হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১(– ধ্ৰুৱজ্যোতি শৰ্মা )

হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১

 

ধ্ৰুৱজ্যোতি শৰ্মা

(১)

…ক্লিং…ক্লিং…..ক্লিংক্লিং…-ঠিক পিছপিনেই চাইকেলৰ বেল শুনি মই উচপ খাই উঠিলো। ঘূৰি চাই দেখো এজন পাহোৱাল ল’ৰা।

-কি বছ, চাইকেল থ’বি?….উ..হু…এতে নহে….হেই তাতে যা-সি প্ৰায় গৰম সুৰতেই মাত লগালে।

-কিয়?

-আব্বে নতুনকে আইছা নেকি এ? এতে তোৰ কাৰণে জাগা নাই, ..যা-এইবাৰ সি এনে সুৰত কথাখিনি ক’লে যেন চাইকেল ষ্টেণ্ডৰ সেই ঠাইখিনি তাৰ বাবেহে পঞ্জীভুক্ত কৰা আছে।

আজি কলেজত মোৰ প্ৰথম দিন। কাজিয়া-পেচাল, তৰ্ক-বিতৰ্কত সোমাবলৈ মন নগ’ল। লাহে লাহে মই চাইকেল খন ঠেলি ঠেলি তাৰপৰা আঁতৰি আহিলো।

বজালী কলেজ। মোৰ সপোনৰ কলেজ। সৰুতে ভাৱিছিলো, মোৰ যেন বুদ্ধি-বৃত্তি বেছিকৈ নাথাকে, যিয়ে মোক বজালী কলেজত পঢ়াৰপৰা বিৰত কৰিব পাৰে। সৰুৰেপৰাই শুনি আহিছিলো এই কলেজৰ নাম। সৰুতে শুনিছিলো পঢ়া-শুনাত থকা খ্যাতিৰ কথা। হায়াৰ-ছেকেণ্ডাৰীত বয়সানুযায়ী পঢ়া-শুনাত থকা খ্যাতিৰ ঠাইত লৈছিল, ইয়াত পঢ়া ছোৱালীবোৰৰ সৌন্দৰ্য্যৰ খ্যাতিয়ে। আৰু আজি যেন আহিয়েই ইয়াৰ চাইকেল ষ্টেণ্ডত আন এক খ্যাতিৰ মুখামুখি হবলৈ সাজু হৈছিলো। মনতো দুৰু-দুৰুকৈ কঁপিছিল। লাহে লাহে চাইকেলখন ঠেলি কলেজৰ সন্মুখত থকা ইউকেলিপ্তাছ এডালৰ গাত আওজাই থৈ কেৰিয়াৰৰ পৰা বহীখন উলিয়াই হাতত ল’লো।

ক্লাছ আৰম্ভ হোৱাৰ কথা যদিও দুসপ্তাহ আগৰেপৰাই আছিল, বানপানীয়ে গাঁওৰপৰা কলেজলৈ অহা ৰাস্তা চিঙি পেলোৱাৰ বাবে আহিবহে পৰা নাছিলো। আৰু আজি অলপমান পানী কমিলত কলেজলৈ বুলি ঢাপলি মেলিছিলো। কিযে অশান্তি লাগি আছিল এইকেইদিনত। আৰু আজি আহিও এনে এক পৰিস্থিতিৰহে সন্মুখীন হব লগা হ’ল। ভাবি ভাবি মই গৈ বাৰান্দা পালোগৈ।

-ঐ হিতেন… -ঘূৰি চাই দেখো, অনিল। হায়াৰ ছেকেণ্ডাৰীত একেলগে পঢ়া অনিল।

-ও… কিএ…তয়ো এতে ল’লি নিকি? কভে বাহিৰত যাৱ কথা আছিল বুলে?

-ধই, বাহিৰত যাবি !…. এতেয়ে ভাল এ।

-পাছে কিহত ল’লি তই?

-জুলোজি। তই?

-ফিজিক্স। বায়’ দেখুন তোৰ ফ’ৰ্থ চাবজেক্টহে আছিল যেন পাউ?

-আছিলতো। আহতে মেটচত লবাএ আইছলু। পাছে ফৰ্ম ফিলাপ কৰি থাকোতে যি ঘটনা ঘটিল, মই কবাএ নল্লু কিত্তে মেটচৰ জাগাত জুলোজি লেখি দিলু।

-ভালকে ক’চুন কি হৈছি।

-কমদে…… পাছে ইতা যা, অফ টাইমত ওলবি। তিত্তে কম।

-দে হোবো দে… পাছে মই ক্লাছ-চাছ ক’ত আছে নাজনুৱে ৰ’।

অগত্যা অনিলে মোক ডিপাৰ্টমেণ্ট নটিচব’ৰ্ডলৈ নি দেখুৱাই থৈ আহিলেগৈ। এতিয়া এটা মেজৰৰ ক্লাছ। ১০ নং ৰূমত। তাৰ পাছত দুটা অফ। মই লাহে লাহে কোঠাকেইটাৰ নম্বৰসমূহ চাই যাবলৈ ধৰিলো।

আজি মোৰ প্ৰথম দিন। সপোনৰ কলেজ এখনত খোজ দিয়াৰ প্ৰথম দিন। মনটো কিবা এক অবুজ ভাবত বিভোৰ হৈ আছিল। অন্য ল’ৰা-ছোৱালীবোৰ যিমানেই কাষেৰে পাৰ হৈ গৈছিল সিমানেই নাৰ্ভাছ অনুভৱ কৰিছিলো। অনিলক লগ পাই অলপ সাহস পাইছিলো যদিও মনৰ জড়তা তেতিয়াও একেবাৰে নাইকীয়া হৈ যোৱা নাছিল। সেয়ে কিবা এটা ভয় ভাৱ মনত লৈয়ে প্ৰতিটো কোঠাৰ দৰ্জাৰ ওপৰত লগাই থোৱা সংখ্যাবোৰ পৰীক্ষা কৰি কৰি আগুৱাই গৈ আছিলো।  আৰু অৱশেষত গৈ উপস্থিত হৈছিলো সেই নিৰ্দিষ্ট কোঠাটোৰ সন্মুখত।

ৰূম নং-১০। এটা সৰু কোঠা। পাঁচখন ডেস্ক-বেঞ্চ কোনোমতে সোমাই থোৱা নতুন বিজ্ঞান ভৱনৰ প্ৰথম মহলাৰ একেবাৰে শেষৰপিনে থকা এটা কোঠা। কোঠাটোলৈ জুমি চালো। নাই কোনো নাই, কিন্তু আটাইকেইখন ডেক্সৰ ওপৰতেই কিতাপ, বেগ আদি ৰাখি থোৱা আছে। লগে লগে মোৰ চকুত পৰিল, কোঠাটোৰ সিটো ফালে থকা বাৰান্দাখনলৈ। বহুকেইজন ল’ৰা-ছোৱালীয়ে বাহিৰত আড্ডা দি আছে। মই ইতস্ততঃভাৱে লাহে লাহে সোমাই আহিলো। নাই, ক’তো বহিবলৈ ঠাই নাই। শেষত যেনিবা শেষৰ ডেক্সখনত অলপ খালী ঠাই দেখিলো। কিন্তু তাত দুখন ছোৱালীৰ বেগ দেখি মই আকৌ কোচ খাই আহিলো। ইমান বছৰে মই পঢ়া কতো ল’ৰা-ছোৱালী একেলগে বহি ক্লাছ কৰা নিয়ম পোৱা নাছিলো। কিন্তু আজিহে কি পালাত পৰিলো ! এতিয়া ইয়াত নবহি উপায়ো নাই, ইপিনে বহিলে বা বাকীবোৰে কি ভাবে !! গুছিয়েই যাও নেকি !!-এবাৰ ভাবিলো। কিন্তু আজিয়েই মোৰ প্ৰথম ক্লাছ। তাতে মেজৰৰ। এনেকৈ গুছি গ’লে কেনেকৈ হব-নিজকে অভয় দিলো। বহিম-নবহিম দোমোজাত এনেকৈ থাকোতেই এজনী ছোৱালী সোমাই আহিল। সোমায়েই কোঠাৰ ভিতৰত মোক দেখি এনেভাবে চালে, যে মই যেন একেবাৰে পৃথিৱীত নথকা আচহুৱা প্ৰাণী এটাহে। অলপ পৰ তেনেকৈয়ে চাই থাকি তাই চকু নমালে আৰু লাগে লাগে গৈ শেষৰ ডেক্সখনত থকা বেগ এখনত কিবা খুচৰি আকৌ আহি মোৰ সন্মুখ পালেহি।

-নতুন নেকি?-তাই মোলৈ চাই সুধিলে।

-ও

-ফিজিক্স?

-উম। ক্লাছ এতেয়ে হোবোতো?

-অ…ইয়াতেই হব। মেজৰৰ ক্লাছহে হব। পি.কেৰ ক্লাছ-কৈ কৈ তাই ওলাই গ’ল। কি পি.কে বুজি নাপালো যদিও ইয়াতেই ক্লাছ হব বুলি নিশ্চিত হ’ব পাই অকনমান সকাহ পালো। মই শেষ বেঞ্চৰ খালী ঠাইখিনিত ছোৱালী দুজনীৰ বেগৰপৰা দূৰত্ব বজাই বহি পৰিলো।

এক অনন্য অনুভূতিয়ে মোৰ মনত ক্ৰিয়া কৰি আছিল।প্ৰচণ্ড নাৰ্ভাছ অনুভৱ কৰিছিলো। বুজি পোৱা নাছিলো ইয়াৰ ৰেহ-ৰকমবোৰ। তাতে আৰু নাৰ্ভাছনেছে কথাবোৰ মোৰ মনলৈ পাক খুৱাই খুৱাই আগবঢ়াই দিবলৈ আৰম্ভ কৰিছিল। ক’ৰ বা বাকী ল’ৰা-ছোৱালীবোৰ, আগৰ লগৰবোৰৰ দৰে বা হয়নে নহয়। ভাবি থাকোতেই মই অহা দুৱাৰখনেৰে চাৰ এজন সোমাই আহিল। লগে লগে হিলদ’ল ভাঙি বাহিৰত থকা ল’ৰা-ছোৱালীবোৰো সোমাই আহি নিজ নিজ ঠাইত বহি পৰিল।

-ঐ পূৱালী, আজি বহীখন হ’লে কাকো নিদিবি দেই। নতুন ল’ৰা দেখিলেই তোৰ বহীখনে দৌৰো-দৌৰো লগাই নহয় আৰু!!-আগৰ বেঞ্চৰপৰা ল’ৰা এজনে ঠাট্টাৰ সুৰত মোৰ কাষত বহা ছোৱালীজনীলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে।

-কাকো নিদিলেও তোক নিদিও…চিন্তা নকৰিবি। এতিয়া আগফালে চা। ছাৰে গম পালে মচলা পাবি-তায়ো ফুচফুচাই কৈ উঠিল।

ছাৰে হাজিৰা বহীখন মেলি নাম মাতিব ধৰাৰ ঠিক আগমূহুৰ্তত সেই চাইকেল থব ধৰোতে লগ পোৱা পাহোৱাল ল’ৰাজন “মে আই কাম ইন চাৰ” বুলি সোমাই আহি মোক হেচাঁ মাৰি বেঞ্চখনৰ সন্মুখত বহি পৰিল। উপায়হীন হৈ ময়ো ছোৱালীজনীৰ কাষতেই বহিব লগা হ’ল।

কিযে সমস্যাত পৰিলো ! প্ৰথমবাৰৰ বাবে শ্ৰেণীকোঠাত কোনো ছোৱালীৰ ওচৰত বহিছো। তাতে গাত গা লগাই। ইমানেই অপ্ৰস্তুতবোধ কৰিছো যে গোটেই ক্লাছটোৰ ৪৫ মিনিট সময় মোৰ বাবে ৪ ঘণ্টা যেন হৈ পৰিল। অৱশেষত ক্লাছ শেষ কৰি নতুন হিচাপে মোৰ সাধাৰণ পৰিচয় লৈ চাৰ ওলাই গ’ল। লগে লগে যেন ময়ো মকৰা জালত আৱদ্ধ হৈ থকাৰ পৰাহে মুক্তি পালো। প্ৰায় চাৰৰ লগে লগেই ময়ো ওলাই আহিলো। আহিয়েই দেখো অনিল কোঠাৰ সন্মুখৰ ৰৰৈ আছেহি।

-আৰে দাস… প্ৰথম দিনাএ দেখুন আৰম্ভ কৰি দিলি এ?

-জাগাএ নাছিল এ… এনেকে আৰো পাৰিনা ! গোটে ক্লাছ একো মূৰোত নুসুমোল।

-কিংকে সুমোবো… কাষত এনে ৰূপৱতী কমলা থাকলি কুনো সুস্থ মানহোৰ মূৰোত বেলেগ বস্তু নুসুমোই।

-এহ…বুল। বৰকে কামাৰ দিয়া তই।

-কামাৰ দিছুনা সঁচায়ে কেইদিনমেন পাছত দেখিম য’।

প্ৰথম দিনৰ প্ৰথম ক্লাছ কৰি প্ৰথম অফত কলেজৰ সন্মুখৰ ইমন ৰেষ্টুৰেণ্টত যেতিয়া চাহ-চিংৰা আগত লৈ বহিছিলো, ভয়-শংকা, নাৰ্ভাছনেছ আদি মোৰ মনৰ পৰা বহুখিনি আঁতৰ হৈছিল। অনিলে আৰম্ভ কৰিছিলহি তাৰ এডমিশ্যনৰ কাহিনী, কিদৰে ফ্ৰম ফিলাপ কৰাৰ সময়ত তাৰ কাষত বহা ধুনীয়া ছোৱালীজনীয়ে মেজৰ হিচাপে জুলোজি লিখাৰ বাবে সিও জুলোজি লিখি দিলে, আৰু তাৰ বাবে ঘৰত কিমান গালি খাব লগা হ’ল ইত্যাদি ইত্যাদি। আৰু এই সকলোবোৰ শুনি হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হৈ গৈছিল। এক যেন নতুন অধ্যায়ৰহে সূচনা হ’ল… জীৱনে এক নতুন দিশে আগবাঢ়িছিল… কব নোৱাৰাকৈয়ে জীৱনে ইতিহাসৰ পাতত লিখিবলৈ আৰম্ভ কৰি দিছিল সময়ৰ দিনলিপি।

(ক্ৰমশঃ)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments