হিতেন শৰ্ম্মাৰ দিনলিপি (ধ্ৰুৱজ্যোতি শৰ্মা)

[তৃতীয় অধ্যায়]
(১)

‘অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..’ –মোবাইল ফোনটো বাজি উঠিল৷

দুপৰীয়াৰ সময়৷ ঘটি যোৱা ঘটনাবোৰৰ পিছত লাহে লাহে প্ৰকৃতিস্থ হবলৈ আৰম্ভ কৰিছিলো৷ লাহে লাহে ঘৰৰ বাহিৰ হৈ ওচৰৰ দোকানখনৰ কাষত সজা বাঁহৰ বেঞ্চখনত বহি থাকোতেই ফোনটো বাজি উঠিছিল ৷

এটা অপৰিচিত নম্বৰ৷ সেউজীয়া বুটামটো এবাৰলৈ টিপি ফোনটো কাণত ল’লো৷

: হেল্ল’! – সেইফালৰ পৰা এক নাৰীকণ্ঠ বাজি উঠিল৷
: এম আই স্পিকিং টু মিষ্টাৰ হিতেন শৰ্ম্মা? – শুন-নুশুনাকৈ কথাখিনি শুনা পালো
: হয় কৈছো ৷
: কংগ্ৰেচুলেশ্যন মিঃ শৰ্ম্মা৷ মই দেৱৰাজ এণ্ড চনছ্ ক’ম্পেনীৰ পৰা কৈছো৷
: ধন্যবাদ৷ ক’ৰ পৰা কৰিছে? – নেটৱৰ্কৰ অসুবিধা৷ যোৱাবছৰ গাঁওখনলৈ ফোনৰ নেটৱৰ্ক আহিছেহে মাথোন৷ গতিকে স্বাভাৱিকতে মাতষাৰ ভাঙি ভাঙি আহি আছে৷ মাজে মাজে দুই এটা শব্দ শুনা যায়, বেছিভাগ নাযায়েই৷ সেয়েহে অলপ মুকলিলৈ বুলি কাণত ফোনটো ধৰি বেঞ্চৰ পৰা উঠি আহিলো৷
: মই দেৱৰাজ এণ্ড চনছ্ ক’ম্পেনীৰ পৰা কৈছো৷
: হয়৷ কওঁকচোন৷
: আপুনি আমাৰ কম্পেনীত যে এটা ইণ্টাৰভিউ দিছিল….
: হয় ……. এবাৰ ভাবিলো, দিছিলো জানো! এবাৰ ভালকৈ মনত পেলাবলৈও চেষ্টা কৰিলো৷
: চাকৰিটোৰ বাবে আপোনাক চিলেক্ট কৰা হৈছে৷

কোনো ডিষ্টাৰ্বেঞ্চ নাই৷ কোনো নেটৱৰ্কৰ অসুবিধা নাই৷ গদগদকৈ কাণৰ কাষত কথাষাৰ বাজি উঠিল ৷ কিছু সময়ৰ বাবে মই তধা লাগি গ’লো৷ প্ৰায় একুৰি ইণ্টাৰভিউ দিয়াৰ পিছত মই চাকৰি পালো৷ এটা পাহৰিব নোৱাৰা ইণ্টাৰভিউ৷ জোতাৰ ভিতৰত শিলগুটিয়ে নাচি নাচি নষ্ট কৰিব বিচৰা এক ইণ্টাৰভিউ৷ ষ্টে’পল পিনেৰে চোলা চিলাই নি দিয়া এক ইণ্টাৰভিউ! মই যেন নিজকেই বিশ্বাস কৰিব নোৱাৰিলো৷

ছোৱালীজনীয়ে ক’ত, কেতিয়া গৈ চাকৰিত জইন কৰিব লাগিব, দৰমহা কিমান হব, কাম প্ৰধানতঃ কি কি কৰিব লাগিব বুজাই দি ফোনটো থ’লে৷ কিন্তু মোৰ মনত হেন্দোলনি উঠিয়েই থাকিল৷ বুকুত অশান্তভাৱে কিবা এটা ধপধপনিয়ে লগ দিলে৷ এই মুহূৰ্তত কি কৰিম, কি নকৰিম ভাবি ইফাল-সিফালে চাব ধৰিলো৷

-অই! ফোনটু লৈ উঠি গেলি যি, কুনবা বিশেষ মানহোৰ ফোন আইছি না কি?
-ৰহ! ইয়াতে বিশেষ মানহোৰ ফোন আইভো! মানহে কথা ক’লি বেংপাৰ্টী বাজি থাকা দি মাতটু বাজি থাকে৷
-তিত্তেহ’লি উঠি গেলি দেখুন ! -দোকানৰ বেঞ্চখনতে আহি বহা মৃণালে মাত লগালে৷

কিন্তু বেছি সময় তাত থাকিব নোৱাৰিলো৷ মৃণালক ক’ম নে নক’ম ভাবি শেষত নোকোৱাকৈয়ে ঘৰত কাম কৰোগৈ বুলি উঠি আহিলো৷

এক অবিশ্বাস্য ফোন৷ মোৰ ফোনটো কিনাৰ পিছত চাগৈ এয়াই প্ৰথম দৰকাৰী আৰু ভাল খবৰৰ ফোন৷ বেছি দিন নাই৷ মাজত মাথো দুটা দিন৷ দুদিন পিছতেই দেৱৰাজ এণ্ড চঞ্চ কম্পেনীত ৰিপ’ৰ্ট কৰিব লাগিব৷ অফিচিয়েল কামখিনি কৰিব লাগিব৷ মাজে মাজে টেণ্ডাৰিংৰ বাবেও যাব লাগিব পাৰে৷ একাউণ্টচৰ বাবে মানুহ আছে যদিও অধিক ভিৰ হ’লে সহায় কৰিব লাগিব৷ বেংকৰ কামত সহায় কৰিব লাগিব৷ সময় ৰাতিপুৱা ৯ টাৰ পৰা আবেলি ৭ বজালৈ৷ প্ৰয়োজনসাপেক্ষে দেৰিলৈকো থাকিব লাগিব পাৰে৷ অফিচ যদিও গুৱাহাটীতে, কম্পেনীৰ কামত বাহিৰলৈ যাব লগাও হব পাৰে৷ মুঠতে অন্ত নোহোৱা কাম৷ শুনিলেই ভয় খাব লগা কামৰ তালিকা৷

ক’ম্পেনীৰ কাম৷ হবই৷ অলপতো প্ৰেছাৰ থাকিবই৷ কিন্তু এয়াইতো মোৰ প্ৰথম কাম৷ প্ৰথম চাকৰি৷ যি সময়ত এপইচাৰ বাবে খেদি খেদি, দৌৰি-ফুৰি লোকৰ ল’ৰা-ছাৱালীক শিকাই মাহৰ মূৰত প্ৰাপ্ত টকাকেইটাও পাবলৈ ৰাউচি জুৰিব লগা অৱস্থা, সেই সময়ত এই চাকৰিটো মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে, সেয়া মোতকৈ অধিক আনে কি বুজিব ? হওক৷ কষ্ট হ’লেও, মাহৰ মূৰত দৰমহাকেইটাতো পাম৷ জুনিয়ৰৰ পৰা ধাৰলৈ অনা টকাকেইটাতো ঘূৰাই দিব পাৰিম৷ ফোনত মাক অন্ততঃ ফাকি দি কব লগা নহব যে মই অত্যন্ত ব্যস্ত৷

টেবুলত থকা ঘড়ীটোলৈ চালোঁ৷ চাৰে বাৰটা বাজিছে৷ কাষৰ বিছনাত থকা ৰেডিঅ’টো জুৰিলো৷

ধুনীয়া গান এটা বাজি আছে৷ কল্পতৰু অনুষ্ঠান চলি আছে চাগৈ৷
: বাবা৷ তই দেখুন ৰূমোত সুমে ৰেডিঅ’ জুল্লিয়ে৷ কিবা এটা নক্ৰা কিয়ো?
: কি কৰু?
: তিত্তেয়ে কৈছলু দেখুন৷
: কিবা কৈছলি, পাহেল্লু৷
: পাৰহিবিতো৷ কিয়ো, উঁই ভিঠাৰ মাটি আনবা কৱ নাছলু?
: ওহ৷ পাহেচ্ছিলুৱে৷ ৰহ আনু ৰহ৷
: পাৰ্হিবিতো৷ ইমান কাম কৰি আছা- মায়ে কোৱা কথাখিনি গা’ত লাগি গ’ল৷

: ৰহ এ, মা৷ কাম কৰিম৷ এইবাৰ কাম কৰাৰ বাবেই যাম৷ তহঁতে কি বুজিবি, কাম নকৰাকৈ মই কিমান ভাগৰুৱা, কিমান ভাগৰুৱা কাম নথকা মানুহবোৰ৷ কাম নথকা মানুহৰ বেদনা কিমান৷ কাম নথকা মানুহৰ পৰাজয় আৰু তাৰ গ্লানি কিমান৷ তহঁতে কি বুজিবি৷ কেনেকৈ বুজিবি৷ বুজা হ’লে সেই তেতিয়াৰ পৰাই ইমান কষ্ট কৰিব লগা হ’লহেঁতেননে! কষ্টৰ বাবেই, উপাৰ্জনৰ বাবেইতো মোৰ সেই সোণালী দিনবোৰ হালধীয়া বৰণ ল’লে৷ যেতিয়া সেই মূল্যবান সময়বোৰ সমনীয়াবোৰে ঘূৰি-ফুৰি আৰামেৰে কটাইছিল, সেইসময়ত মই বাৰ কিলোমিটাৰ দূৰলৈ চাইকেল মাৰি উপাৰ্জনৰ নামত ব্যস্ত আছিলো৷ উপাৰ্জনৰ বাবেই মোৰ সপোনবোৰ, আশাবোৰ হেৰুৱাইছিলো৷ আৰু? আৰু? আনকি মোৰ হৃদয়খনো৷ ছাঁ-পোহৰৰ মাজত ডুবি যোৱা মোৰ পোখা মেলা আশাৰ কুঁহিপাতবোৰ৷

এইবোৰ একোকে নকলো৷ মনতে স্বগতোক্তি কৰি মাক একো প্ৰত্যুত্তৰ নিদিয়াকৈ উঁই হাফলুৰ মাটি বিচাৰি উঠি আহিলো ৷

নাই৷ আৰু কবৰ খান্দিব লগা নহয়৷ অন্ততঃ নিজেই জোৰ কৰি হ’লেও আঁতৰি থাকিম এই আধা আলো আধা-ছায়াৰ পৰা৷ এতিয়া নতুন সময়৷ নতুনকৈ ভৱাৰ সময়৷ নতুন কৰাৰ সময়৷ নতুনত্বৰে জীৱনক গঢ় দিয়াৰ সময়৷ সুদীৰ্ঘ সাত-আঠ বছৰৰ এক আৱদ্ধ হৈ ৰোৱা সময়ক নতুনকৈ গতি দিয়াৰ সময়৷ এই নতুন সময়ত পুৰণিৰ কোনো স্থান নাই৷ এই নতুন সময়ত পুৰণি সময়ৰ প্ৰৱেশ নিষিদ্ধ৷ মাথোঁ দুদিন৷ দুদিনৰ পিছতেই আৰম্ভ হব সোলোক-ঢোলোককৈ গতি কৰি থকা বাহনখনৰ এক গতিশীল যাত্ৰা৷ তাৰ আগতে বহুতো কাম কৰিবলৈ বাকী আছে৷ টিউশ্যনকেইটা বন্ধ কৰিব লাগিব, কেইটামান নতুন চোলা কিনিব লাগিব৷ আৰু তাৰ পিছত?

তাৰ পিছৰেপৰাই গতি৷ এই একে গতিৰে নিজকে উঠাই নিব লাগিব, উঁই হাফলু বন্ধা নাৰিকলজোপাৰ সমান ওপৰলৈ, হয়তো তাতকৈও ওপৰলৈ৷ যি উচ্চতাৰ অভাৱে বহু দ-লৈকে মোক ঠেলি দিছিল, সেই উচ্চতা আহৰণেই হব মোৰ এতিয়া একমাত্ৰ লক্ষ্য৷ তাত কোনো আৱেগৰ স্থান নাথাকিব, স্থান নাথাকিব অতীতৰ৷ কেৱল গতি আৰু গতিশীলতা থাকিব সেই সময়ত৷ সেই সময় হব একমাত্ৰ মোৰ৷ গতিশীলতা মিহলাই সেইখিনি সময়েৰে মই মোৰ মধুৰ সপোন কিনি আনিম৷ সেই সপোন হব মই বিচৰা সপোন, মই ভবা সপোন, মই আগতে দেখা সপোনতকৈ পৃথক মোৰ হেঁপাহৰ সপোন৷
[আগলৈ]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments