হিতেন শৰ্ম্মাৰ দিনলিপি-১১ : ধ্ৰুৱজ্যোতি শৰ্মা

হিতেন শৰ্ম্মাৰ দিনলিপি-১১

ধ্ৰুৱজ্যোতি শৰ্মা

মাজৰাতিলৈকে ঠিকেই গৈ আছিল। এটাৰ পিছত এটাকৈ চেলাইন লগাই থোৱা আছিল। আৰু আমি বাৰান্দাতে বেডৰ কাষত এখন কাপোৰ পাৰি পৰ দিছিলোঁ। অনুপমে ফোনটো লৈ ইফালে-সিফালে ঘূৰি আছিল। ম‍ইনাক শুবলৈ কৈ থকাৰ পিছতো শুব পৰা নাছিল। বাৰে বাৰে “জপং-জপং” শব্দ শুনা যেন পাই ম‍ই চক খাই উঠিছিলোঁ। খুড়া আহি পিছদিনা ৰাতিপুৱা তেজ দিবলৈ মানুহ এজন লৈ আহিব বুলি কৈ গৈছিল। আৰু অজ্ঞান অৱস্থাত পৰি আছিল কৈলাশদা। মাজে মাজে সি ভ্ৰম বকিছিল। ৯ টা মানতে এবাৰ ডাক্তৰ আহি চাই গৈছিল আৰু মাজৰাতিলৈকে কোনো খবৰ নাছিল। আচল সময়খিনি আৰম্ভ হৈছিল ১ মান বজাৰ পৰা। কৈলাশদা হঠাতে চক খাই চক খাই উঠিছিল আৰু হাত-ভৰিবোৰ লৰচৰ কৰিব নোৱাৰা হৈ আহিছিল। আমাৰ দৌৰা-দোৰি লগাই দিছিলোঁ… কিন্তু কতো ডাক্তৰ-নাৰ্চক বিচাৰি পোৱা নাছিলোঁ। আমাৰ অৱস্থা দেখি ৱাৰ্ডবয় এজন ক’ৰবাৰ পৰা দৌৰি আহি কৈলাশদাৰ ওচৰ পাইছিল। অনুপমে কৰবালৈ ফোন লগোৱা আৰম্ভ কৰি দিছিল। ডাক্তৰ-নাৰ্চ কাকো বিচাৰি নাপাই ঘৰলৈ ফোন এটা লগাওঁ বুলি পেণ্টৰ পকেটত হাত ভৰাই চাওঁ, নাই ফোনটোও পাহৰি আহিলোঁ। কি কৰোঁ, কি নকৰোঁকৈ মহিলা ৱাৰ্ডলৈ গৈ মোৰ চকু কপালত উঠিল। এজন ডাক্তৰ আৰু দুগৰাকী নাৰ্চে ৫ টাকৈ ডেলিভাৰী কৰাই আছে। ডাক্তৰক মাতিব খুজিও প্ৰসৱ বেদনাত চিঞৰি থকা মানুহ কেইৰাকীৰ অৱস্থালৈ চাই ম‍ই ৰৈ গ’লোঁ। কি কৰোঁ এতিয়া, ইমান স্বাৰ্থপৰ কেনেকৈ হওঁ… কিদৰে এই অৱস্থাত এৰি ডাক্তৰ বা নাৰ্চগৰাকীক মাতো! তেনেতে ডাক্তৰজনে মোৰ চকুলৈ চালে।
-চাৰ, বাহিৰত যে পেচেণ্টটো… হাত-ভৰিবোৰ লৰাব নোৱাৰা হৈ গৈছে।
-হু! সেই যে ব্লিডিং হৈ থকা পেচেণ্টটো?
-অঁ।
-ঐ যমুনা, এইৰ এটেণ্ডেণ্ট কোনোবা আছেনে নাই? মাইকী মানুহ আছে যদি মাত….. ম‍ই পত্‌কৈ আহি আছোঁ। নাৰ্চ এগৰাকীক পৰামৰ্শ দি তেওঁ মোৰ কাষেৰেই সোঁ-সোৱাই বাৰান্দাৰ চুকটোলৈ আগবাঢ়ি গ’ল। যাওতে ৰেষ্টৰুমত থকা জাগ এটাৰ পানীৰে হাতখিনি এনেকৈ ধুলে যেন কেই ছেকেণ্ডমান দেৰি হ’লেই বহুত ডাঙৰ ঘটনা ঘটি যাব। কৈলাশদাৰ হাতৰ ৰগত হাত দিয়েই ডাক্তৰ চিঞৰি উঠিল- ও মাই গড!
-আৰু কোন আছে আপোনালোকৰ লগত? ব্লাড দিব লাগিব। এতিয়াই। আপোনালোকে মানুহ বিচাৰক। অতি সোনকালে তেজ যোগাৰ কৰিব নোৱাৰিলে পেচেণ্টৰ কণ্ডিচন কব নোৱাৰি। এতিয়া ম‍ই হেমাক্সিল দিয়াৰ বাহিৰে বেলেগ উপায় দেখা নাই। গতিকে এঘণ্টামানৰ ভিতৰতে ব্লাড যোগাৰ কৰাৰ ব্যৱস্থা কৰক।
ইপিনে অনুপম দৌৰি আহি ওচৰ পাইছিলেই। সি তপৰাই মাত লগালে- চাৰ, ম‍ই আছোঁ। আপুনি কি কৰিব লাগে আৰম্ভ কৰক।
-চাওক, আমাৰ এইখন স্বাস্থ্যকেন্দ্ৰহে। ইয়াত ব্লাড লব পৰা ব্যৱস্থা নাথাকে। যদি চিভিলৰ পৰা আপোনালোকে তেজ আনি দিব পাৰে, তেন্তে দিব পৰা যাব। ৰোগীৰ অৱস্থা এতিয়া ইমানেই বেয়া যে, চিভিললৈকে নিবলৈও অনুমতি দিব পৰা নাযাব। সেয়েহে আপোনালোকে পাৰে যদি কিবা উপায়েৰে ব্লাড অনাৰ ব্যৱস্থা কৰক। ম‍ই এখন লিখি দিম বাৰু।
-কিন্তু চাৰ, ইয়াত দেখোন ব্লাড বেংক নে কি লিখা থকা ৰুম এটা দেখা যেন পাইছিলো।
-সেইটো ব্লাড কালেকচন চেণ্টাৰহে। লেব’ৰেট’ৰী টেষ্টৰ বাবে।

মাজৰাতি। ক্ৰিটিকেল কণ্ডিচনত ৬-৭ জন ৰোগী। এজন ডাক্তৰ, দুগৰাকী নাৰ্চ। কোনোৱে আহৰি পোৱা নাই। অভিজ্ঞতাই কাম শিকাই তোলা ৱাৰ্ডবয় কেইজন কোনো ৰোগীৰ ওচৰলৈ গ’লেও এটেণ্ডেণ্টে সৰগ ঢুকি পোৱা যেন পাইছে। তাৰ পিছতো ডাক্তৰে কৈলাশদাৰ কেচটো গুৰুত্বসহকাৰে লৈছে। মাজৰাতি ব্লাড দিয়াৰ কথা ভাবিছে। অথচ আমি… আমি যেন প্ৰথম খোজতেই ৰৈ গ’লোঁ। আমি কোনেও নাজানো চিভিলত ব্লাড পোৱা যাবনে নাযায়, আৰু নাজানো কেনেকৈ যাম। কৈলাশদাৰ গা শেঁতা পৰি গৈছে। মুখেৰে অনৰ্গল বিৰবিৰাই কিবাকিবি বকিয়েই আছে, অস্পষ্টকৈ।

হঠাতে মোৰ মনত পৰিল…হেমন্তৰ কথা। লেব’ৰট’ৰী টেকনিচিয়ান পঢ়ি আহি কৰবাত লেব’ৰেট’ৰী খুলিব বুলি শুনিছিলোঁ কেইদিনমান আগতে।  সি কিবা সহায় কৰিব পাৰেই বা!
-অনুপম, হেমন্ত ক’ত আছে? তাক ফোন নম্বৰ আছেনা? আছে যদি ফোন এটা কৰচুন। কিজানি কিবা সহায় কৰ্বা পাৰেই।
-অ’, ভাল মনত ফেলৈছা । হেমন্ত আছে দেখুন… ৰহ।

কেবাবাৰো ফোন কাটি যোৱাৰ পিছত অৱশেষত হেমন্ত‍ই ফোন উঠালে। অনুপমে তাৰ সুন্দৰ কথনভংগীৰে হেমন্তক বুজালে পৰিস্থিতিৰ গভীৰতাৰ কথা।
-হা! ইমান ঘটনা ঘটছি, অথচ মোক ইটাহে কৈছা? ৰহ… ম‍ই নলবাৰী চিভিলৰ পৰা লৈ যাই আছু। মোক ডিটেইলখেনি দিছুন। মোৰ পৰা বেছি দূৰ নহৈ যিত্তে প্ৰোব্লেম নাই।
আমাৰ মুখলৈ অলপ পানী আহিল।

ভাল-বেয়া, ভাল-বেয়া, এনেকৈ উঠা নমা হৈ আছিল আমাৰ ভাগ্যৰ ৰেখা। সেই মাছ মৰাৰ আৰম্ভণিৰপৰাই। জালখন নিগনিয়ে কূটাৰ পিছতো আমি জোৰা কাটিবলৈ টায়াৰ বিচাৰি পাইছিলোঁ, ইমান পানীৰ পিছতো আমি সঠিক দিশতেই আগবাঢ়িছিলোঁ, মাছ নাপায়ো শেষত আমি ফাঁচীলেঙীৰ মাছ সৰকাব পাৰিছিলোঁ, মাজ পথাৰত বাট হেৰুওৱাৰ পিছতো অৱশেষত আমি বাট বিচাৰি পাইছিলোঁ, সঠিক ভাৱেই ভূতৰূপী ভেকুলী বিচাৰি পাবলৈ সক্ষম হৈছিলোঁ, আৰু বেজৰ হাতৰপৰা ৰক্তক্ষৰণত লেবেজান হৈ পৰা কৈলাশদাক হাস্পতাল পোৱাবলৈ সক্ষম হৈছিলোঁ। আৰু এতিয়া, যেতিয়া তেজৰ প্ৰয়োজন হৈছে, অনুপম আহি হাজিৰ হৈছে, মাজৰাতি টোপনিৰ পৰা উঠি হেমন্ত‍ই কৈছে “ম‍ই লৈ আহি আছু ৰহ”। এবাৰ আকাশলৈ চালোঁ, যিখন আকাশে মোক সাহস দি আহিছে, যিখন আকাশলৈ চাই ম‍ই বহুতো সিদ্ধান্ত লবলৈ সহায় পাইছিলোঁ… আজিও সহায় কৰা হ’লে আকাশখনে।

ডাক্তৰে ব্যক্তিগত প্ৰচেষ্টাৰে ’হেমাক্সিল’ যোগাৰ কৰি ৰোগীক দিয়া আৰম্ভ কৰি দিলে। ম‍ইনাই কাষত চকুপানী টুকি টুকি বহি আছে। ম‍ই ইপিনৰ পৰা সিপিনলৈ ঘূৰি আছোঁ। অতি ঘনকৈ ডাক্তৰে এবাৰ এইফালে এবাৰ মহিলা ৱাৰ্ডৰ পাক মাৰি আছে। তাতো কেবাটাও ক্ৰিটিকেল কেচ। সময় গৈ আছে। লাহে লাহে কৈলাশদাৰ দেহৰ উত্তাপ বাঢ়ি আছে। সফলভাৱে মহিলা ৱাৰ্ডত সন্তান জন্ম হৈ আছে… লাহে লাহে চিঞৰ-বাখৰবোৰ কমি আহিবলৈ ধৰিছে। তেনে সময়তে তেজ লৈ হেমন্ত হাজিৰ হ’লহি। ব্যক্তিগত চিনাকিসূত্ৰে হেমন্ত‍ই আনিবলৈ সক্ষম হোৱা তেজখিনি লৈ ডাক্তৰৰ তত্‍পৰতা যেন দুগুণে বাঢ়ি গ’ল।  তেওঁ অতি কম সময়ৰ ভিতৰতে তেজ দিয়া কাম আৰম্ভ কৰি দিলে।

হেমন্ত। নলবাৰী চিভিলৰ কাষতে নতুনকৈ আৰম্ভ কৰিছে তাৰ লেব’ৰেট’ৰী । আজি যেন ভগৱানৰ ৰূপতহে আমাৰ সন্মুখত দেখা দিলেহি! ধন্যবাদ জ্ঞাপন কৰিবলৈ তাক মোৰ ওচৰত ভাষা নাছিল। যিজন হেমন্তক অলপমান কথাৰ বাবে মাতিবলৈ বাদ দিছিলোঁ, কাজিয়া কৰিছিলোঁ, সেই হেমন্ত‍ই আহি ইমান ডাঙৰ সহায় কৰি দিছিল যে ধন্যবাদ দিবলৈ অথবা আগৰ কৃত কামৰ বাবে ক্ষমা খুজিবলৈও ম‍ই লাজ পাইছিলোঁ। অনুপমৰ ইচ্ছা পূৰণ হোৱাৰ পথত আগবাঢ়িছিল। নলবাৰী চিভিলত গৈ তেজ দান কৰাৰ বাবে সি যাবলৈ বুলি সাজু হৈছিল। ভূতে ধৰা কৈলাশদাক তেজ দি সুস্থ কৰিবলৈ নিজৰ দেহৰপৰা এটোপ এটোপ তেজক সঞ্জীৱনীৰ ৰূপ দিবলৈ সি ব্যগ্ৰ হৈ পৰিছিল। আৰু ডাক্তৰ ! অবিৰামভাৱে লাগি আছিল কৈলাশদাৰ লগত।

পুৱতি নিশা যেতিয়া ডাক্তৰে মাতিছিল তেতিয়া প্ৰায় ৪ বাজিছিল। আধাঘণ্টামান আগতে ৰাতিপুৱাই অহাৰ প্ৰতিশ্ৰুতি দি হেমন্ত তাৰ ভাৰাঘৰলৈ উভতি গৈছিল। লগত লৈ গৈছিল অনুপমকো। ম‍ইনাই চকুৰ পলক নমৰাকৈ শুশ্ৰূষা কৰি আছিল কৈলাশদাক। বিচনীখনেৰে অহৰহ বিচিয়েই আছিল তাই। একেবাৰে টান সময়খিনিত তাইৰ চকুৰ পিনে চাই এক ক’লা ডাৱৰ দেখিছিলোঁ, এতিয়া সেই ভয় আৰু নাই। ম‍ই বাৰান্দাতে থকা খুটা এটাত আউজি অলপ জিৰণি লৈছিলোঁ। জিৰণি লোৱা মানে বহিহে আছিলো। ৱাৰ্ডবয়জনে আহি ডাক্তৰে মতা বুলি কোৱাত ম‍ই  বহি থকাৰ পৰা উঠি বহিলোঁ।

-ম‍ইনা, ত‍ই অলপ থাকচুন। ম‍ই ডাক্তৰক লগ ধৰি আহু।
-আছু যা।
ম‍ই উঠি ডাক্তৰৰ ৰেষ্টৰুমলৈ আগবাঢ়িলো। হঠাতে কাণৰ কাষত বাজি উঠিল অনুপমৰ লগত হোৱা কথাখিনি-
-তোৰতো ঘোৰোত চিন্তা কৰি আছে কিজানি?
-নাই। ম‍ই জানৈছু।
– কি বুলি?
-তেজ দিবা আহা বুলি।
-একো কোনাই মাএ?
-কৈছিল।
-পাছে?
-কৈ দিলু… তুহুন অকৰ্মণ্য এটা পুহি ৰাখা বুলি গালি পাৰি থাকা, আজি কিবা এটা কৰ্বা চাঞ্চ পাইছু, কৰবাতো দি।
-কি কৈছি তিত্তে?
-একো মাতা নাই… হয়তো ফোনটু ৰাখি কান্দছি।
ৰেষ্টৰুমৰ বাহিৰত গৈ পোৱাৰ লগে লগে ডাক্তৰজনে এনেভাৱে মাতিলে যেন তেওঁ মোলৈহে বাট চাই আছিল।
-কৈলাশ শৰ্মা আপোনালোকৰ ঘৰৰে?
-হয় চাৰ, মোৰ দাদা।
-কেনেকৈ কি হৈছিল?
ম‍ই মাছ মাৰিবলৈ যোৱাৰ পৰা সকলোখিনি আদ্যোপান্ত ভাঙি ক’লোঁ। শুনাৰ পিছত তেওঁ কৈ উঠিল-
-ভাল কাম কৰিছে, সেইখিনি সচেতনতা আজি আমাৰ সকলোকে লাগে।
-ভাল নে বেয়া হ’ল নাজানু চাৰ, পাছে গাঁৱত হ’লে হাহাকাৰ হৈ আছে।
-হ’ব দিয়ক। এনে কাম কৰিবলৈ কোনোৱা নহয় কোনোবাই ইনিচিয়েটিভতো লব‍ই লাগিব। আপুনি সেই ইনিচিয়েটিভ লৈছে…. গতিকে অলপ প্ৰেচাৰ আহিব‍ই। পাচে ম‍ই আপোনাক মাতি আনিছু আন এটা কথা কবৰ বাবেহে।
ম‍ই ডাক্তৰলৈ চালো।
-এই যে ম‍ই হেমাক্সিল ইউজ কৰিছোঁ, তেজ বাহিৰৰ পৰা আনিছোঁ সেয়া আচলতে আমাৰ নীতিবিৰুদ্ধ। কিন্তু ৰোগীজনৰ অৱস্থা চাই ম‍ই অলপ নীতিবিৰুদ্ধ কাম কৰিলোঁ। তাৰ বাবে আপোনালোকৰ সহায় লাগে।
-কেনেকুৱা সহায়, কওক ম‍ই সাজু আছোঁ।
-কাৰো আগত ক’ব নালাগে যে অনুমোদন অবিহনে আপোনালোকে তেজ লৈ আহিছে।
-হ’ব চাৰ।
-ধন্যবাদ। বাকী ৰোগী এতিয়া আউট অৱ ডেঞ্জাৰ। কিন্তু আৰু তেজ দিব লাগিব। গতিকে আপোনালোকে তেজৰ বিচাৰ-খোচাৰ কৰি থাকক।
-হ’ব চাৰ। আৰু কেতিয়ালৈকে তেজ দিব লাগিব।
-পাৰিলে আজি আবেলিলৈকে দিব লাগিব।

সময় আগবাঢ়িছিল। আগবাঢ়িছিল মানুহৰ চেতনাবোধৰ যাত্ৰাও। গাঁওৰ যিসকল মানুহে আমাক বাধা দিছিল, প্ৰতিৰোধ কৰিব নোৱাৰি লাহে লাহে দুৰ্বল হৈ আহিছিল। মানুহবোৰৰ কেইজনমানে বুজি পাইছিল কথাবোৰ আৰু তেওঁৰ অনুগামীসকলো প্ৰতিৰোধ নকৰা হৈছিল। তিনিসপ্তাহ হাস্পতালত পৰি থকাৰ পিছত কৈলাশদাক ঘৰলৈ আহিবলৈ অনুমতি দিছিল ডক্তৰে। তেৰ বটল তেজ দিব লগা হৈছিল। অৱশ্যে দ্বিতীয় দিনাৰপৰা তেজৰ বাবে হাহাকাৰ কৰিব লগা হোৱা নাছিল। অনুপমৰ কথামতে “বানৰ সেনা” জঁপিয়াই পৰিছিল ৰক্তদান যুঁজত। এজন-দুজনকৈ ডেকাসকল আগবাঢ়ি আহিছিল তেজ দিবলৈ, আৰু সকলোকে নলবাৰী চিভিল হাস্পতালত কেনেকৈ কি কৰিব লাগিব, সুন্দৰভাৱে বুজাই দিছিল হেমন্ত‍ই। ৰোগীৰ লগত অহৰহ লাগি আছিলোঁ ম‍ই, এৰা দিলেই কিজানি কৰবাত কেনা লাগি যায়! তৃতীয় দিনাখন ডাক্তৰজনাৰ অনুগ্ৰহত আমি ৰোগীৰ বাবে জেনেৰেল ৱাৰ্ডত বে’ড পাইছিলোঁ। তাৰ পিছত যেন সকলোখিনি ঠিকেই গৈছিল।

সকলো বস্তু-বাহানি ঠিক ঠাক কৰি ম‍ই বেডৰ আশে-পাশে এবাৰ শেষ নজৰ দি ওলাই আহিলো হাস্পতালৰ পৰা। কৈলাশদাক লৈ ইতিমধ্যে খুৰাহঁত আগতেই ওলাই গৈছে। সকলোখিনি ঠিকে-ঠাকে হৈ যোৱাৰ বাবে অজানা কোনোবাৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ যেতিয়া হাস্পতালৰপৰা ওলাই আহিছিলোঁ, হাস্পতালৰ গেটত মোলৈ বাট চাই আছিল আন এক আশ্বৰ্য। এক ইতিহাস। মোৰ চকু থৰ হৈ ৰৈছিল। মোৰ সন্মুখত থিয় হৈ আছিল .. আলোছাঁয়া। আজি প্ৰায় দহ বছৰ আগতেই পাহৰণিত কবৰস্থিত কৰিব খোজা….আলোছাঁয়া।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments