হিতেন শৰ্ম্মাৰ দিনলিপি −১০ -(ধ্ৰুৱজ্যোতি শৰ্মা)

হিতেন শৰ্ম্মাৰ দিনলিপি −১০
– (ধ্ৰুৱজ্যোতি শৰ্মা)

বাৰিষা কাল| তাতে শাওতা লাগিছে| যোৱা এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ| যিবোৰ ৰাস্তা এদিন বৰষুণতেই গেলি যায়, এসপ্তাহ নেৰানেপেৰা বৰষুণত তাৰ অৱস্থা কি হব পাৰে সেয়া কল্পনাতীত| তথাপি গধূলি সময়ত আমাৰ দুচকীয়া পেডেল বাহন আগবাঢ়িছিল পাঠশালা চিভিল হাস্পতাললৈ বুলি| এই যাত্ৰাত মোৰ এক লক্ষ্য আছিল| সাধাৰণতে আমি নগণ্য বুলি গণ্য কৰা জোকৰ আক্ৰমণত আহত কৈলাশদাক বচোৱাৰ লক্ষ্য; মোৰ লক্ষ্য আছিল অন্ধবিশ্বাসৰ কৱলত পৰা কৈলাশদাক সন্দেহৰ আৱৰ্তৰ পৰা উলিয়াই অনাৰ লক্ষ্য; মোৰ লক্ষ্য আছিল ভূত গৌণ, চিকিত্সাহে মুখ্য বুলি ৰাইজৰ ওচৰত দৃষ্টান্ত দাঙি ধৰাৰ লক্ষ্য আৰু মোৰ সেই লক্ষ্যস্থানলৈ বুলি যিখন ৰথ আগবাঢ়ি গৈছিল, অনুপম আছিল সেই ৰথৰ সাৰথি; সেইজন অনুপম, যাক তথাকথিত ভদ্ৰসমাজে ’চেলবেলীয়া’ আখ্যা দি থৈছিল, মাক দেউতাকেও যাক ঘৰৰ ভিতৰতে মূৰ্খ বুলি কবলৈ বেয়া পোৱা নাছিল| অথচ সেই অনুপম মোৰ বাবে এক সাহস হৈ পৰিছিল, হৈ পৰিছিল মোৰ সংগ্ৰামৰ সতীৰ্থ|

বাৰে বাৰে গাতত পৰি জঁপিয়াই উঠিছিল চাইকেল, ৰাস্তাৰ বোকাত লাগি ধৰিছিল চকাবোৰ| দুই−এবাৰ আকৌ পিছলি গৈ ৰাস্তাৰ কাষৰ নৰ্দমাত পৰাৰপৰা কথমপিহে বাচিছিলো| অথচ প্ৰতিটো জোকাৰণিতে দৃঢ় হৈ গৈছিল মোৰ লক্ষ্য| বোকাই যিমানে খামুচি ধৰিছিল, মনটো সিমানেই কঠোৰ হৈ পৰিছিল মোৰ লক্ষ্য পাবলৈ| যিমানেই পিছলি গৈছিল চাইকেলৰ চকা, সিমানেই শাৰী পাতি মোৰ মগজুত ধৰা দিছিলহি কৰণীয়সমূহে|

আনহাতে সুহুৰি বজাই বজাই চাইকেল চলাইছিল অনুপমে| বতৰ গোমা যদিও বৰষুণ নাই| কানিমুণি এন্ধাৰ নামিছে| ঘাঁহত থকা সৰু পতংগবোৰে আমাৰ চকুৰ আগত সত্ৰীয়া নৃত্য আৰম্ভ কৰিছেহি| হাজাৰটা প্ৰশ্নই, হাজাৰটা চিন্তাই জুমুৰি দি ধৰিছিলহি মোক| বাৰে বাৰে চকুৰ আগত ভাঁহি আহিছিল কৈলাশদাৰ শেঁতা পৰা শৰীৰটো|

-“অনুপম, তেজ দিবা পাৰা আৰ’ কুনবা ওলব’না?”
−∀আজি কেটামানক কৈ আইছু ৰ’| নাইহলি গল কাটি তেজ আনিম বুলি কৈ থৈ আইছু|”
-“হে! সিংকে কবা নালগিছিল|”
-“হবদে| তই ইমান টেনছন কিয়’ লেনেকা? মই যি কৰবা লাগে কৰিম নহে|”
-“নহে এ’..| এটু মোৰ কাৰণে ইটা ডাঙাৰ চেলেঞ্জ| প্ৰথমে আকলে আছলু, ইটা তয়ো আছা|”
-“সিকাৰণে কৈছু, তই বেমাৰীৰ লগত থাকপি, মই তেজ গটম|”
-“ক’ৰপৰা গোটোবি?”
−∀চাই থাকচুন কি কৰু মই| মাত্ৰ কিত্তে লাগে মোক কৈ থাকপি|”

যেন হাততেই আছে তেজৰ বিশাল ভঁৰাল এটা| যেন তাৰ এক কথাত সকলোৱে তেজ দিবলৈ আগুৱাইহে আহিব! একেবাৰে চিন্তাহীনভাৱে গৈ আছে অনুপম| দুই ওঁঠেৰে নিগৰি আহিছে মৃদু সুহুৰি−∀গাঁৱৰ ল’ৰা বাটে−বাটে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ ল’ৰা…∀| গধূলি সময়ত ফুৰিবলৈ ওলোৱা গাঁৱলীয়া গাভৰুৰ ওচৰ চাপিলে স্বতঃস্ফুৰ্তভাৱে ডাঙৰ হৈ ওলাইছে সুহুৰিৰ শব্দ| অথচ এতিয়া কোনো কথায়েই ভাৱিবলৈ মন যোৱা নাই মোৰ| আশ্বস্ত হব পৰা নাই অনুপমৰ কথাত| কি কৰা ভাল হব ! ঠিক কৰিব পৰা নাই| দয়ালকাৰ ওচৰলৈও যোৱা নহ’ল| এইফালে দেৰি হব বুলিয়েই অনুপমৰ কথামতে দয়ালকাৰ ঘৰলৈ যোৱাৰ প্ৰগ্ৰেম বাতিল কৰিছিলো|

-“যিহৰ কাৰণে ইমান যুদ্ধ ক’ল্লি সেই কামটুতো আগতে কৰ|” অনুপমে একে আষাৰে কৈ দিছিল মোক| কিছুসময় ধৰি চিন্তা কৰিছিলো মই| চিন্তা কৰি এটা কথায়েই পাইছিলো যে জীৱন দানৰ গুৰুত্ব ক্ষমাপ্ৰাপ্তিতকৈও কেতিয়াবা গুৰুত্বপূৰ্ণ হব পাৰে| সেইমতে চিভিল হাস্পতালৰ বাৰান্দাৰ এটা চুকত ভাৰা কৰি অনা খাট এখনত এবুকু আশা লৈ পৰি ৰৈছিল কৈলাশদা, ঘৰৰ চোতালত চলি আছিল তুমুল বিতৰ্ক, ভাগ ভাগ হৈ গৈছিল মানুহবোৰ| দেউতা আৰু আমাৰ পৰিয়ালৰ পৰা সহায় পাই থকা মানুহখিনিয়ে আমাৰ পক্ষত থিয় দিছিল, বেয়া পোৱাসকলে আমাক গাঁৱৰপৰা এঘৰীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল| আনফালে ডেকাশক্তি একত্ৰিত হৈছিল নৈপাৰত, অনুপমে কোৱামতে কোনে কেতিয়া ভূতে ধৰা মানুহক তেজ দিব তাৰে বিষয়ে আলোচনা কৰিবলৈ|

আমি যেতিয়া হাস্পতালৰ বাৰান্দাত থিয় হৈছিলো, নিশাৰ চিকিত্সকৰ ডিউটি আৰম্ভ হৈছিল| বাৰাণ্ডাৰে চঞ্চলভাৱে আহ−যোৱা কৰিছিল ৰোগীৰ পৰিয়ালৰ লোকসকলে| হয়তো কোনোৱাজনে ৰোগীৰ বাবে পথ্য নিবলৈ, কোনোৱাই হয়তো দৰৱ আনিবলৈ বাহিৰলৈ ওলাই গৈছিল| হাস্পতালৰ সাধাৰণ ৱাৰ্ড, মহিলা ৱাৰ্ড, কেজুৱেলিটি ক’তো খালী ঠাই নাছিল| বেমাৰীৰে ঠাহ খাই আছিল সকলোবোৰ|

-“আইঐ…মৰিলো ঐ… ও বাপাহাৰে, মোক বাচ’ ঐ….∀ বাৰান্দাত পাৰি ৰখা কেইখনমান কাপোৰেৰে ঢাকি ৰখা খাট এখনৰ পৰা হঠাতে উফৰি আহিছিল বিকট চিঞৰ| হয়তো মহিলা ৱাৰ্ডত ঠাই নোপোৱা প্ৰসৱ বেদনাত চটফটাই থকা মহিলা কোনোৱা|

-“ৰহচুন, ধৈৰ্য ধৰ…. যিমান আটাহ পাৰা সিমানে কষ্টহে পাবি..∀ লগে লগে বুজনিৰ সুৰো ভাঁহি আহিছিল| সদায় এনে পৰিস্থিতিৰ মোকাবিলা কৰি কৰি অভ্যস্ত হৈ পৰা কোনোৱা নাৰ্চ বা এটেণ্ডেণ্টে হয়তো বুজাব চেষ্টা চলাইছিল তেওঁক…| এখন এখনকৈ বেড পাৰ হৈ আমি আগবাঢ়ি গৈ আছিলো| অৱশেষত বাৰান্দাৰ এটি চুকত পাৰি ৰখা খাটখনৰ ওচৰত গৈ হাজিৰ হৈছিলোহি| কৈলাশদাৰ ভনীয়েক মইনা বহি আছে খাটখনৰ এটি চুকত| আঠুৱাৰ তলত কৈলাশদাৰ হাতত লগোৱা আছে চেলাইন| চকু তাৰ জাপখোৱা|

-“মুখৰ মাত আইছিনা?” মইনাক সুধিলো|
-“ভ্ৰম বকি আছে|”
-“ডাক্তৰে কি কৈছি?”
−∀ইটা আহাএ নাই| দিপৰা আইছিল| কেটামান ঔষধ লেখি দি গেইছি|”
-“আনা হৈছি না ঔষধকেটা?”
−∀এতেয়ে পাম বুলি কৈছিল| পাচে এতে এটাহে পাইছু| বাকীকেটা বাইহৰ’ৰ পৰা খুট্টে আনছি| ”
-“খুৱ’ হৈছিনা?”
−∀উ∀
−∀আৰ’ খাৱ−লৱ?”
−∀একো কৰা নাই| নাৰ্চে কিবা বেজী এটা দি গেইছি| আৰ’ এটুইহতি তিনটা চেলাইন দিয়া হল| সেয়ে|”
-“নাউংবাবাই কহে গেল?”
−∀কালিৰ ভিতৰ’ত তেজ দিবাই লাগব’| সিকাৰণে তেজ বিচৰি কুনবাৰ ওচৰত গেইছি|”
-“আজি কিয়’ নেদলাক?”
−∀ব্লাড বেংকত তেজেই নাই বুলে∀
−∀ৰহ, তই অলপ থাকচুন|”

অনুপম ইতিমধ্যে ডক্তৰজনক বিচাৰি ৰেষ্টৰুমৰ ওচৰ পাইছিলেই| ময়ো আগুৱাই গলো| ডক্তৰক ভালকৈ খবৰ কৰি গম পালো যে সকলো ব্যৱস্থা ল’লেও কাইলৈ ৰাতিপুৱাৰ ভিতৰত তেজ দিব নোৱাৰিলে ৰোগী ’চক’ত যোৱাটো খাটাং| এনে পৰ্যায়ৰ ৰোগীক সময়মতে তেজ দিব নোৱাৰিলে ক’মা ষ্টেজলৈ যোৱাটেও বেছি সময় নালাগে| লগতে তেওঁ ফ্লুইড মেনেজমেণ্ট নে কি সেইটোও সোনকালে আৰম্ভ কৰিব বুলি ক’লে| হাতত এখন দীঘল ঔষধৰ লিষ্ট লৈ আমি এবুকু ভয়ৰে সৈতে উভতি আহিলো|

সময় তেতিয়া সাতমান বাজিছে| হাস্পতালৰ ভিৰ কমিবলৈ আৰম্ভ কৰিছে| ৰোগীবোৰৰ বেমাৰবোৰো উক দিবলৈ আৰম্ভ কৰিছে| সময় যিমানেই গৈ আছে ভয়টোও সিমানেই বাঢ়ি গৈ আছে| লিষ্টমতে আমি আনি দিয়া ঔষধেৰে কৈলাশদাৰ ফ্লুইড মেনেজমেণ্ট নে কি সেই ট্ৰিটমেণ্ট আৰম্ভ কৰা হৈছেই| আন ৰোগীবোৰৰ আহ্−উহ্ বাঢ়ি গৈ আছে| কেকনি−গেঠনিৰে মুখৰিত হৈ উঠিছে ৱাৰ্ডসমূহ| হাস্পতালৰ বাৰান্দাও এই ক্ষেত্ৰত পিছ পৰি থকা নাই| কৈলাশদা চুপ−চাপ শুই আছে| মুখখন মাজে মাজে মেলা−জপা হৈ আছে যদিও মুখেৰে মাত ওলোৱা নাই| গাটো অলপ চেঁচা পৰিবলৈ লৈছে| চিষ্টাৰকেইজনীও ব্যস্ত হৈ পৰিছে| মহিলা ৱাৰ্ডত হেনো আজি ডেট পৰা বহুকেইটা ডেলিভাৰী কেচ আছে| মাত দিবলৈও সময় পোৱা নাই তেওঁলোকে| মাজে মাজে ৱাৰ্ডবয় দুজনমানে আহি কৈলাশদাৰ গা−মূৰত হাত দি চাইছে, চেলাইন ঠিকেই গৈ আছেনে চাইছে..আকৌ আঁতৰি গৈছে| আৰু কাষত অপাৰ উদ্গ্ৰীৱতাৰে চকু ডাঙৰ কৰি কিবা কব বুলি চাই ৰৈছো আমি| হাস্পতালৰ কাষৰ জাৱৰৰ দমৰপৰা উঁইচিৰিঙাই চিঞৰি পৰিৱেশটো জয়াল কৰি তুলিছে| কি কৰিলে ভাল হব, কি কৰিলে কৈলাশদা সুস্থ হৈ উঠিব তাকে ভাৱি বহি আছো মইনা, মই আৰু অনুপম| ৰাতিটো পাৰ হ’লেই হয়| কালি ৰাতিপুৱাই তেজ দিব পৰা যাব| তথাপি অনুপম যাব বিচৰা নাই| কিজানিবা ৰাতি তাৰ তেজৰ দৰকাৰ হয়েই! এটা কালনিশাৰ সন্মুখীন হবলৈ যে আমি আগবাঢ়িছো, সকলো লক্ষণেই দেখা দিলে| আমি মাথো স্থবিৰ হৈ ৰৈ থাকিলো…ৰাতিটো পাৰ কৰিবলৈ…..||

{এই সংখ্যাটো যুগুত কৰাৰ সময়ত আগবঢ়োৱা সহায়ৰ বাবে ৰাজকুমাৰ মহন্ত, প্ৰদ্যুত্ জ্যোতি শইকীয়া আৰু উদ্দীপ তালুকদাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলো|}

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments