হিতেন শৰ্ম্মাৰ দিনলিপি -৯(-ধ্ৰুৱজ্যোতি শৰ্ম্মা)

ক’ৰপৰা যে কি হৈ গ’ল কথাবোৰ! এটা মাত্ৰ ফোন কল, অলপমান হেঁপাহ.. তাৰেপৰাই আৰম্ভ হোৱা নাছিলনে কথাবোৰ? অথচ এতিয়া? সকলো যেন খেলিমেলি হৈ গ’ল| আলহী খাব অহা কৈলাশ দাক মূৰ্মুষ অৱস্থাত চিকিত্‍সালয়ত ভৰ্তি কৰোৱা হৈছিল| এডাল মাত্ৰ জোকে সৰ্বনাশ নমাই আনিছিল তাৰ জীৱনলৈ| এতিয়া মাথো প্ৰয়োজন তেজৰ| অথচ অন্ধবিশ্বাসী গঞা আগুৱাই যোৱা নাই ৰক্তদান কৰিবলৈ| ভূতে বাহ লোৱা শৰীৰ এটাক ৰক্তদান কৰি কোনেও নিজৰ আৰু গাঁওখনৰ অনিষ্ট কৰিব নোখোজে| আনফালে তেজ বিচাৰি চলাথ কৰিছে দেউতা আৰু খুড়াই| আলহী খাবলৈ অহা ল’ৰা এজনৰ এই দশাৰ বাবে নিজকে দায়ী বুলি ভাৱিছিল তেওঁলোকে| ইফালে গঞা ক্ষুন্ন হৈ পৰিছিল ৰাতিপুৱা মোৰ ব্যৱহাৰ আৰু আমাৰ পৰিয়ালৰ প্ৰতিক্ৰিয়াহীনতাত| আমাৰ বিৰুদ্ধে ৰাইজমেল মতা হৈছিল আবেলি| অথচ কথাবোৰ মোক জনোৱা নাছিল কোনেও| আৰু বাহিৰত হোৱা কথা-বতৰাবোৰৰ ৰিণিকি-ৰিণিকি শুনা অংশৰপৰা যেতিয়া সকলোখিনি উলিয়াই ললো, আন এক অপৰাধবোধে হেঁচা মাৰি ধৰিলেহি মোক|

এক তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্বত ভূগি আছিলো ম‍ই| ৰাতিপুৱাৰ ঘটনাটোৱে মোক টুকুৰা-টুকুৰ কৰি পেলাইছিল| ভাল কৰিছোনে, বেয়া? ম‍ই যি কৰিছিলো উচিত আছিলনে সেয়া? নে মোৰ সকলো সিদ্ধান্ত‍ই আৱেগিকহে আছিল! এবাৰ এইফালে, এবাৰ সেইফালে মনটোৱে দৌৰি ফুৰিছিল| যিখিনি হৈ গৈছিল, সেইখিনিৰ বাবে অনুশুচনাত দগ্ধ হৈ পৰিছিলো ম‍ই| ম‍ই ভূত নামানিলো বুলিয়েই ভূত মিছানে? যদি মিছায়েই হয়, তেন্তে অতৃপ্ত আত্মাৰ কাহিনীবোৰ বিজ্ঞানে ইয়াৰ নিজস্ব দৃষ্টিভঙ্গীৰে মানুহক বুজাই মেলি, সৈমান কৰাব পৰা নাই কিয়? কিয় বিজাব পৰা নাই এই অলৌকিকতাৰ কাৰণ? আৰু দয়াল কা! মোকোতো ভূতৰ কবলত পৰা বুলি কব পাৰিলেহেতেন.. কিন্তু দুজনৰ মাজৰ পৰা কৈলাশদাকহে বাছি উলিয়ালে কিয়?

 

এশ একুৰি প্ৰশ্ন‍ই জুমুঠি মাৰি ধৰিছিল মগজটো| যথেষ্ট ভাগৰো লাগিছিল, অথচ শুব পৰা নাছিলো| বিচনাত উঠি চকু মুদিলেই ভাঁহি উঠিছিল গৈটেই ঘটনাটো| দূৰ কৰবাৰ পৰা প্ৰতিধ্ধনিত হৈ আহিছিল কৈলাশদাৰ মাত-“পাইছু ৰ’”.. দয়াল কাই চিঞৰি চিঞৰি যেন এতিয়াও কৈ আছিল-“শ্যালা হাৰামজাদা… যাবিনা নাই এৰে পৰা..?” আৰু মাজে মাজে ভাবতে “জপং…জপং” শব্দ শুনি চক খাই উঠিছিলো| প্ৰচণ্ড ভোকত পেট খামোচ মাৰি ধৰিছিল, অথচ টেবুলৰ ওপৰত পৰি আছিল বাঢ়ি দিয়া দুসাজকৈ ভাত; একো এটায়েই খাবলৈ মন যোৱা নাছিল| মনত এটাৰ পিছত এটাকৈ উত্থাপিত প্ৰশ্ন‍ই মোক জুমুৰি দি ধৰিছিল আৰু উত্তৰ বিচাৰি নাপাই জৰ্জৰিত হৈ পৰিছিলো ম‍ই|

 

হাস্পতালত তেতিয়া জীৱনৰ বাবে যুঁজি আছিল কৈলাশদা; বন্ধ কোঠাত নিজৰ সৈতে যুদ্ধ কৰি আছিলো ম‍ই নিজে| গাঁওৰ সুবিধাবাদী কিছুমানৰ বাবে সুবিধা ওলাইছিল আৰু তাৰ ফলস্বৰূপেই চোতালত বহিছিল ৰাইজমেল| কাৰণ, আমাৰ ভালৰ বাবে আমাৰ চোতালতেই গোট খোৱা গাঁওৰ অগ্ৰজসকলক ম‍ই কটু বাক্য শুনাইছিলো| ইমানখিনিৰ পিছতো দেউতা-খুৰাহঁতে মোক ’শাসন’ কৰা নাছিল| হঠাতে বাহিৰত কোনোবাই কোৱাকুই কৰা শুনিলো-“হিতুই এনে কৰবা নালগিছিল| আমি ৰাইজেতো ছলিটুক মৰি যাবা নেদলুহৈ|”

-“সি এলাখেন নামনে, জানেয়ে দেখুন”

-“সি নামনিলিএ হব না! আমি দয়ালক নাজনু নেকি?”

-“সি ক‍ই আছিল কৈলাশদাক কলজুকে ধৰি ঠিকচে খাৱ‍ইহে সেনেহেন কচ্চি বুলে|”

-” জুকে তেজ খালি মানহে ভ্ৰম বকে নেকি?আমাক কিত্তেও জুকে ধৰাএ নাই? আমি কলজুক দেখাএ নাই?

-“ভ্ৰম বকপা পাৰে| তাহুন পঢ়া-শুনা কৰা ছ’লি, নাইজে না!”

-“সেতুৱেটো আমাৰ দোষ| তাহুন পঢ়া-শুনা কৰা বুলি চব সিদ্ধান্ত আমি তাহাৰ উপৰোত এৰি দেউং|”

-“নহ’লি কি কৰবা লাগছিল?ম‍ই ভাবু হিতুই একো বয়া কৰা নাই|”

বহুকেইজন মানুহৰ কথাৰ মাজত তল পৰি গোছিল কথাবোৰ| ধৰিব পাৰিছিলো|

 

ৰাতিপুৱাৰ কাহিনীয়েই সকলোবোৰ গৰম কৰি ৰাখিছিল| আনকি আমাৰ চোতালো| , ইতিমধ্যে দুটা ফৈদ হৈ গৈছিল ৰাইজসকল আৰু দুয়ো গোটৰ মাজত চলি আছিল যুক্তিযুদ্ধ| অথচ সেই কথাবোৰ শুনিও মোৰ খং উঠা নাছিল| এক অশিক্ষিত আৰু অল্পশিক্ষিত মানুহেৰে গ্ঠিত আমাৰ প্ৰৌঢ়সমাজ| নিজকেই সমাজৰ উচ্চস্তৰতেই দেখি আহিছে| আজিলৈ কোনেও তেওঁলোকৰ কথাত অমান্তি হোৱা নাই, মানিবলৈ অস্বীকাৰ কৰা নাই| অথচ আজি তেওঁলোকৰ সিদ্ধান্তমৰ্মেই মাতি অনা দয়াল ওজাক চোতালৰপৰাই খেদি পঠিওৱা হ’ল, অপমান কৰা হ’ল ৰাইজক- সেয়া তেওঁলোকে কেনেকৈ মানি লব? মানি লব‍ই বা কিয়? কিতাপৰ শিক্ষাই জানো আচল শিক্ষা?

-” কেটামান দিন ইস্কুলত যাইয়ে লাটচাহেব হৈ গেইছি-ইহ..ৰাইজক কাটে..ইমান সাহ, বিচাৰ হবাই লাগবো…” ৰাইজৰ ওচৰত দাবী উত্থাপন কৰা হৈছিল আৰু সেইসকললৈ মোৰ পুতৌ জন্মিছিল| যিয়ে ঘ্হেনঘ্হেনীয়া পেনপেনীয়া সকলকে শিষ্টাচাৰ শিকাব নোৱাৰিলে, যাৰ নৱ প্ৰজন্মৰ প্ৰতি দায়িত্বজ্ঞান বুলি কোনো বস্তুৱেই নাই, তেওঁলোকে আমাৰ বিচাৰ কৰিব! কিন্তু এয়াই নিয়ম| আৰু এখন সমাজৰ বাসিন্দা হিচাপে সেইবোৰ শুনি যাব লগা হৈছিল| কথাবোৰ শুনি জেদটো বাঢ়ি আহিছিল, খংটো উঠি আহিছিল, কিন্তু ঘৰখনলৈ চাই এইবাৰ শান্ত হৈ ৰৈছিলো| উপলব্ধি কৰিছিলো, একমাত্ৰ মোৰ প্ৰতিক্ৰিয়াই ঘৰখনক শ’লঠেকত পেলাইছে-কোনেও কেতিয়াও আঙুলি টোৱাব নোৱাৰা ঘোৰখনলৈ বদনামৰ ধল নমাই আনিছে| ইমানখিনিৰ পিছতো আমাৰ পৰিয়ালৰ কোনোৱে কিন্তু মতামত দিয়া নাছিল| সেই কথাটোৱে মোক দোধোৰ-মোধোৰত পেলাইছিল| পৰিয়ালৰ আন সদস্যই কথাটোত গুৰুত্বই দিয়া নাছিল নে ৰাইজৰ সিদ্ধান্তকেই মূৰ মাতি লবলৈ সাজু হৈছিল ধৰিব পৰা নাছিলো| এইটো কথায়ো মোক আন এক অপৰাধবোধত ভোগাইছিল| কি কৰা উচিত আছিল, কি কৰিলো, কি কোৱা উচিত আছিল, কি কলো- সেইবোৰ কথাই মোক ভাৰাক্ৰান্ত কৰি তুলিছিল|

 

কেতিয়াবা আকৌ দয়ালকাৰ বাবেও বেয়া লাগে| এজন অতি সাধাৰনভাৱে জীৱন-যাপন কৰা গঞা দয়ালকা| তন্ত্ৰ-মন্ত্ৰ জানক বা নাজানক, ভূত-প্ৰেত থাকক বা নাথাকক, এইটোৱেতো তেওঁৰ পেছা| আমি ওজালি বিশ্বাস কৰাৰ বাবেইতো তেওঁ ওজা হব পাৰিছে| ভুতে নধৰিলে তেওঁ খাব কি.কেনেকৈ চলিব তেওঁৰ পৰিয়াল ! তেওঁৰ তন্ত্ৰ-মন্ত্ৰৰ ব্যৱহাৰৰ একমাত্ৰ মাধ্যম ভূতেই লোৱা নাই জানো তাৰ পৰিয়ালৰ ভৰণ-পোষনৰ দায়িত্ব? এজন ওজা হোৱাৰ বাহিৰেও তেৱোতো এজন মানুহ| শিক্ষাই সংকুচিত কৰি অনা ভূতৰ এই ক্ষেত্ৰকে জীৱিকাৰ বাবে খটুওৱাতো কম ৰিক্সৰ কথানে ! অথচ সেই পথকেই লৈ চলি আছে তেওঁ| তেওঁহে জীৱন যুজৰ প্ৰকৃত যুজাৰু| অথচ এন এজন মানুহকে নগা দাৰে কাটিব খেদি গৈছিলো ম‍ই| তাকো ওজালিৰ সময়ৰ বাহিৰে নম্ৰ, অমায়িক এইজন দয়ালকাক| কিমানযে ভুল কৰিছিলো ম‍ই ! ভালকৈওতো বুজাব পাৰিলোহেতেন| ভালকৈ কলে তেওঁ নুশুনিলেহেতেননে? আৰু এতিয়া আত্মদহনত দহি দহি বহি আছো এটা কোঠালীত| খবৰ লবলৈ কোনো অহা নাই| কেৱল ৰাতিপুৱা এসাজ, দুপৰীয়া এসাজ ভাত দি গৈছে প্ৰতীমা পেহীয়ে| সিও তেনেদৰি পৰি আছে|| খাব পৰা নাই| দেহৰ পাচন যন্ত্ৰয়ো মোক মানি লব পৰা নাই| মানি লব খোজা নাই পৰিয়ালেও| সকলোৱে যেন নিঃসংগভাৱে থাকিবলৈ দি মোক শাস্তি দিছে| নিঃসংগতাবোধে খুলি খুলি খাই আছে মোৰ বিবেকক|

 

-“ম‍ই ভাবু হিতুই একো ভুল কৰা নাই| কৈলাশ ভুতৰ পালাত নপৰা বুলি সি প্ৰমাণ দিবা পাচ্চি| তাৰে পাচতো এই মাইৰ-ধৰগেলা কিয়ো সহ্য কৰবো সি?সেটুদৃষ্টিত সি কৰা প্ৰতিক্ৰিয়াত ম‍ই মুঠেই অসন্তুষ্ট নহে| লজ্জিত হবা লাগাও মোৰ নাই| বৰং গোৰৱান্বিতহে যে মোৰ ছলি আজি শিক্ষাৰ মূল্য ৰাখপা পাচ্চি আৰু আমাক সবকে এটা ৰাস্তা দেইখে দিবা পাচ্চি| এইখিনি অৱশ্যে মোৰ মতামতহে| ৰাইজে যদি ভাৱে, আমি ভুল কচ্চু, তিত্তেহ’লি ৰাইজে যি সিদ্ধান্ত লএ তাকে নানবা ৰেডি আছু|” প্ৰথমবাৰৰ বাবে ৰাইজৰ হেচাঁত দেউতাই মতামত দিলে আৰু ভাঁহি অহা প্ৰতিটো শব্দ‍ই মোৰ বুকুখনত আহি হেচা মাৰি ধৰিলেহি| হুকহুকাই কান্দি পেলালো ম‍ই| সেই চকুপানীখিনিৰ ওজন কিমান আছিল, কান্দি উঠিহে অনুমান কৰিব পাৰিলো| আজি দেউতাৰ পৰা আকৌ এটা নতুন শিক্ষা পালো| এটা পথৰ সন্ধান পালো| সেইটো হৈছে শান্ত-শিষ্টভাৱে লোৱা সত্যৰ পথ-যাক ম‍ই ক্ৰোধেৰে সাৱটি লৈছিলো| ক্ষমা হব সেই সত্য পথত মোৰ সহযাত্ৰী| ম‍ই ঠিক কৰি পেলালো-ম‍ই দয়াল কাৰ ওচৰলৈ যাম|

-“হিতু দা, অনুপম দা আইছি|”-নিকুৱে চিঞৰিলে| লগে লগে অনুপম এনেয়ে বন্ধ কৰি ৰখা দুৱাৰখন খুলি সোমাই আহিল|

-“ঐ, বুল ফুৰি আহু”

-“ক’ত যা?ইচ্ছা যাৱ নাই |”

-“নালগে আ ইচ্ছা যাবা..ওলো| আৰে, ত৬ই ভাত খাৱৱেই নাই?”

-“নাই ৰ…ইচ্ছায়েই যাৱ নাই দেখুন|”

-“ইচ্ছা নায‍ই তোৰ?পাগলা হৈছা নেকি? খা ফটাফট| ডাঙাৰ কাম এটা আছে|”

-“কি?”

-“তিত্তে খুৰাই কৈ আইছিল, কৈলাসদাক তেজ দিবা লাগা হৈছি বুলে|”

-“অ”

-“ম‍ই তিত্তেয়েই আহিম বুলছিলু| পাছে মাই গম পাই আইভা নেদা হ’ল|”

-“ইতা পাছে?”

-“মনে মনে যাম| বিলৰ ভিঠাত যাম বুলি কৈ আইছু| জানে তাতে গেলি মোৰ আহোতে দেৰি হএ|”

-“এতিয়া তাৰমানে ত‍ই ফাঁকি দি হোলিও তেজ দিবি?”

-“অ..নহ’লি কি?

-“অনুপম !!!” কিযে এক শিহৰণে মোক জোকাৰি দিলেহি গম নাপালো| আনন্দতে ম‍ই অনুপমক সাৱটি ধৰিলোহি|

-“বুল বুল….দেৰি নকৰবি|”

-“ৰহ| মোৰো এটা ডাঙাৰ কাম আছে|”

-“ডাঙাৰ কাম?ৰহ.. ম‍ই অলপ চাইডত যাউ…কভে দাৱ-চাৱ ওচ্ৰে-পাজ্ৰে থাকপাও পাৰে…. হাহাহা…” স্বতঃস্ফুৰ্তভাৱে মোৰ মুখৰপৰাও হাঁহি ওলাই গ’ল|

(ক্ৰমশঃ)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments