হিতেন শৰ্ম্মাৰ দিনলিপি – তৃতীয় অধ্যায় (৬)- ধ্ৰুবজ্যোতি শৰ্মা

ৰাস্তাৰ ঘটনাক্ৰমত যিমান স্তম্ভিত হৈছিলো, জনসেৱাৰ নামত উচৰ্গিত এখন হাস্পতালত আমাৰ বাবে তাতোকৈ বহুত বেছি আশ্চৰ্য্য ৰৈ আছিল৷ আহতজনক হাস্পতালৰ কেজুৱেলিটিৰ এখন বিছনাত পেলাই ৰখা হৈছিল, সেই একেই সংজ্ঞাহীন অৱস্থাতেই৷ নাৰ্চৰ পৰামৰ্শমতে ল’ৰাদুজন বাহিৰত পুলিচৰ অপেক্ষাত ৰৈ আছিল আৰু অটোৱালাজনে তাক নমায়েই লৱৰি গৈছিল ট্ৰেফিক পুলিচজনৰ সন্ধানত৷

দহ মিনিটমান বৰ চিন্তাৰে পাৰ কৰি শেষত আমি ঠিক কৰিছিলোঁ, কথা পাতিব লাগিব৷ ডক্টৰৰ লগত কথা পাতিব লাগিব৷ সেই বুলিয়েই বাধা স্বত্বেও কেজুৱেলিটিৰ ভিতৰলৈ মমিন আৰু মই সোমাই গৈছিলোঁ৷

-চিষ্টাৰ, ডক্টৰ ক’ত?
-কোনটো পেচেণ্ট?
-৩ নং বেডত থকাজন
-সেই যে এক্সিডেণ্ট কেচটো?
-অ’৷ এতিয়ালৈকে একো কৰা নাই যে?
-মদ খাই পৰিছে৷ মদাহী৷ তাতে পুলিচ কেচ৷ আগতে পুলিচ আহিব লাগিব৷ তাৰ পিছতহে চিকিৎসা হব৷
-কি? মানুহজন চেঞ্চলেচ৷ তাৰ পিচতো?
-হাস্পতালৰ নিয়ম৷
-ডক্টৰ ক’ত?
-ডক্টৰেও একো কৰিব নোৱাৰে৷
-পাৰে, নোৱাৰে আমি কথা পাতিম৷ মাতক৷

প্ৰচণ্ড খং উঠিছিল৷ হয়তো খঙৰ ভমকতে মাতো ডাঙৰ হৈ গৈছিল৷ ওচৰৰ পেচেণ্ট আৰু এটেণ্ডেণ্টবোৰে আমাৰ ফালে ঘূৰি চাইছিল৷ কিন্তু মাত মতা নাছিল৷ মদাহীলৈও খং উঠিছিল৷ সেইটোপা নাখালে নহয়েনে? এতিয়া মৰ বাপ্পেকে৷

আমি ডাক্টৰৰ লগত কথা পাতিও বিশেষ একো লাভ নহ’ল৷ যন্ত্ৰ হৈ পৰিছে এই ডাক্টৰবোৰো৷ কেৱল পইচা আৰু পইচা৷ তাৰ বাহিৰে একো চিনি নাপায় ইহঁতে৷ এইবাৰ গৰম হৈ আমি ওলাই আহিলোঁ মেনেজমেণ্টক লগ কৰো বুলি৷

-অ’ই হিতু৷ ঘূৰি চাই দেখিলো গাঁৱৰে অৰুণদা৷ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ৷ হাতত বেগখন লৈ সি ৰৈ আছে৷
-অৰুণদা৷ ইয়াত আইছু ৰবা৷ পেচেণ্ট এটা আছে৷ – অন্য কথাত নালাগি চিধাই পেচেণ্টৰ কথাই উলিয়ালো৷
-কুন হয় পেচেণ্ট?
-নাজনু৷ এক্সিডেণ্ট কেচ৷ ৰাস্তাৰ মাজৰ পৰা উঠে আনচু৷
-মেজৰ কিবা হৈছি নিকি?
-নাই৷ ডক্টৰে চাৱয়ে নাই৷ পুলিচ কেচ কাৰণে৷
-দাদা, আপুনি এবাৰ কৈ চাওকচোন নহ’লে ডক্টৰক৷ আপোনালোকৰ চিনাকি থাকে যে, কৰি দিবও পাৰে৷ – এইবাৰ মমিনে অনুৰোধ কৰিলে৷
-ৰবচোন, চাওঁ৷ কোনটো পেচেণ্ট?
-৩ নং বেডত৷
-ৰহ৷ তহঁতে ইয়াতে থাক৷ মই গৈ কৈ চাওঁ৷
অলপ সময় পিচত অৰুণদা ওলাই আহিল৷ মুখত প্ৰসন্নতাৰ চিন৷ হয়তো ডক্টৰক কিবা বুজাই আহিছে৷
-পইচা পাতি অলপ লাগবা পাৰে৷ আছেনা?
-অলপ আছে৷ মেনেজ কৰবা পাৰিম৷ ডক্টৰে কি কলাক?
-চাবো৷ কেৱল বাইকে খুন্দো বুলি কাকো নকবি৷ মই নিজে বাইক চলে আহোতে পৰা বুলি কৈছোঁ৷
-এনেহেন কিবা নিয়ম আছে নেকি?
-মানুহভেদে নিয়ম৷ বাদ দে৷ একো নকবি আৰো৷ আমাৰ কামটু হ’লি হ’ল৷ বাৰু ৰহ৷ মই চেম্বাৰৰ পৰা আহু৷ বৰদলৈ যাবো৷ তেওঁক লগ কৰি আহি আছু৷ মানুহটুৰ ঘৰৰ কুনবাক মাত৷ হলাক বুলি তুহুন আৰো কিমান সময় ৰ’বি!
-হোবো দে৷ কিবা দৰকাৰ হোলি তুমাক ফোন মাৰিম কিন্তু৷

এইখিনি সময় কিযে এটা দুশ্চিন্তা হৈছিল৷ আৰু সেই দুশ্চিন্তা অৰুণদাই এক মিনিটত সমাধা কৰি পেলাইছিল৷ মমিন আৰু মোৰ মনটো অলপ পাতল লাগি গৈছিল৷ মদাপী হ’লেও তেখেতো মানুহ৷ আৰু মানৱীয় সহানুভূতিৰ পৰা বঞ্চিত হব নালাগে৷ এই কথাটোৱেই এইখিনি সময় মোৰ মন-মগজু আৱৰি আছিল৷ অৱশেষত যেনিবা অন্যধৰণে হ’লেও কামটো কিছু পৰিমাণে লাইনত আহিল৷
মমিনে ইতিমধ্যে বাহিৰত বহি থকা ল’ৰা দুজনৰ পৰা গম লৈছিলেই৷ আহতৰ ঘৰত খবৰ দিছিল৷ সিহঁতৰ দেউতাকো আহি থকা বুলি ল’ৰা দুজনে জনাইছিল৷

মুঠতে সকলো ব্যৱস্থা কৰোতে আৰু আধা ঘণ্টামান লাগিছিল৷ সময়ো ইতিমধ্যে ভালেখিনি হৈছিলহি৷ জুনিয়ৰো ৰৈ থাকিব৷ চাকৰি পোৱাৰ পিছত কিবা এটা প্ৰগ্ৰাম কৰিছোহে৷ আজিয়েই পিছুৱাবলৈ ভাল নালাগিব৷ সেয়ে ল’ৰা দুজনৰ দেউতাক আহি পোৱাৰ পিছত ডক্টৰক জনাই, মানুহ দুজনৰ হাতত ৰোগীক সপি আমি ওলাই আহিছিলো৷

এক বুজাব নোৱাৰা অনুভূতিয়ে মনটো খুন্দিয়াইছিল৷ কিন্তু আজিকালি এইবোৰতো সাধাৰণ কথা৷ ঘটিয়েই থাকে৷ ডক্টৰেওতো তাকেই কৈছিল৷ এইবোৰ ঘটিয়েই থাকে৷ তেন্তে আমাৰ মনত ইমানকৈ কথাটোৱে খুন্দিয়াইছিল কিয়! ঘটনাক্ৰম আমাৰ বাবে ইমান এটা সহজ ঘটনা হৈ থকা নাছিল কিয়? সময়ৰ লগত আগবাঢ়ি যোৱাত আমি কৰবাত ৰৈ গৈছিলো নেকি! নে জোখতকৈ সমাজহে সময়ৰ গতিত বেছিকৈ আগবাঢ়িছিল৷

সন্ধিয়াৰ সময়খিনি তেনেকৈ পাৰ হ’লেও ৰাতিটো ভালদৰেই পাৰ হৈছিল৷ “এসাজ জুতি লগাই খাওঁ”ত এসাজ ভালকৈয়ে খাইছিলো৷ অৱশেষত মমিনকো ৰাতিৰ সাজৰ বাবে মাতিছিলো৷ সি গম পাই গৈছিল যে মই এটা চাকৰি পাইছিলো৷ হয়তো ভালো পাইছিল৷ গুৱাহাটীলৈ অহাৰ দিনৰে পৰা সিহঁতে মোক লগ পাই আহিছে৷ মই খুলি নকলেও মোৰ কিছু কথা সিহঁতেও জানে৷ দেখি আহিছে, কষ্টকৰ সেই দিনবোৰৰ পৰা৷ ৬-৭ কিঃমিঃ পৰ্যন্ত খোজ কাঢ়ি টিউশ্যন পঢ়াবলৈ যোৱাৰ সময়ত বহুদিন সিয়েইতো মোক ৰিক্সাত উঠাই নিছিল৷ মাৰ্কেটিং কম্পেনীত কাম কৰোতে বহুকেইটা প্ৰডাক্ট কিনিছিল৷ দুখৰ সময়ত তেনেকৈয়ে সিহঁতে সহায় কৰা নাছিল জানো!

খাদ্যৰ সোৱাদতকৈও কেতিয়াবা প্ৰাপ্তিৰ সোৱাদ অধিক হব পাৰে৷ এটা ৰাতি ঘৰৰ বাহিৰত একেলগে খোৱা এসাজ ভাতে প্ৰাপ্তিৰ পোনপটীয়া আনন্দ দিছিল৷ জুনিয়ৰে এনেয়ে মাছ নাখায়, আমাক সহযোগ কৰাৰ বাবেই সি সিদিনা মাছৰ খাৰ খাইছিল৷ আঞ্জাত দিয়া অধিক মছলাই সিদিনা আমাৰ পেটৰ অসুখ কৰিব পৰা নাছিল৷ মনে গ্ৰহণ কৰা বাবেই হয়তো পেটেও গ্ৰহণ কৰি লৈছিল অলপ সুখৰ সোৱাদ, প্ৰাপ্তিৰ আনন্দত৷
[ক্ৰমশঃ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক