হিতেন শৰ্ম্মাৰ দিনলিপি-৫, ৬ (ধ্ৰুৱজ্যোতি শৰ্মা)

============================================

হিতেন শৰ্ম্মাৰ দিনলিপি-৫

ঘৰলৈ অহাৰ পিছৰেপৰা সপ্তাহজোৰা নেৰানেপেৰা বৰষুণ | অনুমান কৰিলো এয়াই হ’ব চাগে’ এই বাৰিষাৰ শেষ বৰষুণ | বৰষুণজাক বৰ টান নহয় যদিও গেলাই পেলাইছে কেঁচা ৰাস্তাবোৰ | বোকাৰে ভৰি পৰিছে মানুহৰ চোতালবোৰ | লগতে গজি উঠিছে শেলুৱৈ | বাহি চোতাল সৰাৰো কোনো সুৰুঙা নোহোৱা হৈছে | সাজ-গধূলি হবলৈ নৌ পাওতেই ৰাস্তাৰ কাষে-কাষে থকা নলাবোৰৰ পৰা বোপা-ককাৰ সজটো ৰাখিবলৈ বেং ককাইহঁতে টোৰটোৰোৱা আৰম্ভ কৰি দিছে | ওফন্দি আহিছে গভীৰ কালদিয়া নদী | ধাননি পথাৰতো পানী জমা হৈছে | পূৱৰ পানৰা পথাৰ ঠায়ে ঠায়ে টিহুনদীৰ পাৰ বাগৰি অহা পানীৰে ভৰি পৰিছে | গৰু-ছাগলী চৰাবলৈও জেগা নোহোৱা অৱস্থা হৈছে | তথাপি গৃহস্থসকলে গোহালিৰ ভিতৰতে সোমাই থকাৰ এলাহৰপৰা পৰিত্ৰাণ দিয়াবলৈ গৰু-ছাগলীবোৰ পদূলি মূৰতে এৰাল দিছেগৈ | খাবলৈ ৰাস্তাৰ দাঁতিত একো নাই | তথাপি মানুহৰ খোজ, গাড়ী-মটৰৰ চকাই মোহাৰি নিয়া বোকা মিশ্ৰিত ঘাঁহবোৰতে মুখ লগাইছে সিহঁতে | ঘাঁহ বুলিবলৈও পাত-চাট নথকা, ডং-ডংকৈ থিয় হৈ থকা ঘাঁহৰ পাতহীন ঠাৰিবোৰ | সিহঁতৰো এইকেইদিন খেৰ খাই খাই আমনি লাগি গৈছে |

ঘৰত সোমাই সোমাই আমনি লাগি গৈছে | বাহিৰত ওলাব পৰা অৱস্থাই নাই | চৌদিশে বোকা আৰু শেলুৱৈ | ঘৰৰ বাহিৰ ওলালেই মাৰ চিঞঁৰ-বাখৰ -“বাবা, চাবি দে….চেলনি আছে | ভালকে খুপি খুপি যাবি | পৰবি নহলি |” তাৰ মাজতো নিতৌ এপাককৈ ওলাই গৈছো | ওচৰৰে ঘোনো খুৰাহঁতৰ ঘৰত কেৰম খেলিছোগৈ | যোৱা এসপ্তাহ ধৰি কাম বুলিবলৈ সেয়াই | আমনি লাগি গৈছে | একে খেলকে কিমান খেলিম আৰু !! তাতে সৰু চামৰ যিহে গছত গৰু উঠা কথা ! জিভাৰতো লেকামেই নাই | যেন কেৰমৰ নহয়, অশ্লীল কথা কোৱাৰহে প্ৰতিযোগিতা সেয়া ! মাত্ৰ এসপ্তাহৰ আগতে বাছত লগ পোৱা ল’ৰাহঁতক দেখিতো ভাৱিছিলোৱেই, ডেকাচাম বহুত ভদ্ৰ হ’ল | পাচে ওৰহীৰ ওৰ এতিয়াহে ওলাই পৰিছে | সিহঁতৰ বয়সত আমাৰ চামেও বেয়া কথা কৈছিল, অশ্লীল মাত মাতিছিল | কিন্তু আজিৰ ইহঁতৰ দৰে ৰাজহুৱা স্থানত ডাঙৰ-সৰুৰ বা-বিচাৰ নোহোৱাকৈ নহয় | বহুত শুনিলো | শুনি শুনি বেজাৰ লাগি গৈছে | মাত্ৰ কেইটামান বছৰ | আৰু কিমানযে পৰিৱৰ্তন ! সেইবোৰ ভাৱি ভাৱি ক্লান্ত হৈ পৰিছো | নোৱাৰি আৰু ! এই এসপ্তাহত বহুত চেষ্টা কৰিলো সিহঁতক বুজাবলৈ, শুধৰাবলৈ | পাচে কাৰো গায়েই নলৰিল | মাজে-মাজে দুই-এটাইতো ওলোটাইহে ধৰিব খোজে | পৰিয়ালকেন্দ্ৰিক সংস্কৃতি যেন আজিকালি নোহোৱা হৈ পৰিছে ! ডাঙৰক কেনেকৈ মানিব লাগে, সন্মান যাঁচিব লাগে, ৰাজহুৱা স্থানত কি কথা কব লাগে, কি কব নালাগে আজিকালিৰ চামে যেন একোৱেই নাজানে !
এসপ্তাহৰ বোকাৰ গেলা-গেলা গোন্ধ, শেলুৱৈ আৰু বোকাৰে আবৃত চৌদিশ, ঘৰৰ বাহিৰলৈ যোৱাৰ নামতো অসাংস্কৃতিক, অভদ্ৰ পৰিৱেশ এটাৰ মাজত কেৰম খেলি কৰা টাইম পাছ, ঘৰত থকা একমাত্ৰ গাইজনীক দিনটোৰ জোখাৰে হোৱাকৈ এবাৰতে সৰহকৈ খেৰ দিয়া…কামৰ ভিতৰত সেয়াই | পূৰামাত্ৰেই ব’ৰ হৈ গৈছো | সেয়েহে আজি ছাটিতো হাতত লৈ ওলাই গ’লো নখৰাৰ জেঠীহঁতৰ ঘৰৰ ফালে | যোৱা এসপ্তাহত দুদিনকৈ আহিও জেঠীৰ লগত কথা হ’ব পৰা নাই | নখৰাৰ জেঠী নৰীয়াত | মাত-বোলো ভালকৈ দিব পৰা নাই |
-“অ’ নিৰেণ আতা, ঘৰত আছনা ? ” – চোতালৰ পৰাই মাত লগালো | নিৰেণ আতা নহয়, গুডো খুৰাহে ওলাই আহিল |
– ” অ’ ভাইজ্জা, আহা | কুনদিনা আইহলা ? ”
গুডো খুৰা মোতকৈ বয়সত সৰু যাদিও ককাৰ পুতেক হিচাপে সম্বন্ধত খুৰা হয় | সৰুৰেপৰা ধেমালিতে খুৰা বুলি মাতিছিলো যদিও অভ্যাসবশতঃ এতিয়াও খুৰায়েই হৈ ৰ’ল | তেওঁৰ আচল নাম ফুলেন যদিও গাঁওৰ খুব কমেইহে তেওঁক এই নামেৰে জানে |
– ” খুৰা, জেঠী ভালে আছেনা ? দুইদিনো আইহলু….তুমাক পাচে দেখা নাই যি ?”
-“এ কি কৰবা..জোন শৰ্ম্মাৰ লগত জেনেৰেটৰৰ কামত গেইছলু | পূজাও আহিলতো ! অলপ কাম-চাম উইলোবা পাল্লিও..!”
-“অ’, তাৰমানে তুমি আজিকালি ইলেক্ট্ৰিকৰ কাম কৰাত লাগ্‌ছ ?”
-“অ’ হে, কিবা এটা কৰি খাবা লাগবোতো !”
-“আউবে পাচে কেনে পাইছি আজি ?”
-“আজি অলপ ভাল পাইছি দে | ব‍ইভাও পাচ্ছি আৰু দুই-এক আষাৰ কথাও কৈছি | ”
কথা পাতি পাতি আমি ইতিমেধ্যে নখৰাৰ জেঠী থকা বিচনাৰ ওচৰ পাইছিলোগৈ | জেঠী তেতিয়া কাষৰ বেৰখনত গাৰু এটা লৈ আওজি বহি আছিল | সন্মুখৰ বিচনাখনত বহি আছিল ওচৰৰে দুগৰাকীমান তিৰোতা | তেওঁলোকেও চাগে’ জেঠীৰ খবৰ লবলৈয়ে আহিছিল | মোক দেখা পাই সকলোকে মাত লগাই তেওঁলোক ওলাই গ’ল |
-“অ’ জেঠী, ভাল পাইছনা অলপ ? ” থিয়ৈ থিয়ৈ ম‍ই মাত লগালো |
-“কুন ?”-কেঁকাই কেঁকাই মাত দিলে জেঠীয়ে | যিজনী তিৰোতাৰ সুস্পষ্ট আৰু ৰহনসনা মাতত আমি ল’ৰালিৰ আজৰি সময়বোৰ সাধু শুনি শুনি পাৰ কৰিছিলো, সেইজনী তিৰোতাৰেই দুখ-বাৰ্ধক্য আৰু দৰিদ্ৰতাই জুৰুলা কৰা দুৰ্বল শৰীৰটোৰপৰা চেপি চেপি ওলাই অহা মাতষাৰ শুনি গাটো জিকাৰ খাই উঠিল | বেয়া লাগি গ’ল মনতো | বাৰে বাৰে মনতো উৰি গ’ল সাধু শুনিবলৈ স্কুলৰপৰা আহিয়েই লৰা-ঢপৰা লগোৱা সেই দিনবোৰলৈ | কিবা এক বেদনাই বুকুখন হেঁচা মাৰি ধৰিলেহি | তথাপি বুকু ডাঠ কৰি মাত লগালো-“জেঠী, চিনি পাৱ নাই ? ম‍ই হিতু | ”
-“অ’ .. হিতু.. !! ব..হ… | এ..হ… মা..ই…চাহ একাপ দিয়ে…হিতুক |
একেই আছে মনটো | ঘৰৰ অৱস্থা পৰি গৈছে | তথাপি একেই আছে মনটো | সাধু শুনিব আহোতেও আমি সদায় গাখীৰপানী খাব লগা হৈছিল | নোখোৱালৈকে তেওঁ আৰম্ভ কৰা নাছিল সধুকথাৰ মজলিছ | আৰু আজিও….মোৰ শিৰ নত হৈ গ’ল | মুখেৰে কথা কবলৈ কষ্ট হৈছে, তথাপি বেদনামিশ্ৰিত হৈ ওলাই আহিছে আফচোচ | দৰিদ্ৰতাই কাবু কৰিব নোৱাৰা অতিথিপৰায়ণতা দেখি তেওঁৰ প্ৰতি মনটো আগতকৈও অধিক শ্ৰদ্ধাৰে দো খাই পৰিল |
-“কিত্তে আইছা বাপা ? ”
-“এসপ্তাহে হ’ল | পাচে ইবাৰ যিহে সাউতা লাগছি, ক’তো ওলবা নৰা অৱস্থা | কি কৰবা আৰ ! ঘৰতে সুমে আছু | ”
তেওঁ হয়তো আৰু কিবা ক’লেহেতেন | কিন্তু শৰীৰে নিদিলে | কিবা কব খোজোতেই গাঁঠি লাগিলত আমি তেওঁক জোৰকৈ শুৱাই থ’লো | নিৰেণ আতা ঘৰত নাছিল | আবাই লৈ অনা চাহকণ মুখত লৈ জেঠীৰ চিকিত্‍সা সম্বন্ধীয় দুই এটা কথা পাতি ম‍ই বাহিৰ ওলালো | মন তেতিয়া ভাৰাক্ৰান্ত | এটা ভাণ্ডাৰ যেন হেৰুৱাব গৈ আছো তেনে লাগিল | হঠাতে ফোনটো বাজি উঠিল | ঘৰত অহাৰ পাচত চাগে’ এইটোৱেই প্ৰথম কল | সেউজীয়া বুটামতো টিপি ফোনটো ততাতৈয়াকৈ কানত ললো |
-“হেল্ল’..”
-“………”
-“অ’ কৈলাশ দা ? ”
-“………”
-“এতেই আছু ৰ’ | গুডো আহাত্তাতে | যায়ে আছু ঘৰত | ”
-“………”
-“অ’ ৰ | পাইছুৱে | ”
-“………”
-“ঘৰত থাকপা লাগে দেখুন | পাচে আচৰা মাৰবা পাৰবান্নাই | খেতি নষ্ট হ’লি কাটপ’ বাচ্চা ! অলপ ৰহ | ম‍ই ঘৰত যাই ল‍উ | কিবা এটা কৰৰা  লাগব |”

ফোনটো কাটি দি ঘৰলৈ চেং-চেঙাই বেগ দিলো | সম্বন্ধীয় দাদা এজন আহিছে | মাছ মৰাত বিৰাট চখ থকা দাদাজনে চোতালত ভৰি দেয়েই জালৰ খবৰ লৈছে | গতিকে তাৰ মতলব জলজল-পটপট হো পৰিছে |ময়ো অৱশ্যে বেয়া পোৱা নাই | বহুদিন মাছ মাৰিব যোৱা নাই | সেই চন্দ্ৰকাকা থাকোতেই তাৰ লগত যি গৈছিলো, তাৰ পাচত আৰু তেনেকৈ পথাৰলৈ মাছ মাৰিব যোৱা হোৱাই নাই | এইবাৰ ইমানদিন এনেয়ে ঘৰত সোমাই থাকিলো | আগতে মনত খেলোৱা হ’লে মাছ মাৰিব‍ই যাব পাৰিলোহেতেন | কমচে কম এসাজৰ হোৱাকৈতো আনিব পাৰিলোহেতেন ! কিয়যে পাহৰি আছিলো !

নখৰাৰ জেঠীৰ লগত কথা পাতি ওলাই আহিছো | মনত লৈ আহিছো এসোপা বিষাদ আৰু অনিশ্চয়তা | হেৰুওৱাৰ ভয় | এটা বিশাল ৰসৰ ভাণ্ডাৰ, জীৱন্ত এখন সাধুকথাৰ পুথি যেন আমি হেৰুৱাব ওলাইছো ! বোকাময় হৈ পৰিছে মোৰ সন্মুখৰ ভৱিষ্যতৰ পৃথিৱীখন | এটা এটা বেয়া ফলে কাঢ়ি লৈ গৈ আছে মোৰ মনৰ এটা এটা সপোন | ধূঁৱলি-কুঁৱলি দেখিছো চৌদিশ | কিন্তু হঠাতে কৰপৰা যে ফোনতো আহিল | আহিয়েই দি থৈ গ’ল এক পুৰণি নিচা-যি নিচাই মোৰ মনৰপৰা নিমিষতে কাঢ়ি লৈ গ’ল বিষাদত ডুব গৈ থকা সকলো ভাৱনা | পাহৰি গ’লো ম‍ই কি সপোন দেখিছিলো, কিহৰ মায়াই মোক বলীয়ান কৰি তুলিছিল ! এতিয়া মাথো এটাই নিচা..মাছ মাৰিব যোৱা, মোৰ পুৰণি নিচা এটাক আকৌ আকোঁৱালি লোৱা | ফোনটোক এবাৰ ধন্যবাদ জনালো |

 

******************************************************************************************************

হিতেন শৰ্ম্মাৰ দিনলিপি-৬ (ধ্ৰুৱজ্যোতি শৰ্মা)

বহুত কষ্টৰ মূৰত যেতিয়া যোগাৰখিনি হৈছিল তেতিয়া ৰাতি আঠটামানেই বাজিছিল | ৰাস্তাত সিঁচৰতি বোকাবোৰ ভৰিৰ আঙুলিৰ মাজেৰে ফেচেট-ফেচেটকৈ পাৰ কৰাই আগবাঢ়িছিলো দুটি প্ৰাণী | দুয়োৰে হাতত জ্বলি থকা দুডোখৰ চাইকেলেৰ পুৰণি টায়াৰ | আনখন হাতত দুখন দাখৰ | দাখৰ বুলি ক’লে ভুল হব | আচলতে দুখন নগা দাহে |

“ডাঙৰ ঘৰ”ৰ বাঁহেৰে বনোৱা বেৰৰ “কামি”ত ওলোমাই থোৱা জালখন যেতিয়া নমাই আনিছিলো, তিনিটামান নিগনি পোৱালি জঁপিয়াই দৌৰ মাৰিছিল | তেতিয়াই অনুমান কৰিছিলো কি হ’ব পাৰে জালখনৰ অৱস্থা | যি ভাৱিছিলো সেয়াই হৈছিল | তিনি কিলো “গুলী”ৰ পাঁচহতীয়া জালখন খণ্ড-বিখণ্ড হৈ মজিয়াত সিঁচৰতি হৈ পৰিছিল | মৰহি গৈছিল মনটো | এই জালখনৰ পৰাই লৈছিলো ম‍ই মাছ মৰাৰ শিক্ষা | ক’ত যে কিমান ঘটনা ঘটিছিল এইখন জালক লৈ | জাল মাৰোতে জালে সৈতে গৈ পুখুৰীৰ মাজ পোৱা, নদীত মাছৰ উজান উঠোতে আমাৰ ঘৰত থকা লগুৱা “পেন্দুকণা” চন্দ্ৰ কাকা জালৰ ভিতৰত সোমোৱা, আৰু খুৰাই ডাঙৰ মাছ পৰা বুলি গোটেইখন হুলস্থূল লগোৱা…ইত্যাদি কিমান যে ঘটনা ! মাছৰ লগত জড়িত মোৰ স্মৃতিবোৰৰ বেছিভাগ এই জালখনেই কঢ়িয়াই লৈ ফুৰিছিল | আৰু আজি ! এক বিমৰ্ষতাই আগুৰি ধৰিছেহি | এবিধ সম্পদ হেৰুৱাই পোৱা দুখে মোকো ছানি ধৰিছেহি | জালৰ গুলীবোৰৰ ইটোৱে সিটোৰ লগত খুন্দা মাৰি উত্‍পন্ন কৰা শব্দ তেতিয়াও কানৰ কাষত বাজিয়েই আছিল |

-“ঐ, কহে যাবি ইটা ? ” -কৈলাশ দাৰ মাতত কেইঘণ্টামান আগৰ পৰা বাস্তৱলৈ যেতিয়া উভতিছিলো, মোৰ বাঁও হাতত জ্বলি আছিল কাটা টায়াৰ আৰু সোঁহাতত উদ্যত হৈ উঠিছিল নগা দা | পিছে ক্ষন্তেক সময়ৰ বাবেহে | জ্বলি থকা টায়াৰৰ পোহৰত সন্মুখৰ পথাৰখন দেখি থৰ হৈ ৰৈছিলো | কিছু সময়ৰ বাবে একো ঠিৰাং কৰিব পৰা নাছিলো, ক’লৈ যাম | আগতে এইখিনিতে, ঠিক এইখিনিতে, য’ত এতিয়া আমি থিয় হৈ আছো, কম মাছ মাৰিছিলোনে ইয়াত থকা “বৈ”টোত ! ক’ত এতিয়া সেই “বৈ” ? সেইখিনি ঠাইত এতিয়া নিৰ্লজভাৱে থিয় হৈ আছে বিবস্ত্ৰ দুখন পকী দেৱাল | হয়তো কাৰোবাৰ দালান বনোৱাৰ পৰিকল্পনা ! তাকে দেখি শাৰী পাতি কাষতো ঠায়ে-ঠায়ে থিয় দেছি অনুৰূপ কিছুমান দেৱাল অথবা ভেঁটি মাটিৰ বাবে ৰখা মাটিৰ দম | এডোখৰ-এডোখৰকৈ খেতিমাটিৰ বিলুপ্তিৰে, অলপ-অলপকৈ স্মৃতিৰ সমাধিবোৰৰ কাষেৰে হৃদয়খনকো এক ৰূঢ় বাস্তৱময়তালৈ ঠেলি আৱাসিক এলেকালৈ ৰূপান্তৰ হব খোজা খেতি মাটিবোৰৰ কাষেৰে আগবাঢ়ি যোৱা চিধা অথচ হেলনীয়া ৰাস্তাটোৰে আমি আগবাঢ়ি গৈছিলো | হাতত থকা টায়াৰৰ লগতে মনটোৰ কোনোবা কোণ এটাও লাহে লাহে জ্বলি উঠিছিল |
-“এতে দেখুন ঘৰে-ঘৰ হ’ল | খেতি কৰা যাগাগেলা কেইদিনমান পাছত নহএ হ’ব’ আৰ’ | বুলচুন অলপ আ‍উগে যাউ |” কৈলাশ দাক কৈ আগবাঢ়িলো |

এইখিনিতে ৰাস্তাটো সোঁফালে ঘূৰি পূৱমুৱা হৈছে | ৰাস্তাৰ দক্ষিণফালে সেয়া পানৰা ৰিজাৰ্ভ | তাৰো দক্ষিণে থকা পানৰা বিল আৰু ৰিজাৰ্ভৰ মাজত সদম্ভে থিয় হৈ আছে পুৰণি সুউচ্চ সেই ধুপ গছজোপা | কলমৌৰে ভৰি পৰিছে গোটেই ৰিজাৰ্ভখন, য’ত চন্দ্ৰকাকাই সদায় গৰু চৰাবলৈ আহিছিল | সেই ৰিজাৰ্ভ আজি কলমৌৱে আৱৰি হাবিৰ লেখিয়া কৰিলে | ৰাস্তাৰ বাঁওফালে ধাননি পথাৰ | পাৰাপাৰহীন পানৰা পথাৰ | পানৰা পথাৰক ৰিজাৰ্ভৰ পৰা নিলগাই সূৰুয উঠা দেশলৈ বুলি পোন বাটে আগবাঢ়িছে গৰু গাড়ী যাব পৰা ওখোৰা-মোখোৰা পথটো | যেন অসীমত মিলি যোৱাৰহে পৰিকল্পনা ! সেই দিশতে আগবাঢ়িছো আমিও | আগবাঢ়ি গৈ আছে পকী দেৱালবোৰ |

-“ঐ ত‍ই কি ভাৱি আছা ? মাছ মাৰবা ইচ্ছা নাই যদি ইটাও ক’, ঘূৰি যাউ | “-কৈলাশদাৰ মাতত এইবাৰ খঙৰ ছাঁ দেখি মাছ মৰাতেই মন দিম বুলি ঠিক কৰি ললো |
-“ব’ল এখনিদি নামু | অলপ আগতে এটা দং আছিল |তাৰ কাষৰ ফুটটোত কুইচা পাবা পাৰু | “-যেতিয়া জোৰা কাটিব যাও, সদায়ে আমাৰ লক্ষ্য হয় কুচিয়া | অৱশ্যে জোৰা কটাত ম‍ই সিদ্ধহস্ত নহয় | তথাপিও আজি উপায়ন্তৰ হৈ আহিব লগা হ’ল |

ৰাস্তাৰপৰা পথাৰত খোজ পেলাই দুয়ো গজংকৈ-গজংকৈ আগবাঢ়িলো | ঠৈখিনি বাম হেতুকে পথাৰ পানীৰে ভৰি থকা সময়তো পানী আঠুৰ ওপৰলৈহে উঠিছে | আগলৈ দ ঠাই | সেয়েহে যিমান পাৰো সিমান মাছ ইয়াতেই কাটিব লাগিব | ভাৱিছোহে মাথো | টায়াৰৰ জ্বলি থকা জুইৰ পোহৰত ফটফটীয়াকৈ দেখা পোৱা পানীৰ তৰপেৰে এটি গৰৈ মাছ দৌৰি আহি থৰ লাগি চাই ৰ’ল | স্বতঃস্ফুৰ্তভাৱে সোঁহাত গৰ্জি উঠিল | তত্‍মূহুৰ্ততে নগা দা খনে দুডোখৰ কৰি পেলালে গৰৈ ডাঙৰীয়াক |
-“কৃষ্ণ কৃষ্ণ, যাত্ৰা কল্লু দে | পাচে গৰে হে |”-অলপ আগে আগে গৈ থকা কৈলাশ দাক চিঞঁৰিলো |
-“ম‍ই কুইচাহে লম দে | বাকী যি কাটা ত‍য়ে লবি | ”

কিছুসময় আগবাঢ়িলো | গৰৈ ডাঙৰীয়াৰ বাহিৰে আন বিলাকৰ খবৰেই নাই | যিওবা দুই এটা মাজে মাজে ভাঁহি উঠে সিও “পেনকুল্লা” | দাৰে ঘাপ দিবলৈ ঠাইয়েই নাই তাৰ দেহত | সেয়েহে সেইবোৰক প্ৰাণভিক্ষা দি আগলৈ গৈ থাকিলো | জপং-জপং, জপং-জপং কৈ | আগ বাঢ়িছোহে বাঢ়িছো, মাছ হ;লে নাই | সেয়েহে লাহে লাহে অতীষ্ট হৈ দুয়ো পলিচি বনোৱাত লাগি গৈছো | দুডৰা খেতিমাটিৰ মাজৰ সৰু সৰু আলিবোৰৰ কাষত দুই-এজোপা মেটেকা |
-“মেটকাৰ কাষত চা, মাগুৰ পাবা পাৰা | “-কৈলাশদাক ক’লো | য’ত চেং-গৰৈৰে আকাল, তাতে আৰু মাগুৰ ? মূৰৰ ওপৰৰ পৰা কাউৰীটোৱে কা-কা কৰি উঠিল |
-“নহে এতে কুইচাহে পাম ” -ইপিনে কুচিয়াৰ দাহত পৰা কৈলাশ দাই কৈ উঠিল |
-“ইমান পানীত কুইচা থাকপ’ না ? ”
-“থাকপ’ ৰহ | কুইচা থাকলি ওচৰত বেলেগ মাছ নাথকে |”
-“কিয় ? ”

-“কুইচাক সাপ বুলি ভাৱি মাছগেলা পোলো‍ই |”-কৈলাশ দাৰ কথা শুনি পেটে পেটে হাঁহি উঠি গ’ল | তথাপিও দুয়ো আগবাঢ়ি গৈ থাকিলো | লাহে লাহে আমাৰ মুখৰ মাত নোহোৱা হৈ আহিল | এতিয়ালৈকে হোৱা বিফলতাই দুয়োকে বাৰুকৈয়ে হতাশ কৰিছে | পথাৰত সেই একেই পানীৰ জোখতেই আমি আগবাঢ়ি গৈ থাকিলো | পানী কেতিয়াবা আঠুৰ ওপৰত, কেতিয়াবা আকৌ গাঁথিৰ ওচৰ পায়হি | এন্ধাৰত ধৰিব পৰা নাই কিমান্দূৰ পালোহি | তথাপি আগবাঢ়ি আছো | মনত নুমাই যাব খোজা এটা আশা-কিজানি ভাল মাছ পাওৱেই | মাজে মাজে ঘপংকৈ পানীৰ মাজলৈ সোমাই গৈ থাকিল নগা দা | আৰু বৃথা হোৱাৰ পিছত দুয়োৰে মুখৰপৰা সৰি থাকিল ডাংকোপ মৰা কথা-
-“ইচ, ষোল আছিল এ…. ফিচাত পৰিল ঘাপটু.. বেটাই পলোলাক…|” কেতিয়াবা আকৌ “কুইচা আছিল এ, ম‍ই ধোৰা বুলি ভাৱি লাকাটলু, ধেত্‍ তেৰি !!: ধৰণৰ কথা | মুঠতে আমি মুখেৰে এজনেও পৰি যোৱা নাই | আৰু আমাৰ প্ৰতিষাৰ কথাতেই কাউৰীটোৱে ওপৰৰ পৰা চিঞৰি থাকিল-কা-কা, কা-কা, কা-কা…..

কুচিয়াৰ দাহত পৰি আন মাছ নকটা কৈলাশ দাই অৱশেষত সেই সুবিধা পালে | বেঁকা-বেঁকিকৈ এডাল কুচিয়াৰ পোৱালি আগুৱাই আহিল পোহৰ অভিমূখে | লগে লগে সিও দেৰি নকৰি দাৰ গাদিৰে সোধাই দিলে প্ৰচণ্ড কোব এটা | শব্দতে গম পালো, এইবাৰ মিছা নহয়, কিবা এটা সঁচাকৈয়ে পৰিছে |
-“পচ্চি ৰ’ ইবাৰ | নপৰি ক’ত যাবি বেটাহঁত ? ” – কুচিয়াৰ পোৱালি ডালক আৰু এটি কোৱ সোধাই সি কৈ উঠিল | তাৰ পিছত আৰু অলপ সময়, কিন্তু অলপ সময়ৰ পিছতেই বুজি উঠিলো আজিলৈ আৰু নহব | বৰ বেয়াকৈ মুখথেকেচা খালো আজি | বাৰে বাৰে ঠাই সলনি কৰিছো, পদ্ধতি সলনি কৰিছো, অথচ কোনো পলিচিয়েই কাম দিয়া নাই | অথচ নাও বুৰিলেও টিঙৰপৰা নামিব নোখোজা আমাৰ থু-থূহীয়া মুখ দুখন | মাছৰ সন্ধানত আমি কিমান দূৰ পাইছোগৈ নিজেই নাজানো | অথচ সৰু সৰু পাঁচ-ছয়টা মাছতেই আমি ক্ষান্ত থাকিবলগা হৈছে | সময়ো বহুদূৰ আগবাঢ়িছে | লাহে লাহে বিৰক্ত হবলৈ আৰম্ভ কৰিছো | হঠাতে সন্মুখত এটা ষোল | ডাঙৰ ষোল মাছ | দাখন দাঙিলো | …জপং..| চব পণ্ড | কৰপৰা জানো ভেকুলীটো জঁপিয়াই পৰিল ! ষোল ককাই পলাই পত্ৰং দিলে | খঙতে ভেকুলীটোকেই ঘাপটো মাৰিলো | নপৰিল | মোক ইতিকিং কৰি সি ষোল ককাইক পলাই লৈ গুছি গ’ল | সেই খেতি পথাৰৰ বনোৱা পকী দেৱালকেইখনে কৰা ইতিকিঙৰ দৰে একেই ইতিকিং |

বাৰে বাৰে মনটো উভতি গৈছে সৰুতে মাছ মৰা বৈটোৰ তালৈ | আজি সেই বৈ নাই | আছে মাথি এটা সভ্যতাৰ আধাৰশিলা | হয়তো আৰু কেইবছৰমান পিছতেই নিঃশেষ হৈ যাব আমাৰ হেঁপাহৰ থলী এই পথাৰখন | খেতিৰ “আগ তোলা”ৰ আমাৰ আৰু কোনো প্ৰয়োজন নাথাকিব | সময়ো নাথাকিব ভাদ-আহিন মাহৰ পথাৰৰ পাৰাপাৰহীন সেউজীয়া চাবলৈ | আঘোণৰ সোণালী পথাৰলৈ ধান কাটিবলৈ অহা খেতিয়কসকলৰ নাথাকিব কোনো চঞ্চলতা | গৰু-ম’হৰ টিলিঙাৰ শব্দৰ নাবাজিব | খেতি উঠোৱাৰ শেষত পথাৰত থাপনা সাজি দিয়া হৰিধ্ধনিৰ শব্দও শুনা নাযাব | সভ্যতাৰ নামত যান্ত্ৰিকতাই সকলো বিনাশ কৰি পেলাব | আৰু তেতিয়া আমাক আমনি কৰিবহিনে আমাৰ সেই ভাল লগা সময়বোৰে ?
-“পাইছু ৰ’ | ” নাতিদূৰৈৰ পৰা কৈলাশদাই চিঞৰিলে | তাৰ ওচৰ চাপি দেখো বিশ-পশিচটামান ডাঙৰ ডাঙৰ পুথি, কাৱৈ আৰু চেং মাছ |
-“কাৰ ফাঁচীলেঙী ? ” মোৰ বুজিবলৈ অলপো সময় নালাগিল ক’ৰপৰা সি মাছকেইটা গোটালে |
-” এতে আছিল |”
-“বুল , যাউ | টাইমো বহুত হল কিজানি \ বাৰটামেন বাজবাএ লাগে | ”
-“ৰ’ | আমি কুনফালৰপৰা আইছলুনু ? ”
-“অতো | চাইৰোফালে পাথাৰেই পথাৰ দেখুন !”
-“আমি এই ফালেদি আইছলুনা ? বুলচুন সিফালেদিয়ে যাই থাকু ”
সন্মুখলৈ চাই অবাক হৈ গ’লো | ক’ত আমি এৰি অহা পানৰা ৰিজাৰ্ভ ? ক’তো পাৰেই নাই দেখোন ! ইপিনে হাতত জ্বলি থকা টায়াৰো পুৰি শেষ হৈ আহিছে |
-“কৈলাশদা, তোৰ টায়াৰডেল নুমো | ৰাস্তা বিচৰোতেহে ইটা আমাৰ অধ্যা ঢুকপ’ | ”

মাছৰ চিন্তা বাদ দি এইবাৰ আমি লাগি গ’লো আমাৰ ৰাস্তাৰ সন্ধানত | পাৰাপাৰহীন পথাৰ | তাতে একাঠু পানী | তেনে অৱস্থাত পথাৰৰ মাজত থকা আলিবোৰকে আমি লব লাগিব আমাৰ পথৰ সাৰথি কৰি |

ইপিনে ঘৰত ? নিশা এক বাজিছিল | ঘৰলৈ তেতিয়াও উভতি আহি পোৱা নাছিলো ম‍ই আৰু কৈলাশদা | মাৰ চিন্তা লাহে লাহে বাঢ়ি গৈ আছিল আৰু ঘনে ঘনে পদূলি মুখলৈ আহি হতাশ মনেৰে আকৌ উভতি গৈছিল |

( ক্ৰমশঃ )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক