হিতেন শৰ্ম্মাৰ দিনলিপি-৫ (ধ্ৰুৱজ্যোতি শৰ্মা)

হিতেন শৰ্ম্মাৰ দিনলিপি-৫
Dhrubajyoti Sarma

ঘৰলৈ অহাৰ পিছৰেপৰা সপ্তাহজোৰা নেৰানেপেৰা বৰষুণ | অনুমান কৰিলো এয়াই হ’ব চাগে’ এই বাৰিষাৰ শেষ বৰষুণ | বৰষুণজাক বৰ টান নহয় যদিও গেলাই পেলাইছে কেঁচা ৰাস্তাবোৰ | বোকাৰে ভৰি পৰিছে মানুহৰ চোতালবোৰ | লগতে গজি উঠিছে শেলুৱৈ | বাহি চোতাল সৰাৰো কোনো সুৰুঙা নোহোৱা হৈছে | সাজ-গধূলি হবলৈ নৌ পাওঁতেই ৰাস্তাৰ কাষে-কাষে থকা নলাবোৰৰ পৰা বোপা-ককাৰ সজটো ৰাখিবলৈ বেং ককাইহঁতে টোৰটোৰোৱা আৰম্ভ কৰি দিছে | ওফন্দি আহিছে গভীৰ কালদিয়া নদী | ধাননি পথাৰতো পানী জমা হৈছে | পূবৰ পানৰা পথাৰ ঠায়ে ঠায়ে টিহুনদীৰ পাৰ বাগৰি অহা পানীৰে ভৰি পৰিছে | গৰু-ছাগলী চৰাবলৈও জেগা নোহোৱা অৱস্থা হৈছে | তথাপি গৃহস্থসকলে গোহালিৰ ভিতৰতে সোমাই থকাৰ এলাহৰপৰা পৰিত্ৰাণ দিয়াবলৈ গৰু-ছাগলীবোৰ পদূলি মূৰতে এৰাল দিছেগৈ | খাবলৈ ৰাস্তাৰ দাঁতিত একো নাই | তথাপি মানুহৰ খোজ, গাড়ী-মটৰৰ চকাই মোহাৰি নিয়া বোকা মিশ্ৰিত ঘাঁহবোৰতে মুখ লগাইছে সিহঁতে | ঘাঁহ বুলিবলৈও পাত-চাট নথকা, ডং-ডংকৈ থিয় হৈ থকা ঘাঁহৰ পাতহীন ঠাৰিবোৰ | সিহঁতৰো এইকেইদিন খেৰ খাই খাই আমনি লাগি গৈছে |ঘৰত সোমাই সোমাই আমনি লাগি গৈছে | বাহিৰত ওলাব পৰা অৱস্থাই নাই | চৌদিশে বোকা আৰু শেলুৱৈ | ঘৰৰ বাহিৰ ওলালেই মাৰ চিঞঁৰ-বাখৰ -“বাবা, চাবি দে….চেলনি আছে | ভালকে খুপি খুপি যাবি | পৰবি নহলি |” তাৰ মাজতো নিতৌ এপাককৈ ওলাই গৈছো | ওচৰৰে ঘোনো খুৰাহঁতৰ ঘৰত কেৰম খেলিছোগৈ | যোৱা এসপ্তাহ ধৰি কাম বুলিবলৈ সেয়াই | আমনি লাগি গৈছে | একে খেলকে কিমান খেলিম আৰু !! তাতে সৰু চামৰ যিহে গছত গৰু উঠা কথা ! জিভাৰতো লেকামেই নাই | যেন কেৰমৰ নহয়, অশ্লীল কথা কোৱাৰহে প্ৰতিযোগিতা সেয়া ! মাত্ৰ এসপ্তাহৰ আগতে বাছত লগ পোৱা ল’ৰাহঁতক দেখিতো ভাৱিছিলোৱেই, ডেকাচাম বহুত ভদ্ৰ হ’ল | পাচে ওৰহীৰ ওৰ এতিয়াহে ওলাই পৰিছে | সিহঁতৰ বয়সত আমাৰ চামেও বেয়া কথা কৈছিল, অশ্লীল মাত মাতিছিল | কিন্তু আজিৰ ইহঁতৰ দৰে ৰাজহুৱা স্থানত ডাঙৰ-সৰুৰ বা-বিচাৰ নোহোৱাকৈ নহয় | বহুত শুনিলো | শুনি শুনি বেজাৰ লাগি গৈছে | মাত্ৰ কেইটামান বছৰ | আৰু কিমানযে পৰিৱৰ্তন ! সেইবোৰ ভাৱি ভাৱি ক্লান্ত হৈ পৰিছো | নোৱাৰি আৰু ! এই এসপ্তাহত বহুত চেষ্টা কৰিলো সিহঁতক বুজাবলৈ, শুধৰাবলৈ | পাচে কাৰো গায়েই নলৰিল | মাজে-মাজে দুই-এটাইতো ওলোটাইহে ধৰিব খোজে | পৰিয়ালকেন্দ্ৰিক সংস্কৃতি যেন আজিকালি নোহোৱা হৈ পৰিছে ! ডাঙৰক কেনেকৈ মানিব লাগে, সন্মান যাঁচিব লাগে, ৰাজহুৱা স্থানত কি কথা কব লাগে, কি কব নালাগে আজিকালিৰ চামে যেন একোৱেই নাজানে !

এসপ্তাহৰ বোকাৰ গেলা-গেলা গোন্ধ, শেলুৱৈ আৰু বোকাৰে আবৃত চৌদিশ, ঘৰৰ বাহিৰলৈ যোৱাৰ নামতো অসাংস্কৃতিক, অভদ্ৰ পৰিৱেশ এটাৰ মাজত কেৰম খেলি কৰা টাইম পাছ, ঘৰত থকা একমাত্ৰ গাইজনীক দিনটোৰ জোখাৰে হোৱাকৈ এবাৰতে সৰহকৈ খেৰ দিয়া…কামৰ ভিতৰত সেয়াই | পূৰামাত্ৰেই ব’ৰ হৈ গৈছো | সেয়েহে আজি ছাটিতো হাতত লৈ ওলাই গ’লো নখৰাৰ জেঠীহঁতৰ ঘৰৰ ফালে | যোৱা এসপ্তাহত দুদিনকৈ আহিও জেঠীৰ লগত কথা হ’ব পৰা নাই | নখৰাৰ জেঠী নৰীয়াত |
মাত-বোলো ভালকৈ দিব পৰা নাই |

-“অ’ নিৰেণ আতা, ঘৰত আছনা ? ” – চোতালৰ পৰাই মাত লগালো | নিৰেণ আতা নহয়, গুডো খুৰাহে ওলাই আহিল |

– ” অ’ ভাইজ্জা, আহা | কুনদিনা আইহলা ? ”
গুডো খুৰা মোতকৈ বয়সত সৰু যাদিও ককাৰ পুতেক হিচাপে সম্বন্ধত খুৰা হয় | সৰুৰেপৰা ধেমালিতে খুৰা বুলি মাতিছিলো যদিও অভ্যাসবশতঃ এতিয়াও খুৰায়েই হৈ ৰ’ল | তেওঁৰ আচল নাম ফুলেন যদিও গাঁওৰ খুব কমেইহে তেওঁক এই নামেৰে জানে |
– ” খুৰা, জেঠী ভালে আছেনা ? দুইদিনো আইহলু….তুমাক পাচে দেখা নাই যি ?”

-“এ কি কৰবা..জোন শৰ্ম্মাৰ লগত জেনেৰেটৰৰ কামত গেইছলু | পূজাও আহিলতো ! অলপ কাম-চাম উইলোবা পাল্লিও..!”

-“অ’, তাৰমানে তুমি আজিকালি ইলেক্ট্ৰিকৰ কাম কৰাত লাগ্ছ ?”

-“অ’ হে, কিবা এটা কৰি খাবা লাগবোতো !”

-“আউবে পাচে কেনে পাইছি আজি ?”

-“আজি অলপ ভাল পাইছি দে | বইভাও পাচ্ছি আৰু দুই-এক আষাৰ কথাও কৈছি | ”
কথা পাতি পাতি আমি ইতিমেধ্যে নখৰাৰ জেঠী থকা বিচনাৰ ওচৰ পাইছিলোগৈ | জেঠী তেতিয়া কাষৰ বেৰখনত গাৰু এটা লৈ আওজি বহি আছিল | সন্মুখৰ বিচনাখনত বহি আছিল ওচৰৰে দুগৰাকীমান তিৰোতা | তেওঁলোকেও চাগে’ জেঠীৰ খবৰ লবলৈয়ে আহিছিল | মোক দেখা পাই সকলোকে মাত লগাই তেওঁলোক ওলাই গ’ল |
-“অ’ জেঠী, ভাল পাইছনা অলপ ? ” থিয়ৈ থিয়ৈ মই মাত লগালো |
-“কুন ?”-কেঁকাই কেঁকাই মাত দিলে জেঠীয়ে | যিজনী তিৰোতাৰ সুস্পষ্ট আৰু ৰহনসনা মাতত আমি ল’ৰালিৰ আজৰি সময়বোৰ সাধু শুনি শুনি পাৰ কৰিছিলো, সেইজনী তিৰোতাৰেই দুখ-বাৰ্ধক্য আৰু দৰিদ্ৰতাই জুৰুলা কৰা দুৰ্বল শৰীৰটোৰপৰা চেপি চেপি ওলাই অহা মাতষাৰ শুনি গাটো জিকাৰ খাই উঠিল | বেয়া লাগি গ’ল মনতো | বাৰে বাৰে মনতো উৰি গ’ল সাধু শুনিবলৈ স্কুলৰপৰা আহিয়েই লৰা-ঢপৰা লগোৱা সেই দিনবোৰলৈ | কিবা এক বেদনাই বুকুখন হেঁচা মাৰি ধৰিলেহি | তথাপি বুকু ডাঠ কৰি মাত লগালো-“জেঠী, চিনি পাৱ নাই ? মই হিতু | ”

-“অ’ .. হিতু.. !! ব..হ… | এ..হ… মা..ই…চাহ একাপ দিয়ে…হিতুক |

একেই আছে মনটো | ঘৰৰ অৱস্থা পৰি গৈছে | তথাপি একেই আছে মনটো | সাধু শুনিব আহোতেও আমি সদায় গাখীৰপানী খাব লগা হৈছিল | নোখোৱালৈকে তেওঁ আৰম্ভ কৰা নাছিল সধুকথাৰ মজলিছ | আৰু আজিও….মোৰ শিৰ নত হৈ গ’ল | মুখেৰে কথা কবলৈ কষ্ট হৈছে, তথাপি বেদনামিশ্ৰিত হৈ ওলাই আহিছে আফচোচ | দৰিদ্ৰতাই কাবু কৰিব নোৱাৰা অতিথিপৰায়ণতা দেখি তেওঁৰ প্ৰতি মনটো আগতকৈও অধিক শ্ৰদ্ধাৰে দোঁ খাই পৰিল |

-“কিত্তে আইছা বাপা ? ”

-“এসপ্তাহে হ’ল | পাচে ইবাৰ যিহে সাউতা লাগছি, ক’তো ওলবা নৰা অৱস্থা | কি কৰবা আৰ ! ঘৰতে সুমে আছু | ”

তেওঁ হয়তো আৰু কিবা ক’লেহেতেন | কিন্তু শৰীৰে নিদিলে | কিবা কব খোজোতেই গাঁঠি লাগিলত আমি তেওঁক জোৰকৈ শুৱাই থ’লো | নিৰেণ আতা ঘৰত নাছিল | আবাই লৈ অনা চাহকণ মুখত লৈ জেঠীৰ চিকিত্সাআ সম্বন্ধীয় দুই এটা কথা পাতি মই বাহিৰ ওলালো | মন তেতিয়া ভাৰাক্ৰান্ত | এটা ভাণ্ডাৰ যেন হেৰুৱাব গৈ আছো তেনে লাগিল | হঠাতে ফোনটো বাজি উঠিল | ঘৰত অহাৰ পাচত চাগে’ এইটোৱেই প্ৰথম কল | সেউজীয়া বুটামতো টিপি ফোনটো ততাতৈয়াকৈ কানত ললো |
-“হেল্ল’..”
-“………”
-“অ’ কৈলাশ দা ? ”

-“………”
-“এতেই আছু ৰ’ | গুডো আহাত্তাতে | যায়ে আছু ঘৰত | ”

-“………”
-“অ’ ৰ | পাইছুৱে | ”

-“………”
-“ঘৰত থাকপা লাগে দেখুন | পাচে আচৰা মাৰবা পাৰবান্নাই | খেতি নষ্ট হ’লি কাটপ’ বাচ্চা ! অলপ ৰহ | মই ঘৰত যাই লউ | কিবা এটা কৰবা লাগব |”

ফোনটো কাটি দি ঘৰলৈ চেং-চেঙাই বেগ দিলো | সম্বন্ধীয় দাদা এজন আহিছে | মাছ মৰাত বিৰাট চখ থকা দাদাজনে চোতালত ভৰি দেয়েই জালৰ খবৰ লৈছে | গতিকে তাৰ মতলব জলজল-পটপট হো পৰিছে |ময়ো অৱশ্যে বেয়া পোৱা নাই | বহুদিন মাছ মাৰিব যোৱা নাই | সেই চন্দ্ৰকাকা থাকোতেই তাৰ লগত যি গৈছিলো, তাৰ পাচত আৰু তেনেকৈ পথাৰলৈ মাছ মাৰিব যোৱা হোৱাই নাই | এইবাৰ ইমানদিন এনেয়ে ঘৰত সোমাই থাকিলো | আগতে মনত খেলোৱা হ’লে মাছ মাৰিবই যাব পাৰিলোহেতেন | কমচে কম এসাঁজৰ হোৱাকৈতো আনিব পাৰিলোহেতেন ! কিয়যে পাহৰি আছিলো !

নখৰাৰ জেঠীৰ লগত কথা পাতি ওলাই আহিছো | মনত লৈ আহিছো এসোপা বিষাদ আৰু অনিশ্চয়তা | হেৰুওৱাৰ ভয় | এটা বিশাল ৰসৰ ভাণ্ডাৰ, জীৱন্ত এখন সাধুকথাৰ পুথি যেন আমি হেৰুৱাব ওলাইছো ! বোকাময় হৈ পৰিছে মোৰ সন্মুখৰ ভৱিষ্যতৰ পৃথিৱীখন | এটা এটা বেয়া ফলে কাঢ়ি লৈ গৈ আছে মোৰ মনৰ এটা এটা সপোন | ধূঁৱলি-কুঁৱলি দেখিছো চৌদিশ | কিন্তু হঠাতে কৰপৰা যে ফোনতো আহিল | আহিয়েই দি থৈ গ’ল এক পুৰণি নিচা-যি নিচাই মোৰ মনৰপৰা নিমিষতে কাঢ়ি লৈ গ’ল বিষাদত ডুব গৈ থকা সকলো ভাৱনা | পাহৰি গ’লো মই কি সপোন দেখিছিলো, কিহৰ মায়াই মোক বলীয়ান কৰি তুলিছিল ! এতিয়া মাথো এটাই নিচা..মাছ মাৰিব যোৱা, মোৰ পুৰণি নিচা এটাক আকৌ আকোঁৱালি লোৱা | ফোনটোক এবাৰ ধন্যবাদ জনালো |

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক