হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১-৩ (ধ্ৰুৱজ্যোতি শৰ্ম্মা)

হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১-৩

ধ্ৰুৱজ্যোতি শৰ্ম্মা

 

দ্বিতীয় অধ্যায়

(৩)

ছেপ্তেম্বৰ মাহ । লাহে লাহে বতৰ ঠাণ্ডা হৈ আহিব ধৰিছে । ক্লাছবোৰো ভালকৈয়ে হৈ আছে । পূজাৰ আগে আগে প্ৰায়খিনি ক’ৰ্চ শেষ কৰাৰ টাৰ্গেট লৈছে চাৰসকলে । ইপিনে আমি !! পাছক’ৰ্চৰ ক্লাছত থমথম মদন গোপাল হৈ বহি থাকো । অৱশ্যে মেজৰ ক্লাছকেইটা ঠিকেই গৈ আছে । প্ৰেক্টিকেলো আৰম্ভ হৈ গৈছে । ফিজিকেল লেবৰেটৰীত দোলক দুলি দুলি আমি আমাৰ সময়খিনি আড্ডা দিয়াত লাগি যাওঁ । তাৰে মাজতে যি দুই এজনে দুই-এদিন ভালকৈ কৰে, তেওঁলোকৰ ভাৰ পৰে বাকীকেইজনক বুজোৱাত । অক্টোবৰত কিবা “নাক” আহিব হেনো । কলেজৰ চৌদিশে উখল-মাখল লাগি আছে । সকলো ফালে চিজিল লগাব চেষ্টা কৰিছে নতুন অধ্যক্ষ মহোদয়ে । পাছে, কুকুৰৰ নেজ সাতদিন পুতি থ’লেও জানো চিধা হয় ! আমিও অলৰ অচৰ । লাহে লাহে আমাৰ আড্ডাৰ পৰিসৰ বাঢ়ি গৈ প্ৰথম মহলাৰ ১০ নং ৰূমৰপৰা আহি প্ৰেক্টিকেল ক্লাছলৈ, কলা ভৱনৰ হলঘৰৰ পৰা কলেজৰ সন্মুখতে থকা পুখুৰীৰ পাৰলৈ, বিজ্ঞান ভৱনৰ বাৰাণ্ডাৰ পৰা পিছফালৰ ৰসায়ন বিভাগৰ বাৰাণ্ডা পাইছিলগৈ ।

হঠাতে এদিন পূৱালীয়ে আহি হাতত ধৰি টানিব ধৰিলে-‘অ’ই বুলচুন আহু এটা জাগাৰ পৰা’

-ক’ত যা?

-বুলনা ।

-ক’ত যা ক’চুন ?

-গেলি গম পাবি বুল ।

-নাযং, তই যা। আপিকেটাক লৈ নায কিয় ?

-তাহাক নিবা ন’ৰি কাৰণেতো তোক কৈছু ।

অগত্যা মই যাব লগাত পৰিলোঁ । কলৈ গৈ আছোঁ একো নজনাকৈ বিজ্ঞান ভৱনৰ সন্মুখেৰে মূল গেটলৈ বুলি আগবাঢ়িলোঁ । হঠাতে তাই বাঁওফালে ঘূৰি শ্বহীদ বেদীটোৰ কাষেৰে গৈ শ্বহীদ ভৱনৰ ফালে মুখ পোনালে । মই আচৰিত হ’লো । কি কৰে এই । কলৈ যায় ! এইটোতো ‘আছু’ৰ কাৰ্য্যালয়, কি কাম থাকিব পাৰে তাইৰ-ভাবি ভাবি তাইৰ লগে লগে আগবাঢ়িলোঁ ।

-তোক ডাঙাৰ কথা এটা কবা লাগা আছে ।

-কি কথা?

-ভালকে কবা লাগবো, ইটা কবা নৰি ।

সঁচাকৈয়ে নাৰীক যে ছলনাময়ী বুলি কয়, এই বাবেই চাগে’ । কথা নাই বতৰা নাই অ’ই আহচুন বুলি মাতি আনিব, আহি কোনো ছোৱালীয়ে কেতিয়াও মুখ নুঘুৰোৱা শ্বহীদ ভৱনৰ ফালে মুখ পোনাব আৰু আদ-ৰাস্তাতে কব, তোৰ লগত এটা ডাঙাৰ কথা আছে । কিযে পালাত পৰিলোঁ ।

 

শ্বহীদ ভৱনত তেতিয়া কোনোবা ল’ৰাৰ আড্ডা চলিছিল । এপাল ল’ৰাৰ কেইজনমান আমাক দেখিয়েই পলাইছিল । আমাক বুলি ক’লে আচলতে পূৱালীক দেখিহে । তেওঁলোকেও চাগে’ নাজানে, কিমান বছৰৰ মূৰত বা এই কোঠাটোত ছোৱালীৰ পদধূলি পৰিছেহি । কোঠাটোৰ মলমলীয়া গোন্ধ শুঙিলেই গম পোৱা যায় যে ইয়াত এটা চিগেৰেটৰ মৃত্যু হোৱাৰ বৰ বেছি সময় হোৱা নাই । তাৰে মাজতে দুখন চকীত দুজন চিনিয়ৰ যেন ল’ৰা বহি আছিল ।

-অ’ই, এয়া কুমাৰ দা, এয়া প্ৰাণজিৎ দা । আৰ’ ই হিতেন ।

-তেওঁলোকক নমস্কাৰ দি মই তাইৰ মুখলৈ চাই ৰ’লো । কি কৰি যে আছে তাই !

তাই পুনৰ ক’লে- মইযে কৈইছলু, কামটু ইয়ে কৰবা পাৰব’।

-তিত্তেহ’লে তুমিয়ে তাক ভালকে বুজে দিবা । কিবা অসুবিধা হ’লি আমি সহায় কৰিম বাৰু ।

-হ’ব । ইটা আহু দিয়ক ।

মই কিবা এটা গম লোৱাৰ আগতেই তাই কোঠাটোৰ পৰা ওলাই আহিল । মই তেওঁলোকৰ ফালে ভেবা হৈ চাই ৰ’লো ।

-আমি কিবা এটা কামত লাগিম বুলি ভাবিছোঁ । তাই তুমাক বুজে দিবো । কেৱল কিবা অসুবিধা পালি আমাক কবা ।

ইতিমধ্যে পূৱালী সেই কোঠাটোৰ পৰা ওলাই সোঁফালে থকা আনটো কোঠালৈ সোমাই গ’ল । সাহিত্য সভাৰ কাৰ্য্যালয় ধৰণৰ কিবা এটা লিখা থকা আধা পঢ়িব পৰা আধা নোৱাৰা চাইনব’ৰ্ডখন চাই চাই ময়ো তাইৰ পিছ ল’লো । আৰু কোঠাটোত সোমায়ে মই থৰ হৈ ৰ’লো । এজনী ছোৱালী । মোক ৰেগিং কৰোঁতে লিখিত ভাষাত কথা কোৱা ছোৱালীজনী । মই মাথোঁ তাইলৈ চাই ৰ’লো । সিদিনাতকৈ যেন বহুত পৰিৱৰ্তিত দেখিছোঁ তাইক । নে সিদিনা ভালকৈ নাচালোঁৱেই ! কেইপলমান চাই থকাৰ পিছত তাইৰ চকুৰ পৰা চকু নিজে নিজে নামি আহিল । তেনেহ’লে এইজনীয়েই সেইজনী ছোৱালী, যাৰ কথা পূৱালীয়ে প্ৰায়ে কৈ মোক জোকায় ! কিন্তু এইতো মোতকৈ চিনিয়ৰ । মই একো ধৰিব নোৱাৰিলোঁ । আচলতে কিবা ধৰিবলৈ মই একো ভাবিবই নোৱাৰিলোঁ । মোৰ ভাৱৰ ইঞ্জিন যেন কিছুসময়ৰ বাবে বন্ধ হৈ গ’ল । মোৰ চকুৰ আগত ভাঁহি থাকিল, চকু চাট মাৰি ধৰা সূৰ্য্যৰ দৰে উজ্জল, শীতৰ ৰ’দজাকৰ দৰে কোমল এখনি মুখ । মাত্ৰ কেই মূহুৰ্তমানৰ বাবেহে । হয়তো তায়ো অপ্ৰস্তুতবোধ কৰিছিল । কিন্তু পূৱালীৰ দৃষ্টিত একোৱেই সাৰি নগ’ল । মিচিকিয়াই হাঁহি তাই ক’লে -অ’ই কি হ’ল তুহাৰ ? দুয়ো ৰাঙা পৰি গেইছা যি ? কি কেচ…হুহ ? প্ৰথম চাৱনিতে কিবা কিবি নহেতো ? উত্তৰ নিদিলে ফাঁচি যাম বুলি মাত লগালো -প্ৰথম নহে দে । সিদিনা বাইদেউক লগ পাইছিলুতো । মই যি কইছলু, ৰেগিঙত এটা ছুৱালীৰ কথা…এখেতেই আছিল ।

এটা ৰখাব নোৱাৰা হাঁহিত দুয়ো থৰ পৰিল ।

-অ’ই বুৰ্বক, তই যি এইক বাইদেউ বুলি কৈ আছা, এই আমাৰ বেটচৰে ।

একো ধৰিব নোৱাৰি মই তাইলৈ চাই ৰ’লো ।

-তোক সিদনা আমাৰ বেটচৰ ছ’লিয়েই ৰেগিং কচ্চি, বুৰ্বকটু । আৰু ত’ই চক্ৰেটিচে নাচি-গাই আকাণ্ডাৰি ?

মূৰত যেন টিঙিচকৈ কিবা এটাই কোব সোধালে । প্ৰচণ্ড অপমানবোধে মোক ৰঙা কৰি পেলালে । মই থিৰে থাকিব নোৱাৰা হ’লো । খঙত মই উচপিচাবলৈ ধৰিলোঁ । হাতখন আগুৱাই ছোৱালীজনীয়ে কৈ উঠিল-

-বাই দ্যা ৱে, মই আলোছায়া । তোমাক সিদিনা সকলোৱে তেনেকুৱা কৰাৰ বাবে মই চ’ৰী কৈছোঁ । সিদিনা আচলতে অলপ বেছি হৈ গ’ল বুলিয়েই ভাবো । অন্ততঃ ইমানখিনিলৈকে কৰিব নালাগিছিল ।

-তাই সিদনাএ গইধলা কৈছিল, তোক লগ কৰি কথাখিনি কোবো বুলি, মইহে হাক দিলু । -এইবাৰ পূৱালীয়ে তাইক যোগ দিলে ।

হয়তো এক অপৰাধবোধে খেদি ফুৰিছিল তাইক, যাৰ বাবে এনেহেন ঠাই এটুকুৰাত আহি মোক ক্ষমা খুজিবলৈকে মোক মাতি আনিছিল তাই । হয়তো আন কোনো উদ্দেশ্য আছিল এনেকৈ মাতি অনাৰ । আৰু তাৰ বাবে সহায় লৈছিল পূৱালীৰ । আজি দেখিয়েই ভাল লাগি গৈছিল তাইক । কিবা এটা অনুভূতিত শিহঁৰিত হৈ পৰিছিলোঁ । নাজানো, কি নাম আছিল সেই অনুভূতিৰ । কিন্তু তাৰ পাছতেই যিখিনি হ’ল, সেইখিনিয়েই যেন সকলোখিনি যেন মচি লৈ গ’ল । মই একো মাতিব নোৱাৰিলোঁ । তাৰ পিছত কি কৈছিল, একো মূৰত নোসোমাল । কেৱল কেনেকৈ তাৰপৰা ওলাব পাৰি তাকেই ভাবি থাকিলোঁ । আৰু সুবিধা এটা বুজি ওলাই আহিলো, অকলে । পূৱালীৰ ওপৰতো ভীষণ খং উঠিল । কি দৰকাৰ আছিল তাইৰ, এইবোৰ নাটক কৰিবলৈ ! সৰল হোৱাৰ বাবে এই সৰলতা খিনিৰ সুবিধা লৈছে ! প্ৰচণ্ড গতিত মই ক্লাছৰূমৰ ফালে আগবাঢ়িলোঁ । তলমূৰকৈ, কিমান খৰ খোজেৰে নাজানো । পাছে পাছে হয়তো পূৱালী আৰু আলোছায়াও ওলাই আহিছিল… ৰাস্তাত মোৰ কাষেৰে পাৰ হৈ যোৱা সকলোৱে এপলক হ’লেও মোলৈ চাইছিল…চাইছিল নহয়, যেন হাঁহিছিল আৰু কৈছিল “শ্যাল্লা, ই চক্ৰেটিচ না চক্ৰেটিচেই”। ইপিনে পোহৰাই তোলা মুখমণ্ডলেৰে মোক ঘোৰ অন্ধকাৰত পেলাই দিছিল আলোছায়াই..ঠিক তাইৰ নাটোৰ দৰেই..’আলো-ছায়া’ত ডুবি গৈছিলোঁ মই ।

ক্ৰমশঃ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments