হিতেন শৰ্ম্মাৰ দিনলিপি ( ধ্ৰুৱজ্যোতি শৰ্ম্মা )

হিতেন শৰ্ম্মাৰ দিনলিপি (৮)

ধ্ৰুৱজ্যোতি শৰ্ম্মা

আমি যেতিয়া  পানৰা পথাৰ আৰু পানৰা বিলৰ মাজৰ আলিটো উঠিছিলোগৈ, তেতিয়া পূৱৰ আকাশখনে  সেন্দুৰৰ দগমগীয়া ফোঁট এটি লৈ ওলাই আহিছিল। ৰাস্তাত উঠিয়েই কৈলাশ দা বহি  পৰিল। শেঁতা হৈ পৰিছে তাৰ শৰীৰ। ৰক্তক্ষৰণৰ ফলত লেবেজান হৈ পৰিছে সি।  প্ৰায় অৰ্দ্ধচেতন অৱস্থাৰেই মোৰ এখন হাতক সাৰথি কৰি এধানি মাথো মাটিৰ  সন্ধানত প্ৰায় আধাঘণ্টা সময় খোজকাঢ়িছিল সি। দেহ লাহে লাহে অচেতন হৈ  আহিছিল। হাতৰ দাখনো কেতিয়াবাই  কৰবাত কব নোৱাৰাকৈয়ে সুলকি পৰিছিল। তথাপি  পেলায়েই আছিল তাৰ খোজ। আৰু এতিয়া অকনমান মাটিৰ স্পৰ্শত সকলো ভাগৰে তাক  আগুৰি ধৰিলেহি। সি বহি থাকিব নোৱাৰিলে। ক্লান্ত শৰীৰটোক ৰাস্তাটোৰ ওপৰতে  এৰি দিলে। ৰাস্তাৰ ওপৰতে অচেতন হৈ পৰিল কৈলাশ দা। ইপিনে ভাগৰে মোকো আহি  হেঁচা মাৰি ধৰিছেহি। এখোজো আগলৈ যাবলৈ মন যোৱা নাই। ধূপজোপাৰ ফালে চালো।  এতিয়াও বহু দূৰত। ৰিণিকি ৰিণিকি দেখা গৈছে মাত্ৰ। তালৈকে লৈ যাব পৰা  হ’লেও ! অন্ততঃ মাছ মাৰিবলৈ  অহা কোনোৱা নহয় কোনোৱা এজনক পালোহেঁতেন। কিন্তু  ইমানদূৰ কেনেকৈ লৈ যোৱা যায় ! ডাঙি নিয়াও সম্ভৱ নহয়। এইখিনিলৈকে মানুহ  অহাৰ কোনো চাঞ্চো নাই। তেন্তে ? মোৰ মূৰৰ ওপৰৰ পৃথিৱীখন ঘূৰিবলৈ  ধৰিলে।  সন্মুখৰ গোটেই দৃশ্য ধূৱলি-কুঁৱলি দেখিবলৈ ধৰিলো। চিন্তাৰ পাৰ নোপোৱা হ’লো । কি কৰো, কি কৰো এতিয়া !! -“ঐ কৈলাশদা, কৈলাশদা……. ঐ কৈলাশদা, কৈলাশদা….।” নাই ! তাৰ কোনো সাৰি-সুৰায়েই নাই।  -“এই  কৈলাশদা, উঠচোন….. কৈলাশদা….. বুল যাবালাগে…..।” কি কৰো এতিয়া !  তাক ইয়াতেই এৰি কোনোৱা এজনক মাতি আনো নেকি ! কিন্তু…. এই অৱস্থাত….  তাক এনেকৈ এৰি যোৱা উচিত হব জানো !! চৌদিশে পানী। পথাৰৰ বিষাক্ত পৰুৱাবোৰ,  সাপ-বেং সকলো লিকলিকাই আছে…. নহ’ল, কিবা অঘটন হ’লে !! নাই। এনেকৈ এৰি  থৈ যাব নোৱাৰি। তেন্তে ?   গোটেই  ৰাতি পানীৰ মাজত কটাই ভাগৰুৱা শৰীৰ, ৰাস্তা বিচাৰোতে বিচাৰোতে মগজুও  ক্লান্ত হৈ পৰিছিল। তাতে আকৌ ভূতৰ ওপৰত দাহন পৰাদি ধৰিলেহি কলজোকে। তেজ  শুহি শুহি এক বৃহদাকৃতি ধাৰণ কৰিছিল জোকডালে। ঠিক যেন আমাৰ হাতখনৰ সমান।  ককাহঁতে কোৱা শুনিছিলো, কলজোকে হেনো কল গছ এজোপাৰ সমান ডাঙৰ হোৱালৈকে তেজ  শুহিব পাৰে। কলজোকে জীৱৰ শৰীৰৰপৰা অতি দ্ৰুত গতিত তেজ শুহি লব পাৰে বাবে  সেই জীৱ বাচি থকা আশা খুব খীন হৈ পৰে। কথাবোৰ মনত পৰি গা জিকাৰ খাই উঠিল।  তাৰমানে এতিয়া কৈলাশদাও…..? নাই, এইবোৰ কথা নভবাই ভাল। ককালৰপৰা  খাৱৈটো খুলি ৰাস্তাৰ ওপৰত থলো। কাষত কৈলাশদা, অচেতন অৱস্থাত শুই আছে। তাৰ  ওচৰতেই ভাৱালেশহীনভাৱে ম‍ই বহি পৰিলো।  ভাগৰে হেঁচা মাৰি ধৰিছেহি। আৰু  মাত্ৰ কেইটামান মিনিট ভালকৈ যোৱাহেঁতেন..! এতিয়া আমি জনসমাগমহীন ঠাই  এটুকুৰাত এনেদৰে পৰি আছো যে চিঞঁৰি চিঞঁৰি ডিঙি ফালি পেলালেও মাত শুনোতা  কোনো নাই। প্ৰতিটো মূহুৰ্ততেই যেন বিফলতাই আমাক খেদি ফুৰিছেহি। ঘৰৰপৰা  জালখন উলিওৱাৰ সময়ৰপৰা এই মূহুৰ্তলৈ যেন সকলোখিনিতে বিফলতাহে বিফলতা।  আৰু এতিয়া !! এক অনিশ্চয়তাত বহি আছো পথাৰৰ মাজৰ খালী ৰাস্তা এটাত। ভোকে  হেঁচা মাৰি ধৰিছেহি , অথচ খাবলৈ একো নাই। ডিঙি শুকাই গৈছে, অথচ পিবলৈ পানী  নাই। ছয়ফুটীয়া ৰাস্তাটোক বাদ দিলে দুয়োপাৰে পাৰাপাৰহীন পানী, অথচ  পিয়াহত শুকাই গৈছে ডিঙি। অৱসাদে হেঁচা মাৰি ধৰিছেহি। চকুৰ পতা মেলি  ৰাখিবলৈও কষ্ট হৈছে। পূৱ আকাশত বেলিটোৱে দগমগাই উঠিছে । উদিত বেলিৰ  প্ৰতিচ্ছৱি পানীৰ ঢৌত সাতুৰি সাতুৰি মিলি গৈছে দূৰ-দিগন্তত। দুই এটা  মত্‍স্যভোজী চৰায়ে বাহৰপৰা ওলাই উৰা মাৰিছে পথাৰৰ ফালে। অথচ কোনো মানুহ  অহা নাই পথাৰৰ ফালে। এৰা, পথাৰলৈনো কি কাৰণে আহিব ! “সাউজা ধৰা” শ‍ইচ আজি  এসপ্তাহে পানীৰ তলত । হতাশাই ছানি ধৰিছেহি খেতিয়কসকলকো। এনেয়ে আজিকালি  কঠীয়া পাবলৈ টান, তাতে আৰু সাউজা ধৰা খেতি নষ্ট হৈ গ’লে ইমান কঠিয়ানো ক’ত  পাব ! কিমানযে ভয়াবহ হব পাৰে পানীৰ এই ৰূপ !! কোনো আকাৰ নাই, অথচ সেই  নিৰাকাৰ পানীয়েই……. পানীয়েই…এৰা, পানী…অসংলগ্ন কথাবোৰৰ মাজত যেন  গুৰুত্বপূৰ্ণ কথা এটি মনত পৰি গ’ল। হাত দুখনত ভেজা দি থিয় হবলৈ  চেষ্টা  কৰিলো। হঠাতে চকু গ’ল চোলাৰ কাপোৰেৰে বান্ধি থোৱা কৈলাশদাৰ ক্ষত ভৰিখনলৈ।  ৰঙা হৈ পৰিছে পাতলীয়া বৰণৰ কাপোৰটুকুৰা। তাৰমানে তেজ এতিয়াও বন্ধ হোৱা  নাই !! গাত থকা সকলো শক্তি থূপ খুৱাই যিমান বেগেৰে পাৰো সিমান বেগেৰে  কৈলাশদাৰ ভৰিৰ ওচৰ পালো। ভৰিত কাপোৰৰ গাঁথিটো খুলি দি আকৈ এইবাৰ মেৰিয়াই  মেৰিয়াই টানকৈ বান্ধি দিলো। তাৰ পিছত এখন্তেকো নোৰোৱাকৈ পথাৰৰ পিনে লৰ  দিলো। যুঁৱলিৰ অকনমান পানী নিজৰ মুখখনত ছটিয়াই হাতৰ আচলুৰে কৈলাশদাৰ  ওচৰলৈ লৈ আহিলো। কিন্তু আচলুৰ পানীহে সেয়া ! কৈলাশদাৰ ওচৰ পোৱালৈকে আচলুত  কেইটোপালমানহে পানী বাচিছিলগৈ। আকৌ আনিলো, আকৌ কেইটোপালমান….আকৌ গ’লো,  আকৌ সেই একেই..কেইটোপালমানহে পানী… মুঠৰ ওপৰত বহু কষ্ট কৰিও কৈলাশদাৰ  মুখৰ ওপৰত ছটিয়াই দিবলৈ পানী আনিব নোৱাৰিলো। হঠাতে এটি বুদ্ধি খেলি গ’ল।  চোলাটো গাৰপৰা খুলি পানীত ডুবাই দিলো, আৰু তাক পানীত তিয়াই কৈলাশদাৰ  ওচৰলৈ লৈ আহিলো। পথাৰত বোকা মিহলি পানী। অথচ তাকেই ছটিয়াইছো এজন অচেতন  ব্যক্তিৰ চকু-মূৰত। তিয়াই দিছো মুখমণ্ডল। ভালেই কৰিছোনে, ভুলেই কৰিছো  নাজানো। তথাপি কৈলাশদাক বচোৱাৰ শেষ চেষ্টা এটা চলালো। কেবাবাৰো তেনেদৰে  পানীৰে চকু-মুখবোৰ ধুৱাই দিয়াৰ পিছত কৈলাশদাই মূৰটো জোকাৰি দিলে। মুখেৰে  তাৰ অস্পষ্টভাৱে ওলাই আহিল. “…. পানী..পানী…”। কি কৰো এতিয়া ? নাই,  যি হয় হব। দৌৰি গৈ চোলাটোৰে আকৌ এবাৰ পানী আনিলোগৈ। এইবাৰ কৈলাশদাৰ  অলপমান মেল খাই থকা মুখখনত অলপ অলপকৈ সেই পানীকেই বাকী দিলো। আকৌ এবাৰ আৰু  অলপমান। কৈলাশদাৰ চেতনা ঘূৰাই আনিবলৈ সেই দূষিত লেতেৰা পানীখিনিয়ে বৰ  সহায় কৰিলে। কৈলাশদাই যেন এবাৰলৈ জীৱন ঘূৰাই পালে, আৰু ম‍ই ঘূৰাই পালো  উশাহ।    হঠাতে  যেন সূৰুযটোৱে আমাক দেখিছিল। ৰঙীন চঞ্চল সূৰুযটো গহীন হৈ আহিবলৈ  ধৰিছিল।  চৰাইবোৰে আকাশৰপৰা আমাকেই লক্ষ্য কৰি যেন বিয়পাই দিছিল আমাৰ খবৰ আৰু সেই  খবৰ পায়েই চাগে’ প্ৰকৃতিও সচেতন  হৈ পৰিছিল। মেঘবোৰে বেলিটোক আগৰ কেইদিনৰ দৰে আগুৰি ধৰা নাছিলহি। আৰু  মেঘে এৰি  দিয়া সেই বাটেৰেই সূৰুযটোৱে আমালৈ ঠেলি পঠিয়াইছিল দুৰ্বল অথচ  লাহী ৰশ্মি। হেঙুল বৰণীয়া সেই ৰশ্মিয়ে উদ্ভাষিত কৰি তুলিছিল মোক। মোক  বিলাই দিছিল এসোপা প্ৰেৰণা। সেই ৰশ্মিখিনিয়ে যেন কঢ়িয়াই লৈ আহিছিল  সূৰুযৰ বতৰা। যোৱা এসপ্তাহ মেঘৰ মাজত পথ বিচাৰি উকমুকাই লেবেজান হৈ পৰা  সূৰুযৰ বতৰা। হঠাতে মনটোত কিবা এটা জোৰ পাই গ’লো।  -“কৈলাশদা…এই কৈলাশদা। এইবাৰ গাত ধৰি ধৰি তাক মাতিলো।  – “হু….” – ’অলপ ভাল পাইছানা ? ” – “হু ? ” – “কি হৈছি তোৰ ?” – “হু ? ..নাই…একো হনাই” – “উঠ তিত্তেহ’লি। ৰাস্তা কিত্তোৱাএ পালু.. অলপ গেলি ঘৰে যাই পাম” অলপ  সময় তেনেকৈ থাকি সি উঠিবলৈ  চেষ্টা কৰিলে। কিন্তু গাত শকতি নাই। হাতত ভেজা  দি উঠিবলৈ চেষ্টা কৰিলে, অথচ হাত দুখনৰো যেন দেহৰ ভৰ ধৰি ৰাখিবলৈ বল নাই।    টোপনিৰ পৰা সাৰ পোৱাৰ মানুহৰ নিচিনা সি কৈ উঠিল-“অ…, বেলাএ হ’ল দেখুনে।” – “উম.,,,,উথপা পাৰবি না ? ”  –  “পাৰিম ৰহ….।” কুচিয়াৰ বাহিৰে আন মাছ নাকাটো বুলি ডাংকোপ মাৰি দপদপাই  কথা কোৱা সেইজন কৈলাশদায়েনে এইজন ? ক’ত তাৰ সেই মাত, ক’ত গ’ল সেই প্ৰত্যয়  ?  – “ৰহ… ম‍ই ধৰি দেউ ৰহ..লাহে লাহে উথপি।” – “মোৰ দাওখেন ক’ত ? ” – “বাদ দি দাও। কভে পচ্চি য’।” কষ্টেৰে  যেতিয়া তাক থিয় কৰাইছিলো অদূৰৰ পৰা তেতিয়া ভাঁহি আহিছিল মানুহৰ মাত।  মূৰ তুলি অনুধাৱন কৰিব চেষ্টা কৰিলো কোনফালৰপৰা আহিছে মানুহৰ মাতবোৰ।  হয়.. এইফালেই আহি আছে। দীঘলকৈ এটি হুমুনিয়াহ ওলাই গ’ল। এটা বোজা যেন পিঠিৰপৰা খহি পৰিল। থিক ঘৰত মাৰ দৰে। আমাক  বিচাৰি যোৱা দ্বিতীয়টো দলে যেতিয়া আমাক চোতালত থিয় কৰাইছিল, মাৰো  পিঠিৰপৰা তেনে এটি বিশাল বোজা খহি পৰিছিল। কিন্তু আমাৰ বাবে চোতালত ৰৈ  আছিল আন এক আশ্বৰ্য্য -দয়াল কা। ভূতৰ ওজা দয়াল কা। পিন্ধনত ৰঙা  চুৰিয়া, ডিঙিত ৰঙা কাপোৰ।    – “ঐ ৰহ। তাতে ৰহ। ” দয়াল কাৰ মাতত ঘূৰি চালো। নিৰেন আতা আৰু ঘোনো খুৰাৰ হাতত ওলমি থকা অৱশপ্ৰায় কৈলাশদায়ো আধা মুদখোৱা চকুযুৰিৰে ঘূৰি চালে।  – “ক’ৰ বস্তু তোই ? ” – “ক’ৰ পৰা আইছা ? ” আমি থতমাত খাই ৰৈ দিলো। নিৰ্বাক হৈ ৰ’ল ভূত খেদা চাবলৈ চোতালত থূপ খোৱা গঞা। এক ভয়লগা নিৰৱতাই বিৰাজ কৰিলে চোতালখন।  -“ক’ত লগ দিছা ত‍ই ? ” দয়াল কাই ভূতক প্ৰশ্নবান কৰিয়েই থাকিল।  কৈলাশদাৰ  দৰে মোৰো ক্লান্তিত অৱশ হৈ যোৱাৰ উপক্ৰম হৈছে শৰীৰ। কৈলাশদাৰ গাৰ উষ্ণতা  বাঢ়ি আহিছে। জ্বৰে-দাহে আগুৰি ধৰিছে তাৰ দেহ। আধা মেলখোৱা চকুযুৰিৰেই  চাই আছে সি। মুখেৰে ভোৰভোৰাই কিবা বকি আছে। একেবাৰে অস্পষ্টকৈ। হয়তো  ভিতৰত গৈ বিচনাত শুৱাই দিবলৈ কাকূতি কৰিছে। অথচ ক্লান্তিত কথাও ওলাই অহা  নাই। আৰু তাকে এক সুযোগ হিচাপে লৈ ভূতে ধৰা কথাটো প্ৰমাণ কৰাত উঠিপৰি  লাগিছে দয়ালকা – “ভালকে ক’। ফুচফুচে কৈ থাকলি নহব ” – “দয়াল কা, কি এলাখেন ? কাক কি সুধি আছা ত‍ই ? -লাহে লাহে বাঢ়ি অহা খঙটো দমাই ৰাখিব নোৱাৰি মোৰ মুখৰপৰা ওলাই গ’ল। -”  চু….প…. ভ্ৰূম…ভ্ৰূম…ভ্ৰূম…। হাতত থকা বিহ ঢেঁকীয়াৰ পাতেৰে  চোতালত কোবাই কোবাই দয়াল কা মাৰ ফালে আগুৱাই আহি থাকিল। এতিয়াহে যেন অলপ  অলপকৈ বুজি উঠিছো। আমাৰ মাজৰ কোনোৱা এজনৰ গাত লম্ভা ভূত খেদিবলৈয়ে এই  ব্যৱস্থা। দয়াল কা যিমানে আগুৱাই আহি থাকিল, গঁঞা সিমানে পিছুৱাই থাকিল।  পেন্দুকণাবোৰ ভয়ত পেপুৱা লাগিল। থিয় হৈ থাকিব নোৱাৰা কৈলাশদাক ধৰি থকা  নিৰেন আতা আৰু ঘোনো খুৰাও কৈলাশদাক এৰি দি পিছুৱাই গ’ল। সচকিত হৈ ম‍ই  আগুৱাই গৈ ভাৰসাম্য ৰাখিব নোৱাৰা কৈলাশদাক খকমককৈ ধৰিলো।  -“পাগলা  হৈছা নেকি তুহুন ? কি হৈছি এলাখেন ? “- এইবাৰ মোৰ ধৈৰ্য্যৰ সীমা ভাগি গ’ল।  চিঞঁৰি উঠিলো ম‍ই। কিন্তু মোৰ চিঞঁৰৰ প্ৰতি কোনো গুৰুত্ব‍ই নিদিয়াকৈ  দয়ালকাৰ হাতৰ ঢেঁকীয়া আমাৰ নাকে-মুখে ঘূৰাত লাগিল আৰু এটা সময়ত স্থিৰ হৈ  ৰ’ল কৈলাশদাৰ মূৰৰ ওপৰত। সকলো নিচিন্ত হৈ গ’ল, কৈলাশদাক ভূতে ধৰিছে।  – “এতে…এতে….এতে আহি ব‍ইহলি ত‍ই…শ্যালা হাৰামজাদা… যাবিনা নায এৰে পৰা..? ” খঙত থৰথৰকৈ কঁপিছো ম‍ই। পেটত ভোক, কণ্ঠত তৃষ্ণা, শৰীৰ প্ৰায় অচেতন..তাতে আৰু এইবোৰ ভেকোঁভাওনা !! -“মা,  তুহুন কি কৰবা দিছা এলাখেন ? কৈলাশদাক কলজুকে ধৰি তেজ প্ৰায় চেচ কৰি  দিছি…ইতাও তেজ জাই আছে….তাৰ পিছতো…..” কথা শেষ হোৱাৰ আগতে দেখিলো  কৈলাশদাৰ গালত এটা ৰামচৰ পৰিল। অনৰ্গলভাৱে ভূতক প্ৰশ্ন কৰি কৰি কোনো  সঁহাৰি নাপাই শেষত দ্বিতীয় ডিগ্ৰীলৈ নামিলে দয়ালকা। শাৰীৰিক উত্‍পীড়ন  আৰম্ভ কৰি দিলে। বহুত চেষ্টা কৰিও ম‍ই কৈলাশদাক বচাব নোৱাৰিলো। আৰু  অৰ্ধচেতন অৱস্থাৰেই কৈলাশদাই এটা সময়লৈ সহি গ’ল কৈলাশ দাই। আৰু এটা সময়ত  ম‍ই যেতিয়া মোৰ হাতৰ ওপৰত সি ঢলি পৰিল, তেতিয়া নিশ্চিত হ’লো, সি পুনৰ অচেতন  হ’ল। যি হওক, ভালেই হ’ল। এতিয়া অন্ততঃ অলপ সময়ৰ বাবে হ’লেও এই  উত্‍পীড়নবোৰৰ পৰা সি মুক্তি পাব -মনতে ভাৱিলো। কিন্তু ক’তা ? সেই অচেতন  দেহৰ ওপৰতেই চলি গ’ল উত্‍পীড়ন আৰু আমি শিক্ষিত সমাজ, ভদ্ৰ সমাজে চাই থাকিলো  সেই দৃশ্য।  – “শ্যালা চোঁৱৰৰ  বাচ্চা, ইটা চেঞ্চলেচ হ ভৱ ধচ্চা…. ত‍ই যিমান চালাক..তোতকে এই বাপে  চাইৰগুণে চালাক…ৰহ বাপ্পেকে…” এই বুলি দয়াল কাই ভ্ৰূম…ভ্ৰূম কৈ এসোপা  কিবা মাতি কলপাত এখনৰ থোৱা গাহৰিৰ দাতেৰে কৈলাশদাক আক্ৰমণ কৰিবলৈ আগবাঢ়ি  আহিল…আৰু লগে লগে……..কব নোৱাৰাকৈয়ে মোৰ হাতৰ দাখন গৰ্জ্জি উঠিল।  নগাদাৰ গাদীৰ কোৱ খাই চিটভঙলা খাই পৰিল দয়ালকা। এখন অন্ধ সমাজক  অন্ধবিশ্বাসৰ পৰা চকু মেল খুৱাবলৈ ৰাস্তা বিচাৰি নাপায় এক কালৰাত্ৰিত আমাৰ  লগে লগে থাকি আমাক সাহস দিয়া দাখনকেই হাতত তুলি ললো। খঙৰ ভমকত কেতিয়া যে  দাখন হাতত তুলি লৈছিলো গমকেই নাপালো। আৰু যিটোহে ঘাপ মাৰিছিলো….,  সৌভাগ্যবশতঃ চকীখনত দাখনৰ ঘাপটো লাগি গৈহে দয়ালকাৰ গাত গাদীটো লাগিল।  কিন্তু সেই ঘাপটোৱে যথেষ্ট আছিল সেই অধ্যায়ৰ পৰিসমাপ্তিৰ বাবে।  –  “আহ কুন আহা…কাটি দুই ছেৱ কৰিম… অন্ধ মানহু বাছি থাকপা নালগে কুনো।  কলজুকে খাই প্ৰায় আধামৰা কৰা মানহুটুক এলাখেনে বেমেজালি কৰবা ধচ্চা ?….  কুনবাই চাইছানা তাৰ ভৰিৰ ফালে… তেজ ইতাও বন্ধ হনাই…. ডাক্তৰ আনবা লাগে,  তাৰে ঠাইত আনচা ওজা ? চব পাগল হৈছা তুহুন… চবৰে মাথা নষ্ট হৈছি……|”  কিমান সময় তেনেদৰে চিঞঁৰিছিলো গম পোৱা নাছিলো। পাহৰি গৈছিলো মই ’হিতু’।  সকলোৰে মৰমৰ, অমায়িক, ভদ্ৰ, শান্ত ’হিতু’। অথচ খঙৰ জুইত দহি গৈছিলো ম‍ই।  কব নোৱাৰাকৈয়ে কৈ পেলাইছিলো কথাবোৰ। কৰপৰা শক্তি পাইছিলো, নাজানো। কিন্তু  বকি বকিয়েই মোৰ হাতৰপৰা কোনোৱাই কাঢ়ি লৈ যোৱা দাখন বহু সময়লৈ বিচাৰিয়েই  আছিলো। সেইখন পালে যেন চবকে কাটি-কুটি চাৰখাৰ কৰি দিম ! চোতালৰপৰা কোনোৱাই  দাঙি নি কৈলাশদাক ভিতৰৰ বিচনাত শুৱাই দিছিলহি। আৰু মোৰ হাতত আহি ধৰিছিলহি  এখনি কনমানি হাতে- আমাৰ পৰিয়ালৰ কনিষ্ঠ সদস্য নিকুৰ। দয়াল কা কোন তলকত  পলাইছিল গমেই পোৱা নাছিলো। মানুহবোৰো ঘৰাঘৰি যাবলৈ ধৰিছিল। ঠিক তেতিয়াই  ফাৰ্মাচিষ্ট চুৰেন খুৰাক লগত লৈ হাজিৰ হৈছিলহি দেউতা। ইমান সময় দেউতাক যে  দেখা নাছিলো, এতিয়াহে খেয়াল কৰিলো। চুৰেন খুৰা যেতিয়া কৈলাশদাৰ ওচৰ  পাইছিলগৈ, মোৰ খং তেতিয়ালৈ বহুখিনি জামৰিছিল।    তেতিয়া  পূৱ চোতালৰ ডালিমজোপাত ঘৰচিৰিকা দুটাই কোলাহল কৰি  আছিল। নাৰিকলৰ পাতৰ মাজেৰে  জুমি চাইছিলহি সূৰুযটোৱে। আৰু এক অভৱনীয় ঘটনাৰ সাক্ষী হৈ ৰৈছিল সকলো।

( ক্ৰমশঃ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক