হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১-৪ (ধ্ৰৱজ্যোতি শৰ্মা)

(দেউতাই মেচিনটো ভালকৈ চালে। কিন্তু চুই চাবলৈ ভয় কৰিলে। কি ঠিক কিবা বোমা-চোমায়েই বা। দেউতাই বাৰীৰ পৰা আহি আমাক কোৱাত সকলোৰে হুৱা-দুৱা লাগিল। লাহে লাহে কথাটো ওচৰ চুবুৰীয়াৰো কাণত পৰিল। সকলোৱে দূৰৈৰ পৰা জুমি জুমি চাবলৈ লাগি গ’ল। তাৰে লগে লগে চলি থাকিল কথাৰ মেৰপাকবোৰ। কোনোবাই ক’লে এয়া বিশ্বযুদ্ধৰ সময়ৰ বোমা, কোনোবাই ক’লে কোনো বিদেশী চোৰাংচোৱা সংস্থাৰ ওয়াৰলেছ জাতীয় তথ্য সংগ্ৰহকাৰী মেচিন।)

তৃতীয় অধ্যায়

(৪)

কলেজ ৱিক আহিছে। বজালী কলেজৰ চৌহদ উখল-মাখল হৈ পৰিছে। নৱাগতসকলৰ মনলৈ সাহ আহিব ধৰিছে। কলেজ ৱিকৰ শেষৰ দিনা হ’বলগা নৱাগত আদৰণি সভাৰ দিনাখনেই চিনাকি পৰ্বৰ নামত চলি অহা ৰেগিঙবোৰ। অৱশ্যে এইবাৰ ৰেগিং হোৱা নাই বুলিয়েই ক’ব পাৰি যদিও দুই-এজনে বদমাছী নকৰা নহয়। মোৰ ক্ষেত্ৰত ঘটি যোৱা ঘটনাটোৱে মোক বাবে বাৰে মানি নল’বলৈ বাধ্য কৰাইছে যে ৰেগিং বন্ধ হৈছে। তথাপিও আগৰ দৰে কৰ্তৃপক্ষ ৰেগিঙৰ বাবে চিন্তিত হ’বলগা হোৱা নাই।

বিগত তিনিদিন ধৰি মই কলেজলৈ যাব পৰা নাই। ঘৰুৱা লেঠা, গা বেয়া আদি পয়মালৰ বাবেই ক্লাছবোৰ মিছ কৰিছোঁ। আচলতে সেয়া প্ৰকৃত পয়মাল নে মোৰ অজুহাতহে নাজানো। কিন্তু সেইদিনা পুৱালী আৰু আলোছায়াৰ লগত হৈ যোৱা ঘটনাৰ পিছত কিবা ভাল নলগা হৈ আহিছে।

পুৱালীহঁতক তেনেকৈ এৰি মই গুচিআহিছিলো। সেই সময়ত মই ভৰি আছিলো পূৰ্ণ খঙত। বাকী থকা সময়খিনি ক্লাছত কাৰো লগত কথা পতা নাছিলো। পুৱালীয়ে এবাৰ ওচৰলৈ আহিছিল। কিন্তু কিবা ক’ব পৰা দূৰত্ব পোৱাৰ আগতেই মই আঁতৰি গৈছিলো। তাইৰ লগত কথা পতাৰ ইচ্ছা মোৰ নাছিল। আৰু ক্লাছ শেষ হোৱাৰ লগে লগে কলেজৰ চৌহদত থকা ইউকেলিপ্তাছজোপাত আওজাই থোৱা চাইকেলখন লৈ মই আঁতৰি গৈছিলো। সিদিনাই আছিল শেষ। গোটেই ৰাস্তা মই ভাবিছিলো, কি হৈ গ’ল ! কোন ভুল? মই নে সিহঁত? মোৰ সৰলতা নে সিহঁতৰ চাতুৰ্যতা। ৰেগিং খাই অহাৰ পিছৰেপৰা আলোছায়াক প্ৰতি মোৰ এটা ভাল ধাৰণা জন্মিছিল। আৰু একেদিনাই শেষ কৰি দিলে সেই ধাৰণা ! আৰু পুৱালী? তাইকতো মোৰ ভাল বন্ধু বুলিয়েই ভাবিছিলো। তেন্তে কিয়, কিয় তাই তেনেকুৱাখন কৰিলে ! সহজ-সৰলভাৱে সকলোৰে লগত মিলিব যোৱাটোৱে মোৰ দোষ আছিল নেকি? নে দোষ মোৰহে আছিল !! ৰেগিঙৰ সময়ত মই ধৰিব পাৰিব লাগিছিল যে সিহঁত মোৰ ছিনিয়ৰ নহয়। অথচ মই সিহঁতক চিনিবই নোৱাৰিলো ! আৰু সেই কথাটো জনাৰ পিছত মই অযথা খং কৰা নাই নাইনে ! অযথা নহয়নো কি? নহ’লে ইমানকেইজনৰ মাজত মাত্ৰ এজন বা দুজনকহে দোষাৰোপ কৰোনে ! পুৱালী আৰু আলোছায়াই চাগে’ সকলোৰে আগত কথাখিনি ক’লে লাজ পাম বুলিয়েই আচহুৱা ঠাইখিনিলৈ মাতি নি কৈছিল। আৰু আগ-গুৰ নভৱাকৈ উচাৎ মাৰি মই গুচি আহিলো ! প্ৰচণ্ড আত্মসংঘাত ভুগিছিলো মই। গোটেই ৰাতি শুব পৰা নাছিলো। বাৰে বাৰে ৰেগিঙৰ পৰা আৰম্ভ হৈ মই উচাৎ মাৰি গুচি অহালৈ কথাখিনিয়ে মোৰ টোপনিক মোৰ পৰা আঁতৰাই লৈ গৈছিল। আৰু পিছদিনা পুৱাই…..

অঘটনটো ঘটিছিল দেউতা ৰাতিপুৱাই বাৰীলৈ যাওতে। ঘৰৰ পিছপিনে থকা প্ৰকাণ্ড তামোল বাৰীখনৰ একেবাৰে শেষৰফালে অকস্মাতে দেউতাই দেখিছিল, মেচিনৰ নিছিনা বস্তু এটা মাটিত সযতনে থোৱা আছে। ফেনৰ ৰেগুলেটৰৰ সমান মেচিনটোৰ এখালে সামান্য জোৰেৰে মাটিত লগাই থোৱা আছে এণ্টেনা এডাল। মেচিনটোৰ ওপৰৰ চোক এটাৰ পৰা পেৰাচুটৰ লেখীয়া সৰু স্বচ্ছ তাঁৰ এডাল আন তামোল গছ এজোপাত মেৰিয়াই ওচৰতে থকা আম গছ এজোপাৰ ডাল এটাত ৰবৰ শ্বীটেৰে মেৰিয়াই মেৰিয়াই বন্ধা আছে। দেউতাই মেচিনটো ভালকৈ চালে। কিন্তু চুই চাবলৈ ভয় কৰিলে। কি ঠিক কিবা বোমা-চোমায়েই বা। দেউতাই বাৰীৰ পৰা আহি আমাক কোৱাত সকলোৰে হুৱা-দুৱা লাগিল। লাহে লাহে কথাটো ওচৰ চুবুৰীয়াৰো কাণত পৰিল। সকলোৱে দূৰৈৰ পৰা জুমি জুমি চাবলৈ লাগি গ’ল। তাৰে লগে লগে চলি থাকিল কথাৰ মেৰপাকবোৰ। কোনোবাই ক’লে এয়া বিশ্বযুদ্ধৰ সময়ৰ বোমা, কোনোবাই ক’লে কোনো বিদেশী চোৰাংচোৱা সংস্থাৰ ওয়াৰলেছ জাতীয় তথ্য সংগ্ৰহকাৰী মেচিন। কোনোবাই আকৌ যুদ্ধ জাহাজত কঢ়িয়াই নিয়া বোমা আদিৰ লগত ইয়াৰ সাদৃশ্য আছে বুলিও ক’লে যেন তেওঁ এজন বায়ুসেনাহে। মুঠৰ ওপৰত ভিৰ বাঢ়ি বাঢ়ি পাৰাপাৰাহীন অৱস্থা পালে। ওচৰৰে অনন্ত খুৰাই যন্ত্ৰটোৰ চাৰিওপিনে মানুহ ওচৰ চাপিব নোৱাৰাকৈ ৰচীৰে ঘেৰ সাজি দিলে। গোটেই গাঁৱতে হুৱাদুৱা লাগিল। কোনোবাই যদি কি বস্তু বুলি চাবলৈ আহিল, কোনোবাই আকৌ বোমা ফুটিব লাগিলে মৰিব লাগিব বুলি আমাৰ ঘৰৰ ওচৰলৈও নাহিল। পুলিচক খবৰ দিয়া হ’ল আৰু ৪-৫ ঘণ্টামান পিছত ‘যথাসময়ত’ পুলিচ আহিল। প্ৰাথমিক পৰীক্ষাৰ পিছত পুলিছে ওয়াৰলেছ, বোম্ব স্কোৱাদৰ সহায় লব লগা হ’ল। ৰেডিঅ’ অপাৰেটৰে সেয়া ৰেডিঅ’ চেট নহয় বুলি, বোম্ব স্কোৱাডে বোমা নহয় বুলি জনোৱাৰ পিছত যেনিবা পুলিছে সেইটো খুলি কঢ়িয়াই লৈ গ’ল। গোটেই নাটকখন শেষ হোৱালৈ সন্ধিয়া ছয়মান বাজিল। তাৰ পিছদিনাখন গ’ল পুলিচ থানালৈ দোৰা দৌৰি কৰোতে। কি বস্তু, ক’ত পাইছিল ইত্যাদি ইত্যাদি ষ্টেটমেন্ট দিওতে দিওতে সেইদিনাখনো পাৰ হৈ গ’ল। কিন্তু তাৰ পিছতো কলেজলৈ যাবলৈ মোৰ ইচ্ছা নগ’ল। এই দুই দিন ধৰি পাহৰি থকা বেমাৰটোৱে আকৌ উক দিলেহি। মোৰ নিজৰে যথেষ্ট ভাগৰুৱা যেন লাগিল। দেহৰ ভাগৰক জীপাল কৰি তুলিলে মনৰ ভাগৰে। এক অবুজ অভিমানত মই আকোৰগোঁজ হৈ ৰলো। মনৰ ভিতৰৰ যুদ্ধখনত বাৰে বাৰে মোৰ পৰাজয় হৈ গৈছিল। তথাপিও লাজৰ ভয়ে মোক অভিমানী কৰি তুলিছিল। পুৱালীৰ ওচৰত সেউ অভিমানৰ হয়তো মূল্য আছিল। ইমানদিনীয়া বন্ধুত্বৰ সম্পৰ্কই সেই অধিকাৰকণ মোক দিছিল। কিন্তু আলোছায়াৰ ওচৰত? তাইকতো মই সিদিনা দ্বিতীয় দিনৰ বাবে লগ পাইছিলো। তেন্তে? অভিমানী মনে হয়তো তাইকো আপোন কৰিয়েই লৈছিল।

তিনিদিন ক্লাছ নকৰি যিদিনা ঘৰৰপৰা ওলাই গৈছিলো, সেইদিনা কলেজ ৱিক আৰম্ভ হৈ গৈছিল। কলেজৰ চৌহদত ভৰি থোৱাৰ বিপৰীতে সিদিনা আড্ডা পাতিছিলো হিতেনৰ দোকানত, যাক বহুতে চাৰি-এন বুলিও মাতিছিল। কাৰণটোও আছিল আমোদজনক। আমি চাৰিজন হিতেন তাত লগ হৈ প্ৰায়ে আড্ডা পাতিছিলো। হিতেন পি চি অ’। ডব্লিউ এল এল ফোনৰ বাবে নিৰ্ভৰযোগ্য এই দোকানখন আছিল আন এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। চাৰিজন হিতেনৰ যিকোনো এজন হিতেনলৈ বাৰ্তা পঠোৱাৰ বাবে।

 

তেতিয়া দুপৰীয়া বাৰমান বাজিছিল। হঠাতে ফোনটো বাজি উঠিছিল। ভ্ৰাতৃসদৃশ বন্ধু হিতেনে ফোনটো তুলি ধৰিছিল-‘হেল্ল’

-…

-“কি ? কিত্তে?”

-…

-“সি এইমাত্ৰ এৰে পৰা গেল দেখুন।”

-…

“আহুন দুটা এতে আছে।”

-….

-“নহে। বুনগাঁউ আৰ’ বৰগাণ্ডুবীৰটুহে আছে”

-….

-“তই এটা কাম কৰ। তাক ইমিডিয়েট হস্পিতেলক লগি লৈ যা, আমি তাকে লগি যাই আছু”

-…

-“অ’, ঠিক আছে।”-বুলি কৈ সি ফোনটো থৈয়েই থিয় হ’ল।

-“সইখেৰ এক্সিডেণ্ট হৈছি। বৰ হিতেন, তই থাক, হিতু আৰ মই হস্পিটেলৰ পৰা আহুং।”- আমাৰ মাজতে চিনাক্তকৰণত সহায়ৰ বাবে দি লোৱা নামকেটাৰে সি বঢ়িয়াকৈ বুজাই দি একেকোবে বাৰান্দা পালেহি। আৰু অলপো পলম নকৰি আমি চাইকেলত জাঁপ মাৰি উঠিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক