হা দৈ খাই ল আজিয়েই-প্ৰথম খণ্ড (বৰা নিতুল)

 
ল’ৰা বয়সৰ পৰা মানুহ হোৱা প্ৰায় ৭ মাহেই হ’ল। মানে ঘৰখন পতাৰ কথা কৈছো। প্ৰথম কেইমাহমান দুৰ্ঘটনাটোৰ আওতা লৈ সাৰিলো, সেই অজুহাততে মিতিৰ-কুটুম্বৰ ঘৰলৈ নোযোৱাকৈ দিন চেৰেক পাৰ কৰিলো, পিছে কিমান দিন আৰু চোঁচৰাম, এইবাৰ ৰক্ষা নাই। শ্ৰীমতীৰ গৰমৰ বন্ধ মাহ, সেয়ে কেইদিনমানৰ পৰা মুখখন ফুলা লুচীৰ দৰে কৰি আছে, বোলো কি হ’ল আকৌ তোমাৰ? বতৰ হঠাতে ডাৱৰীয়া হ’ল যে? শ্ৰীমতী থেনথেনাই উঠিল, বোলে আমাতকৈ পিছত বিয়া হোৱা সকলোৱে মিতিৰৰ ঘৰ ফুৰি আজৰি, হনিমুনলৈও গৈ আহিলগৈ। আমাৰহে ফুটা কপাল, এতিয়ালৈকে এঘৰলৈকো যাবলৈ সুবিধা কৰিব পৰা নাই, গৰমৰ বন্ধৰ মাহটো পাৰ হওঁ হওঁ, (মনতে ভোৰভোৰাই থাকে), ইফালে এইজনাৰ আকৌ সেইবোৰলৈ কাণসাৰেই নাই, কেৱল যেতিয়াই শুনিবা বোলে অফিচ অফিচ অফিচ, কাম কাম কাম, হুহ, চাকৰি যেন কেৱল এইখন চহৰত তেওঁহে কৰিছে।
হে হৰি, একে উশাহতে গোটেই ৰামায়ণখন মাতিছা যে, ৰবাচোন। মোক পানী এগিলাচ খাই ল’বলৈ দিয়া। হ’ব এইবাৰ যাম দিয়া য’লৈকে যোৱা। ইফালে শিৱসাগৰৰ কাইটিৰ ঘৰততো বেয়াই পাইছে, ইমান দিন হ’ল মাতি মাতি আমাক নিব পৰা নাই। এইবাৰ সেইটো লেঠাও মাৰি আহিব লাগিব। নহ’লে কাইটিয়ে সুদাই নেৰিব, ভনীয়েকেটো আজিকালি মাতিবলৈকে এৰিলে।
 
শ্ৰীমতীৰ মুখত আকৌ মিতিৰৰ ঘৰলৈ যোৱাৰ কথাটো শুনি মোৰ বুকুখন চিৰিংকৈ মাৰিলে। মাৰিবইতো, এঘৰ নহয়, দুঘৰ নহয়, আমাৰ ফালৰ আৰু তেওঁলোকৰ ফালৰ হিচাপটো কৰি উঠি মূৰটো আচন্দই যোৱা যেন লাগিল। মানে বুজিলো এইবাৰ মোৰ জমা টকা-শিকি সকলো খহিবই খহিব।
মুখৰ ভিতৰতে ভোৰভোৰালো, হুহ কোনেনো উলিয়াইছিল জানো এই বিয়াৰ পিছত মিতিৰৰ ঘৰলৈ ন-জোঁৱাই, ন-ছোৱালী ফুৰিবলৈ যোৱাৰ নিয়মটো। যোৱাত আপত্তি নাই, মিতিৰৰ ঘৰলৈ মাতে, মাতি থাকক। যি খুৱাই, খুৱাই থাকক। পিছে কথা সিমানেই জানো? এই দিয়া-থোৱা বোৰ। যি ঘৰলৈকে যাবা, বোলে সেইঘৰৰ সকলোকে ন-জোঁৱায়ে নতুন কাপোৰ দিবই লাগে। এতিয়াহে মৰা, ক’ত মৰা। এই নিয়ম সজা কেইটাক যদি এবাৰ লগ পালোহেঁতেন, চাল্লা দাঁতত পেলাই চোবাই পেলালোহেঁতন। ইফালে বজাৰলৈ চাবই নোৱাৰি, জুই চাই দাম।
আগ-পিছ নাভাবি শ্ৰীমতীৰ মনটো ভাল লাগক বুলিয়েই বজাৰ কৰিলো, এক-দুই কৈ কাপোৰ-কানিও কিনি আজৰি হলোঁ। দুয়ো আলোচনা কৰি দিন এটাও ঠিক কৰিলো, বোলো দেওবাৰে গৈ একেদিনাই আটাই কেইঘৰৰ লেঠাটো মাৰি আহিবগৈ লাগিব।
দেওঁবাৰ আহিল। আগবেলাৰ পৰা কি পিন্ধিব কি নিপিন্ধিব শ্ৰীমতীৰ গাত ত’ত নাই। ইযোৰ পিন্ধে সলায়, সিযোৰ পিন্ধে সলায়। প্ৰায় ২ ঘণ্টামানৰ মূৰত শ্ৰীমতী সাজি-কাচি ওলাল। মই কিন্তু ১০ মিনিটতে সাজু। লগত শ্ৰীমতী, মা আৰু মই। গাড়ী চলিল শহুৰৰ ঘৰৰ দিশে, কিছুসময়ৰ পিছত শহুৰ দেউতা আৰু খুৰশালীকো সাঙুৰি যাত্ৰা কৰিলো। এটা সময়ত গৈ মোমায়েকৰ ঘৰ পালোগৈ, গাওঁখন বেচ ধুনীয়া, বাৰিষা দিন যদিও বাৰীঘৰবোৰ চিকচিকিয়া, ৰাস্তা-পদুলিটো মুকলি। গাড়ীৰ পৰা নামিছোহে সকলোৱে আঠে-বেঠে বহুৱালে। আয়ৈ সেইদিনাহে গম পালো, বিয়াৰ পিছত ইমান আদৰ-সাদৰ পায় বুলি। এনেবুলি আগতে জনা হলে আৰু তিনিবাৰ মান বিয়াকে পাতি পেলালো হেঁতেন ঐ। ইচ! ক’ত থ’ব, ক’ত নথ’ব। এঘৰ দুঘৰকৈ প্ৰায় ৩ ঘৰ বেলাটোতে ফুৰিলো, খাই খাই পেট গেৰেলা হৈ কোনোমতেহে খোজটো দিব পৰা হৈ আছিলো। ইফালে উৎকট গৰম, সন্ধিয়া ৮ মান বজাত আৰু মোৰ সহ্য নহ’ল, মোমাশহুৰৰ ঘৰতে বোলো গা-টো ধুই পেলোৱাই ভাল হ’ব, নতুন বুলি কথা নাই আৰু, সকলো লাজ মান একাশৰীয়াকৈ থৈ গা-টো তিয়াই লোৱাতহে ৰক্ষা। ইফালে আমাৰ মাৰ বিয়নীহঁতৰ লগত কথাৰ মহলা শেষ নহয় হে নহয়। বাৰী-ঘৰৰ পৰা সামৰি একেবাৰে চৰকাৰলৈকে স্থান পাইছে প্ৰসঙ্গত। হে হৰি ইমান কথা পাতিব পাৰে এই মাইকী মানুহবোৰে। মই বিচনা এখনতে দীঘলদি পৰি খবৰ-কাগজ এখনত চকু ফুৰালো ভাত হোৱালৈকে বাট চাই।
ভাতৰ সময় হ’ল, ডাঙৰ মামীয়ে আহি মাতিলেহি। গৈ দেখিলো এখন দুখনকৈ ভাতৰ টেবুলত আঠমঙলাতকৈয়ো দুখন মান বেছিহে আঞ্জা-ভাজি ৰান্ধিছে, ইফালে মোৰ পেট ভৰ্ত্তি হৈয়ে আছে। এতিয়াহে পৰিল বোলে ফৰিঙৰ মৰণৰ কাল। নাখালেও নহ’ব, নতুন জোঁৱাই। চকু জপাই যি পাৰো এফালৰ পৰা দংশীবলৈ ধৰিলো। ওহো পেটে যেন চিঞৰি উঠিছে (হেৰৌ আৰু কিমান ভৰাৱ বাৰু, ফাটিব এতিয়া)। আধা খালো আধা নষ্ট, মোৰ গাত পিছে দোষ নাই, আগতে বেছিখিনি আঁতৰাই ৰাখিবলৈ বিচাৰিলেও বোলে খোৱা খোৱা পাৰিবা ডেকা ল’ৰা। কথা শুনি মোৰ ফাট মেলা বসুমতি পাতালে লুকাও অৱস্থা। কোনো মতে খোৱা টেবুলৰ পৰা উঠি আহি বিচনাত পৰিছোহে, গ’ল নহয় কাৰেণ্টটো! ভালেই পালো। কামবোৰ খৰখেদাকৈ কৰি (মানে দিয়া-থোৱাবোৰ) আজৰি হোৱাৰ পাল পৰিল। সময় তেতিয়া নিশা ১০.৩০ বাজি গ’ল। এটা সময়ত সকলোৰে পৰা বিদায় লৈ ঘৰমূৱা হ’লো। গা়ড়ী চলিল তীব্ৰ বেগেৰে। ঘড়ীটোলৈ চালো নিশা ১১ বাজি গৈছে। শহুৰৰ ঘৰত আহি সোমালো। পদুলি মুখতে শহুৰ দেউতা আৰু খুৰশালীক নমাই তাৰ পৰাই উভতিলো। ঘৰ আহি পাওঁমানে নিশা ১১.৩০ হ’ল। এটা অধ্যায়ৰ সমাপ্ত হ’ল কোনোমতে।
দুদিন মানৰ পিছত শ্ৰীমতী বোলে ঘৰলৈ যায়, গৰমৰ বন্ধ শেষ হোৱাৰ আগতে কেইদিনমান ঘৰত গৈ থাকি আহিবগৈ, মই বোলো যোৱা। মায়েও ক’লে— যোৱা কেইদিনমান থাকি আহাগৈ, পিছত আৰু যাবলৈ সময়েই নাপাবা। উস কি ফুৰ্টি, পুখুৰীৰ মাছে যেন সাগৰৰ পানীহে ঢুকি পালে, আবেলিলৈ যাব বুলি মোক কাণ চোৱালে। সেইদিনা অফিচৰ পৰা ঘুৰি আহি আৰু শ্ৰীমতীৰ লগা-লগি নহ’ল, মোৰ সময়ৰ অভাৱৰ বাবে ভায়েকৰ লগতে ঘৰলৈ গ’ল। কোনে পাই আৰু, এইকেইদিন চাগৈ বিচনাইহে জানিছে। গ’ল যি গলেই, সেই যোৱা দিনৰ পৰা আৰু খবৰেই নাই। মই নিজেহে খবৰ কৰিলে কৰা। তাৰ মাজতে এদিন ভায়েক-ভনীয়েকক লগত লৈ বৰদোৱা থানত গৈ শৰাই এভাগি দি আহিলগৈ বাৰু। প্ৰায় ৬ দিনৰ মূৰত কাইলৈ অহাৰ কথা; পদূলি মুখলৈ চাই আছো, ঘৰৰ লখিমী ঘৰলৈ ঘুৰি আহিব।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments