হিতেন শৰ্ম্মাৰ দিনলিপি ৭(ধ্ৰুৱজ্যোতি শৰ্ম্মা)

হিতেন শৰ্ম্মাৰ দিনলিপি ৭(ধ্ৰুৱজ্যোতি শৰ্ম্মা)

মাজনিশা ফেঁচাৰ চিঞৰে মাৰ চিন্তা দুগুণে বঢ়াই তুলিছিল | আকাশ ডাৱৰীয়া নাছিল যদিও পাতলীয়া মেঘৰ আবৰণী এখনে আকাশখন ঢাকি ৰাখিছিল | মায়ে আকাশখনলৈ চালে | কেইটামান বাজিল বা ! নাই, একো ধৰিব নোৱাৰি | ক’তো জোন বা তৰাৰ উপস্থিতি নাই | ক’ত বা গ’ল ল’ৰা দুজন ! ইমান দেৰিলৈ দুয়োজনৰ দেখা-দেখি নাই | কি কৰা যায় এতিয়া ! চিন্তিত মনেৰে মায়ে সন্তৰ্পনে দেউতা থকা কোঠাৰ দুৱাৰ খুলিলেহি | দুৱাৰ খুলিয়েই মা চক খাই উঠিল | বিচনাৰ ওপৰত বহি আছে দেউতা |

-“কি হ’ল, আপনি ঘুমো নাই ? “

-“ঘুমো‍ইছলু ৰ’বা | পাছে তুমি ইতাকল’গি ঘুমো নাই যি ? “

-“এনেয়ে | চ’লি দুটাও নাহিল দেখুন | ইমান ৰাতি হ’ল | কি বা হ’ল !”

-“কেইটা বাজিলনু ? “

-“চাউ ৰ’ব’ |”

চ’ৰা ঘৰৰ দেৱাল ঘড়ীৰপৰা দুই বজাৰ ঘণ্টা বাজি উঠিল | ফেঁচাটোৱে আকৌ এবাৰ মাজ নিশাৰ কিৰিলি পাৰিলে | দেউতায়ে হাতত টৰ্চটো লৈ ওলাই আহিল |

-“হেৰি শুনচিনা | সিংকে আকলা-আকলি যাওতকে যাএ যদি গুদোকো মাত দি লৈ নায’ই কিয় ? “

-“ক’ত বা গেইছি মৰ চ’লি ? এই ৰাতিখেন শান্তিৰ মতন ঘুমোবাও নেদে চালা চ’লি | ধিকাচ্চাৰ দি খাই মাৰবা ধ’চ্চি | মাছ মাৰি খুও‍ই ! গেইছা যা, এই ৰাতিকল’গি দেখা নাই !!”-দুশ্চিন্তাৰে ভাৰাক্ৰান্ত মনেৰে নিজক পতিয়ন নিয়াবলৈ দেউতাই ভোৰভোৰালে |

-“ফোন কৰি চাইচলানা?”

-“ফোনো লগত নিয়া নাই | এৰি গেইছি”-মায়ে তপৰাই কৈ উঠিল |

-“কি কৰা যাএ ইটা..!!” চিন্তাক্লিষ্ট মনেৰে দেউতা ওলাই যায় |

ওচৰৰে দুজনক জগাই দেউতাই যেতিয়া আমাক বিচাৰি ওলাইছিল, তেতিয়া তিনিমান বাজিছিলেই | আৰু ঠিক তেতিয়াই মাজ পথাৰত আমি ব্যস্ত হৈ আছিলো পথৰ সন্ধানত |

বহুত সময় চেষ্টা কৰিও যেতিয়া আমি দিশ উলিয়াব পৰা নাছিলো হতাশ হৈ পৰিছিলো | বাৰে বাৰে মনলৈ আহি আছিল ককায়ে সৰুতে কোৱা পানৰা পথাৰৰ চাৰিসীমাৰ কথা | পূৱে টিহুনলা, পশ্চিমে আমাৰ গাঁও, বৰগাণ্ডুবী গাঁও, হেলনা গাঁও; উত্তৰে কাছকুৰী,মাগুৰি, কাছৰিপাৰা, দিগা আৰু দক্ষিণে বিশাল পানৰা বিল | দক্ষিণৰ পানৰা পথাৰ আৰু পানৰা বিলৰ মাজৰ আলিটো পালেই আমি পাই যাম আমাৰ পথৰ সন্ধান | অথবা উত্তৰ-পূৱ কোণৰ টিহু নলাৰ পৰা পথাৰলৈ কটা “হলা”টো পালেও ঠাইখিনিৰ সম্ভেদ পাই যাম | কিন্তু একোৱেই বিচাৰি পোৱা নাই | তিলমাত্ৰও ধৰিব পৰা নাই আমি কোনখিনিত আছো | সৰুৰেপৰা লৰি-ঢাপৰি ডাঙৰ হোৱা এই পথাৰখনেই আজি সম্পূৰ্ণ এক নতুন ৰূপত দেখা দেছেহি |

একেৰাহে প্ৰায় পাঁচ-ছয় ঘণ্টামান পানীৰ মাজত থকা বাবে ভৰি দুখন অৱশ হৈ গৈছে | পানীও ক্ৰমে গভীৰ হৈ আহিছে | একাঠু পানীত আমি মাছ কাটিব আৰম্ভ কৰিছিলো, আৰু এতিয়া পানী কৰঙণ পাইছেগৈ | পানীৰ গভীৰতা চাই দিশ উলিয়াবলৈ চেষ্টা কৰিছিলো যদিও যিফালে যাও সেইফালেই ক্ৰমান্বয়ে পানী গভীৰহে হৈ আহিছে | কি কৰো একো ভাৱি উলিয়াব পৰা নাই | সেয়ে দুয়ো দুডৰা মাটিৰ মাজৰ সৰু আলি এটাক সাৰথি  কৰি আগবাঢ়ি গৈ থাকিলো | লক্ষ্যহীনভাৱে ! মাজে মাজে নিজকে শান্ত্বনা দিয়াৰ বাবে ৰাউচি জুৰি গানকেই জুৰিলো-“পাৱে… পৰি…… হ..ৰি…… নাযা…বা ….আঁ…ত.ৰি…… নি..য়া …. পা.ৰ..ক…ৰায়ো…আ..মাক…….. ” ভয় ভাৱত মুখৰপৰা কি ওলাইছে নেজানো…. কিন্তু মাতটো যে অস্বাভাৱিকভাৱে ডাঙৰকৈ ওলাইছে, কৈলাশদাৰ মোৰ ফালে চোৱা ভংগীতেই ধৰিব পাৰিছো |

-“অ’ কৃষ্ণ, ৰাতি নুপো‍ই নেকি এ…..” কৈলাশদাৰ মুখৰপৰা হুমুনিয়াহমিশ্ৰিত এক অভিব্যক্তি ওলাই আহিল |

-“যাচুন যাই থাক | কিবাতো পাম যাই যাই |”

কিছুদূৰ যোৱাৰ পিছত আমি থমকি ৰব লগা হ’ল | আলিটো আমি বিচাৰি নোপোৱা হ’লো | বোধহয় ইয়াতেই আলিটো শেষ |

“কিএ, আলিটো নাই দেখুন |”-আগে আগে গৈ থকা কৈলাশ দাই এইবাৰ প্ৰায় চিঞৰিয়েই কৈ উঠিল |

-“আলি নাই মানে !! ৰ’ ৰ’, আলি শেষ মানে আমি হলাটো পাইছু কিজানি | দ পাথাৰো পাবা পাৰু | না বিলে পাইছু !!” কিবা এটা অনুমান কৰিবলৈ চেষ্টা কৰিলো |

-“মানে ?”

-“মানে আমি পূৱ, উত্তৰ বা দক্ষিণ দিশে আগবাচ্ছু | “

-“কিংকে গম পালি ? “

-“হলাটো উত্তৰে, দ পাথাৰখেন পূৱে আৰ বিলখেন দক্ষিণে আছে | কিন্তু…… বিলখেন পাৱৰ আগতে ৰাস্তাটো পালুহৈ | ৰাস্তাটো পাৱোনাই যিহেতু, আমি দক্ষিণে আহা নাই | বুল..ঘূৰ |” অংক পাতি ল’লো | উত্তৰ ওলাব যেন লাগিল | সেইমতে সমীকৰণ প্ৰয়োগ কৰি যিফালৰ পৰা আহিছিলো ঠিক সেইফালেই ঘূৰিলো | এইবাৰ আকৌ আৰম্ভ হ’ল যাত্ৰা | ওভোতনি যাত্ৰা | এই যাত্ৰাৰ সংগী হৈ ৰ’ল জ্বলিবলৈ বাকী থকা মাত্ৰ এহাতমান টায়াৰ, দুয়োৰে হাতত উদ্যত দা দুখন, পানীয়ে ডাঁকি শেতা কৰি পেলোৱা সোঁতোৰা-মোতোৰা ভৰি কেইখন আৰু অলপ আগলৈকে খাৱৈৰপৰা মুক্তি পাবৰ বাবে হৰতাল কৰি থকা অৰ্ধমৃত নিশ্চুপ মাছকেইটা |

হঠাতেই ঘটি গ’ল অঘটনটো | আলিৰ দাঁতিৰ কেকোঁৰা গাতত ভৰি সোমাই উজুতি খাই পৰি গ’ল কৈলাশ দা | তাৰ লগে লগে তাৰ হাতত জ্বলি আমাক পথৰ সন্ধান দিবলৈ চেষ্টা কৰি থকা পোহৰৰ শেষ ভৰষা টায়াৰটুকুৰাও চিটিকি গৈ পানীৰ মাজত আত্মগোপন কৰিলে | ঘোৰ অন্ধকাৰত জাহ গ’লো আমি | কেউদিশে মাথো এন্ধাৰ, এন্ধাৰ আৰু এন্ধাৰ | খেপিয়াই খেপিয়াই যেতিয়া কৈলাশ দাৰ ওচৰ পাইছিলোগৈ, সি কোনোমতে নিজকে পানীৰ মাজৰপৰা উদ্ধাৰ কৰি  টায়াৰ টুকুৰা বিচৰাত লাগি গৈছিল | পানীৰ মাজত দুয়ো যিমান পাৰো টায়াৰটুকুৰা বিচাৰিলো, কিন্তু  টায়াৰৰ নাম গোন্ধ‍ই নাপালো | এতিয়া দা দুখনেই একমাত্ৰ সম্বল | হঠাতে নামি অহা এন্ধাৰটোৱে মনত এক অবুজ ভয় সুমুৱাই দিলেহি | এন্ধাৰৰ চাকনৈয়াতে মনলৈ উক দি আহিবলৈ ধৰিলে সৰুৰেপৰা শুনি অহা কাহিনীবোৰ  “……পুৱা ৰাতি মাছ মাৰি থাকোতে ঘৰাপাকে বৰকে দিগদাৰি দিয়ে দে…..”, “…..অমুকাই বাজাৰৰ পৰা আহি থাকতে মাজ পাথাৰত বাট বিচৰি তাতে ঘূৰা-পাকা কৰি আছিল…. বেচেৰাটুক পৈৰাটুৱে কমখেন লটিঘটি কচ্ছিলনা …” ইত্যাদি ইত্যাদি | যিমান পাৰো চিন্তাৰ দিশ সলনি কৰিবলৈ চেষ্টা কৰিলো যদিও সেইবোৰ চিন্তাই বেছিকৈহে আগুৰি ধৰিলে | দুয়ো প্ৰায় লগালগি হৈ আগবাঢ়িবলৈ ধৰিলো | দুয়ো নিমাত | কেৱল আগবাঢ়িছো…নাই দিশ, নাই লক্ষ্য… এটাই মাথো সাৰথি ….দুডৰা মাটিৰ মাজৰ আলিটো | আলিটো য’লৈকে যায়, আমাৰো লক্ষ্য সেইফালেই |

পুৱতি নিশাৰ দুৰু দুৰু বতাহজাক বলিবলৈ আৰম্ভ কৰিছিল | অলপ ঠাণ্ডা ঠাণ্ডা লাগিছিল | পানীৰ তলত কেবাঘণ্টাও পাৰ কৰি দিয়া ভৰি দুখন খজুৱাবলৈ আৰম্ভ কৰিছিল | তথাপিও তালৈ ভ্ৰূক্ষেপ নকৰি আগবাঢ়ি আছো |

“….জপং….”-দুয়ো চক খাই উঠিলো | ইমান ডাঙৰ কিহৰ শব্দ !! অন্তৰাত্মা কঁপি উঠিল |

-“কিএ হিতু, আচলবিধে লাগচি যেন পাইছু য’..”

-“ম‍ই আগতেই ধৰবা পাচ্ছু…. একবিধেতো মাজৰাতিয়ে লাগ দিছি…. আৰু ইটাকল’গি আমাক টাউকৰা ঘূৰো দিছি…. আৰ ইটা ইবিধেও লাগ দিছি….কি হএ কবা নৰু….. আজি বাচলিহে বাচা…. বুলচুন…. মল্লিও মল্লু বাচলিও বাচলু… দাৱ হাতৰপৰা এৰি নেদবি কেৱল…..” সেপ গিলি কোনোমতে কথাকেইষাৰ ক’লো |

“….জপং….”-আগৰবাৰতকৈ ডাঙৰ শব্দটো শুনি এইবাৰ দুয়ো জাঁপ মাৰি উঠিলো | সোঁহাতৰ দাৰ মুঠি আপোনা আপুনি টান হৈ গ’ল | দুয়োৰে বাঁওহাত কেতিয়াযে মুঠিলৈ পৰিবৰ্তিত হ’ল গমেই নাপালো | ইজনে সিজনৰ হাতত ধৰি দুয়ো যিমান পাৰো শব্দ নোহোৱাকৈ আগবাঢ়ি গৈ থাকিলো | দুয়োৰে মনে ইতিমধ্যে পতিয়ন গৈছেই যে পৰুৱাৰ কৱলৰ পৰা পৰিত্ৰাণ নৌপাওতেই এইবাৰ আমি ঘৰাপাকৰ কৱলতো পৰিলো | যিমান পাৰো সেইবোৰ মিছা বুলি ভাৱিবলৈ চেষ্টা কৰিলো আৰু যিমানেই চেষ্টা কৰিলো সিমান বেছিকৈয়ে চিন্তাৰ চাকনৈয়াৰ সোমাই গৈ থাকিলো | লাহে লাহে অনুমান কৰিলো আমাৰ খোজৰ লগত খোজ মিলাই কোনোৱা যেন আমাৰ পিছে পিছে আহি আছে | ঘিটমিটীয়া অন্ধকাৰ | সেই অন্ধকাৰত আমাৰ কাষত থিয় দি আছে এটি ঘৰাপাক | আমাতকৈ দুগুণে ওখ, ক’লা, কিযে ভয়ংকৰ এক অৱয়ব | এন্ধাৰৰ ক’লাখিনি তাৰ দেহত থূপ খাই যেন বেছি ভয়ংকৰ ৰূপ লৈছে | মাছৰ খাৱৈতো খেপিয়াই চাব খুজিও ৰৈ গ’লো | যদি খাৱৈৰ ভিতৰত সুমুৱাই ৰাখিছে তাৰ এখন হাত ? গাৰ নোমবোৰ এডাল এডাল হ’ল |

-“কৈলাশ দা”-কোনোমতে সেপ ঢ়ুকি মাত লগালো |

-“হা”-তাৰ অৱস্থাও মোৰ দৰেই একেই |

-” কুকত এটাও মাছ নাই যেন পাইছু “

-” মাছৰ চিন্তা বাদ দি…. ঘৰ যাই পালি হএ ইটা “

হঠাতে কৈলাশ দাই হাউলি কিবা চালে তাৰ পিছত ক’লে -“মল্লু দে”

-“কি হ’ল ?”

-“কলজুক”

-“হা ?? এইৰো জল্ডি | নহ’লি সি সৰ্বনাশ কৰবো | “

-“কিত্তোবাএ ধচ্ছি যেন পাউ”

-“কাটি দি তিত্তেহ’লি | মূৰ দুটা লগ লাগবা নেদবি |”

-“দেশলাটো উইলোচুন |” পাহৰিয়েই আছিলো মোৰ জেপত যে দিয়াশলাই এটা আছিল | তত্‍ক্ষণাত দিয়াশলাইটো উলিয়াই কাঠী এডাল জ্বলালো |

-“অলপ দেখলি হ’ল ৰ | আঠুৰ উপৰোত ধচ্ছি | আগতে কাটি ল‍উ… এইৰোবা নল্লি পুৰি দিম |”

কলজোকৰ কৱলত পৰি আমি পাহৰিয়েই থাকিলো ঘৰাপাক আৰু পৰুৱাৰ ভয় | কলজোকৰ বিষয়ে শুনা কাহিনীবোৰে আমাক ইমানে সচেতন কৰি তুলিলে যে, দুয়ো যিমান পাৰো সিমান সোনকালে জোকডাল এৰুৱাবলৈ চেষ্টা কৰিলো | আৰু সেই ব্যস্ততাই হয়তো আমাক এৰুৱাই লৈ আহিল ভূতৰ কৱলৰ পৰা | জোকডাল কৈলাশ দাৰ ভৰিৰ পৰা যেতিয়া এৰুৱাইছিলো, দিয়াশলাইৰ কাঠীৰ পোহৰত আমি দেখিছিলো, ওচৰৰ পানীখিনি ৰঙা হৈ পৰিছে | বুজিবলৈ বাকী নাথাকিল যে প্ৰচুৰ ৰক্তক্ষৰণ ঘটিছে | ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰিলে সিযে বেছি দূৰ আগুৱাব নোৱাৰিব, সেইটো মনলৈ অহাৰ লগে লগেই বাঁওহাতৰ চোলাৰ হাতখন কাটি তাৰ ভৰিত বান্ধি দিলো | পুনৰ সাজু হ’লো আমি আমাৰ লক্ষহীন যাত্ৰালৈ | এইবাৰ ম‍ই আগত, কৈলাশ দা পিছত | হঠাতে কিবা এটা যেন মনত পৰি গ’ল | ম‍ই ৰৈ দিলো আৰু আমালৈ ভেৱা লাগি চাই ৰ’ল জপংকৈ জপংকৈ আমাৰ লগত আগুৱাই অহা ঘৰাপাকটো-এটা প্ৰকাণ্ড ভেকুলী |

-“কি হ’ল, ৰ’লে দেখুন ?”-কৈলাশ দাই সুধিলে |-“এক মিনিট” ম‍ই পকেটৰ পৰা দিয়াশলাইটো উলিয়াই কাঠী এটা জ্বলালো | তাক ভালকৈ জ্বলিবলৈ দি মুখৰ সন্মুখৰ ধৰি তললৈ এৰি দিলো | শিখাটোৱে বাঁওফালে ঢাপলি মেলি পানীত পৰিল | পুনৰ এটি কাঠী জ্বলালো | তাকো আগৰ দৰেই এৰি দিলো | সোঁফালৰপৰা বলা বতাহত জুইৰ শিখাটো বাঁওফালে সোঁত লৈ পুনৰ পানীত পৰিল |

-“কি হ’ল আৰ তোৰ ? দেশলেৰে খাটীকেটা শেষ নকৰিবি | “

-“মনত আছেনা তোৰ ? আমি পানীত নুমাৰ আগে আগে যি টায়াৰৰ জুঁই দক্ষিণ-পশ্চিম কোণাৰপৰা বলা বাতাহত উত্তৰ-পূৱ কোণাৰফালে বৈ গেইছিল….. !!”

-“গেইছিল নেকি? মোৰ মনত নাই দে | পাছে কিয় ?”

-“পাই গেলু…পাই গেলু…”

-“পাই গেলু ? কি পালি ? “

-“আমাৰ ৰাস্তা পাই গেলু | বুল সোঁফালে | মোৰ পাছে পাছে আহি থাক | ” কৈয়েই ম‍ই সোঁ-সোঁৱাই আগবাঢ়িব ধৰিলো | যেন পথৰ সন্ধান পাই গ’লো ! মোৰ পাছে পাছে ৰক্তক্ষৰণ হৈ প্ৰায় লেবেজান হৈ পৰা ভৰিৰে কৈলাশ দা | পথৰ সন্ধানৰ অন্তিম প্ৰচেষ্টা এটি কৰি চাইছে মোৰ লগত |

আমাৰ পিছপিনৰ আকাশখনে তেতিয়া এঙামুৰি ভাঙিছিল | ৰঙীন বেলিয়ে ৰহস্যময়তা লৈ ওলাই অহাৰ যো-জা চলাইছিল | দূৰ কৰবাত ফেঁচাটোৱেও শেষ প্ৰহৰৰ কিৰিলি পাৰিছিল | ঠিক তেনে এটি সময়তে ওচৰৰ গাঁওৰে ভূতৰ ওজা দয়ালে বহুকেইজন চুবুৰীয়াৰ উপস্থিতিত কড়ি মাৰি আমাৰ সম্ভেদ বিচাৰি আছিল |

( ক্ৰমশঃ )

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments