হিতেন শৰ্ম্মাৰ দিনলিপি-৮ (দ্বিতীয় অধ্যায়) : ধ্ৰুৱজ্যোতি শৰ্মা

৮ ম খণ্ড (ধিতীয় অধ্যায়)

 

সন্ধিয়া ঘামি-জামি যেতিয়া ঘৰ পাইছিলোগৈ, দেউতাৰ লগত গাঁৱৰ দুজনমান মানুহ চোতালতে বহি কথা পাতি আছিল। মই পোনে পোনে চাইকেলখন নি ‘ডাঙৰ ঘৰ’ৰ ভিতৰত সোমাই থৈ কেৰিয়াৰৰ পৰা বহীখন উলিয়াই জুনিয়ৰ আৰু মোৰ পঢ়া কোঠা পালোগৈ।

মেজত বহীখন থৈ কাপোৰযোৰ সলাইছোহে মাথোঁ, দেউতাই মাতিলে-হিতু ইফালে আহচুন।
মই একেলগে মুখ-হাত ধোৱাৰ বাবে আলনাৰ পৰা গামোছা এখন ডিঙিত মেৰিয়াই লৈ গৈ দেউতাৰ ওচৰ পালোগৈ। দেউতাৰ ওচৰত বহি থকা মানুহকেইজন তেতিয়ালৈ গৈছিল। দেউতাই পোনে পোনে সুধিলে-
-তোৰ এডমিশ্যনত মই কিমান দিছলু?
-তেইশশ টাকা। কিয়ো?
-হিচাপ ক’ত?
-হিচাপ সেয়ে। বাইশ শ পঞ্চাশ এডমিশ্যন ফিছ আৰু পঞ্চাশ টাকামান বিলোতে গেইছি। চিলিপ গেলা দিছুৱে দেখুন!
-তথাপি মোৰ হাতৰ পৰা নিছা, মোৰ আগত হিচাপটু দিবা লাগে না নাই? -দেউতাৰ মাত লাহে লাহে টান হৈ আহিবলৈ ধৰিলে।
-ইমান পাত-পিত হিচাপ দিবাৰ কাৰণে মই কিবা এনেই খৰচ কচ্চু নেকি?
-নকৰা, জানু। কিন্তু তথাপি দিবা লাগে।
-তাতে মই চিলিপ গেলা দিছুৱে। সেইখেইখেন হিচাপ কল্লিয়ে দেখুন ওলে যাএ…
-তুহাৰ ইতাৰ পৰায়ে এই মতিগতি। ডাঙাৰক মানা লক্ষণেই নাই। যি মন যায়ে তাকে নিজ ইচ্ছা মতে কৰি গেইছা। বাপেৰ উপৰোত পাইছা, যিংকে ইচ্ছা সিংকে খৰচ কৰি যা। -দেউতাই কথাখিনি ইমান টানকৈ কৈছিল যে, মই হতভম্ব হৈ পৰিছিলোঁ। লগতে কথাবোৰে মোৰ মূৰত কোনোবাখিনিত গৈ আঘাট কৰিছিলগৈ। মূৰৰ পৰা এসোঁতা তেজ নামি আহিছিল। ৰঙা পৰি গৈছিলোঁ মই। তথাপি সমাধান উলিয়াবৰ বাবে মই ক’লোঁ-
-হোবো দে, ইতাও দিম।
-এলাখেন মই কবা লাগে যি, লগে লগে দিবা নৰা? আৰো ডেইলি দিয়া পইচাগেলাতো ক’ত গেল খবৰেই নাই।
-ডেইলি দিয়া পইচা মানে? ডেইলি যি মই কলেজত যাৱৰ আগে আগে দশ টাকাকে দিয়া, সেতুৰ কথা কৈছা নেকি? দিনটু খাৱ-লৱৰ কৰা চাইকেল ভাল কৰাক লগিন চব দেখুন তাৰে পৰাএ কৰবা লাগে। তাৰ পাছত আৰো পইচা বাচে বুলি ভাবা নেকিন?
-ডেইলি ইমান কিহোত যাএয়ে? আমি কলেজত পঢ়া নাচলু? আমি দেখুন এখনি যাগা খুজ কাৰিয়ে গেইছলু ! –দেউতা আৰু মোৰ কথাবোৰ লাহে লাহে তৰ্কত পৰিণত হৈ গৈছিল। ধৰিব পৰা নাছিলোঁ দেউতাৰ আজি এই হিচাপ নিকাচ বিচৰাৰ কাৰণ। বতৰ আছিল অসহনীয় গৰম। তাতে ৰ’দ। সেই ৰ’দত জ্বলি-পুৰি ইমান দূৰ চাইকেল চলাই আহি এনেকুৱা কথা শুনিব লগা হোৱা বাবে মোৰ টেমা চুটি গৈছিল। নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহিছিল মূৰৰ গৰম তেজসোঁতা। কব নোৱাৰাকৈয়ে দেউতাৰ সৈতে অযথা সৰু বিষয় এটাক লৈ তৰ্কযুদ্ধত লিপ্ত হৈছিলোঁ।
-তুহাৰ দিনোত তুহুন খুজ কাঢ়ি গেইচলি কাৰণে আমাকো সেনেহেন শাস্তি দিবি নিকি ইতা?
-মই সিংকে কইচু নিকি?
-তিত্তেহ’লি? তোৰ প্ৰ’ব্লেম ক’ত? দিনে দশ টাকাকে দিবাও টান পা যদি নালগে দে আজিৰ পৰা। মই নিজে কভে কিবাকে যোগাৰ কৰি লম। কৰ্বা ন’ল্লি লঘোণে থাকিম, তথাপি তোৰ পইচা নাল্লু।
আমাৰ তৰ্কা-তৰ্কিত ইতিমধ্যে ঘৰৰ আটাইবোৰ মানুহ ঘৰৰ ভিতৰৰ পৰা বাৰান্দালৈ ওলাই আহিছিল।
-দেয়ে, তুহুন বাপে-পুতে কিযি আৰম্ভ ক’চ্চা এই সাজ গইধলাখেন!-মাই পাকঘৰৰ পৰা ওলাই আহি এইবাৰ মাত লগালে।
-আৰো আপনিও যি, চ’লিটু ভাগাৰে-জুগাৰে আহি পাইছি মাত্ৰ; হাত-মুখ ধুবাএ পাৰানাই, এলাগেল আৰম্ভ ক’চ্চি।

হয়তো মায়ে মোক সমৰ্থন দিবলৈ কথাখিনি কৈছিল, অথবা মোক ক্ষান্ত কৰিবলৈ। হয়তো দেউতাৰ খঙ বেলেগ ফালে ঢাল খুৱাবলৈ তেনেকৈ কৈছিল। কিন্তু মাৰ কথাই মোক অলপো প্ৰভাৱ পেলাব পৰা নাছিল। এটুকুৰা জ্বলি উঠা ৰক্তপিণ্ড হৈ মই চিটিকি গৈ দূৰৈত পৰিলোঁগৈ। টিঙিৰি তুলা হৈ মই সোঁ-সোঁৱাই দমকলৰ ওচৰ পালোঁগৈ।

প্ৰচণ্ড খং উঠিছিল মোৰ। কষ্ট কৰিছিলোঁ। বহুত কষ্ট। মোৰ বয়সত বিজ্ঞান বিভাগৰ স্নাতক বৰ্ষৰ ছাত্ৰ এজনে যিমানখিনি সা-সুবিধা পাব লাগে তাৰ এটা বিন্দুও মই বিচৰা নাছিলোঁ। সেই বাবেই বাৰ কিঃমিঃকৈ চৌবিশ কিঃমিঃ ৰ’দ নাই, বৰষুণ নাই, চাইকেল চলাই মই কলেজলৈ গৈছিলোঁ। কিয়নো ঘৰখনৰ কথা মই লাহে লাহে বুজি পোৱা হৈছিলোঁ। মেট্ৰিক পাছ কৰাৰ পিছৰে পৰাই বুজি পোৱা হৈ আহিছিলোঁ দেউতাই সাধাৰণ শিক্ষকৰ চাকৰি এটাৰে কেনেকৈ চাৰিজনী ভনীয়েকক পঢ়াই-শুনাই বিয়া দি, দুজন ভায়েকক পঢ়াই-শুনাই মানুহ কৰিছিল। অথচ নিজৰ পৰিয়ালৰ প্ৰতি, নিজৰ সন্তানৰ প্ৰতি তেওঁ একো কৰিব নোৱাৰি যেন অভিমানী হৈ উঠিছিল। কিন্তু অৱস্থাই তেওঁক তাৰ বাহিৰে একো এটা কৰিবলৈ সুবিধাও দিয়া নাছিল। সেই সকলো কথা অনুধাৱন কৰিয়েই উচ্চতৰ মাধ্যমিক শাখাত বিজ্ঞানৰ ছাত্ৰ হৈও কোনো ‘লাইন’ পঢ়িবলৈ যোৱা নাছিলোঁ। আনকি প্ৰৱেশ পৰীক্ষাত পাছ কৰিলে যাব লাগিব বুলি প্ৰৱেশ পৰীক্ষাও দিবলৈ যোৱা নাছিলোঁ। সেই দুবছৰত মাত্ৰ মনটোক বুজাবলৈ চেষ্টা কৰিছিলোঁ, নিজৰ জীৱন গঢ়াৰ নামত যেন ঘৰখনৰ ওপৰত এটা বোজা হব লগা পৰিস্থিতি নহয়গৈ। মনেও সেয়েহে বজালী কলেজতে ঠাই লৈ লৈছিল। মনে মনে থিৰ কৰিছিলোঁ, স্নাতক কৰিয়েই চাকৰি এটাত সুমাই লব পাৰিলে পাচত কিবা ভাল লাইন পঢ়িম। সেয়েহে কেতিয়াও টকা-পইচাৰ ক্ষেত্ৰত ঘৰত জোৰ দিয়া নাছিলোঁ। কলেজলৈ যাবলৈ ওলাই দৌৰাদৌৰিকৈ যেতিয়া ভাতৰ পাতত বহো, সময়ত সদায় মায়ে আনি গুজি দিয়েহি দহটকীয়া এখন। সেইখনেই আছিল মোৰ মূলধন। খোৱা-বোৱা, চাইকেলৰ মেৰামতি খৰচ সকলো তাৰ পৰাই মিলাইছিলোঁ। সপোন দেখিছিলোঁ- সদায় এটকা–দুটকাকৈ ৰাহি কৰি মাহৰ মূৰত এখনমানকৈ কিতাপ কিনিম। কিন্তু সকলো ওলট-পালট হৈ গৈছিল। অনৰ্থক কাৰণত দেউতাই ককৰ্থনাৰে থকাসৰকা কৰিছিল। সামান্য এটা অজুহাততে। মোৰ বুকুত যেন কিবা এটাই হেঁচা মাৰি ধৰিছিল। হৃদয় ফাটি ফালি ওলাই আহিব খুজিছিল চকুপানীবোৰ, কিন্তু নাহিল। শিল হৈ ভেমৰ ৰহণ সানি থাকি গ’ল বুকুৰ মাজত, জেদৰ ভেশচন ধৰি।

মুখ-হাত ধুই কোনোদিনে বাহিৰলৈ নোযোৱা ল’ৰাজন ওলাই আহিলোঁ। একো-এটা মুখত নিদিয়াকৈয়ে। ওলাই অহাৰ সময়ত মাই পিছপিনৰ পৰা চিঞৰি আছিল, কিবা এটা খোৱাৰ বাবে। কিন্তু সেইখন ঘৰত একো এটা মুখত দিবলৈও মোৰ মন নগ’ল। উদ্দেশ্যবিহীনভাৱে মই পশ্চিমফালে গৈ থাকিলোঁ।

তেতিয়া কাণিমুনি সন্ধিয়া নামিছিল। গাঁৱৰ মানুহবোৰে গৰু-ছাগলীবোৰ পথাৰৰ পৰা ঘৰলৈ খেদি আনিবলৈ আৰম্ভ কৰিছিল। সৰু ল’ৰা-ছোৱালীবোৰে খেলা-ধূলা শেষ কৰি ঘৰলৈ ওভোতিবলৈ আৰম্ভ কৰিছিল। ছোৱালীবোৰে বাটে-বাটে অলপ ফুৰি মুকলি বতাহ লবলৈ ওলাই আহিছিল। নামঘৰত কোনোবা নামতীয়ে নাম ডাকিছিল। গৰু-ম’হৰ টিলিঙা, দামুৰি পোৱালিৰ হেম্বেলনিয়ে পৰিৱেশটো মুখৰিত কৰি তুলিছিল। মোৰ প্ৰিয় সময় আছিল এই সময়খিনি। বৰ ভাল পাইছিলোঁ এইখিনি সময়ৰ ব্যস্ততাখিনি উপভোগ কৰি। এইখিনি সময়ত কিবা যেন এক অজান মায়াই বন্দী কৰি ৰাখিছিল মোক। ঘৰে ঘৰে জ্বলোৱা থূপাৰ ধোঁৱাই সেই মায়াময়তা এখোপ চৰাইছিল। এইখিনি সময়ত মনটো মুকলিকৈ এৰি দিবলৈ পাইছিলোঁ। কিন্তু আজি এইবোৰ একেবাৰে ভাল লগা নাছিল। কাণিমুনি সন্ধিয়াৰ মায়াময়তাই আজি একো প্ৰভাৱ পেলাব পৰা নাই। বুকুত মাথোঁ কঢ়িয়াই লৈ ফুৰিছিলোঁ এসোপা গধূৰ শিল। আৰু এই শিলসোপাই চৌদিশ ধোঁৱাময় কৰি তুলিছিল।

মই গৈ নৈ পাৰ পাইছিলোগৈ। ৰঙীয়াল বেলি তেতিয়া ডুবিছিল, কিন্তু তাৰে এছাটি-দুছাটি ৰঙা তেতিয়াও আকাশৰ কোণত লাগিয়েই আছিল। সেই ৰং নৈৰ পানীত প্ৰতিবিম্বিত হৈ পাৰলৈ উঠি আহিছিল। ৰহস্যময় হৈ পৰিছিল নৈখন। মই এখোজ-দুখোজকৈ নৈৰ পাৰে পাৰে আগুৱাই গৈ থাকিলোঁ। মনৰ ভিতৰত এটায়েই হাহাকাৰ চলি থাকিল-কি দোষ কৰিলোঁ মই ! কি দোষৰ বাবে ভাগৰুৱা ক্লান্ত ভোকাৰ্ত অৱস্থাতে ইমান কথা শুনিব লগা হ’ল !!

সুদীৰ্ঘ সময় মনত উদয় হোৱা নানানটা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ। উত্তৰ হ’লে এটাও পোৱা নাছিলোঁ। আৰু এই প্ৰশ্নবোৰৰ সৈতে ব্যৰ্থভাৱে যুঁজি যুঁজি যেতিয়া ঘৰলৈ উভতি আহিছিলোঁ, ঘৰৰ মানুহবোৰ তেতিয়া ভাতৰ পাতত বহিছিল।

(ক্ৰমশঃ)


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments