হিতেন শৰ্ম্মাৰ দিনলিপি – (৩)

হিতেন শৰ্ম্মাৰ দিনলিপি – ৩

-ধ্ৰুৱজ্যোতি শৰ্মা

 

(“যাত্রা পথৰ কাহিনী” ভাগকে নাম সলাই “হিতেন শর্মাৰ দিনলিপি” কৰা হ’ল)
’অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..অনুগ্ৰহ কৰি আপোনাৰ ফোনটো ধৰক…..’ – মোবাইল ফোনটো বাজি উঠিল | বৰ বিৰক্তিৰে সেউজীয়া বুটামতো টিপি মোবাইলতো কাণত ল’লো |
-“হেলেউ…হেলেউ”
-“কি কৰি আছ, বাবা ?”
-“অ’ মা ! ইণ্টাৰভিউ আছিল নহয় | দি আহি অলপ জিৰণি লৈছিলো |”
-“কেনে হ’ল ইণ্টাৰভিউ ?”
-“বেয়া হোৱা নাই |”-গোকোটা মিছা কথাষাৰ মাতি নিজৰেই হাঁহি উঠি গ’ল | পিছপিনৰ কৰবাত কাউৰী এটিয়ে কা-কা কৰি উঠিল | এই যে মোবাইল ফোনটো মিছা মতাৰ বাবেই ওলাইছিল নেকি…ভাৱিলো | মায়ে অৱশ্যে বুজি পালে |
-“দেচোন, কি হয় | এতিয়া পিছে ঘৰত এপাক আহি নাযাৱ কেলেই | আজি এবছৰেই হ’ল তই ঘৰত নহা |”
ময়ো কথাটো ভাৱিলো | হয়তো | এপাক ঘৰৰপৰা আহিব পাৰি | তাতে এইকেইদিন ক্লাছো নাই |
-“হ’ব দে | আহিম | অলপ কাম আছে | সেইখিনি কৰি কালি আবেলি বা পৰহিৰ ভিতৰত আহিম |” গুৱাহাটিতযে ঘোৰাৰ ঘাঁহ কাটি আছো ঘৰতনো সেই কথা কও কেনেকৈ ! সেয়েহে অলপ ব্যস্ততা দেখুৱাবলৈকে মাক ক’লো | পিছপিনে কাউৰীটোৱে আকৌ কা-কা কৰি উঠিল |
আমাৰ তালৈ গাড়ী চলি আছেনে ?”
-“গধূলি আহে বাছ এখন |”
-“তেনেহ’লে সেইখন পোৱাকৈয়ে যাম |”
-“সেইটোৱে কৰিবি |”-সৰু-সুৰা কথা বতৰা দুটামান পাতি, জুনিয়ৰ আৰু মোৰ দুয়োৰে খা-খবৰ লৈ মায়ে ফোনটো কাটিলে | ময়ো বেয়া নাপালো | আৰু দুই মিনিটমান কথা পতা হ’লে আৰু বা কিমান মিছা মাতিব লগা হ’লহেতেন !! মায়েও ছাগে’ বুজি পায়ে ফোনটো ৰাখিলে|

-“অ’ হিৰ’, কি হ’ল ? চোলাত আলপিন মাৰি ইণ্টাৰভিউ মাৰিব গৈছিলি নেকি ?” আলনাৰ কাষৰ পৰা জুনিয়ৰে চিঁঞৰিলে | চোলাটোৰপৰা আলপিনডাল যে এৰুওৱা নহ’ল, তেতিয়াহে মনত পৰিল |
-“নহয় দে ! দেইডাল আলপিনৰ ৰহস্য বেলেগ |”
-“পিছে কেনেকুৱা হ’ল ইণ্টাৰভিউ ? ’আকৌ আহিম’ বুলি কৈ আহিছনে ?”-ইণ্টাৰভিউ দি অহাৰ পিছত সধাৰণতে যেনেকৈ সোধে আজিও সি তেনেকৈয়ে সুধিলে |
-“নহলেনো কি !!” যিমান পাৰি সিমান সহজভাৱে উত্তৰ দিলো |
-“কালি ঘৰত যাম | পঞ্চাশ টকামান ধাৰলৈ দিবিচোন |”
-“গছডাল ৰুই থৈছো | জোকাৰি লৈ যাবি যিমান লাগে |”
-“ঘৰৰপৰা আহি ষাঠি টকা দিম |”-ভাইটিৰ লগত সৰু-সুৰা বুজাবুজি এটা কৰি ঘৰলৈ যাবলৈ সাজু হ’লো | লগত এশমান টকা আছেই | গতিকে ডেৰশ টকাৰে ঘৰ আৰামত গৈ পাম |

ন-কইনা ঘৰলৈ যাব ওলোৱাৰ দৰে ময়ো গোটেই দিনতো সাজু হৈ আবেলি লোকেল ট্ৰেইনত উঠিলো |

গাওঁলৈ এখনেই মাত্ৰ বাছ চলে | সন্ধিয়া সময়ত | ট্ৰেইনৰ পৰা নামিয়েই বাছ ষ্টেণ্ডলৈ লৰ ধৰিলো | বাছখন ৰখাই থোৱাই আছিল | হেণ্ডিমেনেজনে বাছৰ ব’ডিৰ ওপৰত উঠি দুটামান বস্তা উঠাই চিঁঞৰিলে-“ল’ৰাবিলাক ব’ডিৰ ওপৰত উঠপা লাগ‌বো দে | ইমানসোপা মান্‌হু গাড়ীৰ ভিত্‌ৰ’ত নাট্‌পো |” সি কোৱাৰ আগে আগে চেঙেলীয়া দুজনমান বাছৰ ব’ডিৰ ওপৰ পালেই | গাড়ীৰ ভিতৰখন মানুহেৰে ঠাহ খাই আছে | বাহিৰতো পঞ্চাশজনৰ কম নাই | এখন বাছে ইমানখিনি মানুহ কেনেকৈ টানিব, ভাৱি আচৰিত লাগিল | যথা সময়ত গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট দিলে | বাহিৰত থকা মানুহবোৰৰ দৌৰা-দৌৰি লাগিল | ল’ৰাবিলাকৰ বহুতেই বাছৰ ভিতৰত উঠা বৃথা চেষ্টা নকৰি চিধাই বাছৰ ওপৰ পালেগৈ | ময়ো অলপ সময় চেষ্টা কৰিলো | কিন্তু বাছখনৰ দুৱাৰৰ ওচৰেই চাপিব নোৱাৰিলো | ঠেলা-হেঁচাত মই গৈ কৰবাত পৰিলো | শেষত উপায়হীন হৈ বাছৰ ওপৰলৈ চালো | কলেজীয়া দিনবোৰত বাছৰ ভিতৰত খালী ঠাই থাকিলেও ওপৰত গৈছিলো | বাছৰ ব’ডিৰ ওপৰত যোৱাৰ যি এক সুকীয়া আমেজ তাক পুনৰবাৰ মনত পেলাব চেষ্টা কৰিলো | মানুহবোৰ বাছত উঠা প্ৰায় শেষ হৈছিলেই | মহিলাসকলক ভিতৰলৈ যোৱাৰ ব্যৱস্থা কৰি মতা মানুহবোৰৰ বেছিভাগেই য’তে ঠাই পাইছে তাতেই ধৰি ওলমিব আৰম্ভ কৰিছে | বাছ চলি যাব বুলি ময়ো বেগখন ভালকৈ পিঠিত লৈ ’হলৌ উঠিল টকৌ গছত’ লগাই লফলফাই ওপৰ পালোগৈ |

ওপৰত আগৰেপৰা বহুকেইজন ল’ৰা আছিলেই | সিহঁতে ওপৰত যোৱাৰ পূৰ্ণ স্বাধীনতা ইতিমধ্যে উপভোগ কৰা আৰম্ভ কৰিছিল | সিহঁতে পিন্ধি অহা চোলাবোৰ যেতিয়া সিহঁতৰ হাতত দেখিলো, আকৌ এবাৰ পুৰণি দিনবোৰলৈ মনত পৰি গ’ল | লাহে লাহে মই গৈ আগফাল পালোগৈ | বাছৰ ওপৰত গ’লে সদায় আগফালে বহিব লাগে বুলি কোনোবাই শিকাইছিল | সেই কিটিপতোৱে ৰাস্তাৰ ডাল-পাতৰ পৰা কোব খোৱাৰ পৰা বহুদিন বচাইছিল | আজিও সেই কিটিপতো লৈয়ে আগফালে ৰেলিঙত ধৰি বহি ল’লো | ঠিক সেই কলেজত পঢ়ি থকা দিনবোৰৰ দৰে | মাথো তেতিয়াৰ দৰে চোলাতো গাৰ পৰা খুলিব নোৱাৰিলো | মানুহে কি ভাৱিব ! যি নকৰিলেও আজিকালি গুৱাহাটীত থাকো | ষ্টেটাচৰ কথাও আহেতো ! ইপিনে সিপিনে চালো | বাছৰ ওপৰত লগৰ কোনো নাই | চিনাকী ল’ৰা দুজনমান আছে যদিও মোতকৈ সিহঁত বহুত সৰু |কথা পাতিবলৈও কোনো নাই | সেয়েহে সেমেনা-সেমেনিকৈ বহি ৰ’লো | যথাসময়ত তলে-ওপৰে এগাড়ী মানুহ লৈ বাছখনৰ ’ ফেভিক’ল যাত্ৰা’ আৰম্ভ হ’ল | মানুহৰ ভৰত বাছখন বাওঁফালে হাউলি গৈছে | ৰাস্তা ভীষণ বেয়া | দুই-এটা থেকেচাত ওপৰৰ পৰা ওলাই পৰিম যেন লাগে | তথাপি দুহাতেৰে ৰেলিঙত জোৰেৰে খামুচি সন্মুখত লক্ষ্য কৰি আগবাঢ়িলো | ৰাস্তাৰ গাঁতবোৰ দেখি মাছৰ পোনাৰ ব্যৱসায় কৰো কৰো লাগি থাকিল | নাচি নাচি গৈ থাকিল আমাৰ বাছখন | এবাৰ সোঁফালে, এবাৰ বাওঁফালে |দুই-এবাৰ আকৌ গাতত এনেকৈ সোমায় যে তাৰপৰা আৰু ওলাই আহিব নোৱাৰিব যেনেই লাগে | প্ৰতিটো থেকেচাত চেঙেলীয়াসকল কিৰিলি পাৰি গৈছে | এই যাত্ৰাত বেচ ৰস পাইছে সিহঁতে | সিহঁতৰ প্ৰতিটো কিৰিলিত মোকো ভাল লগাই দিছে | পুৰণি কথাবোৰ বাৰে বাৰে মনত পেলাই দি গৈছে | ৰাস্তাৰ কাষেৰে এজনী ছোৱালীও সাৰি যাব পৰা নাই সিহঁতৰ বাক্যবাণৰ পৰা | ছোৱালীবোৰেও মিচিক-মাচাক হাঁহিৰে পাৰ হৈ গৈছে | অৱশ্যে ল’ৰাবোৰে বেচ শালীনভাৱেই ছোৱালী জোকাই আছে | সিহঁতৰ শালীনতা দেখি ভাল লাগি গ’ল | অন্ততঃ আমাৰ সেই দিনবোৰৰ দৰে এই ল’ৰাবোৰে কোনো ধৰণৰ অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই | দুই-এজনে যি দুই-এটা ’মাতৃভাষা’প্ৰয়োগ কৰিছে, সিও গন্তিত ধৰিব পৰা বিধৰ নহয় |

-“দলং ভাঙা আছে | চব নামি দিব |”-হেন্দিমেনজনৰ মাতত আগলৈ চাই দেখিলো সন্মুখত থকা জানৰ দলংখনৰ অৱস্থা একেবাৰে তথৈবচ | দলং বুলি পৰিচয় দিবৰ বাবে যেন কেইডালমান কাঠ পাৰি থোৱা হৈছে | কাঠবোৰৰ মাজে মাজে হোৱা ফাঁকবোৰ নোহোৱা কৰিবলৈ ঠায়ে ঠায়ে গোট বাঁহ পাৰি দিয়া হৈছে | খুটাকেইটাক সহযোগ কৰিবলৈ ডাঙৰ ডাঙৰ ভলুকা বাঁহৰ খুটা লগাই দিয়া হৈছে | বাছখন আহিব পৰা কৰিবলৈ স্থানীয় মানুহখিনিয়ে কৰা এই খাটনিখিনিক বা-বা দি ওপৰৰ পৰা নামি আহিলো |শূণ্য বাছখন ভঙা দলংখনৰ ওপৰেৰে পাৰ হৈ গ’ল | বাছখন পাৰ হৈ থকাৰ সময়ত দলংখন এনেভাৱে লৰি উঠিল যে আজিয়েই দলংখনৰ আয়ুস শেষ হ’ব বুলি ভাৱিলো |পিছে বাছখন সুকলমে পাৰ হৈ গ’ল | সকলোবোৰ দেখি গাৰ নোম ডাল থিয় হৈ উঠিল | আগতে অন্ততঃ ইমান বেয়া অৱস্থা নাছিল | ৰাস্তা বেয়া আছিল হয়, কিন্তু মাছৰ পোনা মেলিব পৰাকৈ গাঁত নাছিল; দলং বেয়া আছিল হয়, কিন্তু তাৰ অস্তিত্ব ৰাখিবলৈ বাঁহেৰে তাক মেৰামতি কৰিব লগা হোৱা নাছিল | সেইবোৰ কথাকেই ভাৱি ভাৱি আকৌ বাছৰ ওপৰ পালোগৈ |
দলংখন পাৰ হৈয়ে এখনি বাঁহবাৰী | বাঁহৰ আগলিবোৰ ৰাস্তাৰ ফালে হাউলি পৰি আছে | বাঁহনিডৰাৰ মাজত থকা সৰু-বৰ গছবোৰৰ ডালবোৰে ডিঙি মেলি মেলি আমালৈহে যেন চাই আছে ! বেয়া ৰাস্তাৰ পিছতো গাড়ীখনে অলপমান গতি বঢ়ালে | বাছৰ গতিৰ লগে লগে গছৰ ডাল, বাঁহৰ ’জেকণী’বোৰেও গতি লাভ কৰিলে | দুই-এডাল ডাল আমাৰ ফাললৈ এনেকৈ আগবাঢ়ি আহিল যে, শুই দিহে আমি নিজকে বচালো | ঘনঘনকৈ কেইজনমান মানুহ নমোৱাৰ পিছত গাড়ী অলপ খালী হ’ল |হেণ্ডিমেনজনৰ নিৰ্দ্দেশত আমি ওপৰৰ পৰা নামি আহিলো | আৰম্ভ হ’ল ঠেলা-হেঁচাৰে আন এক যাত্ৰা | যাত্ৰা আৰম্ভ হৈছেহে মাত্ৰ | হঠাতে হাউ-হাউকৈ কেইটামান চিঁঞৰ মাৰি বাছখন বোকাত লাগি ধৰিলে | গাড়ীৰ মানুহে গাড়ীখন বোকাৰপৰা তুলিবলৈ যিমানেই চেষ্টা চলালে, গাড়ীখন সিমানেই বেছিকৈ বোকাত লাগি ধৰিলে |
-“অ’ হিতু, যা যা গাড়ী ঠেলগৈ | ”-ওচৰতে থিয় দি থকা ওচৰৰে প্ৰতীমা পেহীয়ে মাত লগালে |
-“গুৱাহাটীত থাকা ছ’লি, ক’ত গাড়ী ঠেলব’ ? ”-লগৰে অনিতাই তপ্‌কৈ কৈ উঠিল | মোৰ খঙে চুলিৰ আগ পালে যদিও মনে মনে থাকিলো | গুৱাহাটীত থাকিলো বুলিয়েই গাড়ী ঠেলিব নোৱাৰিমনে ? কেইদিনমান গুৱাহাটীত আছো হয়, কিন্তু সেই বুলিতো গাওঁৰ কৃষ্টিও বাদ দিয়া নাই | মনে মনে ভাৱি থাকিলো | তেনেতে হেণ্ডিমেনে চিঁঞৰিলে-“অ’ দাদাসকল, গাড়ী ফাঁচিল, অলপ ঠেলব’ না !!”-অনিতাৰ ফালে চাই হিৰহিৰাই নামে গ’লো |
বিশজনমান মানুহৰ ঠেলাত আৰু ইঞ্জিনৰ সমান্তৰাল বলত গাড়ীখনে বোকাৰ খামোচ এৰি পাৰলৈ উঠি আহিল | উঠাৰ আগে আগে গাড়ী ঠেলা পুৰস্কাৰ হিচাপে আমালৈ ছটিয়াই দিলে আঠালেতীয়া মাটিৰ বোকা | গায়ে-মূৰে, কাপোৰে-কানিয়ে বিদ্যমান হৈ থকা বোকাৰে গাড়ীৰ ভিতৰত সোমোৱাৰ সত নগ’ল | সেয়ে বাকী থকা বাটছোৱা দুৱাৰমুখত ওলমি গৈয়েই অৱশেষত মোৰ গাঁওৰ ষ্টপেজ পালো | প্ৰতীমা পেহী আৰু অনিতা গাড়ীৰপৰা নমাৰ আগেয়ে মই ঘৰলৈ বুলি চেঙ্‌চেঙাই বেগ দিলো |

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments