‘হিল কুইন’ এক্সপ্ৰেছত এদিন (আব্দুচ চাজিদ)

লামডিং – ল’ৱাৰ হাফলং – লামডিং

‘হিল কুইন’ এক্সপ্ৰেছত এদিন

১৪এপ্ৰিল ২০১৪ৰ পুৱা৷

নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছখনে সঠিক সময়তেই ডিফু ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্ম এৰিলে৷ শ্লিপাৰত খালী চিট পাই অনুজ ভ্ৰাতৃপ্ৰতিম ৰেকিব আৰু অগ্ৰজ ইচলামদাৰ সৈতে মুখামুখিকৈ বহি ল’লোঁ৷ তাৰ পিছৰ ৩০-৩৫মিনিট ধৰি বিভিন্ন প্ৰসংগত একে লেথাৰিয়ে কথা চোবাই মই বিদায় ল’লোঁ৷ এই ৩২কিল’মিটাৰ দূৰত্ব নিমিষতে অতিক্ৰম কৰা যেন অনুভৱ হ’ল৷ চমু যাত্ৰাটো সুন্দৰভাৱে সমাপ্ত কৰি নামি দিলোঁ লামডিং জংছনত৷ কাৰণ ইয়াতে মই গাড়ী বদলাম৷

নামিয়েই অ’ভাৰব্ৰীজ বগাই চিধাই সিপাৰ পালোঁগৈ, টিকটটো আগে-ভাগে কাটি লওঁ বুলি৷ দেখিলোঁ, দুয়োটা কাউণ্টাৰতে পেচেঞ্জাৰ উপচি পৰিছে৷ কিবা ভাবি দীঘলীয়া শাৰীটোৰ শেষত অলপ সময় থিয় দিলোঁ৷ পিছত সোধ-পোছ কৰি গম পালোঁ, সেয়া উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰীসকলে লগোৱা ভিৰহে৷ অলপ সময়ৰ ভিতৰতে কমি যাব৷ গতিকে লাইনৰ পৰা বাহিৰ ওলাই সময়লৈ অপেক্ষা কৰি থাকিলোঁ৷

জনশতাব্দী আহিল বুলি স্পীকাৰত ঘোষণা হোৱাৰ আগতেই মানুহ পাতল হৈ পৰিল৷ ময়ো কাউণ্টাৰৰ মুখলৈ চাপি গ’লোঁ৷ আইনাৰ সিপাৰে বহি থকা বাইদেউগৰাকীলৈ টকা আশীটা আগুৱাই দি নিজলৈ বুলি টিকট সংগ্ৰহ কৰিলোঁ, লামডিং-ল’ৱাৰ হাফলং হিল কুইন এক্সপ্ৰেছৰ৷ তাৰ পিছত কালক্ষয় নকৰি যোৱা বাটেৰেই উভতি আহি খাপ দি ৰ’লোঁ মোৰ ট্ৰেইনখনলৈ৷

এক নম্বৰ প্লেটফৰ্মৰ মিটাৰগজ লাইনটোত ইতিমধ্যে নামনিমুখী এখন গাড়ী লগোৱা হৈছেই৷ চয়-নিচয় কৰিবলৈ ঊধৰ পৰা মূধলৈ এবাৰ নিৰীক্ষণ কৰিলোঁ৷ হয়, এইখনেই ০৫৬৯৭ নং হিল কুইন এক্সপ্ৰেছ, য’ত মই উঠিম আৰু মাৰিম এটা এডভেঞ্চাৰ ট্ৰিপ৷

পাহাৰ লাইনৰ যাত্ৰীসকল তেতিয়ালৈ দুই-এককৈ আহিব ধৰিছে৷ শেষৰ ডবাটোত উঠাৰ ইচ্ছা এটা আগৰে পৰাই পুহি ৰাখিছিলোঁ৷ কাৰণ ৰে’লখনৰ কেৰেলুৱাসদৃশ ৰূপটো তাৰ পৰাহে সম্পূৰ্ণকৈ দৃশ্যমান হ’ব৷ টাৰ্নিঙত ফটো তুলিবলৈও সুচল হ’ব৷ খাকী পোছাকত কাষতে বন্দুক লৈ ৰৈ থকা নিৰাপত্তাৰক্ষীসকলৰ মাজৰে এজনৰ সৈতে ছেগ মিলাই কিছু পৰ বাৰ্তা বিনিময় কৰিলোঁ৷ তেওঁ ক’লে… ‘এইটো চিকিউৰিটিৰ ডবা৷ আপুনি টিকট লৈছে যদি আগৰটোতে আৰামত বহি লওকগৈ৷ নহ’লে, কথাটো এনেকুৱা… ৷’ তেওঁ বুজালে৷ ময়ো বুজি-বাজি থ’লোঁ৷ ঠিক নাই, ঘূৰি আহোঁতে কামত লাগিব পাৰে৷ এতেকে জানি লোৱাটো ভাল৷

লামডিং আহি পোৱা অন্যান্য উজনি আৰু নামনিমুৱা যাত্ৰীবাহী গাড়ীবোৰৰ পৰা নমা জনতাৰ আগমন ঘটিব ধৰিলে হিল কুইনলৈ৷ প্লেটফৰ্মৰ ৰঙা ডিজিটেল ঘড়ীয়ে ট-টকৈ দেখুৱাই থকা সময়টোলৈ সজাগতাৰে চাই এপাকত ষ্টেচনৰ টি ষ্টল এখনত থিয় হ’লোঁহি৷ দুই প্লেট পুৰী, ভাজি আৰু দুটা লালমোহন পেকিং কৰোৱাই ল’লোঁ৷ কালি ডিফু ৰে’ল ষ্টেচনৰ সমীপৱৰ্তী ‘নিউজ মাৰ্ট’ত ভট্টাচাৰ্যীদা আৰু দৈমাৰীৰ সৈতে ভ্ৰমণ সম্পৰ্কে আলাপ কৰি থাকোঁতেই তালৈ অহা পৰিচিত ডেকা এজনে মতলবটো শুনি মোৰ চকুত চকু থৈ কৈছিল… ‘খোৱাটো কিন্তু লৈ যাব দেই৷ নহ’লে একো নাপাব৷’

আনৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাটো বুদ্ধিমানৰ কাম বুলি ক’ৰবাত কেতিয়াবাই পঢ়িছিলোঁ৷ এতিয়া তাকে প্ৰয়োগ কৰিলোঁ৷ চব মিলাই ত্ৰিশ টকা এটা গ’ল যেনিবা৷ হ’লেও পেটটোৰ নিৰাপত্তা কেইঘণ্টামানলৈ নিশ্চিত হৈ থাকিল৷ ইফালে ঘৰৰ পৰাই লৈ যোৱা পানীৰ বটলটো লগত আছেই৷ গতিকে চলি যাব আৰু৷ ভোকাতুৰ সহযাত্ৰী পালে পৰিস্থিতি সাপেক্ষে ফিফটি-ফিফটি শ্বেয়াৰ কৰি পেলাম বুলিও গোপনে সিদ্ধান্ত এটা কৰি থ’লোঁ৷

অকলশৰীয়া যাত্ৰী মই৷ সময় ওচৰ চাপি অহাত খালী চাই ডবা এটাত বাঁওহাতে খিৰিকীৰ কাষত আৰামছে বহি ল’লোঁ৷ যোৱা ৰাতি সাংবাদিক-বন্ধু সঞ্জুক ফোন কৰোঁতে সকীয়াই দিছিল… ‘যাওঁতে বাঁওহাতে বহিব৷’ তেওঁৰ অভিজ্ঞতাকে এয়া কামত লগাইছোঁ৷ ডাউন ব্ৰহ্মপুত্ৰ মেইল, নাগালেণ্ড এক্সপ্ৰেছ, চেন্নাই এক্সপ্ৰেছ, মৰিয়নি স্পেচিয়েল… লামডিঙলৈ কোনখনত যোৱাটো ভাল হ’ব বুলি সোধাত তেৱেঁই মোক… ‘আপুনি নাগালেণ্ডতে যাওক৷ লামডিঙত হাতত যথেষ্ট সময় পাব৷’ বুলি নিৰ্দিষ্ট কৰি দিছিল৷ কথাটো ঠিকেই৷ প্ৰমাণ পালোঁৱেই নহয় হাতে হাতে৷

উজনিমুৱা জনশতাব্দী এক্সপ্ৰেছখন লামডিং জংছনত ৰোৱাৰ পিছতে পাহাৰ লাইনৰ যাত্ৰীসকল হুৰমূৰাই আহিল হিল কুইনক উদ্দেশ্য কৰি৷ মই বহাখনকে ধৰি সন্মুখৰ বেঞ্চখন অধিকাৰ কৰিলে সাতজনীয়া যুৱ-ছাত্ৰৰ এটা দলে৷ অলপ পাছতে পৰিচয়ৰ প্ৰসংগত জানিব পাৰিলোঁ, ডেকাসকল অন্তিম স্তপেজলৈকে যাব, মানে ল’ৱাৰ হাফলং৷ আহিছে গুৱাহাটীৰ পৰা৷ তাতেই সম্প্ৰতি শিক্ষা গ্ৰহণ কৰি আছে৷

ঠিক ৯.৪৫বজাৰ লগে লগে হিল কুইনে গা লৰালে৷ দুয়োপাৰৰ ঘৰ, পুখুৰী, বাঁহ, পাহাৰীয়া কলগছ আদিয়ে আৱৰা ভূভাগ পিছত থৈ সৰ্পিল ট্ৰেকেৰে ডিজেল ইঞ্জিনটোৱে ডবাবোৰ ক্রমান্বয়ে আগলৈ গহীনাই টানি নিব ধৰিলে৷ নিৰ্মীয়মান ফ’ৰ লেন হাইৱেটোৰ কামৰ অগ্ৰগতি লাহে লাহে চকুৰ আগলৈ আহিল৷ ব্ৰডগজ ৰে’লপথৰ শেহতীয়া ছবিখনো দিনটোলৈ দেখা পাই থাকিলোঁ৷ সময়ৰ সৈতে আগ বঢ়াই নিয়াৰ পৰিপন্থী কাৰ্যকলাপৰ বাবে ডিমা হাচাও এলেকাত কতবাৰযে গতিৰুদ্ধ হৈছে ৰে’ল আৰু পথ যোগাযোগৰ এই উন্নয়নমূলক কাম-কাজ৷ ভূ ৰাখোঁতাসকলে সেয়া বোধ হয় শুনিছেই৷ শেহতীয়া ডেডলাইন অনুসৰি লামডিং-শিলচৰ ব্ৰডগজ কনভাৰ্চনৰ কাম ২০১৫চনৰ মাৰ্চ-এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ খবৰ ওলাইছে৷ ২০১৪চনৰ ব’হাগত নৱবৰ্ষৰ উপহাৰ স্বৰূপে অঞ্চলটোৰ ৰাইজলৈ প্ৰজেক্টটো উচৰ্গা কৰাৰ বিষয়েও কৈ থকা শুনিছিলোঁ৷ পিছে হ’বগৈনে? নে চব ফুটুকাৰ ফেন? সেয়ে এপাক নিজ চকুৰে চাই আহোঁগৈ বুলিয়ে এয়া মোৰ দিনতীয়া যাত্ৰা৷

ইফালে, নেশ্যনেল হাইৱেজ ডেভেলপমেণ্ট প্ৰজেক্টৰ অন্তৰ্গত নিৰ্মিত লামডিং-শিলচৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ২০১৪ৰ ডিচেম্বৰত হৈ উঠাৰ কথা আছিল৷ গুজৰাট, ৰাজস্থান, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু অসমক চুই যোৱা ৩,৩০০ কিল’মিটাৰ দৈৰ্ঘৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ কথা বোধ কৰোঁ সকলোৱেই জানে৷ গুজৰাটৰ পোৰবন্দৰৰ পৰা অসমৰ শিলচৰলৈ নিৰ্মাণ কৰা হৈছে এই সুদৃশ্য, সুদীৰ্ঘ, আধুনিক পথ৷ আনহাতে, দেশৰ বাকী অংশৰ কথা নাজানো, এতিয়া চকুৰ আগত দেখাখিনিযে নিৰ্ধাৰিত সময়ত নহয়গৈ সেয়া কিন্তু লিখি দিব পাৰোঁ৷ ইফালে লামডিং-শিলচৰ পাৰ্বত্য খণ্ডৰ ২০১কিল’মিটাৰ দৈৰ্ঘৰ ব্ৰডগজ ৰে’লপথছোৱাৰ নিৰ্মাণ ব্যয় ১,৬৮৯.১২কোটিৰ পৰা বাঢ়ি গৈ ৩,৯০৯.৪৯কোটি পালেগৈয়ে৷ এই লৈ কংকন ৰে’লৱে প্ৰজেক্টত কৰ্মৰত এজন জাৰ্মান অভিযন্তাই বোলে মন্তব্য কৰিছিল, এনেদৰে… India seems like the richest nation in the world because of the manner in which its public sector projects are delayed and costs are allowed to escalate. Even the developed countries would not be able to afford such luxuries. ভাষ্যটো অপ্ৰিয় যদিও সত্য৷ সেয়াই আমাৰ উন্নয়নৰ স্বৰূপ৷

কিতাপ পঢ়ি গম পাইছিলোঁ যে ১৮৮২-১৮৮৭চনৰ ভিতৰত ব্ৰিটিছৰ উদ্যোগত প্ৰথম জৰীপৰ কাম পৰিচালনা কৰা হৈছিল লামডিং-বদৰপুৰ ৰে’ল সংযোগী লাইন স্থাপনৰ লক্ষ্যৰে৷ দুৰ্গম পাহাৰৰ বুকুত সুৰংগ, দলং, ষ্টেচন আদিকে ধৰি মিটাৰগজ ৰে’লপথৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰোঁতে প্ৰায় বিশ বছৰীয়া সুদীৰ্ঘ এক পৰিক্ৰমাৰ প্ৰয়োজন হৈছিল৷ পথ যোগাযোগ ব্যৱস্থা তেতিয়া ক’বলৈ গ’লে অকণোৱেই সুচল নাছিল৷ বস্তু-বাহানিবোৰ ব্ৰিটেইনৰ পৰা জাহাজেৰে আনিছিল আৰু বাংলাদেশৰ চিটাগঙৰ পৰা কঢ়িয়াবলগীয়া হৈছিল নিৰ্মাণস্থলীলৈ৷ অৰণ্যৰ ঘাতকৰূপী এনোফিলিচ মহৰ আক্রমণত অনেকজন মানুহে প্ৰাণ হেৰুৱাইছিল৷ তদুপৰি পৰ্বতীয়া ডিমাচা জনসাধাৰণে বগা চাহাবৰ প্ৰৱেশক সমৰ্থন কৰা নাছিল৷ তত্ৰাচ ১৮৮৭চনৰ ২৫অক্টোবৰত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলে সদম্ভে ঘোষণা কৰিলে যে ৰে’লপথ নিৰ্মাণ হ’বই হ’ব৷ ইয়াৰ অন্তৰালত অৱশ্যে ব্ৰিটিছ বাহাদুৰৰ চাহপাত, কয়লা আদি সম্পদ কঢ়িওৱাৰ অভিসন্ধি নিহিত হৈ আছিল৷ কলিকতা বন্দৰত ঘটা ব্য্যপক স্থানাভাৱ কল্পে চিটাগঙৰ সৈতে যোগাযোগ যথাসম্ভৱ শীঘ্ৰে গঢ়ি তোলাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছিল৷ কাম চলি থকাৰ মাজতে ১৮৯৭চনৰ জুন মাহৰ ১২ তাৰিখে ৮.৭ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্প আহিল৷ ভূঁইকঁপে যথেষ্ট ক্ষতিসাধন কৰিলে আৰু কামতো ব্যাঘাত জন্মালে৷ তৎসত্ত্বেও তৎপৰতাপূৰ্বক কাৰ্য সম্পাদন কৰি ১৯০৪চনত ৰে’লপথছোৱা মুকলি কৰা হ’ল৷ ব্ৰিটিছৰাজৰ সেই কৰ্মস্পৃহাৰ সৈতে তুলনা কৰি এতিয়াৰ এই ব্ৰডগজ কনভাৰ্চনৰ কামক কি বুলিনো আখ্যা দিয়া যায় তাকে বহুসময় নীৰৱে চিন্তা কৰিব ধৰিলোঁ৷ ১৯৪৭ৰ ১৫আগষ্টৰ পিছত নিজকে স্বাধীন বুলি বুকু ফিন্দাই থকা আমাৰ দৰে ভাৰতীয়বোৰৰ কৰ্মকুশলতা আজি বিজ্ঞান আৰু কাৰিকৰী প্ৰযুক্তিৰ কৌশলগত প্ৰগতিৰ যুগতো এনেকুৱাইহেনে? ঘৃণাতে থু এসোপামান ওলাই আহিল৷

বহুতেই হয়তো আজি পাহৰিয়ে পেলাইছে যে ১৯৯৬চনত ভাৰতৰ তদানীন্তন প্ৰধান মন্ত্ৰী এইচ. ডি. দেৱেগৌড়াই শিলচৰত আধাৰশিলা স্থাপন কৰিছিল, লামডিং-শিলচৰ ব্ৰডগজ কনভাৰ্চন প্ৰজেক্টৰ৷ তাৰ পিছত বৰাকৰ বুকুৱেদি বহু পানী বাগৰিল৷ নিৰ্ধাৰিত সময় ২০১১তে উকলিল৷ প্ৰজেক্ট আজিও হৈ নুঠিল৷ পথ যোগাযোগ ব্যৱস্থা, আইন-শৃংখলাজনক পৰিস্থিতি আৰু বৰষুণক দোষ দি থাকোঁতেই সময় অতীত হ’ল৷ এন. এফ. ৰে’লৱে এমপ্লয়িজ ইউনিয়নৰ এটা সূত্ৰৰ মতে আকৌ ২০১৮তহে কাম সম্পূৰ্ণ হ’বগৈ হেনো৷ তাৰ আগতে অসম্ভৱ৷ সময়মতে, সঠিকভাৱে হোৱা হ’লে দক্ষিণ অসমৰ উপৰি ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ ৰাইজৰ বাবে কিমানযে সুখকৰ হ’লহেঁতেন! পিছে এতিয়া সন্মুখত দৃশ্যমান হৈ আছে অ’ত এছোৱা, ত’ত এছোৱা৷ এইখিনিত কৰিছে, সেইখিনিত এৰিছে৷ কামৰ কোনো চিজিল নাই৷ কেতিয়া সম্পূৰ্ণ হ’বগৈ তাৰ কোনো ঠিক নাই৷ স্থবিৰতা আৰু শামুকীয়া গতি প্ৰত্যক্ষ কৰি মনটো ভিতৰি ভিতৰি ভীষণভাৱে অশান্ত হৈ উঠিছে৷ চকুৰ আগত দেখা পোৱা এই ৰূপটো হজম কৰিবলৈকে বৰ কষ্ট হৈছে৷ তথাপিও যাত্ৰাপথৰ আনন্দত ডুবিবলৈ যত্ন কৰিছোঁ, অন্য প্ৰসংগত মূৰটো গুজি৷

গাড়ীয়ে গতি লোৱাৰ সমভাৱেই মোৰ সহযাত্ৰী ডেকাসকলে হাতে হাতে ম’বাইল উলিয়াই ফটো চোৱাই ফটো চাইছে, গান শুনাই গান শুনিছে, গে’ম খেলাই গে’ম খেলিছে৷ কোনোবাজনে আকৌ একোবত লেপটপটোকে খুলি লৈছে৷ মই মন কৰি গৈছোঁ, বুজিবলৈ প্ৰয়াস কৰিছোঁ তেওঁলোকৰ কথা-কাণ্ডবোৰ, তেওঁলোকৰ আশা-নিৰাশাবোৰ, তেওঁলোকৰ ইচ্ছা-অনিচ্ছাবোৰ৷ কেওজনৰে চেহেৰাত আধুনিকতাৰ চাপ৷ হাতত একো একোটাহঁত ডাঙৰ ডাঙৰ স্ক্ৰীণ টাচ্ছ ম’বাইল৷ কাণত হে’ডফ’ন৷ হৰ্ছকাট হেয়াৰ ষ্টাইল, কাণফুলি, বুঢ়া আঙুলিত আঙঠি, সৰু গাঁঠিত ৰিষ্টবেণ্ড, চশমাৰ পৰা আৰম্ভ কৰি জোতালৈকে ব্ৰেণ্ডেড ড্ৰেছ-পোছাক, বেগ ইত্যাদি৷ ডিমাচা ল’ৰা গোটেইকেইটা৷ হ’লেও নিজৰ মাজত হাফলং হিন্দীতহে কথোপকথন চলিছে৷ স্থানীয়ভাৱে প্ৰচলিত এই লিংগুৱা-ফ্ৰাংকাক হিল হিন্দী বুলিও কয় বহুতে৷ আনহাতে সমস্ত যাত্ৰাটোত কেইটামান মাত্ৰ ডিমাচা ভাষাৰ বাক্য তেওঁলোকৰ মুখৰ পৰা ওলোৱা শুনিলোঁ৷ ডং, গিৰি, ফাই আদি দুই-এটা শব্দ নিজে জনাৰ সুবাদতে সেয়া মই ধৰিব পাৰিছোঁ, স্কুলীয়া দিনত মোৰ সহপাঠী নিৰ্মল নুনিচাই আগ বঢ়োৱা যৎসামান্য শিকণৰ অভিজ্ঞতাৰে৷ তাহানিৰ সেই মুহূৰ্তবোৰলৈ এতিয়া কিয় জানো, ঘনে ঘনে মনত পৰি গৈছে৷ ভাষা শিকাটো এটা দৰকাৰী কথা বুলি কোন কেতিয়াবাতে গম পাইছিলোঁ৷ গতিকে এতিয়া অন্ততঃ ধৰিব পাৰিছোঁ, এওঁলোকে কি ভাষা কৈছে৷

ডেকাসকলৰ মুখনিসৃত অসমীয়া শব্দ বা বাক্যৰ সংখ্যাও নগণ্য৷ তাকো আকৌ ‘লোকেল কুংফু’ৰ ডাইলগৰ প্ৰসংগতহে প্ৰকাশ কৰিব লগা হৈছে৷ ভাল লাগে এই বয়সৰ ল’ৰা-ছোৱালীবোৰ, সিহঁতৰ ‘বিন্দাচ’ লাইফ-ষ্টাইল৷ মানসিকভাৱে সিহঁতৰ সমবয়সীয়া হৈ পৰি হৃদয় উজাৰি কথা পাতিবলৈ, ভাব আৰু ৰসৰ আদান-প্ৰদানেৰে বন্ধুত্ব গঢ়িবলৈ বৰ মন যায়৷ কিন্তু ঘপকৈ নোৱাৰি৷ সেয়ে প্ৰাথমিক পৰ্যায়ৰ কথা-বতৰাতে নিজকে সাময়িকভাৱে ক্ষান্ত ৰাখি পৰৱৰ্তী সুযোগৰ অপেক্ষাত ক্ষণ গণি আছোঁ৷ খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে কেমেৰাৰ লেন্স উলিয়াই অলপ পৰৰ পিছে পিছে ক্লিক কৰি গৈছোঁ৷ উপভোগ কৰিছোঁ হিল কুইনে ধাৰাবাহিকভাৱে চকুৰ আগলৈ কঢ়িয়াই অনা ইখনৰ পিছত সিখন লেণ্ডস্কেপ৷ নিজৰ জগতখনত ব্যস্ত থাকিও অৱশ্যে উৎসুকতাৰে, কৌতূহলেৰে আগ-পাছ, সোঁ-বাঁও সকলোফালে খেয়াল ৰাখিছোঁ৷

প্ৰকৃতিৰ নিয়ম মানি বসন্তৰ আগমনত পথৰ দাঁতিৰ গছ-গছনিতো নতুন পাতে ভুমুকি নমৰাকৈ থকা নাই৷ তথাপিও দৃষ্টিয়ে ঢুকি পোৱা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে টকলা শুকান পাহাৰ দেখিছোঁ, হাবিত জ্বলোৱা জুই দেখিছোঁ, ভূ-খনন চলি থকা দেখিছোঁ৷ বনাঞ্চল তথা প্ৰকৃতি ধ্বংসৰ দেখ দেখ প্ৰমাণ পাইছোঁ৷ আনহাতে বুকুত চিৰাল ফাট লৈ হা পানী হা পানী কৰি থকা অনেকখন জলশূন্য নদী(!)তো অতিক্রম কৰিছোঁৱেই৷

ডিজাউব্ৰা পাৰ হৈ লাংটিঙত আমাৰ গাড়ী থামিল৷ ১০২কিল’মিটাৰ দূৰত্বৰ লামডিং-ল’ৱাৰ হাফলং মিটাৰগজ শাখাৰ এইটোৱে প্ৰথম স্তপেজ৷ একাংশ লোক ইয়াত নামিল-উঠিল৷ যাত্ৰীৰ কোঢ়ালৰ উপৰি ছাগলীৰ বেবনি এটা ভাহি আহি কৰ্ণপটহ চুলেহি৷ বুজি পালোঁ, সকলোৰে বাবেই এই ৰে’ল, এই উত্তৰ-পূব সীমান্ত ৰে’লৱে৷

ডিহাখুৰ পিছতে বৰাইলৰ বক্ষৰে শিলৰ পাহাৰ ফালি আগ বঢ়া ৰে’লপথেৰে গহীন-গম্ভীৰ গতি এটাত হিল কুইন বীৰদৰ্পে আগুৱাব ধৰিলে কালাকটাং অভিমুখে৷ মাইবাং পোৱাৰ আগতে ৬টা সুৰংগ পাৰ হ’লোঁ৷ ব্ৰিটিছৰ দিনতে সজা এই পকী সুৰংগবোৰ৷ প্ৰত্যেকটোতে ক্রমিক নম্বৰ আৰু সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা খোদিত কৰা আছে৷ সুৰংগত সোমাই পৰোঁতে প্ৰতিবাৰেই ৰে’লখনৰ ডবাবিলাকৰ পৰা আনন্দ প্ৰকাশক এক ধৰণৰ কিৰিলী শুনিবলৈ পোৱা গ’ল৷ কথাটো বেয়া নালাগিল৷ লগ-সংগ থকা হ’লে হয়তো নিজেও তেনেকৈ চিঞৰিলোঁহেঁতেন, পৃথিৱীৰ সমস্ত কথা পাহৰি৷

লামডিং ষ্টেচনটো মুকলি কৰা হৈছিল বিগত ১৯০৩চনতেই৷ ১৯৬৯চনৰ ১মে’ত লামডিং ৰে’লৱে ডিভিজনৰ সূচনা হৈছিল৷ ইয়াৰ অন্তৰ্গত এই ৰে’লপথছোৱাত ল’ৱাৰ হাফলং পৰ্যন্ত ১৮টা সৰু-বৰ টানেল আছে৷ সুৰংগৰ ভিতৰত বিজুলীৰ ব্যৱস্থা আজিও নাই৷ গতিকে ডবাৰ ভিতৰখন দিনতে অন্ধকাৰ হৈ পৰে৷ ৰে’লৰ ভিতৰত যি লাইট জ্বলে পোহৰ বুলিবলৈ সেইকণেই৷

অকোৱা-পকোৱা বাটছোৱাইদি লাংটিঙৰ পৰা ২৫-২৬কিল’মিটাৰমান টানি ৰে’লখনে যাত্ৰাপথৰ দ্বিতীয়টো স্তপেজ মাইবাং পোৱালেগৈ৷ তাতে আগৰতলা পেচেঞ্জাৰৰ সৈতে ক্রচিং হ’ল৷ দেদাউৰি পাৰি যোৱা ক’লা ছাগলী এহাল আগৰটো ডবাৰ পৰা নমাই গৰাকীজনে টানি টানি নিয়া দেখা পালোঁ৷ জোখ-মাখলৈ চাই আজি ইহঁতৰ দিন বেয়া যেনেই লাগিল৷ আনহাতে, ভাৰতীয় ৰে’ল সেৱাই সকলোকে সমান সুবিধা দিছে৷ ল’ব জানিলেই হ’ল৷ এই ধৰণৰ ভাব এটায়ো তৎমুহূৰ্ততে ক্রিয়া কৰিলেহি৷

ইতিহাসে কোৱামতে ডিমাপুৰৰ পিছৰ সুদীৰ্ঘ কাল এছোৱাত মাইবাঙতে ডিমাচা কছাৰী ৰজাৰ ৰাজধানী স্থাপন কৰা হৈছিল৷ ষোল্ল আৰু ওঠৰ শতিকাৰ মাজৰ সময় সেয়া৷ নিৰ্ভয় নাৰায়ণৰ পৰা আদি কৰি ১৭গৰাকী ৰজাই শাসন কাৰ্য পৰিচালনা কৰিছিল এই মাইবাঙৰ পৰাই, ১৫৪০ৰ পৰা ১৭৫৭পৰ্যন্ত৷ আহোমৰ আক্রমণত পিছলৈ ৰাজধানী খাচপুৰলৈ উঠি যায়৷ মাই আৰু বাং লগ লাগিয়ে হৈছে মাইবাং৷ মাই মানে খাদ্য-শস্য আৰু বাং মানে উভৈনদী৷ মাইবাঙৰ দাঁতিৰেই বৈ গৈছে মাহুৰ নৈখন৷ নৈখনৰ পাৰতে কছাৰী ৰজা মেঘনাৰায়ণে সজোৱা শৈলঘৰ আছে৷ নৰনাৰায়ণৰ দিনৰ শৈললিপি আদিও ইয়াতেই উদ্ধাৰ হৈছিল৷ তেতিয়াৰ ৩বৰ্গ কিল’মিটাৰ বিস্তৃতিৰ পুৰণি ডিমাচা ৰাজধানী মাইবাংখন এতিয়া ডিমা হাচাও টেৰিটৰিয়েল অট’ন’মাছ কাউন্সিলৰ অন্তৰ্গত ১০বৰ্গ কিল’মিটাৰ এলেকাৰ এখন চহৰ৷ ডিমা হাচাও জিলাৰ অন্যতম মহকুমা এই মাইবাং৷

মাইবাঙৰ পিছত মাহুৰ পৰ্যন্ত পুনৰ ৬টা সুৰংগত সোমালোঁ-ওলালোঁ৷ ওৱাড্ৰেংডিছা, দাওটুহাজাৰ পিছৰে পৰাই পাক মাৰি মাৰি আমাৰ গাড়ী ক্রমে পাহাৰৰ ওপৰলৈ উঠিব ধৰিলে৷ ফাইডিং পাৰ হৈ এসময়ত মাহুৰ পালোঁগৈ৷ সমুদ্ৰপৃষ্ঠৰ পৰা মাহুৰ ২,৩৮৫ফুট ওখ৷ সেই উচ্চতাত আৰোহণ কৰি এটা কথা নিশ্চিত হ’লোঁ যে দীৰ্ঘদিন ধৰি ইয়াত বৰষুণ নাই হোৱা৷ ফলত তলৰ নদীবোৰ একেবাৰে শুকাই গৈছে৷ বাইলা, মুপা, মাইবাং, দয়াং আদিয়ে তাৰেই প্ৰমাণ দিলে, উন্মুক্ত বক্ষৰে৷ তেনেকুৱা নৈৰ ওপৰত থকা লোৰ অৰ্ধচন্দ্ৰাকৃতিৰ দলঙেৰে পাৰ হ’লোঁ, খুব ধীৰ গতিৰে৷ আনহাতে, ব্ৰডগজৰ বাবে নকৈ সজা বিৰাট বিৰাট দলং, ইখন পাহাৰৰ সৈতে সিখন পাহাৰ সংযোগী দীঘলীয়া ফ্লাইঅ’ভাৰকেইখন স্বচক্ষে দেখা পাই, সঁচাকৈ কৈছোঁ, নিজকে কোনোবা অচিন দেশত বিচৰণ কৰা যেনেই লাগিল৷ ব্ৰডগজ কমপ্লিট হ’লে যাত্ৰাটো কেনে ৰোমাঞ্চকৰ হ’ব, অলপ পৰ তাকে কল্পনা কৰিলোঁ৷ অৱশ্যে কেতিয়া কমপ্লিট হ’ব সেয়া নিঃসন্দেহে কোটিটকীয়া প্ৰশ্ন৷ চকুৰ সন্মুখত দেখা সামগ্ৰিক ৰূপটোলৈ চাই এতিয়া মাথো এইটোৱে কওঁ যে কমপ্লিচন ডেট বুলি কোনো ডেট দিব নোৱাৰোঁ এতিয়া৷ একো ক’ব নোৱাৰোঁ, বৰাইল কিম্বা বৰাক ভেলীয়ে কেতিয়াকৈ হাঁহিব৷

মাহুৰত এখন্তেক ৰৈ পুনৰ গাড়ী চলিল৷ আৰু ৬টা সুৰংগৰে পাহাৰীয়া পথছোৱা সুকলমে অতিক্রম কৰি অন্তিম স্তপেজ ল’ৱাৰ হাফলঙত উপস্থিত হ’লোঁগৈ নিৰ্দিষ্ট সময় দিনৰ ১বাজি ৩০মিনিটত৷ গাড়ীখনে অন্ততঃ সময়টো ঠিকেই মানি চলিছে, সেয়া কিন্তু ক’ব লাগিব দেই৷

৩ঘণ্টা ৪৫মিনিটজোৰা যাত্ৰাৰ পিছত গন্তব্যস্থলত ট্ৰেইনখন ৰৈ দিয়াৰ আগতেই নমা-উঠাৰ বাবে যাত্ৰীসকলৰ মাজত উথপথপ লাগিল৷ প্লেটফৰ্মত যথেষ্ট মানুহ দেখা পালোঁ৷ ট্ৰেইন ইয়াত বেছি পৰ নৰয়, মাত্ৰ ১৫মিনিটহে৷ গতিকে ময়ো ডবাটোৰ পৰা ততালিকে জাঁপ মাৰি নামি কোবাকুবিকৈ টিকট কাউণ্টাৰ অভিমুখে ভিৰ ফালি খোজ পেলালোঁ৷ দেখোঁগৈ যে দীঘলীয়া শাৰী৷ অলপ সময় থিয় হ’লোঁ৷ নাই, নহ’ব৷ অথনিৰ চিকিউৰিটিৰ ডবাটোলৈ মনত পৰিল৷ খৰগতিৰে ঘূৰি আহি পুৱা লামডিঙত কথা পতাজনকে ধৰিলোঁ৷ বোলোঁ, ‘নিব লাগিব দেই ডাঙৰীয়া, টিকট হ’লে নাই৷’ তেখেতে অভয় দান কৰিলে… ‘উঠি লওক৷’

আহোঁতে একেবাৰে শেষত থকা ডবাটো এতিয়া যাওঁতে একেবাৰে আৰম্ভণিতে পৰিল৷ অৰ্থাৎ ইঞ্জিনৰ পিছতে৷ ইঞ্জিনটো ঘূৰাই আনি এই মূৰে লগায়েই ০৫৬৯৮ নং হিল কুইন এক্সপ্ৰেছ ঢাপলি মেলিব লামডিঙলৈ৷ ইতিমধ্যে মামা-মামীৰে গিজগিজালেই চিকিউৰিটিৰ ডবাটো৷ তলৰ বেঞ্চত ঠাই নাই৷ বয়-বস্তু থোৱা বাংক এখন খালী পাই জাঁপ মাৰি তাতে উঠি ল’লোঁ৷ উদ্দেশ্য, মোৰ হাতত থকা টোপোলাটোৰ সদ্ব্যৱহাৰ কৰিব লাগে এতিয়া৷ পেটে ইতিমধ্যে বিদ্ৰোহৰ সূচনা কৰিয়ে দিছে৷ কালি ডেকাজনে ঠিকেই কৈছিল, ‘খোৱাটো কিন্তু লৈ যাব, একো নাপাব৷’ হয় কথাটো৷ আনৰ অভিজ্ঞতাৰ শিক্ষাক কামত লগাই আজি পুনৰবাৰ উপকৃত হ’লোঁ৷ আন এজনে কৈ পঠোৱা মতে বাঁওহাতে বহাৰ ফলত প্ৰাকৃতিক দৃশ্যৰাজিও বাধাহীনভাৱে প্ৰত্যক্ষ কৰিব পাৰিলোঁ৷

৮খন পুৰী, ভাজি আৰু লালমোহন দুটা খৰখেদাকৈ চোবাই তাৰ পিছে পিছে পানী আধা বটল ঘটাঘটে পেটত ঢালি বাংকৰ পৰা নামি আহিলোঁ৷ পুনৰবাৰ প্লেটফৰ্মলৈ গৈ খালী টোপোলাটো জাবৰ-জোঁথৰৰ দ’ম এটালৈ দলি মাৰি দিলোঁ৷ তেনেকুৱাতে নিৰাপত্তাৰক্ষী লোকজন চকুৱে চকুৱে পৰিল৷ সুধিলে… ‘আপুনি বহিবলৈ চিট পোৱা নাই নেকি? আহক, ইয়ালৈকে আহক৷’ সেই বুলি কৈ নিজৰ বাবে সংৰক্ষিত দীঘলীয়া চিটটোত আথে-বেথে মোক বহাৰ সুবিধা কৰি দিলে তেওঁ৷

সেইকণ সময়তে ইফালে-সিফালে চালোঁ৷ এই ষ্টেচনটোৰ পৰাই হাফলং চহৰলৈ যোৱা হয়৷ ওপৰত হাফলং, তলত ল’ৱাৰ হাফলং৷ বাইদেউ-ভিনদেউ থকাৰ সুযোগতে ১৯৮২ৰ এপ্ৰিলত প্ৰথমবাৰ হাফলঙলৈ গৈছিলোঁ, পুলিচৰ জীপৰ পিছফালে বহি, পকী ঠেক ৰাস্তাৰে৷ ৩২বছৰৰ আগৰ কথা সেয়া৷ তাৰ পাছত ১৯৮৪ৰ জুন মাহত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ডিফু-হাফলং ৰঙা বাছত৷ সেইবাৰ হাফলং লে’ক আৰু অন্যান্য লোকেচনত তোলা ক’লা-বগা ফটোবোৰ এতিয়াও সযতনে সংৰক্ষিত হৈ আছে, মোৰ পুৰণি এলবামটোত৷ শেষৰবাৰ যাওঁতে লে’কৰ পাৰৰ টুৰিষ্ট লজত এৰাতি আছিলোঁ৷ ল’ৱাৰ হাফলঙেৰে নিশাৰ ট্ৰেইন ধৰি উভতি আহিছিলোঁ৷ গতিকে পথছোৱাত একো চোৱাৰ সুযোগ ভাগ্যত নঘটিল৷ মাজে মাজে মনত বাৰুকৈয়ে দোলা দি থকা সেই অতৃপ্তি আজি আঁতৰ কৰিছোঁ হিল কুইনৰ বেঞ্চত বহি দিনৰ পোহৰত কৰা এই ভ্ৰমণৰ জৰিয়তে৷

ৰে’লখনে সময়মতেই উভতনি যাত্ৰা আৰম্ভ কৰি দিলে৷ চিট সুৰক্ষিত যেতিয়া এইবাৰ উঠা-নমা, ইফাল-সিফাল ইচ্ছামতে কৰি থাকিব পাৰিম বুলি আগতেই ভাবি থ’লোঁ৷ আহোঁতে কিন্তু একেথিৰে বহিয়েই আহিলোঁ৷ কাৰণ ‘খোৱাটো লৈ যাব’ বুলি কোৱাজনেই কালি সন্ধিয়া আসন সম্পৰ্কে মোক হুচিয়াৰ কৰি দিছিল এইবুলি… ‘উঠিলেই চিট যাব৷’ সেয়েহে চিট হেৰুৱাবলৈ সত নগ’ল৷ চিটৰ স্বাৰ্থত তেতিয়া স্থানু হৈ ৰ’লোঁ যদিও এইবাৰ কিন্তু কথা বেলেগ হ’ব৷ বেমাৰীৰ দৰে বহি বহি টোপনিয়াই থকাত নাই৷

গতিকে গাড়ী এৰাৰ লগে লগেই দৰজামুখ অধিকাৰ কৰিলোঁগৈ৷ হিল কুইনৰ গতিৰ লগে লগে ময়ো দৃষ্টি প্ৰসাৰিত কৰি দিলোঁ দূৰ দিগন্তলৈ৷ কেমেৰাই ইচ্ছামতে ক্লিক কৰি গ’ল, ইবাৰৰ পিছত সিবাৰকৈ৷ এইবাৰ মুঠতে একো এৰাত নাই৷ সিখন দৰজাৰে সিফালেও চকু ৰাখিছোঁ, ক’ত কি দেখা গৈছে বুলি৷ সজাগ হৈছোঁ, একো যাতে মিছ নহয়৷

বাহুত এ.এছ.পি. লিখা পিতলৰ বেজ পিন্ধা চিকিউৰিটিৰ লোক এজনে কাষতে ৰৈ বন্ধুত্বপূৰ্ণ মনোভাবেৰে মোৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলে৷ ক’ৰ পৰা আহিছে, কি কাম কৰে, ফটোবোৰ তুলি কি কৰিব ইত্যাদি ইত্যাদি ঢেৰ প্ৰশ্ন৷ মোৰ উত্তৰ, কথা-বতৰা, পিন্ধন-উৰণ বা চাল-চলনে বোধহয় মানুহজনক সন্তুষ্ট কৰিব পাৰিলে৷ লাহে লাহে ঘনিষ্ঠতা বৃদ্ধি পালে৷ দৰজামুখত ৰৈ মই এখন হাতেৰে হেণ্ডেলত ধৰি শৰীৰটো হেলনীয়াকৈ বাহিৰলৈ উলিয়াই আনখন হাতেৰে কেমেৰা অ’পাৰেট কৰাৰ সময়ত তেওঁ মোৰ কঁকালত মৰা বেল্টডালত পিছফালৰ পৰা খামোচ মাৰি ধৰি থাকিল, যাতে ট্ৰেকৰ পাক আৰু ট্ৰেইনৰ জোকাৰণিত কোনো ধৰণৰ অঘটন নঘটে অৰ্থাৎ তললৈ সৰি নপৰোঁ যাতে৷ কাণ্ডটোৱে মোৰ অন্তৰতো স্বাভাৱিকতেই তেওঁৰ প্ৰতি শ্ৰদ্ধালু ভাব এটাৰ সঞ্চাৰ কৰিলে৷ লাহে লাহে গোটেইকেইজন মোৰ সৈতে সহজ আৰু অন্তৰংগ হৈ পৰিল৷ তেওঁলোকেই মোক তামোল কিনি খুৱালে, নিজৰ ভাগৰ মিনাৰেল ৱাটাৰৰ বটলৰ পৰা পানী খুৱালে, পকৰি আনি খুৱালে৷ আনকি… (পিছত কৈ আছোঁ)

মালবাহী গাড়ী এখনৰ ক্রচিঙৰ বাবে দয়াং ব্ৰীজ পাৰ হৈ মিগ্ৰেনডিছাত কিছু পৰ থামিব লগা হ’ল৷ ‘কেতিয়াও ৰে’লৰ ইঞ্জিনত উঠি পোৱা নাই, বৰ মন যায়হে’ বুলি মই মোৰ জীৱনৰ অসম্পূৰ্ণ আকাংক্ষা এটাৰ সম্বন্ধে তেওঁৰ আগত প্ৰকাশ কৰিবলৈহে পালোঁ, তেওঁ মোক চিধাই মাতি লৈ গ’ল নাতিদূৰতে থকা ইঞ্জিনটোলৈ বুলি৷ আনহাতে, ‘উঠি লওক’ বুলি ক’বলৈ পালে কি নাপালে, ড্ৰাইভাৰৰ বিপৰীতে থকা মূৰটোত সংলগ্ন হেণ্ডেলত ধৰি মই আগে-ভাগে বগাই ওপৰ পালোঁগৈ৷ চে’ফ পজিচন এটা লৈ ৰৈ থাকোঁতেই হঠাতে মূৰত খেলালে আন এটা চিন্তা৷ টানেলত কি হ’ব? সমস্যা হ’ব নেকি? তেওঁ ক’লে, ‘কাপোৰ-কানি ক’লা হ’ব, গাৰ ছাল পুৰি যোৱা যেন লাগিব৷’ বিপদৰ সম্ভাৱনা দেখি ভাল ল’ৰাৰ দৰে ঘপাঘপ তাৰ পৰা জঁপিয়াই নামি আহি পূৰ্বৰ স্থান পালোঁহি৷ এডভেঞ্চাৰাচ পোকটোৱে অৱশ্যে ভিতৰি ভিতৰি বহুপৰলৈকে কামুৰিয়েই থাকিল… ছেঃ, বিৰল সুযোগ এটা নষ্ট হ’ল আজি, টানেলৰ কাৰণে৷ নহ’লে… ঈশ্বৰে বৰ মিলাইছিল!

সি যি কি নহওক, লাংটিং পৰ্যন্ত দৰজাৰ মুখত একেলেথাৰিয়ে থিয় হৈ পাহাৰৰ শোভাৰে মন-প্ৰাণ উপচাই পেলালোঁ৷ তাৰ পিছতহে চিটত বহিলোঁহি৷ এইবাৰ কথাৰ মহলা মৰা আৰম্ভ হ’ল৷ চিকিউৰিটিৰ লোককেইজনে নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে৷ পথছোৱাৰ নেচাৰেল চিনেৰী, সুন্দৰ সুন্দৰ ল’কেচন কেইটামানৰ বিষয়েও কিছু কথা ব্যক্ত কৰিলে৷ বৰষুণ পৰিলে আকৌ এবাৰ আহিবলৈ বৰকৈ অনুৰোধ জনালে৷ আনহাতে ৰে’ল নিৰাপত্তাৰ ডিউটিক অগ্ৰাধিকাৰ দিয়া হেতুকে ইচ্ছা থাকিলেও বিহু বুলি নিজ ঘৰলৈ, পৰিয়ালৰ মাজলৈ এপাক মাৰিব নোৱাৰাত তেওঁলোকৰ মনবোৰৰ মাজত খুন্দ খাই থকা দুখবোধৰ ইংগিতো পাবলৈ সক্ষম হ’লোঁ৷

সন্মুখত বহা মামী চাৰিজনীৰ মাজৰে এজনীৰ সৈতে ভাবৰ আদান-প্ৰদান সম্ভৱ হৈ উঠাত লেথাৰি নিছিগাকৈ কথা পতাত লাগি গ’লোঁ৷ মাৰ জনগোষ্ঠীয় মহিলাগৰাকীয়ে হাফলঙৰ এগ্ৰিকালচাৰ মাৰ্কেটিং অফিচত চতুৰ্থ বৰ্গৰ চাকৰি কৰে৷ গুড ফ্ৰাইডেৰ আগে আগে বিহুৰ বন্ধ পাই কেইবাজনীও মিলি এয়া ডিমাপুৰলৈ যাত্ৰা কৰিছে, শ্বপিঙৰ উদ্দেশ্যে৷ হাফলঙত বস্তু-বাহানিৰ দাম বেছি, ডিমাপুৰত সস্তা৷ গতিকে সুযোগ বুজি এনেকুৱা আহ-যাহ চলি থাকে৷ হাফলঙৰ লাইট, পানী, ৰাস্তা, খেতি, পাচলি, ফল, কাউন্সিল, বন্ধ, গীৰ্জা, ৱ’মেন ফেল’শ্বিপ, চিকপুই ৰুই আদি বহু বিষয় আমাৰ আলোচনাৰ গণ্ডীলৈ আহিল৷ মোৰ খাৰ খোৱা জিভাৰে ওলোৱা হাফলং হিন্দী তেওঁ কেনে পালে নাজানো, যাবৰ পৰত কিন্তু তামোলতী মামীজনীয়ে খোলোচাকৈয়ে কৈ গ’ল… ‘আচ্চা হুৱা, হাম দোনো গপ মাৰা, না?’

আনহাতে ইমান পৰে মই মন কৰি থকা আন এটা কথা আছিল, চিকিউৰিটিৰ লোককেইজনে মোক কিন্তু অথনিৰে পৰা ভাৰা এবাৰলৈও খোজা নাই৷ এইটো কেনেকুৱা কথা হ’ল? সেয়ে ৰে’লখনে লামডিং জংছন সোমাওঁ সোমাওঁ কৰোঁতেই মোৰ সোঁকাষে বহি জমা দিবৰ বাবে বন্দুকৰ গুলীবোৰ হিচাপ কৰি থকা নিৰাপত্তাৰক্ষী এজনৰ গাত হেঁচুকি কথাটো উলিয়ালোঁ… ‘মোৰ ভাৰাটো লওক আকৌ৷’ কেউজনেই যেন আগৰ পৰাই প্ৰস্তুত হৈহে আছিল! একে সুৰতে কৈ উঠিল… ‘নালাগে, নালাগে৷’ ময়ো নেৰিলোঁ… ‘লওক, লওক৷ তেনেকুৱা একো কথা নাই৷ মই নিচেই সাধাৰণ মানুহহে৷ আৰু এয়া আপোনালোকৰ প্ৰাপ্য৷’ প্ৰত্যুত্তৰত যিষাৰ ক’লে, মোৰ আৰু কৰিবলৈ একো নাথাকিল৷ ‘নাই নালাগে৷ আপুনি আজি আমাৰ আলহী৷’ বুলি আন্তৰিকতাৰে কোৱা বাক্যটিৰ সন্মানত দুনাই ভাৰাৰ প্ৰসংগ নুলিয়ালোঁ আৰু৷ প্ৰতিজনকে হেণ্ডচেক একোটাৰে ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ৷ লগতে পিছদিনা আৰম্ভ হ’ব লগা অসমীয়া নতুন বছৰটোৰ বাবে শুভেচ্ছা আৰু ব’হাগ বিহুৰ ওলগ জনাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিলোঁ৷

আমাৰ গাড়ী এইপাৰে ৰোৱাৰ সমানে সমানে ডিমাপুৰ অভিমুখী বি.জি. এক্সপ্ৰেছখনো নিৰ্ধাৰিত সময়তেই ৩নম্বৰ প্লেটফৰ্ম সোমালহি৷ আশা কৰা ধৰণেই কানেকচনটো পাই গ’লোঁ৷ সেইখনতে উঠি আহি গৃহচহৰ ডিফুত পদাৰ্পণ কৰিলোঁ৷ বৰাইলৰ বুকুৰ পৰা উভতি প্ৰায় ১২ঘণ্টাৰ মূৰত ঘৰলৈ খোজ লৈ থকা সময়ছোৱাত যোৱা নিশা ইউ-টিউবত আনৰ ভিডিঅ’ চাই উত্ৰাৱল হৈ পৰা হিল কুইনৰ যাত্ৰাটো আজি নিজে প্ৰেকটিকেলি সম্পূৰ্ণ কৰিব পৰা হেতুকে ঈশ্বৰক ধন্যবাদ জনালোঁ শত-সহস্ৰবাৰ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক