হিতেন শৰ্ম্মাৰ দিনলিপি- ১৩ (ধ্ৰুৱজ্যোতি শৰ্মা)


বহুদিনৰ মূৰত মূৰটো পাতল পাতল লাগিছিল।কিবা এক বুজাব নোৱাৰা আৱেশে মনতো আৱৰি ধৰিছিল। মাত্ৰ এঘণ্টা আগতে, ঘৰৰপৰা ওলোৱাৰ আগমূহুৰ্ততো অনুপমৰ লগত যুক্তি তৰ্কত অৱতীৰ্ণ হৈছিলো। সি বিচৰা নাছিল, হিতুৰ ভাৱমূৰ্ত্তি গাঁৱত বেয়া হৈ ৰওক। সেই বাবেই প্ৰায় চোঁচৰাই নিয়াৰ দৰেই, মোৰ মোক লৈ গৈছিল দয়ালকাৰ ওচৰলৈ।

মইঁ প্ৰথমতে ভাবিছিলো, দয়ালকাৰ ওচৰলৈ গৈ ক্ষমা নুখুজিলে সেয়া মোৰ বাবে হ’ব অতিকৈ অমানৱীয় আচৰণ। ইতিহাসে কোনোদিনে মোক ক্ষমা নকৰিব। কিন্তু ঘৰলৈঅহাৰ পিছত মোৰ চিন্তা লাহে লাহে সলনি হৈ আহিব ধৰিছিল। কিয় জানো, মইন ভাবিব ধৰিছিলো, দয়ালকাৰ ওচৰলৈ গ’লে গাঁৱৰ মানুহে মোক সেও মনা বুলি নাভাবেতো !ঘটনাটো ঘটি যোৱাৰ পিছত মইে দয়ালকাৰ মানসিক অৱস্থা কেনে হৈ থাকিব পাৰে, সেই বিষয়ে এবাৰো ভাবিবলৈও অৱকাশ পোৱা নাছিলো।আৰু যোৱা এসপ্তাহে স্মৃতিৰ কোঠাত আলোছায়াৰ লগত যুঁজি যুঁজি যেতিয়া অৱশ হৈ পৰিছিলো, এই চিন্তাবোৰে মোক জুমুৰি দি ধৰিছিল। কথাবোৰ কিবা উল্টাকৈ ভাবিবলৈ মন গৈছিল। বাৰে বাৰে মনলৈ আহি আছিল, দয়ালকাৰ ঘৰলৈ গ’লে যদি অপদস্ত হব লগাহয় ? আৰু তাকে ভাবি মইম শংকিত হৈ পৰিছিলো। এই শংকাই মোৰ মনত দয়ালকাৰ বিপৰীতে ভাবিবলৈ বল প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰি দিছিল আৰু কেতিয়া যে মোৰ যুক্তি বোৰে জেদৰ ৰূপ লৈ দয়ালকাৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিছিল, গমেই পোৱা নাছিলো।

যোৱা এসপ্তাহে ঘৰৰ ভিতৰতে সোমাই থাকিথাকি আমনি লাগি গৈছিল। আলোছায়াৰ সৈতে তেনেকৈ হোৱা মুখামুখিক মইে সহজভাৱে লব পৰা নাছিলো। মনতো বাৰে বাৰে উভতি যাব খুজিছিল বজালী কলেজৰ সূদীৰ্ঘ বাৰান্দাখনলৈ। উভতি যাব খুজিছিল তেৰবছৰৰ আগতে আৰম্ভ কৰা দিনবোৰলৈ। আৰুসেইবোৰ চিন্তা কৰিয়েই আজিও সোমাই আছিলো কোঠাৰ ভিতৰত। তেনেতে অনুপম সোমাই আহিছিল। আহিয়েই চিৰাচৰিত ধঙেৰে সি আৰম্ভ কৰি দিছিলহি তাৰ হৈ-হাল্লা।
-অ’ই, তোক চাবাক ল’গি টিকেট কাটপা লাগা হৈছি যি?
মইত একো নামাতিলো।
-ইটা মুখোৰ মাত নাই যি? শ্যালা বিবিচি ওলচা?

-কি হল তোৰ? গা বয়া না কি? হস্পিতেলৰ পৰা আহি বাহিৰ ওলোৱে নাই দেখুন?
-নাই অ’। গা বয়া নহে…
-তিত্তেহ’লি?
-…
-মন বয়া?
-নহে
-চা, এখনি ফেচ কৰবায়ে লাগবো। যদি ফেচ কৰবায়ে নৰা তিত্তেহ’লে এলাখেন আৰম্ভ কচ্চিলি কিয়ো?
-মোৰ একো হনাই ও ।
-ক’লি মানিম নিকি? শ্যালা, নিজেতো একো নকবিয়ে, সুধলিও মুখেদি নামতিবি… মনে মনে থাকলি কি শান্তি পাই নিকি?
-এলাখেন একো নহে। বেলেগ এটা…
-বেলেগ এটা?… কি বেলেগ? কোচুন

-কবিনা…. কুত্তা, তই আমাক কিবা লেহেটি-পেহেটি বুলি ভাবা নিকি এ…. নুসুধলি একো এটা নক যি !
-কম। তোক চব কম। মোক মাত্ৰ অলপ সময় দি।
-সময়? কিমান সময়? …… ঠিক আছে। এটা চৰ্তত দিম। ত^ই ওলো
-ক’ত?
-ওলোচুন
-আগতে ক
-কিয় দয়ালকাৰ তাতে নায?
-নাযং
-কিয়?
-….
-তয়ে কইছলি দেখুন
-ইটা ভাপচু, নাযং
-হু?
-কি ৰিক্স এলা মানহোৰ?
-অ’ই, তোৰ কি হৈছি কোচুন। আজি এনেহেন কথাগেলা কৈ আছা যি? তই গম পাইছানা তই কি কৈ আছা?
-গম পাইছু কাৰণেতো নাযং বুলি কৈছু।

কথাখিনি কওতে মোৰ মাতটো অস্বাভাৱিকভাৱে ডাঙৰ হৈ পৰিছিল।
-চা হিতু, আমাৰ লোগোত তোৰ ভাৱ-চিন্তা নিমলে কাৰণে আমি সবে তোক ভালপাউং, গোটে গাউই তোক ভাল ছ’লি বুলি ক’এ।পৰিস্থিতিৰ বাধ্য হৈ তই কিবা এটা কচ্চিলি, সেইবুলি তই চবৰে নিচনা কথা গেলাক’লি কিংকে হোবো, কোচুন। তয়ে দেখুন কইছলি, বৰ্তমান শিক্ষিত সমাজত ওজালি কৰি দয়ালকাই ডাঙাৰ ৰিক্স লবুলি। তিত্তে হ’লি, তাক এই কাম এইৰে বেলেগ কামত ধৰটু তোৰ দায়িত্ব নহে, আমাৰদায়িত্ব নহে?
-কিন্তুসি যি আমাৰ কথা গেলা মানবো, তাৰে কি মানে আছে? যদি উল্টাকে প্ৰতিশোধ লবাহে খুজে… যদি আমাক ঘৰ খেদি মাৰবা যাৱ বুলি বদনাম উইলৈ…তেনে নকৰিবো বুলিওতো কবা নৰা?
-তই বহুত চেঞ্জ হ’লি, ৰূমোৰ ভিতৰোত সুমে থাকি তোৰো মনটু থেক হৈ গেইছি।পাগলাৰ নিচনা কি বকচা তয়ো নাই জনা। এখেন সমাজক চেলেঞ্জ দি এটা মানহুক ভয়কচ্চা আজি? তাতে আৰ মাইৰখাৱৰ ভয়? তই ক মতে সেনেহেন হোলি মই ৰিক্স লমবুল।
-মই তোক বিপদত ফেলোবা খুজা নাই
-কিন্তু তই ইটা নল্লি, মইহে তোক বিপদত ফেলোম
-চা, মই ধৰবা পাৰা নাই যাই কি কৰিম
-মই যাম নহে, তই একো চিন্তা নকৰিবি। মাত্ৰ ওলো
-নাযং নিকি?
-ওলোবু লচু নহে । অগত্যা মই অনুপমৰ চাইকেলৰ পিছৰ কেৰিয়াৰত বহি এক কিলোমিটাৰমান দূৰত থকা দয়ালকাৰ ঘৰলৈ যাবলৈ বাধ্য হৈছিলো। বাটে-পথে লগ পোৱাকো নো মানুহৰ মুখলৈ মোৰ সাহস হোৱা নাছিল, কিজানিবা বেয়াকৈয়ে কয়, কিজানিবা ঠাট্টায়েই কৰে….ইপিনে অনুপমে গোটেই ৰাস্তাতেই মাইক বজাই বজাই গৈছিল। ঠিক ৰজাঘৰীয়া ঘোষকৰ দৰে। আমি যেতিয়া দয়াল কাৰ চোতাল পাইছিলো, দয়াল কা তেওঁৰ সৰু জুপুৰিটোৰ বাৰান্দাত বহি বাঁহবন কৰি আছিল। মই চাইকেলৰ পৰা নামি সংকোচেৰে থিয় দিছিলো।দয়াল কাৰ গাত আমাক ওভোতাই ধৰা লক্ষণ দেখাৰ বিপৰীতেএক আজৱ ব্যৱহাৰহে দেখা পাইছিলো। বাৰান্দাৰ সিটো মূৰে থকা মূঢ়া দুটা আনি আমালৈ আগবঢ়াই দিছিল তেওঁ।মই লুকাই লুকাই চাইছিলো দয়ালকাৰ হাতখনলৈ, যিখন হাতত তেওঁক মই প্ৰহাৰ কৰিছিলো। এখন গামোছাৰে মেৰিয়াই থোৱা আছিল পেশীখিনিত।মই মুখেৰে একো এটা কবপৰা নাছিলো। মুখৰ মাতখিনি যেন কিহবাই খামওচ মাৰিধৰিছিল। মোৰ অৱস্থা দেখিঅৱশেষত অনুপমেই মাত দিছিল-কেনে পাইছা ইটা কাকা?
-কেনে পাইছো মানে? মোৰতো একোৱে হ নাছিল। অ’… অলপ দুখ পাইছলু যদিও আঘাট একো হ নাছিলতো।
-ই, হিতুই তোক কিবা খুজে। সেইকাৰণে আজি তোৰ ওচৰোত আইছি। অ.. অৱশ্যে তইবান্ধবিবুলি ভয় খাই আছিল…. কথাখিনি কৈয়ে সি খেকখেক কৈ হাঁহিবলৈ ধৰিলে।
-সেটু নহে। আচলতে মইতো বান্ধবা লাগা কামে কচ্চু না…. অনুপমৰ হাঁহিত কিছু সহজ হৈ এইবাৰ মই মাত লগালো
-তইবান্ধ খাবা লাগা কাম কৰা নাই। কচ্চিলু মই। আৰ সেই বাবে ফলো পাবাধচ্চিলু।সিদনা খুট্টি বা তুহাৰ পালাত নপৰি বেলেগৰ পলাত পল্লি মোৰ অৱস্থা কি হোলাকহৈ পাছত ভাবিহে মোৰ বুকখেন ধপ ধপইছি। পাছে ইটা তাৰ খবৰ কি হিতু?
-কাৰ? কৈলাশদাৰ?
-অ’
-ভাল পাইছি অলপ। হস্পিতেলৰ পৰা আনি ঘৰত আনছি। ৰেষ্টত আছে ইটা

-মোক একদিন লৈ যাবিনা তাৰ ওচৰত? ছ’লিটুক একবাৰ চাবা খুজছিলো।
দয়ালকাৰ কথা শুনি মই তভক দিলো। এক অচিন আবেগে বুকুখন খামুচি ধৰিলেহি।যেন অলপ সুৰুঙা পালেই এসোপা চকুপানীয়ে হৃদয়ৰ পাৰ ভাগি ওলাই আহিব। অনুপমেমোৰ মুখলৈ চালে। সি ধৰিব পাৰিলে মোৰঅৱস্থা। সেয়ে পৰিস্থিতি সলনি কৰাৰবাবে সি কৈ উঠিল- চাবি, তোৰ ৰাঙা মোনা খেন লবা নাপাহেৰবি আৰ’।
তাৰ কথাত দয়াল কা হাঁহি উঠিল। আমিও দয়ালকাক যোগ দিলো।

দয়ালকাৰ তলৈ যোৱাৰ আগে আগে দয়াল কাৰ মুখামুখি কেনেকৈ হম, কেনেকৈ কথা পাতিম ইত্যাদি কিমান যে কথা ভাবিছিলো। আৰু আজি মাত্ৰ এটা মূহুৰ্ততে সকলোবোৰ সলনি হৈ গৈছিল। দয়াল কা সলনি হব খুজিছিল। ভূতৰ ওজাৰ পৰা এজন খেতিয়কলৈ।ভৌতিকবস্তু এটাকলৈ জীৱিকা কৰি থাকিব খোজা অকামিলা এজনৰপৰা বাঁহ বন কৰিদুপইচা আৰ্জিব খোজা এজন সজ মানুহলৈ। আৰু তেওঁৰ এই পৰিৱৰ্তনত অৰিহনাযোগাইছিল মোৰদেউতাই, মোক নজনোৱাকৈ। ঘটনাটো ঘটাৰ পিছদিনা খবৰ লবলৈ গৈ দুবিঘা দ মাটি এইবছৰৰ পৰা আধি খেতি কৰিবলৈ দেউতাই দয়াল কাক প্ৰস্তাৱ দিছিল, লগতে দিছিল বাঁহবনৰ কাম আৰম্ভ কৰিবলৈ বিশটা বাঁহ। সেই কথা দয়ালকাৰ মুখৰ পৰা মই গমপাইছিলো আৰু গম পায়েই এক অভিমানে আহি মোক আগুৰি ধৰিছিল। মোক নজনোৱা বাবে অভিমান। দেউতাৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি বহুগুণেবাঢ়ি গৈছিল। মই নিৰ্বাক হৈগৈছিলো। মাথোঁ শুনি গৈছিলো সকলোবোৰ।

কি ভাৱিছিলো, কি হ’ল; আজি অনুপম নহা হ’লে ! দয়াল কাৰ পদুলিমুখত আহিয়েই অনুপমক সাৱটি ধৰিলো। চকুৰ পৰা দুটোপাল গৰম লোটক সৰি পৰিল।

এই সময়খিনি হৃদয়খনেও অলপ জিৰণি পাইছিল। আলোছায়া নিশব্দে শউই আছিল মোৰ হৃদয়ৰ গভীৰ খাদত। আৰু যেতিয়া পুন ৰসেই খাদ খান্দিবলৈ লাগি গৈছিলো, তেতিয়া এন্ধাৰ নামিছিল। চোতালত ঢাৰি পাৰি দেউতা জিৰণি লৈছিল। মই আৰামী চকীখনত বহি অলপ দূৰত চকু দুটা মুদি সোমাই গৈছিল স্মৃতিৰ গভীৰৰ পৰা গভীৰতালৈ। আৰু সেই গভীৰতাৰ পৰা ক্ৰমে সাৰ পাই উঠিছিল বজালী কলেজে, উচ্চজিত, সুকুমাৰ, হিম, মানৱহঁতৰ কিৰিলিয়ে, সাহিত্যচ’ৰাৰ সেই আড্ডাবোৰে… মই ক্ৰমে পুনৰ বিলী নহ’বলৈ আৰম্ভ কৰিছিলো সেইদিনবোৰৰ সৈতে…..।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক