হিয়ানৈ — নিৰ্মালি নয়নতৰা

মানুহজনীৰ নামটো আছিল এপাহ ফুলৰ নাম। হাঁহিটোও বগা কঠনা ফুলপাহৰ দৰে। গায়ে গাঁৰিয়ে ডাঙৰ, ওখ পাখ মানুহজনী। গাঁওখনত তেনেকুৱা চেহেৰাৰ কোনো মাইকী মানুহেই নাছিল। সঁজা ডাঙৰ মানুহজনীয়ে ক’লা ছাতিটো মেলি যেতিয়া কেঁকুৰীটো পায়গৈ, তেতিয়া মানুহজন সেইডোখৰতে ৰৈ থাকে। কিন্তু দেখাত এনেকুৱা লাগে, মানুহজনে মানুহজনীক যেন অকস্মাতেহে লগ পালে!
আশীদশকৰ কোনোবা এজন চিনেমাৰ হিৰোৰ নামেৰে মানুহজনৰ নাম। ঘৰনো ক’ত বুলিলে হাঁহে আৰু কয়, ”লৱাৰতে দিয়ক”।

মানুহজনীৰ ঘৰলৈ মানুহজন যায়।
চাহ-ভাতো খাই আহে কেতিয়াবা। কি ডাঙৰ কথা? আন সহকৰ্মীসকলো যায়। একেলগে কাম কৰে, যাবই।
চিনেমাৰ হিৰোৰ নামৰ মানুহজনে ফুল এপাহৰ নামৰ মানুহজনীক কেতিয়াবা কয়, ”এতে থাকি ভাল লাগবা ধচ্ছি।”

মানুহজনীয়ে ভাবে, ভালেই হৈছে।
ঠাইখনে, স্কুলখনে প্ৰবাসী মানুহজনক ধৰি ৰাখিব পাৰিলে ভালেই কথা। নহ’লে অত দূৰৈৰ ঘৰখনৰ পৰা আঁতৰি থকাটো ডেকা ডঙুৱা মানুহ এটাৰ বাবে কি সহজ কথা?

মানুহজনৰ সম্পৰ্কীয় ভিনিহিয়েক এজন এছএমডিচি’ৰ প্ৰেচিডেণ্ট। সেইসূত্ৰে স্কুলৰ অংকমাষ্টৰৰ চাকৰিটো তেৱেঁই পালে। প্ৰথমে ল’ৰা-ছোৱালীহঁতৰ অলপ খেলি-মেলি লাগিছিল। চাৰৰ মাত কথাবোৰ কিবা চোন– খহটা-মহটা।
লাহে লাহে অংকচাৰক সকলোৰে ভাল লগা হ’ল। চাৰে সকলোৰে ঘৰলৈ যাব পৰা হ’ল। জলকীয়া আৰু এচিকুট নিমখেৰেই সাঁজপানী খাব জনা হ’ল। সস্তাদামতে চাৰে মূগাসূতাও কেইকেজিমান কিনিলে।
চাৰৰ ঘৰৰ তিৰোতামানুহেও বোৱা-কটা কৰিব জানে।
’ঘৰত কোন কেনেকৈ আছে’ বুলিলে কয়, সকলো আছে। ল’ৰা মই অকলে।

স্কুলৰ চাকৰিৰ দুবছৰৰ পাছত মানুহজন প্ৰথমবাৰৰ বাবে বহাগৰ বিহুত ঘৰলৈ যাবলৈ ওলাল।
ফুল এপাহৰ নামৰ মানুহজনীয়ে ক’লা ছাতিটোৰ তলত মানুহজনক নি গাঁৱৰ মূৰৰ আলিটোলৈকে আগবঢ়াই দিলে।
মানুহজনে মানুহজনীক বাটে বাটে কৈ গৈছিল, এনেকৈ বেলেগ বেলেগ দুটা ঘৰৰ পৰা দুটা মানুহ ওলাই আহি এটা ছাতিৰ তলত কৰবালৈ উদ্দেশ্যবিহীন ভাৱে গৈ থকাতকৈ, এহালমানুহ এটা ঘৰৰ পৰা ওলাই একেলগে এটা ছাতিৰ তলত গৈ থকাটো দেখিবলৈ বেছি ধুনীয়া। শুনিবলৈও ভাল। মানুহজনী ভালে কুশলে থাকক। তেওঁ আহিবগৈ।

মানুহজনীয়ে মানুহজনক বাটত আগবঢ়াই উলটি আহোঁতে সৰুছোৱালীৰ ঘৰত সোমাই আহিল।
ক’লে, ”ছমাহলৈ কাৰো কাপোৰ কানি নব’বি। মোৰ গামোচা, মেখেলা, চাদৰ কেইযুটীমান ব’ব লাগিব?”
: কেইযুটীমান!
: ওঁ। স্কুলত পিন্ধিবলৈকে লাগেচোন।

ঘৰলৈ আহি মানুহজনীয়ে ফোঁট এটা লৈ চালে। কোনোদিনেই পিন্ধি নোচোৱা মাকৰ দিনৰে মণি এধাৰো পিন্ধি আইনাত মুখখন চালে।
তাৰ পাছত লৰালৰিকৈ মণিধাৰ বাকচত ভৰাই থ’লে।
মাকে কোৱা বছৰটো যদি আখৰে আখৰে সঁচা, তেনে এই বহাগত মানুহজনীৰ বয়স তেত্ৰিশ হবলৈ হ’ল!
গাঁওখনত ইমানজনী মানুহৰ প্ৰথমটো ল’ৰা ছোৱালী এম ই স্কুললৈ অহাযোৱা কৰে।
সঁজা ডাঙৰ মানুহজনী মাষ্টৰণী কাৰণেই নে ভয়-ভীত নোহোৱা ধৰণৰ কাৰণেই, নে সমীহ ভাৱ থকা বাবেই কোনো এটা মানুহে তামোল পাণ এজোৰ লৈ তাইৰ পদূলিত থিয় দিয়াৰ সাহ নকৰিলে। কৰা নাছিল।

হিৰোৰ নামৰ মানুহজনক গাড়ীত তুলি থৈ আহি মানুহজনী তেওঁ উভতি অহালৈ ৰৈ থাকিল।
সৰুছোৱালীয়ে গামোচাযুটি শেষ কৰি মেখেলা ববলৈ সূতা বিচাৰি অহাৰ দিনাই হিৰোৰ নামৰ মানুহজনৰ ভিনিহিয়েক ফুল এপাহৰ নামৰ মানুহজনীৰ ঘৰলৈ আহিছিল।
তেঁৱেই খবৰ দিছিল, হিৰোৰ নামৰ মানুহজনৰ শহুৰেকে ভাল চাকৰি এটা গোটাই দিছে। গতিকে সি আৰু মাষ্টৰৰ চাকৰি কৰিবলৈ নাহে। তাতে ল’ৰাটোকো স্কুলত দিবলৈ হ’ল। মানুহজনীয়েও আহিবলৈ নিদিয়ে। ধেৰ সমস্যা।
হিৰোৰ নামৰ মানুহজনৰ ‘মানুহজনী? ’ ল’ৰাটো?
এনে কথাতো কেতিয়াও পতাই হোৱা নাছিল?

ফুলৰ নামৰ মানুহজনীয়ে সৰুছোৱালীক ক’লে, ”মেখেলা ব’ব নেলাগে দে। যি ব’লি ব’লি আৰু! বাকচত সোমাই থকা বস্তুহে, তোৰ বাকচতে থৈ দে এতিয়া। সময়ত মই আনি ল’ম।”

বছৰ চেৰেক পাছত ফুল এপাহৰ নামৰ মানুহজনীৰ ভনীয়েকৰ বিয়াত গামোচাখিনিৰ দৰকাৰ হ’ল।
দৰাবৰণৰ গামোচাখনো সৰু ছোৱালীয়ে বৈছিল।
মানুহে খুব পছন্দ কৰিলে।

মানুহজনীয়ে ক’লা ছাতিটো মেলি অকলেই স্কুললৈ অহা যোৱা কৰি থাকিল।
কেতিয়াবা বৰষুণৰ দিনত দুই এটা ল’ৰা ছোৱালীক তেওঁ ছাতিৰ তলত সুমুৱাই আনে। ঘৰ পোৱাৰ পাছত ছাতিটোৰ তলৰ পৰা ল’ৰা ছোৱালীবোৰ দৌৰ মাৰে।
ঘৰলৈ গৈ তেওঁ ছাতিটো বাৰাণ্ডাতে থৈ জুপি জুপি মেখেলাৰ পাতলিৰ বনগুটি এৰুৱায়। ভালকৈ মনিব নোৱাৰাত ৰৈ যোৱা বনগুটিটোৱে পিছদিনাখন খোচা-বিন্ধা কৰে।

বৰষুণৰ দিনত ছাতিৰ তলত সোমাই অহা ল’ৰা-ছোৱালীবোৰে হাইস্কুল পঢ়ি মেট্ৰিক দিয়ে, পাছ কৰে, এল পি স্কুলৰ মাষ্টৰণী হ’লেও তাইক মিঠাই খুৱাবলৈ আহে।
মানুহজনীক কয়, “অংকৰ বাদে চবতে লেটাৰ পালো বাইদেউ। মাহঁতে কয়, সেইজন চাৰ থকা হ’লে আমি অংকতো লেটাৰ পালোঁ হয়! “

মানুহজনীয়ে ছুটীৰ বে’ল নিদিওঁতেই স্কুলৰ পৰা ওলাইছিল।
কলকাতাৰ পৰা ভনীয়েকৰ জী পখী আহিছে। ভাগিনীয়েকৰ আব্দাৰ মতে সোনকালে সোনকালে ঘৰ পাবগৈ লাগে।
ছাতিটো মেলি স্কুলৰ বাৰাণ্ডাৰ পৰা তাই নামে মানে ধাৰাসাৰে বৰষুণজাক আহিল।
অগত্যা তাই ৰৈ দিলে।
অলপ এৰোঁ যেন কৰোঁতেই তাই যাবলৈ ওলাল।
লগত আৰু দুটি।
তাৰে এজনী ‘ক’ শ্ৰেণীৰ ছোৱালী।
নীলকান্তৰ নাতিনীয়েক।

তাই ঘৰৰ পদূলি পায়েই ছাতিৰ তলৰ পৰা ওলাই দৌৰ দিলে।
বাৰাণ্ডাতে কোন আছিল জানো?
তাইক সুধিলে, ”বেটি কাৰ লগত আহিলি?”

তাই চিঞৰি উত্তৰ দিলে, ”বুঢ়ী মাষ্টঅনী লগত আক’!

ফুলৰ নামৰ মানুহজনীয়ে কোবাকুবিকৈ খোজ দিলে।
তেওঁৰ চচমাৰ ফ্ৰেমত ভাপ জমা হৈছিল।
গৈ গৈ গৈ গৈ তেওঁ কেঁকুৰিটো পালেগৈ।

তাতে তেওঁ অলপ পৰ ৰ’ল।
ফুলৰ নামৰ মানুহজনীয়ে হিচাপ কৰিলে, তেওঁ ছাব্বিছ বছৰ ৰৈ থাকিল!
কোনেও নজনাকৈ ৰৈয়েই থাকিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments