।
সম্প্ৰতি, ক’ৰনা ভাইৰাছৰ ক্ষেত্ৰতো হাৰ্ড ইম্যুনিটিৰ প্ৰসংগটো উত্থাপন হৈছে। গতিকে এইবিধ ৰোগকো হাৰ্ড ইম্যুনিটিৰ জৰিয়তে নাশ কৰিব পৰা যাবনে নাযায় প্ৰসংগক্ৰমে উল্লেখ কৰা হ’ল।
ইতিমধ্যে আলোচনা কৰি অহা হৈছে যে হাৰ্ড ইম্যুনিটি জনসমূহৰ মাজত বৰ্তিবলৈ, হয় প্ৰায় সমগ্ৰ জনৰাশিয়েই ৰোগৰদ্বাৰা আক্ৰান্ত হৈ ৰোগ প্ৰতিৰোধক্ষমতা আৰ্জন কৰিব লাগিব অথবা ভেকচিন্ বা প্ৰতিষেধকৰ সহায় ল’ব লাগিব। হাৰ্ড ইম্যুনিটিৰ এক গাণিতিক সূত্ৰমতে ক’ভিড্-১৯ ৰোগবিধৰ ক্ষেত্ৰত হাৰ্ড ইম্যুনিটি সূচক ( Herd immunity threshold, HIT) ৰ পৰিমাণ হ’ল ঠাইখনৰ মুঠ জনসংখ্যাৰ সৰ্বাধিক ৭০ শতাংশ। অৰ্থাৎ মুঠ জনসংখ্যাৰ অতিক’মেও ৭০ শতাংশ জনসমূহ ৰোগাক্ৰান্ত হৈ উঠি প্ৰতিৰোধক্ষমতা আৰ্জন কৰিব পাৰিলেহে ক’ভিড্-১৯ বা ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্তি পাব পৰা যাব। কিন্তু এই প্ৰয়োগ ভয়মুক্ত নহয়। ইতিমধ্যেই ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে। প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্ব পৰ্যায়ৰ বিশেষজ্ঞসকলে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্ন পৰ্যায়ত পৰীক্ষা-নিৰীক্ষা চলিয়েই আছে। তেনেস্থলত ভাইৰাছবিধৰ বা ৰোগনিদানতত্ত্ব ( Disease pathology) ৰ বিষয়ে স্পষ্টকৈ ধাৰণাপুষ্ট হৈ নল’লে হাৰ্ড ইম্যুনিটিৰ দৰে পদক্ষেপ মাৰাত্মক হ’ব পাৰে। অৰ্থাৎ ভাৰতত যদি হাৰ্ড ইম্যুনিটিৰ বাহাল হ’বলগীয়া হয় তেন্তে দেশৰ ১৩০ কোটি জনসংখ্যাৰ প্ৰায় ৯১ কোটি লোক এই ৰোগত আক্ৰান্ত হ’ব লাগিব ( HIT→ 70%)। ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্ৰত চিকিৎসাসেৱা বিভাগৰ আন্তঃগাঁথনিয়ে তেনে এক বৃহৎ সংখ্যাৰ ভাৰ ল’ব পৰাতো অসাধ্য সাধনৰ দৰে হ’ব। ইয়াৰোপৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ভাষ্য অনুসৰি এবাৰ ক’ৰনাক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছতো যে পুনৰবাৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকিব তাৰো একো নিশ্চয়তা নাই। গতিকে এনেবোৰ ক্ষেত্ৰত হাৰ্ড ইম্যুনিটিৰ প্ৰযোজ্যতাৰ ক্ষেত্ৰত বহুধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।
ইয়াৰ বিপৰীতে ছুইডেনৰ দৰে দেশে ক’ভিড্-১৯ ৰ সতে যুঁজিবলৈ হাৰ্ড ইম্যুনিটি প্ৰক্ৰিয়াক গুৰুত্ব দিয়াৰ দৰে উদাহৰণো আছে। সেই দেশৰ জনসাধাৰণৰ দৈনন্দিন জীৱন যাপন স্বাভাৱিক গতিতেই চলি আহিছে। কিন্তু তৎসত্ত্বেও ক’ৰনাৰ আক্ৰমণৰ পৰা দেশখন বাচিব পৰা নাই। এইলেখা যুগুত কৰা পৰ্যন্ত ছুইডেনত মুঠ আক্ৰান্ত সংখ্যা ৫৬০৪৩জন হৈছেগৈ আৰু ৫০৫৩ জনৰ মৃত্যু ঘটিছে। অৰ্থাৎ শেহতীয়া তথ্য অনুসৰি হাৰ্ড ইম্যুনিটিৰ ক্ষেত্ৰত দেশখন সফল হোৱা নাই। দেশখনৰ জনস্বাস্থ্য পৰিষদ( Public health agency)ৰ এক সমীক্ষামতে সমগ্ৰ দেশখনৰ বিভিন্ন ঠাইৰ ১১০০জন ব্যক্তিৰ ওপৰত কৰা স্বাস্থ্যপৰীক্ষাৰ ফলাফল অনুসৰি তাৰে কেৱল ৭.৩ শতাংশ লোকহে এই প্ৰতিৰোধক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে।
তথাপিও হাৰ্ড ইম্যুনিটি বা সংঘবদ্ধ প্ৰতিৰোধক্ষম প্ৰণালীক একেবাৰে দলিয়াই পেলাব পৰা বিধৰো নহয়। নিৰ্ধাৰিত সূত্ৰ বহন কৰা ই এক প্ৰাকৃতিক প্ৰক্ৰিয়া। প্ৰতিষেধকৰ উচিত প্ৰয়োগে এই প্ৰক্ৰিয়াক সফল হোৱাত পুৰামাত্ৰাই বৰঙনি যোগাব। ভাৰতৰ দৰে ৰাষ্ট্ৰত মানৱজীৱন আৰু দেশৰ অৰ্থনীতি– দুয়োটাকে সমদৃষ্টিৰ প্ৰয়োজন আছে। যথা, ক’ভিড্-১৯ দৰে ৰোগৰ সতে জনসাধাৰণে যাৱতীয় নীতিক সাৰোগত কৰি সহাৱস্থান কৰাৰ জীৱন এটাৰ বাহিৰে সম্প্ৰতি একো গত্যন্তৰ নাই। প্ৰতিষেধকৰ চিন্তা-চৰ্চা চলি আছে, এদিন সুফল পোৱা যাব বুলি আমি আশাবাদী। কোনে জানে, এনে পৰিপ্ৰেক্ষিতত হাৰ্ড ইম্যুনিটিয়েই হয়তো এক উচিত বিকল্প হৈ উঠে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments