হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান (উদ্দীপ তালুকদাৰ)

ভুল উলিয়াবলৈ হ’লে প্ৰথমেই ক’ব পাৰি নাগৰিকত্বৰ বিলখনত হিন্দু বুলিও কোৱা হোৱা নাই, বাংলাদেশী বুলিও কোৱা হোৱা নাই। হৈছে, সংখ্যালঘূ আৰু অইন দেশৰ বুলিহে। এইখন বিলত অইন দেশৰপৰা হিংসা বা অত্যাচাৰত জৰ্জৰিত হৈ অহা সংখ্যালঘূ নাগৰিকক দেশৰ নাগৰিকত্ব দিয়াৰ কথা কোৱা আছে যেনহে লাগিছে। কিন্তু, কিবা কিবি কাৰণত ‘হিন্দু’ আৰু ‘বাংলাদেশী’ শব্দদুটাইহে প্ৰাধান্য পালে।
মূল বিলখনৰ হিচাপত ধৰিবলৈ গ’লে সিমান আপত্তি কৰিবলগীয়া নহয়গৈ কিজানি। সঁচাকৈয়ে কোনোবা এটা সংখ্যালঘূ গোষ্ঠীৰ কোনো এখন দেশত বৰ দুখ লগা অৱস্থা হৈছে, তেওঁলোক তাত থাকিবও নোৱাৰে, আৰু কেনেবাকৈ আন দেশলৈ আহিলে আৰু ঘূৰিও যাব নোৱাৰে, তেনে অৱস্থাত আমাৰ দেশৰ নাগৰিকত্ব দিয়া যাব – এইখিনিলৈ অকল মানৱতাৰ দৃষ্টিৰেই বুজিব পাৰি। কিন্তু তেনেকুৱা দায়িত্ব লোৱাৰ আগতে আৰু বহু কথা ভাবিবলগীয়া নাই জানো? যেনে,
১. কোনো এখন দেশৰ কিছু সংখ্যক মানুহক নাগৰিকত্ব দিলে বাৰু সাংঘাতিক একো ডাঙৰ কথা নহয়। কিন্তু, সংখ্যালঘূ বুলি সহজ কৰি ল’লেইতো নচলিব। সংখ্যালঘূ মানে যদি দেশ এখনৰ দ্বিতীয় বৃহত্তম সংখ্যাগৰিষ্ঠ হয়, তেতিয়া। যেনে, ভাৰতত মুছলমানক সংখ্যালঘূ বুলিয়েই সুবিধা দি ‘ভোট বেংক’ চলাই ৰখাৰ ৰাজনীতিয়েই চলি আছে। সেয়ে, সংখ্যালঘূ শব্দটোৰে সহজ কৰিলেই নচলিব। সেই হিচাপত বাংলাদেশত এতিয়া প্ৰায় ১.৫ কোটি সংখ্যালঘূ জনসাধাৰণ আছে, আৰু এই বিলখনৰ হিচাপত এই সমূহ মানুহ ভাৰতলৈ কেনেবাকৈ আহি ওলালে সকলোকে নাগৰিকত্ব দিব লাগিব।
২. সহজকৈ কথাটো এনেকুৱাকৈ ধৰি লওক, আপোনাৰ কাষৰ ঘৰখনত সাতোটা ল’ৰা-ছোৱালী, তাৰে একেবাৰে সৰুটোক ডাঙৰকেইটাই বৰকৈ মাৰ-পিট কৰে, এতিয়া আপুনি গৈ প্ৰথমে মাক-দেউতাকক সেইটো চাবলৈ ক’ব নে সৰুটোক ‘আহ বোপাই, তই আমাৰ ঘৰলৈ গুচি আহ’ বুলি ক’ব, ইফালে আপোনাৰ ঘৰত বাৰটাকৈ পোৱালী আছেই। সাধাৰণ যুক্তি-বুধিমতে প্ৰথমে আপুনি মুঠেই নকয়, প্ৰথমে মাক-দেউতাকক বুজাব, যদি কাম নিদিয়ে, তেতিয়া আপুনি ‘চাইল্ড লাইন’ত জনাব। সেইটোকে অলপ বহল কৰি দিলে, এনেকুৱা হয় – বাংলাদেশত এখন গণতান্ত্ৰিক চৰকাৰ আছে, চৰকাৰখনে কেতিয়াও সংখ্যালঘূ মানুহখিনিক এৰি দিম বুলি কোৱা নাই, বা বাংলাদেশৰ সাংবিধানিক, প্ৰশাসনিক ভিত্তি দুৰ্বল হোৱাৰো কোনো লক্ষণ এতিয়া আমি দেখা নাই। তেনে ক্ষেত্ৰত বাংলাদেশত যদি হিন্দুৰ ওপৰত অত্যাচাৰ হৈছেই, তেন্তে তেওঁলোকৰ চৰকাৰৰ ওপৰত এই অত্যাচাৰ নিয়ন্ত্ৰণৰ বাবে হেঁচা দিয়াৰ সুযোগ ভাৰত চৰকাৰৰ ওচৰত বহু ধৰণে আছে। সেইখিনি প্ৰথমে কৰণীয়, একেবাৰে নোৱাৰিলেহে ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰশ্ন উঠে, তাকো প্ৰথমে শৰনাৰ্থী হিচাপে লোৱাৰ পাছতহে।
৩. ‘হিন্দু’ আৰু ‘বাংলাদেশী’ শব্দ দুটাতহে বৰকৈ জোৰ দিয়াৰ কাৰণটো আমি কোনেও নুবুজাকৈ নিশ্চয় থকা নাই। কাৰণ এই শব্দদুটাত ভোট বেংক সৃষ্টি কৰাৰ প্ৰয়াস সোমাই আছে। কিন্তু, যিসকলে এইটো প্ৰয়াস কৰিছে, তেওঁলোকে এটা দুদিনীয়া লাভৰ আশাত কিয় যে পুৰণা ভুলকে দোহাৰিব বিচাৰিছে, সেইটোহে বুজাটো মস্কিল। একেটা প্ৰয়াসেৰে এটা সময়ত বাংলাদেশৰ মুছলমান নাগৰিকক ভাৰতত সহজে সোমাবলৈ দিয়া হৈছিল, কিন্তু সেই ভোট বেংক এতিয়া দেউলীয়া হ’ল আৰু তাৰ বেয়া প্ৰভাৱবিলাক আমি দেখি গৈ আছোঁ। এতিয়া যিখিনি বাংলাদেশী হিন্দু ভাৰতলৈ আহিব, তেওঁলোকৰ পৰাও সেই একেই অসুবিধা হ’ব আৰু দুটা দহকৰ পাছত। কাৰণ যিমানেই ধৰ্মৰ নামত, মানৱতাৰ নামত মাতি আনি নাগৰিক নসজাওঁ কিয়, সাধাৰণ মানুহৰ বাবে তেওঁলোকক তৃত্বীয় শ্ৰেণীৰ নাগৰিক হৈয়েই থাকিব। যেতিয়াই চাকৰী-ব্যৱসায়ত তেওঁলোকৰ লগত সংগ্ৰাম কৰিবলগীয়া হ’বগৈ, সেইদিনাই বিভেদটো আৰু বাঢ়িব। চৰকাৰে অৱধাৰিত ভাৱেই তেওঁলোকৰ বাবে বিশেষ ‘পেকেজ’ ঘোষণা কৰিব লাগিব, আৰু তেতিয়াই ক্ষোভৰ জুই ডাউ-ডাউকৈ জ্বলিব। সোনকালেই সোনকালেই বন্দুক-বাৰুদ লৈ কোনোবাই স্বাধীন দেশ বিচাৰি জংগললৈ যাবগৈ।
৩. অকল অসমৰ দিশৰপৰা মন কৰিলে, আৰু এটা বিশেষ দিশ আছে। বহুতৰে মনত থাকিব কিজানি, আজি কিছুদিন আগতে হিন্দু বঙালী ব্যক্তি এজনে অসমীয়া মানুহ সম্পৰ্কে ফেচবুকতে কৰা মন্তব্যৰ বাবে বিজেপি দলৰপৰা বহিষ্কাৰ কৰা হৈছিল। ব্যক্তিগত অভিজ্ঞতাৰপৰা ভালকৈ জানো, বহু সময়ত টিভিৰ সন্মুখত কোৱা আদিতকৈ, ফেচবুকতহে মনৰ কথাবিলাক ফচ্‌কৈ ওলাই যায়। সেই মন্তব্যটো সেয়ে, মুখৰপৰা ভুলতে ওলোৱা মন্তব্য বুলি এৰাই নচলিলেই ভাল। তেনেকুৱাকৈ চিন্তা কৰা মানুহ আৰু কিছুমান নিশ্চয় আছে। আৰু তেনে চিন্তাবোৰে পাছলৈ সংগঠিত ৰূপ নল’ব বুলি কোনেও ‘গেৰাণ্টি’ দিব নোৱাৰে। (এইটো মই ভয় খুৱাই দিবলৈ কোৱাৰ দৰে হ’ল, কিন্তু, ভয় খোৱাতকৈ বেছি সাৱধানী দৃষ্টিৰে কিছুমান কথা মন কৰিব লাগে, সেইটো আঙুলিয়াবলৈহে কৈছোঁ। তেনেকুৱা চিন্তা কৰা মানুহৰ সংখ্যা তেনেই কম বুলি মই নিশ্চিত। কিন্তু, তেনে চিন্তাৰ কেইজন মান একগোট হ’লে, লগতে হাতত ধন-বিত থাকিলে, তাৰপৰাই নতুন বেয়া কিবা এটা সৃষ্টি হ’বলৈ কেত পৰ!)
৪. সাংস্কৃতিক, ভাষিক আদি দিশত থকা ব্যৱধানৰ কথা আলোচনালৈ অনাই নাই। সেইটোৰ সমস্যা আৰু কিমান দূৰ পাবগৈ, তাক কল্পনা কৰিবৰো মন যোৱা নাই।
মুঠতে হিন্দু-বাংলাদেশী বুলিয়েই নহয়, যিকোনো শৰনাৰ্থীকে নাগৰিকত্বৰ মৰ্যদা দিয়াৰ আগতে দেশ এখনে বহু কথা ভাবিবলগীয়া আছে। আমাৰ সাধাৰণ দৃষ্টিত এয়া খাল কাটি ঘৰিয়াল চপোৱা-ৰ আখৰাহে। আৰু এটা জমনি কথা আছে, একেখন বিলৰ আধাৰতে ম্যানমাৰৰ ৰহিঙীয়া মুছলমান মানুহখিনিকো ভাৰতৰ নাগৰিকত্ব দিব লাগিব, তেতিয়া ভাষ্য কি হয়, সেইটোহে শুনিবলৈ ইণ্টাৰেষ্টিং হ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments