হিতেন শৰ্ম্মাৰ দিনলিপি-১১ (২য় অধ্যায়)(-ধ্ৰুৱজ্যোতি শৰ্মা)

সপোন সপোন যেন লগা দুঘণ্টা সময় ইমনত কটাই আমি যেতিয়া পূজাথলী পাইছিলোঁহি, তেতিয়া মনবোৰ পুলকিত হৈ আছিল। পূজাথলীত তেতিয়া প্ৰায়ভাগ ল’ৰা-ছোৱালীয়েই আহি উপস্থিত হৈছিলহি। আমাৰ লগত আলোছায়া অহা নাছিল, কিন্তু অহাৰ প্ৰতিশ্ৰুতি দিছিল। পূৱালীয়ে হয়তো কিবা কব বিচাৰিছিল, কিন্তু ইমনত সুন্দৰভাৱে পাৰ কৰা সময়খিনি নষ্ট হওঁক বুলিয়েই একো কোৱা নাছিল।

-অ’ই হিতেন, পুষ্পাঞ্জলি দিয়াৰ সময় হৈছি। চবকে মাতি দিয়াচুন। -প্ৰাঞ্জল দাই পূজাথলীৰ পৰা ওলাই আহি ক’লে।
মই ৯ নং কোঠাত বহি থকাসকলক খবৰটো দি কমন ৰূম পালোঁগৈ। চাৰসকল তেতিয়া বেচ কথাৰ মহলাত ব্যস্ত আছিল। চাৰসকলক পূজাথলীলৈ আহিবলৈ কৈ লেবত অভ্যৰ্থনাথলীত ব্যস্ত থকাসকলক ক’লোঁগৈ। লেবৰ পৰা মই চিধাই গৈ অস্থায়ীভাৱে সজোৱা পাকঘৰ পালোঁগৈ। জানো, ৰান্ধনিয়ে পুষ্পাঞ্জলি দিবলৈ যাব নোৱাৰিব। তথাপি গ’লোঁ। পুষ্পাঞ্জলি দিয়াৰ ইচ্ছা নাছিল বাবেই হয়তো অলপ লুকাবলৈ চেষ্টা কৰিছিলোঁ। সেয়ে গৈ ৰান্ধনিৰ লগত কথাৰ মহলা মৰাত লাগি গৈছিলোঁ। কিছুপৰ কথা পাতি বাহিৰলৈ ওলাই যাওঁ বুলি দুৱাৰমুখ পাইছিলোঁগৈহে, কৰবাৰ পৰা আহিল নহয় পূৱালী। ওচৰ পাইয়েই তাই চিঞৰ-বাখৰ আৰম্ভ কৰি দিলেহি-
-অ’ই কুকুৰ, চবকে তাতে পথে তই ক’ত পলে ফুচ্চা?
-পুষ্পাঞ্জলি শেষ হ’লনা?
-হোনাই। অলপ ৰোবা কৈ আইচু।
-কিয়ো?
-চবগেলাখেন আহক।
-চব মানে? চব গেইছিয়ে দেখুন।
-চব গেইছি যি, তয়ে যাৱ নাই দেখুন।
-এহ….হে, মই এলাখেন ভাল নাপং এ।
-কিয়ো?
-এনেই।
-হিতু! তই বামুনোৰ চ’লি কিংকে হ’লি কোচুন? নাস্তিক শ্যালা !
-ভুলতে- হাঁহি হাঁহি ময়ো উত্তৰ দিলোঁ।
-ভুলতেতো হৈছা বুলি গম পাইচুএ। পাছে ক’চুন-এই দুইদিন তিত্তেহ’লি গৰু খাটা দিলি কিয়ো?
-কাৰণ, কাৰণ মে এক চ’চিএল মানহু হু। আউৰ সমাজ মই ভাল পাতা হু।–ধেমেলীয়াকৈ কথাখিনি কৈ মই কথাৰ গুৰুত্ব কমাবলৈ চেষ্টা কৰিলোঁ।
-জানু। চব মানহুএ চ’চিয়েল। আৰো এলাখেন অনুষ্ঠান-ও চ’চিয়েই অনুষ্ঠান এ। ইতা পুষ্পাঞ্জলিও আকলা-আকলিকে নেদে। সকলোকে একেলগে সামাজিকভাৱেই দিবো।
-জানু। কিন্তু এলাখেন চব অৰ্থহীন বুলি ভাবু।
-ভাবা ভাবা আহ। ইটা লেকচাৰ বন্ধ কৰ আৰো আহ।
-মই এলাখেন ভাল নাপোং বুলি কৈছুৱে দেখুন। তই যা।
-হিতু! কি হৈছিনু তোৰ?
-আকো হোনাই।
-ভাল নাপো নাই। মোৰ কাৰণেতো বুল। -অনুনয়ৰ সুৰত এইবাৰ পূৱালীয়ে অস্ত্ৰপাট পঠালে।
-??
-মানে মই নহোলি আকলা-আকলি বইভা লাগে যি, সিকাৰণে কৈছু।– কথাৰ সুৰ বেলেগ যেন হোৱাত তাই এইবাৰ কথা ঘূৰাবলৈ ক’লে।
-কৰবী আহুন?
-আছে। চোব থৰা-থৰিকে বহি আছে। মই কাৱাব মে হাড্ডি হোবা নাযং।
-!!
-না ডাৰ্কলাইট নাহা কাৰণে নায?
-নাঃ। তই যিমান জকে থাকা, আমাৰ মাজত সিমান আকো নাইতো। পাৰা যদি তয়ে লুগে দিচুল।
-হোবো নিকিন!! যাবি না ইতা? ডাৰ্কলাইট লাগে যদি বুল। তই নেগোলি ময়ো নাযং কিন্তু, মোনোত ৰাখপি।
-ধই! পাগলা নেকি?
-নহে। পাগলা নহে কাৰণে মাতচু, বুল। আৰো ভগৱান নামনিলি বুলিয়ে……. পূৱালীৰ লেকচাৰ শুনাৰ শাস্তিখিনি খোৱাতকৈ যোৱাই ভাল হব বুলি তাইক আধাতে ৰখাই যাবলৈ ওলালোঁ।
-ৰহ, ৰহ। আৰো আকো বুজোবা নালগে। পাছে তোৰ কাষত বইহলি পূজাত মন নবইভোএ নহে।–গৈ গৈ তাইক অলপ জোকাবলৈ চেষ্টা কৰিলোঁ।
-কিয়ো? ডাৰ্কলাইটক লুগে দিম বুলি ইমান আশা কৰিও লাভ নহোবো। আৰো তাইৰ কথায়েই অনবৰতে ভাবি থাকা যে, আমাৰ কথাও মাজে মাজে ভাববিচুন।
-ডাৰ্কলাইটৰ কথা কোনাই। তোৰ কথায়েই কৈছু। তাতে আজি ইমান ধুনীয়া লাগচি তোক যে……
-যে?চাইট্টা চ’লিৰ মাক?
-নহে।
-তিত্তেহ’লি?
-চাইকেলখেনত পাছৰ কেৰিয়াৰ নাই ন’হে।
-আগতে উঠিম দে।
-তোক নাটপো নহে। অলপ বহলাতু কমে ঠেক হোচুন।
-মই বহলা হৈ থাকলি তোৰ কি প্ৰ’ব্লেম?
-কলুৱে দেখুন। তাতে চেকেণ্ড হেণ্ড চাইকেল। -ধেমালীৰ মাজতে দুয়ো দুয়োকে জোকাই জোকাই পূজাথলী পইছিলোঁগৈ। শেষৰ সময়ছোৱা পূৱালীয়ে একো কোৱা নাছিল। মোৰ চকুলৈ অৰ্থবহ ভাৱে মাথোঁ চাইছিল। এনেকুৱা এটা চাৱনি, যাৰ অৰ্থ বুজিবলৈ এই চক্ৰেটিচৰ হয়তো আৰু বহুত দিন লাগিব।
পূজাৰ আমেজ, নৱাগত আদৰণিৰ ধেমালিবোৰে সকলোকে বুৰাই ৰাখিছিল। দিনটো সকলোৰে বাবে হৈ পৰিছিল এক বিশেষ দিন। মোৰ বাবেও। ঘৰুৱা সমস্যাৰে জৰ্জৰিত হৈ থকা সময়তো আজিৰ দিনটোৰ কাৰ্য্যক্ৰমণিকাই গোটেই দিনটো মোক এই সমস্যাসমূহৰ পৰা আঁতৰাই ৰাখিছিল। দেৱীকা বাই বৰ পৰিপাটীকৈ আৰম্ভ কৰিছিল আমাৰ পৰিচয়পৰ্ব। আৰু পৰিচয়পৰ্বৰ লগতে সকলোকে সহজ কৰি তুলিবলৈ কৰিবলৈ দিছিল কিছুমান অভিনয়, আবৃত্তি ইত্যাদি। অৱশ্যে কবিতা সকলোৰে বাবে বাধ্যতামূলক আছিল। কোনোবাই কবিতা নাজানিলে ‘লাও পুলি ল’ৰাই ৰুলোঁ’ হ’লেও মাতিব লগাত পৰিছিল। আৰু এই নিয়মে মোৰ টেনচন বঢ়াই তুলিছিল। সকলোৱে হাঁহিছিল, ফূৰ্তি কৰিছিল। মাৰ্জিতভাৱে জমাইছিল। পূৱালীয়ে মাজে মাজে মোলৈ চাইছিল। সেই অৰ্থবহ চাৱনিটোৰে। আৰু তাই যিহে ভয়ানক, মোক কিহবাত ফচাব বুলি তলমূৱা হৈছিলোঁ। কিন্তু তথাপিও মোৰ পাল আহিছিল। পূৱালীয়ে মোক ফচোৱা নাছিল। কিবা সহায় কৰিব লাগে বুলি ৰিদিপ দাই মোক উঠাই নিছিল। আৰু তাৰ পিছতেই আৰম্ভ হৈছিল মোৰ পাব্লিক ইনচাল্ট। আতিশয্যাৰ ভৰত ময়ো কবিতা মাতিছিলোঁ, আৰু কবিতাবোৰ গহ্বৰ সিঙৰ ডায়লগৰ দৰে হৈ সকলোকে আমেজ দিছিল। যেতিয়া গাইছিলোঁ, সৰুতে ছৱি আঁকি তলত কিহৰ ছৱি আঁকিছোঁ লিখি দিয়াৰ নিচিনাকৈ ‘অমুক গানটো গাম’ বুলি কৈ দিব লগা হৈছিল। আৰু “ই ইটো জানে, সিটো জানে” বুলি উচতাই জোল খাইছিল কৰবীহঁতে। আনহাতে মোৰ এই পাবলিক ইনচাল্ট সকলোৰে বাবে হৈ পৰিছিল পাবলিক এণ্টাৰটেইনমেন্ট। হঠাতে দেখিছিলোঁ, আলোছায়াও কোনোবা তলকত আহি বহিছেহি। দেখিলোঁহে মাত্ৰ, তাইও দিলে নহয় জিলেপী ডেঞ্চৰ তলব। মোৰ দৰে আন কিছুমানৰো বেণ্ড বাজিছিল। সকলোৰে সন্মুখত হোৱা এই পাবলিক ইনচাল্টবোৰে কিন্তু মোক আৰু সকলোকে সহজ হোৱাত বহুতখিনি সহায় কৰিছিল।
অনুষ্ঠান শেষ হৈ যেতিয়া খোৱা-বোৱাৰ যোগাৰ কৰিবলৈ আহিছিলোঁ, তেতিয়া ৩ মান বাজিছিলেই। সকলোৱে মিলি প্ৰথম বৰ্ষৰ কেইজনক আৰু চাৰসকলক বহুৱাই দিবলৈ আৰম্ভ কৰিছিলোঁ মাত্ৰ, এনেতে বাহিৰত ৰণদ্বীপ আহি মাতিলহি – ঐ হিতেন, ইফালে আহচুন।
-ইতা যাবা পাৰবান্নাই। কি ক’চুন।
-নহে বে, চিৰিয়াচ কথা।–অগত্যা মই আগবাঢ়ি গ’লোঁ।
-পূৱাক মাতি দেনা
-সেতুহে চিৰিয়াচ কথা তোৰ?
-মাতি দিনা
-কি কথা কচুন।
-কম যা পাছোত। ইতা তাইক মাতি দি। -বেছি সময় মুখ নুখজুৱাই মই পূৱালীক মাতি দি পুনৰ কামত লাগি গ’লোঁ।
দুই মিনিটমান পিছতেই পূৱালী ধূৰি অহা দেখিলোঁ যদিও মুখৰ অভিব্যক্তিত একো ধৰিব নোৱাৰিলোঁ, ৰণদ্বীপে কি কথা ক’লে।
সকলোৰে অভ্যৰ্থনা শেষ কৰি মই, পূৱালী, জয়, অৰূপ, ৰিদিপ, কুমাৰ, উচ্চ, আলোছায়া, কৰবী, দেৱীকা বা সকলোৱে একেলগে খাবলৈ বহিছো। সকলোৰে মুখেৰে আনন্দৰ নিজৰা বইছে। সকলোৱে যেন ধেমেলীয়া কথাৰ প্ৰতিযোগিতাহে পাতিছে। সকলোবোৰ ব্যঞ্জন আকৰ্ষণীয় হৈ পৰিছে। আনন্দ মিহলি ব্যঞনসমূহ পেটলৈয়ে নহয়, হৃদয়লৈও সোমাই গৈছিল। আত্মা তৃপ্ত হৈ পৰিছিল। ইজনে সিজনক জোকোৱা, কাট মৰা আদিবোৰে মনক এক এক অনুভূতিৰে আপ্লিত কৰি তুলিছিল। যোৱা এমাহত যিমান হঁহা নাছিলোঁ, ইমানখিনি আজিয়েই হাঁহি লৈছিলোঁ। আনন্দমধুৰ হৈ পৰিছিল দিনটো। সকলোৰে। মোৰো।
কাৰো ভাল লগা নাছিল যেতিয়া সন্ধিয়া নামিছিল। হাস্যমধুৰ এটা দিনৰ শেষ হোৱাতো কোনেও বিচৰা নাছিল। তথাপি আমি যাবলৈ সাজু হৈছিলোঁ। সাজু হব লগা হৈছিল। আৰু এজন দুজনকৈ সকলোৱে ওলাই গৈছিল। মই আৰু জয় যেতিয়া ওলাইছিলোঁ, তেতিয়ালৈকে সকলোৱে ডিপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল। আমিও ইটো-সিটো কথা পাতি পাতি নতুন বিজ্ঞান ভৱনৰ পৰা নামি আহিছিলোঁ। বাৰান্দাত ভৰি দিয়েই দেখিছিলোঁ, পূৱালী আৰু আলোছায়াই কিবা ভোৰভোৰাই সোঁ-সোঁৱাই হোষ্টেলৰ ফালে গৈ আছিল।
-ইহঁতৰ আকৌ কি হ’ল। -জয় আৰু মই কিবা এটা ভবাৰ আগতেই জয়ে দেখুৱাই দিলে অৰূপ মোৰ পিনে আগবাঢ়ি আহিছে।
-অ’ই চুৱৰ। প্ৰেম কৰবা আপি নাপোলি? আলোছায়াৰ পৰা চাইড হো। আজিৰ পিছোত তাইৰ আশে পাশেও দেখু যদি কথা বোয়া হোবো। তাইকো কৈ দিছু। -খুব অশ্লীলতাৰে কথাখিনি কৈ অৰূপ আঁতৰি গ’ল। তাৰ কথাখিনিৰ উৱাদিহ পোৱাৰ আগতেই সি বহুদূৰ পালেগৈ। মই হতভম্বহৈ পৰিলোঁ। ক’ৰ পৰা কি হ’ল একো ধৰিব নোৱাৰিলোঁ। এইজনেইতো সেইজন অৰূপ আছিল, যিয়ে মোৰ লগত চিনাকি হৈছিলহি, উপযাচি। খং উঠি আহিছিল। ৰঙা পৰিছিলোঁ। কাণ-মূৰ গৰম হৈ আহিছিল। এনেকুৱা লাগিছিল, যেন সেই ডেৰফুটীয়াক ইয়াতেই দুটামান কেঁচা গোৰ সোধাম। কিন্তু তেতিয়ালৈকে সি মূল গেট পাৰ হৈ গৈছিল। কি কৰিম, কি নকৰিম একো ভাৱি পোৱা নাছিলোঁ। পূৱালীহঁতক লগ কৰাৰো কোনো উপায় আৰু নাছিল। উশাহ দীঘলীয়া হৈ পৰিছিল। চকু দুটা অলপ সময়ৰ কাৰণে জপাই চিন্তা কৰিলোঁ, এতিয়া কি কৰিম। চকু যেতিয়া মেলিছোঁ, তেতিয়া দেখিলোঁ কান্ধত এখন আশ্বাসৰ হাত। সমীৰ দাৰ। পাঠশালাৰ স্থানীয়, সকলোৰে দাদা, সমীৰ দা। সমীৰ দাই মোৰ ফালে চাই আশ্বাস ভৰা চাৱনিৰে লাহেকৈ চকু দুটা মুদি লাহেকৈ মূৰ দুপিয়ালে যেন ক’লেহে যে “মই আছোঁ, চিন্তা নকৰিবি।“

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক