হিতেন শৰ্ম্মাৰ দিনলিপি – ৬ (দ্বিতীয় অধ্যায়)

হিতেন শৰ্ম্মাৰ দিনলিপি – ৬ (দ্বিতীয় অধ্যায়)

ধ্ৰুৱজ্যোতি শৰ্ম্মা

বহুদিনৰ মূৰত আজি মনৰ আনন্দত মতলীয়া হোৱাৰ সুবিধা পাইছোঁ। হস্পিটেলৰ পৰা ওলায়ে সিদিনা কলেজলৈকে অহা নাছিলো। ‘সইখে’ৰ লগত লাগি থাকোতে সকলো পাহৰিয়েই গৈছিলো। ঠিক পাহৰি যোৱা নহয়, আচলতে অজুহাত এটাহে ৰাখি থৈছিলো; পিছত কামত আহিব বুলিয়েই। আৰু আজি ‘কোষষ্ঠি’ত আলোছায়াই অভিনয়ত প্ৰথম পুৰষ্কাৰ পোৱাৰ পাৰ্টী দিবলৈ যেতিয়া নিমন্ত্ৰণ দিছিল, যেতিয়া প্ৰশ্ন কৰিছিলএই দুদিন কিয় অহা নাই বুলি, তেতিয়াই কামত লগাই দিলো অজুহাতটো।

হস্পিটেলত পূৱালীহঁতক লগ পোৱাৰ পিছত আৰু দুটা দিন। সেই দুটা দিনত সকলোবোৰ কথা আকৌ এবাৰ জুকিয়াই চাইছিলো। লাহে লাহে সিদ্ধান্ত এটিয়ে মূৰত বাহ লৈছিল। কিন্তু তাক এতিয়াই ৰূপায়ণ কৰাৰ কথা ভবা নাছিলো। মাথোঁ কলেজলৈ আহি ৰেগুলাৰ ক্লাছ কৰিব লাগে, সেইটোতহে জোৰ দিছিলো। আৰু ইমানদিনৰ মূৰত আজি কলেজলৈ আহি কিবা একা নতুন নতুন যেন লাগি গৈছিল। চৌদিশ কিবা ফৰকাল ফৰকাল লাগিছিল।

ঐ চক্ৰেটিছ, কি ভাবি আছা? –পূৱালীৰ পেকপেকনিত যেনিবা মোৰ তন্দ্ৰা ভাঙিল।

ঐ কুট্টী, কি চক্ৰেটিছ, চক্ৰেটিছ কে থাকা? মাতা যদি মোৰ নামেদি মাতপি। নহ’লি নামতিবিয়েই। চক্ৰেটিছ চক্ৰেটিছ কৰি থাকলি কথা বোয়া হোবো কিন্তু, কৈ দিছু।

হৈছি যা, কিডেল কৰবিনু?

কিডেল কৰিম সুধচা? গম পাবি পাচত…

দে, হোবো দেয়ে। তুহুন যি ইমান কাইজা কৰবা পাৰা – ৰবেনে মাত লগালে।

আৰে ভাই, তোৰ আৰো নৱনীতাৰ দৰে ডুবি থাকলি, তাহুনো কাইজা নকৰিকলাকহৈএইবাৰ ৰাণাই ওকালতি কৰিলে

তাৰমানে তই কি কৰবা বিচৰিছা?-পূৱালীয়ে এইবাৰ মোক এৰি ৰাণাক ফেপেৰি পাতি ধৰিলে।

কি কম আৰো? একে একে দুই বুলি আমি পঢ়িছলুযি, নিওতাতো মাতছিলু দেখুন, তুহাক দেখি সেই নিওতাগেলা মোনোত পৰবা ধচ্চি ৰ’

ঐ চুৱৰ…সেই টাঙানডালৰ লগত মোৰ কোত মিল দেখলিনু?-পূৱালীয়ে মোক টাঙোন সজাই এইবাৰ উঅভতি ধৰিলে। ৰাণায়ো এৰি নিদিলে। এনেকৈ চলি থাকিল কাজিয়া; এখন আনন্দৰ খণ্ডযুদ্ধ। এইমাত্ৰ যদি মোৰ আৰু পূৱালীৰ মাজত, তাৰ ঠিক পাছতেই হয়তো ৰাণাৰ লগত। এইমাত্ৰ যদি ৰবেন সাঙুৰ খাই পৰিছে, কেতিয়াবা আকৌ নৱনীতা, আলোছায়াও লিপ্ত হৈছে এই খণ্ডযুদ্ধত। তেনেকুৱা খণ্ডযুধ এখনত পূৱালী আৰু ৰাণা লিপ্ত হৈ থাকোতেই মই কেৰাহিকৈ আলোছায়ালৈ চালো। নিজম পৰি আছে মুখখন। মোৰ চকুলৈ তাই একেথিৰে চাই আছে। মনোভাৱ বুজা নাযায়। কিবা হয়তো ভাবি আছে, অথবা উপভোগ কৰি আছে কাজিয়াখন। হয়তো অকণমান জ্বলিছে, হয়তো মোৰ চকুলৈ চাই উলিয়াই লব বিচাৰিছে মই নোকোৱা কিছুমান কথা। পূৱালী আৰু ৰাণাৰ কথাৰ সত্যতাৰ সন্ধানো হয়তো কৰিব পাৰে। ধৰিব নোৱাৰি। স্থিৰপ্ৰজ্ঞ এজনী ছোৱালী। নিজে কিবা নকলে উলিয়াবলৈ কাৰো সাধ্য নাই। দুৰ্বোধ্য দৃষ্টিৰে চাই আছে মোলৈ। তাইলৈ চাই ময়েই লাজ পালো। লগে লগে মুখ ঘূৰাই তলমুৱা হলো।

সি চাইকেল চলে আছে আৰো তই বুলে আগত বহি যাই আছা, দেখলি কেনে লাগবো ভাবচুনৰাণাই মোক লৈ পুৱালীলৈ এৰা গুলীবোৰ এতিয়াও মোৰ মাজেৰে পাৰ হৈ গৈ ফুটিয়েই আছে।

বিজলী বাঁহোৰ ভাৰপাচীহেন হোবো। এইবাৰ ৰবেনে মাত দিলে।

, তহঁতে কাজিয়ায়েই কৰি থাকিবি নে কিবা খাবিও?-এইবাৰ নৱনীতাই মাত লগালে।

 

গাঁওৰ পৰিৱেশৰ পৰা আহি লাহে লাহে যান্ত্ৰিকতালৈ পৰ্যবেশিত হোৱাৰ সময় এই কলেজৰ সময়খিনি। এনে এক জীৱনৰ আৱেষ্টনীতেই লাহে লাহে সোমাই গৈ আছিলো। সঁচা আন্তৰিকতাৰ পৰা বহু আঁতৰাই নি আমাক যান্ত্ৰিকতাৰ লগত খাপ খুৱাবলৈকে হেনো লাগে এই কলেজৰ দিনবোৰ। এইখিনি সময়ত নাথাকে কোনো আবেগঅনুভূতি অথবা আন্তৰিকতাৰ মূল্য। এই সকলোবোৰ মাথোঁ এখন খেলৰ একো একোটা ‘চাল’জীৱন খেলৰ ‘চাল’সঁচা জীৱনৰ ‘চাল’এয়া অৱশ্যে মই কোৱা কথা নহয়। ডিগ্ৰী পাছ কৰি অতীতক ৰোমন্থন কৰি থকাসকলৰ অধিকাংশৰে মতামতৰ সাৰাংশ এয়া। কিন্তু বিশ্বাস কৰোঁ কেনেকৈ? এই মূহুৰ্তত যিমানখিনি তামচাফুৰ্তিয়ে আমাক লগ দিছে, সকলোৱে যেনেকৈ হাঁহি মাতি মতলীয়া হৈ আছে, কেনেকৈ বিশ্বাস কৰিম যে কোনোবাই কিবা স্বাৰ্থ সিদ্ধিৰ বাবে ‘চাল’ খেলি আছে? তথাপিও এক বুজানুবুজা সাথঁৰৰ দৰে ভয় ভাৱ এটা মনত লৈ সাৱধানেৰে খোজ পেলাইছো সন্মুখত পৰি থকা ভবিষ্যত নামৰ বহল পথাৰখনত। সময়েই এয়া খোজ পেলোৱাৰ, সন্মুখলৈ আগবঢ়াৰ। সন্মুখত কি আছেকি নাই, গৈ গৈ কি পামকি হেৰুৱাম, এই সকলোবোৰ চিন্তাৰ পৰা এতিয়া বহু দূৰত। এতিয়া আমি গতিপ্ৰাপ্ত। অবাধ গতিৰে আমি জানো মাথোঁ খোজ পেলাবলৈ। আগৰ জীৱনতকৈ এয়া এক নতুন জীৱন। ভয় ভয় ভাৱে এই নতুন পৃথোৱীক আমাৰ পৰা আতঁৰাই নিব পৰা নাই। নতুনকৈ আৰম্ভ কৰিছোঁ যে সময়বোৰ! নতুনকৈ খোজ পেলাইছো। যি চাউমিনৰ কথা শুনিলে “ৰাৱনৰ নাড়ী” বুলি উকিয়াইছিলো, যি ফাষ্টফুদক কৱল পাশ্চাত্য খাদ্য সংস্কৃতিৰ পৰিচয় বুলি ভাবিছিলো সদায়, সেই ফাষ্টফুডৰ প্লেট লৈ এতিয়া কোষষ্ঠিত গৰম কৰিছো আমাৰ আড্ডা। ছোৱালীসকল কোনোবা ল’ৰাৰ বন্ধু হব পাৰে বুলি যিটো কথা কেতিয়াও ভাবিবই পৰা নাছিলো, এই নতুন পৃথিৱীত সলনি হৈ গৈছে সেই ধাৰণা। আমাৰ সন্মুখত এই মূহুৰ্তত বহি আছে তিনিজনীকৈ ছোৱালী। সকলোবোৰ যেন সহজ হৈ পৰিছে। নতুন পৃথিৱীৰ নতুন বতাহে সকলোবোৰ সহজ কৰি তুলিছে। ভাল লগা হৈ পৰিব ধৰিছে সকলোবোৰ। নতুন উদ্যম, নতুন উৎসাহেৰে পৃথিৱীখনক নতুন ৰূপত দেখাৰ হাবিয়াস জন্মিছে। আৰু পঢ়াশুনাবোৰ!! চলি আছে। তিনি বছৰ বহু দূৰত। ফাইনেল পৰীক্ষা এই মূহুৰ্তত অদূৰত ধিমিকিধিমিকি জ্বলি থকা এগছি চাকি মাথোঁ। সেই ফালেই এই বিশাল ভৱিষ্যতৰ মাজেৰে আমাৰ গতি। ওচৰ পোৱালৈকে হৈ যাব। এইখিনি সময়ত কিবা ‘ভাল কাম’হে কৰিব লাগিব। এই বিশাল পথত সেয়াহে সঠিক দিশ। কিন্তু কি কৰিম? কোনোটো দিশ শুদ্ধ? কোনটো সঠিক পথ? কৰিবলৈ কি আছে আমাৰ হাতত? কৰিবলৈ কি আছে… এৰা আছে। আমাৰ কৰিবলৈ বহুত কিবাকিবিয়েই আছে। পূৱালীয়ে কোৱা কামটোওতো সঠিক পথেই। হঠাতেই মনত পৰি গ’ল পূৱালী, কুমাৰ দাহঁতে আৰম্ভ কৰিবলগীয়া পৰিকল্পনাবোৰৰ কথা। কিন্তু সেই যে স্বহীদ ভৱনত কৈছিল, তাৰ পিছতটো মোক কোনেও একো কোৱাই নাই। মই ততাতিয়াকৈ পূৱালীক সুধিলো

ঐ পূৱা, কামটু কি হল?

কি কাম?

তোৰ আৰো কি হল? কাম বিচৰি আছা যি, অৱস্থা ইমানেই বোয়া হৈছি যদি আমাৰ ঘৰত বুল। গৰু চাৰোবা পাৰবি। ৰমেনে সুবিধা গ্ৰহণ কৰি মোক ঠাট্টা নকৰি নেৰিলে। তাক পাট্টা নিদি মই ক’লো

সেই যে কুমাৰ দা আহাৰ লোগোত..

ধেৎতেৰি, দেখচানা। মই পাৰহিয়ে আচলু। আজি ওলবি। ৬ টা বাজাত সব লগ হোবো বুলে। তোকো কবা দিছিল। পাছে ঠেহতে তৈ  আৰো ৰৌঘৰ পালি নহে।

আজি?

অ’ কিয়ো কিবা অসুবিধা?

তেনে অসুবিধা আকো নাই। কাম এটা আছিল… বাদ দি হোবো দে। কাম পাছেও কৰবা পাৰিম।

কি কাম?

ঘউৰা

এনে গতে ঘউৰা কাম কৰাটু ওলচি।এইবাৰ ৰাণাই টোকাৰি বজালে

ৰহচুন। কামটুৰ কথা দেখুন মই একোৱে নাজনু।

জানিবা। আজি থাকিলে সকলো গম পাবা। এইবাৰ আলোছায়াই মাত লগালে।

তুমিও লিখামেলা কৰা নেকি?-নৱনীতাই মোলৈ চাই সুধিলে।

লেখামেলা? মই? নাঃ। গিফট পাৱ ৰঞ্জু হাজৰিকাৰ উপন্যাস পঢ়ু কেৱল।–মোৰ কথাত আটাইকেইজন হাঁহি উঠিল।

 

আন এক নতুনত্বৰ আহ্বান পাইছিলো। এজাক প্ৰাণোচ্ছল যুৱকযুৱতীৰ সান্নিধ্যত পৃথিৱীখন নতুনকৈ গঢ়াৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিলো। ৰংবিৰঙী ফুলবোৰ, গধূলিৰ নীড়মুখী চৰাইবোৰ, আবেলি ‘টুল’ৰ গৰুৰ আগে আগে নতুনকৈ জগা দামুৰিবোৰৰ চেকুৰ দেখি ভাল লগা হৈছিল। কৰবাত কিহবাৰ প্ৰতি আকৰ্ষিত হৈছিলো। কিন্তু সেয়া কি আছিল, তেতিয়ালৈকে ধৰিব পৰা নাছিলো। তথাপি অন্বেষণ চলি আছিল। কলেজৰ পৰা ওভোতাৰ পৰত সাজ লগাৰ লগে লগে ৰাস্তাপদূলিৰ কাষত থকা নামঘৰবোৰত ডবাৰ মাত শুনি অথবা নামতী আয়তীৰ ঘোষাপদ শুনি মনটো পুলকিত হৈ পৰিছিল। দিনটোৰ লঘোনভোক সকলো যেন নামঘৰত জ্বলি উঠা বন্তিগছিৰ শলিতাত লাগি পুৰি শেষ হৈ গৈছিল। তেতিয়া শৰৎ নামি আহিছিল। বতৰলৈও, মোৰ জীৱনলৈও

 

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments