হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়) ধ্ৰুৱজ্যোতিশৰ্মা

(৫)

বজাৰৰ ফালে গৈ আছিল সি। চাইকেলৰকেৰিয়াৰত এখন মোনা। সিদিনা বজাৰ বাৰ আছিল পাঠশালাৰ। চাৰিআলিৰ ওচৰত খুব ভিৰ।সেই ভিৰৰ মাজেৰেইহিতেনে বাওঁফালে বজাৰলৈ বুলি চাইকেলখন ঘুৰাইছিলহে মাথো।তেনেতে কলেজ ৰোডৰ পৰা প্ৰচণ্ড জোৰে আহি মটৰ চাইকেল এখনে তাক খুন্দিয়াইকেইবাফুটো দূৰলৈ চিটিকাই পেলাইছিল। ইপিনে বজাৰৰ ভিৰ। কেউদিশে মানুহ আৰুমানুহ। দুৰ্ঘটনাটো ঘটাৰ লগে লগে সেইখিনিত হুৱাদুৱা লাগি গ’ল। হিতেন যাক মইসইখে বুলি মাতো, সি অজ্ঞান হৈ পৰি ৰ’ল। তাৰ মূৰৰ পৰা প্ৰচণ্ড ৰক্তক্ষৰণহ’বলৈ ধৰিলে। তাত সমৱেত ৰাইজে লগ লাগি তাক চিভিল হাস্পটাললৈ বুলি লৈ গ’ল।  আমিযেতিয়া ঘটনাটো গম পাই হস্পিটেললৈ দৌৰিলো, তেতিয়া তাৰ চিকিৎসা আৰম্ভ হৈগৈছিল। ডক্তৰে অভয় দিছিল, ইণ্টাৰনেল একো হোৱা নাই। কেৱল মূৰ ফাটিছে।পাঁচটামান চিলাই পৰিছে। চেন্সো এতিয়া আহিছে। আৰু কিছু সময়ৰ পিছত তাক ‘ডিচ-চাৰ্জ’ লব পৰা যাব। যাহওক, যিমান দুশ্চিন্তাৰে আমি হস্পিটেললৈআহিছিলো, সেয়া নোহোৱা হ’ল। এবাৰ বেমাৰীক মাত লগাই আমি হস্পিটেলৰ বাহিৰলৈওলাই আহিলো। পাঠশালা আৰক্ষী চকীৰ এ.এছ.আই এজন, কনিষ্টবল এজন আৰু হিতেনৰদোকান আৰু আৰক্ষী চকীৰ মাজতে থকা পান তামোলৰ দোকানী সঞ্জীৱ দা বাহিৰতে ৰৈআছিলহি। যদিও পান-তামোলৰ দোকানী, সঞ্জীৱ দাৰ আন এটা কাম আছিল আৰক্ষী চকীলৈঅহা মানুহৰ দৰখাস্ত,  এজাহাৰ আদি লিখি দিয়া। মোক দেখি সঞ্জীৱ দাই মাতলগালে–কি হল এ তাৰ?-এক্সিডেণ্ট।-কিংকে হ’ল?- ভালকে গমে পাৱ নাই। বাইক এখেনেমাচ্চি বুলি কুনবেকুনবে কৈ আছে দেখুন।-কুনখিনি জাগাত?-দত্ত দাৰ পাণ দোকানৰ ওচত্তে-তাতে দেখুনপুলিচোডিউটিত থাকে?-এই বুলি সঞ্জীৱ দাই অফিচাৰ জনৰ ফালে চালে-অ’। তাতে ই আছিল। সি গটে দেখা পাইছি এ-অ’, হই নিকি? -পাচে ইটা সি কেনে পাইছি?-সঞ্জীৱ দাই এইবাৰ মোৰ ফালে ঘূৰি সুধিলে।-অলপ ভাল পাইছি। ইণ্টাৰনেল একো হনাই বুলি দক্তৰেকৈছি। পাচে মূৰটুহেবয়াকেফালচি। পাঁচটা চিলাই প’চ্চি। হাততো অলপ ছাল গেইছি।-অ’ই তই দোকানীক খবৰটু দি আচুন। ফোন কল্লিওহোবো যা।-এইবাৰ হিতেনৰ ফালে চাই মই ক’লো। -এ, নহ’লি নালগে ৰ’। ময়ে যাউং। পাল্লি সইখেৰ ঘোৰোতো খবৰ এটা দিবা লাগছিল।-লগেলগে কিবা চিন্তা কৰি তাক পুলিচৰ ফৰ্মেলিটিখিনি কৰিব দি মই অলপ দূৰত থকাপিচিওৰ ফালে মুখ ঘুৰালোঁ।-সঞ্জীৱদা, অলপ ৰোবোচুন। চাৰ, কি কিফৰমেলিটি আছে সোনকালে কৰি দিয়ক। ই আপনালোককসহায় কৰ্বো দিয়ক। এই বুলি এ.এছ.আই জনক কৈ মই পি.চি.অলৈদৌৰিলো। যেতিয়াহিতেনলৈ ফোন কৰি খবৰটো দিছিলো, তেতিয়ালৈকে ইতিমধ্যে সি সইখেৰ ঘৰত খবৰটোপঠাইছিলেই। তথাপি মই আশ্বস্ত হব পৰা নাছিলোঁ। ঘৰলৈ তাক পঠাই দিব নোৱাৰা লৈকেযেন শান্তি নাই! গোটেইখিনি কথা খৰচি মাৰি যেতিয়া ফোনটো ৰাখিব ওলাইছিলোঁ, মোলৈ ৰৈ আছিল এক আশ্চৰ্য্য।  সইখেৰ ঘৰৰ মানুহ আহি পোৱালৈকেবাকী সকলোবোৰ কাম হৈ গৈছিল। তাৰ ইচ্ছামতে আৰু ডাক্তৰৰ পৰামৰ্শমতে সইখেক একাপৰঙাচাহ আৰু গুড ডে বিস্কুট দুখন খাবলৈ দিছিলোঁ। প্ৰয়োজনীয় ষ্টেটমেণ্ট লৈএ.এচ.আই জন আৰু কনিষ্টবলজনোগৈছিলগৈ। সঞ্জীৱ দা, আৰু হিতেনেবেমাৰীৰ লগতবহি কথা পাতি আছিল। তেনেতেই পাঠশালা চিভিল হস্পিটেলৰ পুৰুষৰ সাধাৰণ শ্ৰেণীকোঠাৰ দুৱাৰমুখৰ আউলী-বাউলী হৈ হাজিৰ হৈছিলহি পূৱালী আৰু আলোছায়া।চিন্তাক্লিষ্ট দুয়োৰে মুখাৱয়ব। অপৰিপাটি সাজ-সজ্জা। দুয়োৰে ভাগৰুৱামুখমণ্ডল। অলপ অলপ ঘাম ফুটি ওলাইছে। চকুত উৎসুকতা। হঠাতে বাহিৰত দেখি মইদুৱাৰমুখৰ পিনে ওলাই আহিবলৈ ওলালোঁ। কিন্তু তেতিয়ালৈকে সিহঁত বেডৰ ওচৰেইপালেগৈ। -তই ইয়াত?-পূৱালীয়ে মোলৈ চাই সুধিলে।-অ’-তোৰ বুলে এক্সিডেণ্ট হৈছিল?চিৰিয়াচ বুলি শুনচিলো-মোৰ?কুনিকৈছি?-কুনিকৈছি মানে ! কলেজত চবে জানে। সুধি সুধিপি.চি.অ’ ত যাওতে তাতে থাকা চ’লিটুয়োকৈছি, হিতেনৰএক্সিডেণ্ট হ বুলি-অও….ইটাহেবুটচু। ইয়াৰ নামো হিতেন। সিকাৰণেতুহুনকনফিউচড হৈছা কিজানি।  ভুলভাঙি পূৱালী মোৰ সৈতে সহজ হৈ পৰিছিল। সইখে আৰু হিতেনৰ লগত সিহঁতৰ চিনাকিকৰি দিয়াৰ পিছত ভালকৈ খবৰ বাৰ্তা লৈ কেনেকৈ কি গ’ল, পূৱালীয়ে তাইৰস্বাভাৱগত ধৰণেৰে সুধি গৈছিল। অতি কম সময়ৰ ভিতৰতে পূৱালী আটাইৰে লগত সহজ হৈপৰিছিল। হস্পিটেলত সোমোৱাৰ সময়ত যি চিন্তাৰ ৰেখা তাইৰ মুখত দেখিছিলো, সেইচিন তেতিয়া আৰু নাছিল। কিন্তু আলোছায়া সহজ হব পৰা নাছিল। তাইৰ মুখমণ্ডলৰৰেহ-ৰূপ চাই একো ধৰিব পৰা নাছিলো, তাই কি ভাবিছে। কিন্তু মনে মনে কিবা এটাবেয়া পাই থকা বুলি অনুমান কৰিছিলো।-আহ, বাহিতৰ অলপ চাহ খাই আহু আ।-কিছুসময় পিছত মই পূৱালীৰ ফালে চাই কৈছিলোঁ-বুলসঞ্জীৱদা আৰু হিতেনক তাতে থৈ আমি কোঠাটোৰ পৰা ওলাই আহিলো। আগে আগে মই, পিছে পিছেপূৱালী আৰু আলোছায়া। ভবা নাছিলো, সিহঁত এইখিনি পাবহি। কিন্তু দুয়ো আহিওলাইছিল। সিহঁতে ভাবিছিল মোৰ এক্সিডেণ্ট হৈছে। নামৰ সামঞ্জস্যৰ বাবে এইখেলিমেলিখন হোৱা বুলি পূৱালীয়ে মানি লৈছিল। কিন্তু আলোছায়াই তেতিয়াওওন্দোলায়ে আছিল। কিন্তু মোৰ মনে জেদ তেতিয়াও এৰি দিয়া নাছিল। মোৰএক্সিডেণ্ট বুলি ভাবি সিহঁত অহা বুলি জনাৰ পিছত মনত অলপ ভাল ভাৱ আহিলেও, মাত্ৰ মেইদিনমান আগত শ্বহীদ ভৱনত ঘটি যোৱা ঘটনাৰ দাগ তেতিয়াও মোৰ মনৰ পৰাযোৱাগৈ নাছিল। মই সিহঁতক সহজভাৱে মানিব পৰা নাছিলো। স্বভাৱসিদ্ধভাৱেপূৱালীয়ে মোক কিবাকিবি সুধি গৈছিল যদিও আলোছায়া মাথো নিৰৱ দৰ্শক হৈয়েৰৈছিল। বাহিৰৰ তৰ্জাৰে সজোৱা চাহ দোকানত চাই খোৱা হলত পূৱালীয়ে হঠাতে কৈউঠিছিল–হিতেন, মানহোৰ প্ৰতি অলপ কৃতজ্ঞ হবা চেষ্টা কৰবিচুন।মই হতবাক হৈ তাইৰ ফালে চাই ৰ’লো।-কিয়?কি হলনু?-তোৰসামান্য জ্ঞানো নাইনা যি এক্সিডেণ্ট তোৰ নহে তোৰ লগৰ এটাৰহেহৈছি বুলিআমাক খবৰ এটা দিবা নালগে। এইৰ আজি ভেশচন আছিল। তোৰ নাম শুনি দাউৰি ওলেআইচি। কিয়ো জান?- চা পূৱালী। মই আপোনভোলা মানুহ। বেলেগৰ মনত কি হৈ থাকে সেই বিষয়ে মই ইমান আগ্ৰহী নহে। তাতে মোৰ নাম শুনি ভেশচন এৰি আইভা লাগা হল কি?- এৰা, মই আহিব নালাগিছিল। আহিবতো কিয় ভাবিবই নালাগিছিল। কিন্তু পাগলী যেমই। সেই বাবে ভাবিলোঁ। তোমাক ডিষ্টাৰ্বকৰিলোঁ। চ’ৰী। অ’ই পূৱা, বুল। -এক মিনিট ৰ।-ওইচুৱৰ, কি ক’লি?তই আপোনভোলা মানহু? তই কাৰো কথা নাভাবা? তিত্তেহ’লি সিদনাৰপিছত কলেজ আহা নাই কিয়ো? পৰিস্থিতিৰ পৰা কিমান পলে ফুৰবি? তাতকে তাৰ চামনাকৰবা শিখ। মই জানু, তোক কথাগেলা নকে বহুত ভুল কচ্চিলু। কিন্তু ইটা ভাবচু, নককেথালিয়ে ভাল কচ্চিলু। সিদনাৰ পিচত তাই হষ্টেলত কিমান কান্দচি তই কিংকেগম পাবি! তইতো এটা শিলোৰডখৰা। …পূৱালীৰ এটা এটা কথাই মোৰ বুকুলৈশেল হৈ সোমাই গৈছিল। কিন্তু তাতকৈও আলোছায়াৰ চলচলীয়া চকুৱে মোক বেছি আঘাটদিছিল। মই একো মাতিব পৰা নাছিলো। একৰ গালি পাৰি পাৰি পূৱালী তলমূৰ হৈ বহিৰৈছিল। আলোছায়াও বাহিৰলৈ কৰবালৈ চাই আছিল। সেই দৃষ্টিত আছিল অন্যমনস্কৰজোখ। প্লাষ্টিকৰ টেবুলখনত থকা আঁচ কেইটাত আঙুলিৰে চুই চুই ময়ো তললৈ চাইৰৈছিলোঁ।কিছুপৰ পিছত তাই অলপ নৰমভাৱে মাত লগালে–চা হিতেন। গোটেইবেটচৰ ভিতৰত তোৰ লগতেই মই খোলা। ভাবিছিলোঁ বাকীবোৰৰ দৰে তই ৰিজাৰ্ভ নহে।ডিগ্ৰীত আহি যি যান্ত্ৰিকতা, সেইটোৰ পৰা তই অলপ বেলেগ। কিন্তু মই চাগে’ ভুলভাৱিছিলো, না? বেয়া নাপাবি। মই ভুল কৰিছিলোঁ। আৰু তাৰ ফলত বেচেৰীভুগবালাগা হল। ৰেগিঙত লগ পায়ে তোক তাই পচন্দ কচ্চিল। আৰু তোৰ ৰিক্সলৈছিলো মই।আন এটা ভুল কচ্চিলু। যাহক, আমাক বয়া পাই কলেজক নাহাকেনাইভি। ভালকে ক্লাছহৈ আছে। এটা ক্লাছ নকল্লিপাচৰকেটা একো বুজি নাপবি। বৰ টান পাবি। চাৰ আহুনোবয়া পাবো। পাৰা যদি আলোছায়াকো ক্ষমা কৰি দিবি। তাইৰ হৈ ময়ে কলু। অমিযাউং।চৰীএগেইন। কথাখিনি কৈয়ে তাই থিয় হ’ল। লগে লগেআলোছায়াও। তেতিয়ালৈচিন্তাৰ দুৱাৰখন খোল খাইছিল। মই মোৰ ভুল ধৰিব পাৰিছিলোঁ। অভিমানৰ আৱৰণখনআঁতৰাই মই গোটেই ঘটনাক্ৰমজুঁকিয়াইচাইছিলো। আৰু দেখা পাইছিলো এটা সুন্দৰপথ। পূৱালী মোৰ বাবে কেৱল বন্ধুয়েই হৈ পৰা নাছিল, মোৰ এক পথ প্ৰদৰ্শকো হৈপৰিছিল। আৰু আলোছায়া? আলোছায়াও হৈ পৰিছিল এক অনামী ছায়া। যদিও আলোছায়াৰ লগতমোৰ মাজৰ সম্পৰ্কই কোনো নাম লোৱা লাছিল, তথাপি আত্মাই যেন কৰবাত আপোনজনকবিচাৰি পাইছিল। তাইৰ চলচলীয়া চকুযুৰি দেখি মোৰ হোৱা বেজাৰ ভাৱৰ পিছতেই সেইকথা মই ঠাৱৰ কৰিব পাৰিছিলো। -মোক একো কবলৈচাঞ্চনিদিয়াকৈয়ে যাবি তাৰমানে?-মোক মাত লগাই ওলাই যাবলৈ ধৰা পূৱালীলৈ চাই মই সুধিলো-আৰো কি কবি?মোৰ আৰো একো শুনবাৰ মন নাই।-মোক এইকেইদিনোৰনোটচ খিনি দিবিনা?আৰু আলোছায়া, তুমি কান্দিলে বৰ বেয়া দেখি। চকুপানীখিনি মচি পেলোৱা, প্লিজ। -……. দুয়ো মোলৈ ঘূৰি চালে।- এনে মূহুৰ্তত চ’ৰী কিংকেকবা লাগে নাজনু। তথাপিকৈছু আই এম ভেৰী চ’ৰী। যি হৈছি পাহৰি যা পূৱালী, প্লিজ। হস্পিটেলৰবাহিৰত তেতিয়া বেলি লহিয়াবলৈ ধৰিছিল। গেটৰ মুখত ৰৈছিলহি সইখেক নিবলৈঘৰৰপৰা অনা মাৰুটি ভান গাড়ীখন। ওচৰৰে এঘৰৰ পৰা ল’ৰা-ছোৱালীৰ কিৰিলি কিছুমানভাঁহি আহিছিল। যদিও এয়া হস্পিটেলৰ সন্মুখ আছিল, ভিৰ লগা নাছিল ক’তো।চৌদিশে যেন এক শান্তিময় পৰিৱেশ বিৰাজ কৰিছিল। জাল ফালি মুকলি হৈ অহাৰআনন্দত মনটোৱে চাৰিওপিনে কেৱল বিচাৰি পাইছিল প্ৰশান্তিৰ ৰহঘৰাবোৰ। ঠিকগধূলিৰ নীড়মুখী চৰাইবোৰ দেখি অহা প্ৰশান্তিৰ দৰে, বৈ যোৱা জুৰিৰ সোঁতলৈচাই পোৱা প্ৰশান্তিৰ দৰে.. জীৱনৰ আন এটা অধ্যায়ৰ হাত বাউলি দেখি আগুৱাইগৈছিল জীৱন..নিজে গম নোপোৱাকৈয়ে।  পূৱালীয়ে মোলৈ কিছুসময় চাইথাকি মিচিককৈ হাঁহি এটা মাৰিছিল। আলোছায়ায়ো চকু দুটা মোহাৰি তলমূৰ হৈৰৈছিল। বুজি উঠিছিলোঁ, সেয়া দুখৰ বাবে নহয়, লাজৰ বাবেহে।

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments