হিতেন শৰ্ম্মাৰ দিনলিপি -৭ (দ্বিতীয় অধ্যায়) (ধ্ৰুৱজ্যোতি শৰ্মা)

৭ ম খণ্ড (ধিতীয় অধ্যায়)


-এয়া উচ্চ, এয়া মৌচুমী, এই বন্দিতা, ই কৌশিক দা। -সন্ধিয়া ছয়মান বাজিছে। কলেজৰ ল’ৰা-ছোৱালীবোৰ নোহোৱা হৈছেগৈ। হোষ্টেলৰ ল’ৰা-ছোৱালীবোৰ দুই এজনকৈ বাহিৰলৈ ওলোৱা-সোমোৱা কৰাৰ বাহিৰে অথবা কলেজৰ কোনো কামত ফাঁচি থকা দুই-এজন কৰ্মচাৰী কাম সামৰি ঘৰলৈ যাবলৈ ওলোৱাৰ বাহিৰে তেতিয়া আৰু তাত কোনো নাই। আমি আটায়ে বিজ্ঞান ভৱনৰ ফালে মুখ কৰি কলা ভৱনৰ বাৰান্দাত বহি লৈছোঁ। পুতুল দাই সকলোকে এফালৰ পৰা চিনাকি কৰি দি গৈছে।

-উচ্চই যোৱা মাহত এটা ধুনীয়া কবিতা লিখিছে। সৌৱা প্ৰণৱদা। আমাৰ সকলোৰে প্ৰিয় লেখক প্ৰসেন প্ৰাণজিৎ কোন আজি আমাক প্ৰণৱ দায়ে কব। এইফালে এয়া পূৱালী, আলোছায়া, নৱনীতা, মনোজ, নিম, হিৰেণ, ৰিদিপ আৰু ৰাণা। পূৱালীয়ে ভাল কবিতা লিখে। আলোছায়া অভিনেত্ৰী। তেওঁ এইবাৰ আন্তঃমহাবিদ্যালয় সপ্তাহত কলেজৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মানো পাইছে। নৱনীতা গায়িকা তথা গীতিকাৰ। এইবাৰ কলেজ ৱিকৰ সমবেত সংগীতৰ কথা আৰু সুৰ এই নৱনীতাৰে। মনোজ ভাল তাৰ্কিক। নিম, ৰিদিপকতো মই দশাবতাৰ বুলিয়ে মাতোঁ। সিহঁতে সব কৰে। লিখে, ছবি আঁকে, আবৃত্তি কৰে, নাটক কৰে, গান গায়। ৰাণা সমালোচক। এইযে মই কথাখিনি কৈ আছোঁ, অলপ পিছত সি ইয়াৰ পৰ্যালোচনা আৰম্ভ কৰিবই। হিৰেণ ৰেখাংকক। আৰু সেয়া হিতেন। মই অৱশ্যে হিতেনৰ কথা বৰ ভালকৈ নাজানো। নতুনকৈ দেখিছোঁ। কিন্তু অনুমান কৰিছোঁ, তেৱোঁ এইবোৰৰ প্ৰতি আগ্ৰহীয়েই হব। তেওঁৰ সবিশেষ আপোনালোকে তেওঁৰ পৰাই জানি লওঁক। -এইবাৰহে মৰিলো। ক’ৰ যে কি কামত আনি পূৱালীয়ে মোক সুমুৱাই দিলে ! সেমেনা-সেমেনিকৈ মই থিয় হ’লো।

-মই আপনালোকৰ দৰে একো নহে। অৱিশ্যে নাটক, কবিতা, কিতাপ, আবৃত্তি, চিত্ৰাংকন আদি মই বোয়া নাপং।-খুব নাৰ্ভাছ হৈ সেপ ঢুকি ঢুকি মই কথাকেইটা কিবাকৈ কলো।

-সি গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ কিতাপৰ পাঠক-আলোছায়াই এইবাৰ মাত লগালে।

-আৰু পুতুল দা, আপনাৰ কথা নকলাক দেখুন।-উচ্চই কৈ উঠিল।

-মোৰ কথানু কি কম ! মই ইতা ৰামায়ণ মহাভাৰত পঢ়ি ভাল পাৱ বুঢ়া। গতিকে এই বয়সত মই শুনিহে ভাল পাউং।

-ৰামায়ণ, মহাভাৰত? তই এলাখেন্নো পঢ়া নিকি?-প্ৰণৱদাই মাত লগালে।

-অ’। কিত্তোবাৰ পৰাই।

-মাৰবিদে তই মানহু।

-ঐ, মানস আহুন কহে গেল?

-তাহুন কাগজ গেলা আনবা গেইছি।

-আটচা।

পুতুল দাই পুনৰ আৰম্ভ কৰিলে- আজি আমি মিলিত হোৱাৰ  প্ৰধান কাৰণ হৈছে আমাৰ কলেজত এটা শাখা গঠন কৰা। এই শাখা আমি গঠন কৰিম। সাহিত্য, সংস্কৃতি, চিত্ৰশিল্প, নাটক ইত্যাদি বিষয় ইয়ৰ্ত সাঙুৰি লোৱা হব। কলেজৰ ভিতৰৰ সকলো ইণ্টাৰেষ্টেড মানুহ ইয়াৰ অন্তৰ্ভুক্ত কৰা হব।…

 

আকৌ শৰতৰ লহৰে হৃদয়ৰ কোনোবা এটা কোণত চুই গৈছিল। অনামী অনুভূতি এটিয়ে কৰবাৰ পৰা চেঁচা বতাহ এছাটি হৈ গা-মূৰ জুৰ পেলাই দিছিল। ভাল লগা ভাল লগা ভাৱটোৱে মন-প্ৰাণ প্ৰশান্ত কৰি তুলিছিল। গংগাস্নাত হোৱাৰ দৰে নতুন হৈ পৰিছিল হৃদয়খন। নতুন কিবা এটা কৰাৰ, নতুন কিবা এটা দেখাৰ, পৃথিৱীখন নতুন ৰূপত কল্পনা কৰাৰ আৰু চোৱাৰ হাবিয়াস এটাই আকৌ জাগি উঠিছিল। শৰৎ নামিছিল। বতৰলৈ। মোৰ জীৱনলৈও। সেই শৰতেই নৌকা চপাইছিলহি বজালী কলেজৰ কলা ভৱনৰ বাৰান্দাত। শাৰদী হৃদয়েৰে এজাক প্ৰাণোচ্ছল য়ুৱক-য়ুৱতীয়ে পৃথিৱীখন নতুন ৰূপত গঢ়াৰ মানসেৰে সংকল্প লৈছিলহি। সাহিত্য, শিল্প, সংস্কৃতি, প্ৰতিভাৰ মূল্যায়ণ আদি আছিল এই নতুন পৃথিৱীখনৰ থূম। ইয়াৰ নাম ৰখা হৈছিল ‘সাহিত্য চ’ৰা’। অসমৰ যিকোনো মহাবিদ্যালয়ৰ ভিতৰত সাহিত্য চৰ্চাৰ বাবে গঠিত প্ৰথম মঞ্চ জন্ম হৈছিল ‘সাহিত্য চ’ৰা’ৰ ৰূপত, বজালী মহাবিদ্যায়ৰ চোতালত। আৰু ময়ো আছিলোঁ তাৰে এজন সদস্য কৰ্মী-আছিলোঁ এজন সাহিত্যৰ অ-আ, ক-খ নজনা, কেৱল গিফটত পোৱা ৰঞ্জু হাজৰিকাৰ উপন্যাস পঢ়ি ভাল পোৱা এজন গাঁৱলীয়া যুৱক। এই সন্ধিয়াটো হৈ পৰিছিল এক অন্যতম সন্ধিয়া। আমাৰ প্ৰতিজনৰ মনৰ ইতিহাসৰ কোনো এটা শাৰীত অথবা দফাত লিপিৱদ্ধ হৈছিল ‘সাহিত্য চ’ৰা’ৰ নাম, এই সন্ধিয়াটোৰ নাম।

 

‘সাহিত্য চ’ৰা’ গঠন হৈছিল। প্ৰস্তুত কৰা হৈছিল ইয়াৰ কাৰ্যক্ৰমণিকা। ‘সাহিত্য চ’ৰা’ক মহাবিদ্যালয়ৰ সাহায্যপ্ৰাপ্ত অনুষ্ঠানৰূপে গ্ৰহণ কৰিবলৈ মহাবিদ্যালয়  কৰ্ত্তৃপক্ষক জনোৱা আবেদন কৰ্ত্তৃপক্ষই হাঁহিমুখে গ্ৰহণ কৰিছিল। আৰম্ভ হৈ গৈছিল এক নতুন জীৱন। পৃথিৱীখন নতুন হবলৈ আৰম্ভ কৰিছিল। সকলোৰে ব্যস্ততা বাঢ়ি গৈছিল। শ্বহীদ ভৱনৰ এটা কোঠা পৰিস্কাৰ কৰি তাতে পতা হৈছিল সাহিত্য আড্ডা।

 

ক্লাছ শেষ কৰি অলপ সময়ৰ বাবে সাহিত্য চ’ৰাত দেখা দি মই ওলাই আহি চাইকেলখনৰ তলাটো খুলিলোঁ। হঠাতে শুনিলোঁ কোনোৱাই দূৰৈৰপৰা মোক নাম ধৰি মাতি আছে। মই ৰৈ দিলো। ল’ৰা এজন আগুৱাই আহিল।

-তুমিয়ে হিতেন নিকি?

-অ’। ককচুন।

-নাই। এনেয়ে। তোমাৰ কথা শুনি আচলু। চিনিহে পাৱ নাচলু। আজি প্ৰাণজিতে দেখে দিলাক। মই বুলু চিনাকীয়ে হৈ লউং।

-অ’। আপনাৰ নামটু?-সৌজন্যতাবোধ দেখুৱাই মিচিকিয়া হাঁহিৰে মই সুধিলো।

-অৰুণ। অৰুণজ্যোতি দাস।

-অ।

-ইতা যাৱ নিকি?

অ’। কাম এটা আছে। সিকাৰণে ওল্লু। কালিৰপৰা বিশ্বকৰ্মাৰ যোগাৰ কৰবা লাগবো নহে ! তিত্তে সময়ে নাপম।

-উম। পাছে আমাক নামতো নিকি বিশ্বকৰ্মাত?

-আইভো। ডিপাৰ্টমেণ্টৰ পূজা। সৱ এলাওড।

-দে হোবো দে। তুমি যাৱ। নোহোলি আৰো দেৰি হোবো।

 

অৰুণক বিদায় দি মই চাইকেলত লাফ মাৰিছিলোঁ। দেখা নাছিলোঁ যে দুযুৰি চকুৱে তেতিয়া মোক বিজ্ঞান ভৱনৰ ওপৰ মহলাৰ বাৰান্দাৰ পৰা নীৰিক্ষণ কৰি আছিল।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments