হিতেন শৰ্ম্মাৰ দিনলিপি (৪) (ধ্ৰুৱজ্যোতি শৰ্মা)

বাছৰপৰা নামি যিমানেই ঘৰলৈ বুলি ওচৰ চাপিছোঁ মনটোও সিমানে উত্‍কণ্ঠিত হৈ গৈ থাকিল | গাঁওৰ বাট-পথৰ ভালেখিলি পৰিৱৰ্তন লক্ষ্য কৰিলোঁ | অৱশ্যে তাত উন্নয়নৰ ছবি দেখাৰ পৰিৱৰ্তে তাৰ এক ওলোটা ছবিহে দেখিলোঁ | আগতে স্কুলৰপৰা আহি আমি যিখিনি ঠাইত মাৰ্বল খেলিছিলোঁ, চিক্‌চিকীয়া চাফা আৰু চোতালৰ দৰে সমান সেই কেঁচা ৰাস্তাত এতিয়া বোকাৰ জয়জয় ময়ময় | ৰাস্তাৰ গুৰিতে থকা থানে খুৰাহঁতৰ ৰাস্তাৰ ফালে বাঁহেৰে দিয়া বেৰখন এহাতমান আগুৱাই আহি ৰাস্তাৰ পৰিসৰ কমাই নিছে | ৰাস্তাৰ বাঁওফালে থকা বাঁহনিখনে অটব্য অৰণ্যৰ ৰূপ লৈ ৰাস্তাৰ ওপৰেৰে পাখি মেলি ৰাস্তাটোক সূৰ্যদেৱৰ পোহৰৰ পৰা বচোৱাৰ দিহা কৰিছে | সেইবোৰ কাটিবলৈও গাঁওত যেন কোনো নাই | অথচ সেই বাঁহনিডৰাক লৈয়ে কমখন গণ্ডগোল লাগিছিলনে ! হাতত দা লৈ ৰাইজক কাটিবলৈ অহা সিটো চুপাৰ অপূৰ্বৰ সন্মুখতে দেখোন আমি বাঁহবোৰৰ শিৰচ্ছেদ কৰিছিলোঁ | আজি ক’ত গ’ল ৰাইজৰ সেই শক্তি !

-“অ’ হিতু,  কিত্তে আইহলি ? অহিহে আছ যেন পাওঁ ? পাচে গোটেই মানহুটু পোতাইদি লুটুৰ-পুটুৰ হৈ আইছা যি ?”- ঘৰৰপৰা গৰু এৰাল দিবলৈ ওলাই আহি পদূলিমুখতে মোৰ মুখামুখি হোৱা নিৰেন আতাই মোৰ অৱস্থা দেখি সুধিলে |

-“অ’হ আতা | গাড়ী ফাঁচিছিল, ঠেইলে থাকাতে চাকাই মাচ্ছি |”

-“হয় দে, কিযে হৈছি ৰাস্তাটোৰ অৱস্থা ! পাচে ত‍ই কেইদিনমান থাকবি নহে ?”

-“চাওচোন |অফিচৰ পৰা ফোন আইহলি যাবা লাগবো ।” পিছপিনৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল|

-“যা তেনেহ’লি | কাপোৰ-কানি সালে ল’নি | আইহবি আমাৰ ফালে |”

-“হ’ব দে, আহিম |” সংক্ষিপ্তভাৱে কথাখিনিৰ সমাপ্তি পেলাই ম‍ই আগলৈ খোজ ল’লোঁ |

এইজন নিৰেণ আতাৰ মাক ‘নখৰাৰ জেঠী’ৰপৰা সৰুতে কম সাধু শুনিছিলোঁনে ! পাছে জেঠী হেনো এতিয়া নৰীয়াত | আবেলিলৈ এবাৰ খবৰ লোৱাৰ পৰিকল্পনা কৰি বোকাৰ মাজে মাজে ঘৰলৈ বুলি আগবাঢ়িলোঁ | বোকাময় এই ৰাস্তাৰ কেতিয়াও নেদেখা এই ৰূপে মোক বিষণ্ণ কৰি তুলিছে | কিয় বাৰু বাৰে বাৰে পুৰণি কথাবোৰ মনলৈ আহি আছে | সেই বাট-পথ, যিটোৰে এন্ধাৰ ৰাতি পোহৰ অবিহনেই আমি অনায়াসেই আহ-যোৱা কৰিছিলোঁ, জোনাক ৰাতি খোজ কাঢ়ি থাকোঁতে ৰাস্তাত পাৰি থোৱা যেন লাগিছিল এক শুকুলা চাদৰ, তৰাময় গধূলি মূৰৰ ওপৰেৰে বৈ আছিল এখন তৰাৰ নৈ ! কেনি গ’ল সেই পথ, ক’ত হেৰাই থাকিল সেই শুকুলা চাদৰ, ক’ত লুকাই থাকিল সেই তৰাৰ নৈ ! মনটো গধূৰ হৈ আহিল |

ৰাস্তাৰ দাঁতিত থকা ‘ডাক্তৰ দাদি’ ৰ প্ৰকাণ্ড অমৰাজোপাও নাই | অমৰা পাৰিব গৈ কম গালি খাইছিলোঁনে আমি ! সেই গালিৰো এক নিজস্বতা আছিল, এক সুকীয়া আমেজ আছিল | সেই বাবেই চাগে’ আমি চেঙেলীয়াসোপাই অমৰা দফিওৱাৰ চলেৰে গাঁওৰ একমাত্ৰ টিঙৰ ঘৰটিলৈ চপৰা দলিয়াইছিলোঁ আৰু ডাক্তৰ দাদিয়ে ঘৰৰ ভিতৰৰপৰাই চিঞৰিছিল -“ঐ মৰঙেমাৰাহঁত, গাছডেলত ভালকে ফলকেটাও লাগবা নেদা না ? বোলো কথাতেই আছে ৰাক্ষসৰ আগত ধুৱা চাউল | এই কুৱালা আমৰাকেইটাও তুহাৰপৰা ৰক্ষা নাপইনা ? ভিঠাত জুই লাগব’ তুহাৰ…যমে সুদা ভাত খাব’…ডেকা গাড়ীত জুই লাগব’…….” আৰুযে কিমান গালি পাৰিছিল….আৰু গালি-শপনিলৈ কেৰেপ নকৰি আমি ঘৰৰ বেৰৰ ফুটাৰে চাই আছিলোঁ দাদিৰ কাম-কাজলৈ | মুখেৰে ফৰিং-ফুটা দিলেও বিছনাত বহি তেওঁ কিন্তু একান্ত মনে চাধা মোহাৰিহে আছিল | তেওঁৰ শাওবোৰ মনৰপৰা নাছিল, গাঁওৰ কাৰোবাৰ বেয়া হোৱাটো তেওঁৰ কাম্য নাছিল | বৰঞ্চ ডাক্তৰী চিকিত্‍সাৰপৰা বঞ্চিত গাঁওখনত কবিৰাজী চিকিত্‍সাৰে মানুহক শুশ্ৰূষা কৰাটোহে আছিল তেওঁৰ প্ৰধান কৰ্তব্য |

-“ঈশ্বৰ দিয়া ঘৰত ধান চাউল আছে | আঞ্জা-তৰকাৰীওনো কিমান লাগে | এটাই মানহু | সেইখিনিও ইঘৰ-সিঘৰ মিলি দিয়েই দেখুন | তেল-নিমখৰ বাবদ যেখিনি টকা-সিকি লাগে, কেইডেলমান বাঁহ বেচিলিয়ে অ’লে যায়ে |” – চিকিত্‍সাৰ নামত কোনোবাই টকা যাচিলে তেওঁৰ উত্তৰ আছিল এনেধৰণৰ | অকলশৰীয়া আছিল ডাক্তৰ দাদি | সেই বাবেই নেকি স্বভাৱত অলপ এলেহুৱা আছিল দাদি | আৰু তেওঁ এলেহুৱা হোৱাৰ সুবিধা আমি চেঙেলীয়াসোপাই লৈছিলোঁ | গধূলি সোনকালে বিছনাত উঠাটো দাদিৰ নিয়ম আছিল | আৰু তাৰ পাচত আমি গৈ দুৱাৰত ঢকিয়াই ঢকিয়াই মাত লগাইছিলোঁ -“দাদি, তামুল ক’ত ?”-তিনি-চাৰিবাৰমান মতাৰ পাচত উত্তৰ আহিছিল-“গাছত |”

-“দাদি পাণ ক’ত ?”

-“বাৰীত |”

-“দাদি চূণ ক’ত ?”

-“অধঃপাতে যাৱহঁত, উঠবা লাগা কল্লি !”- এই বুলি উঠি আহি দুৱাৰমুখত ইতিমধ্যে পলাই-পত্ৰং দিয়া আমাৰ এজনকো নেদেখি তেওঁ গালিৰ অভিধানখনকেই মেলি লৈছিলহি | নঙলা মাৰিৰ কাষত ঢকুৱা বেৰখনৰ আঁৰৰপৰা আমি ফিচিক্‌-ফাচাককৈ হাঁহিছিলোঁ | তেওঁৰ সান্নিধ্যই আমাৰ চেঙেলীয়া জীৱনটো ৰঙীয়াল কৰি তুলিছিল | সৰু-বৰ সকলোৱে দাদি বুলি সম্বোধন কৰা ডাক্তৰ দাদিৰ আচল নাম জনাৰ প্ৰয়োজনীয়তা আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ | সকলোৱে দাদি বুলি মাতে বাবে আমিও সেই বুলিয়েই মাতিছিলোঁ |

সেইজন ডাক্তৰ দাদিও কেইবছৰমান আগতে ঢুকাল | কোনো বেমাৰ-আজাৰত নপৰাকৈ হঠাৎ শোৱাপাটীতেই তেওঁক মৃত অৱস্থাত পোৱা গ’ল | তেতিয়াৰপৰাই তেওঁৰ সেই ঘৰ, সেই বস্তি সকলোবোৰ পৰিত্যক্ত অৱস্থাত পৰি ৰ’ল | আজিকালি অমৰা পাৰিবলৈ গৈ দাদিৰ মৰমৰ গালিখিনিও নোপোৱা হ’ল বাবে চেঙেলীয়ামখায়ো অমৰা পাৰিবলৈ যোৱাটোৱেই বাদ দিলে | তথাপি একে ঠাইতেই থিয় হৈ আছিল অমৰাজোপা | যোৱাবছৰলৈকে আছিল ! কিন্তু আজি দেখিছোঁ, অমৰাজোপা থকা ঠাইখিনি খালী | একেবাৰে খালী খালী লাগিছে ঠাইখিনি | অজানিতে দীঘল হুমুনিয়াহ এটা ওলাই গ’ল |

ডাক্তৰ দাদিৰ বস্তিৰপিনে চাই কিমান সময় তেনেকৈ ৰৈ আছিলোঁ গমেই নাপালোঁ | ওচৰত কুকুৰ এটাই ভুকাতহে মোৰ গাত তত আহিল | তাৰো অচিনাকি লাগিছে বোকা-পানীৰে লুটুৰি-পুটুৰি এই আচহুৱা প্ৰাণীটিক | পাছে পাছে প্ৰতীমা পেহীহঁত আহি আছে | মুখামুখি হ’লে মোৰ বিপদ, এই বুলি ঘৰলৈ বেগ ধৰিলোঁ |

ঘৰৰ নঙলা মাৰিৰ ওচৰত গৈ এখন্তেক ৰৈ গ’লোঁ | ঘৰখনৰো পৰিৱৰ্তন হৈছে | কে্ইবাবছৰো হ’ল বেৰত চূণ-তেল নসনা | কাম কৰোঁতাৰ অভাৱত চোতালতো ঠায়ে ঠায়ে দূৱৰি বন গজিছে | চোতালৰ অৱস্থা দেখিয়েই ধৰিব পৰা হৈছে ঘৰলৈ মানুহৰ অহাযোৱা যে একেবাৰেই কম | আজিকালিৰ মানুহৰ কাৰো ঘৰত ফুৰিবলৈ যোৱা সময়েই নোহোৱা হৈ আহিছে | তাতে বেমাৰী দেউতা, কাম-কাজ অলপো কৰিব নোৱাৰে | ভাবি থাকোঁতে মা ওলাই আহিল |

গা-পা ধুই আহি যেতিয়া চোতালত চকী পাৰি বহিছোঁ, তেতিয়া ধৰণীৰ বুকুলৈ গধূলি নামিছে | চোতালৰ একোণত থকা গোহালিত মায়ে জ্বলাই থৈ অহা থূপাৰ ধোঁৱাই চৌদিশে এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰিছে | আকাশ ফট্‌ফটীয়া | নীড়মুখী চৰাইবোৰে কিৰিলি পাৰি সোঁ-সোঁৱাই উৰি গৈছে | আকাশত দুই-এটি তৰাই ভুমুকি মাৰিছেহি | ওচৰৰে নামঘৰৰপৰা ভাঁহি আহিছে শংখ-ঘণ্টা, ডবা-বৰকাঁহৰ শব্দ………ঠিক আগৰ দৰেই |

(ক্ৰ্মশ:….)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক