হিৰো – সৌৰভ শৰ্মা

মদ্যপানেই যেন দুৰ্গাপ্ৰসাদ বৰুৱাৰ জীৱন। ইঞ্জিনীয়াৰিং পাছ কৰি চাকৰি নকৰি ঠিকা-ঠুকুলি কৰিছিল ধনীৰ দুলাল বৰুৱাই! বিয়া কৰালে দুটা সন্তানৰ বাপেক হ’ল, কিন্তু সুৰাৰ সংগ ত্যাগ কৰিব নোৱাৰিলে।

বিয়াৰ পিছতে ঘৈণীয়েকে বহু প্ৰয়াস কৰিছিল সুৰা আঁতৰাবলৈ, তাৰ বাবে কাঁজিয়া হৈছিল। নিচাশক্ত অৱস্থাত জঘন্য পিটন দিছিল ঘৈণীয়েকক। বহু দিন মাজনিশা মদখাই আহি মাৰধৰ কৰিছিল পত্নীক।

ঘৰৰ মানুহে বৰুৱাক এৰি গুচি আহিব কৈছিল নম্ৰতাক। সুশিক্ষিতা, তথা এখন কলেজৰ প্ৰৱক্তা নম্ৰতা বৰুৱাই কিন্তু স্বামী দুৰ্গাপ্ৰসাদক এৰি যোৱা নাছিল। নম্ৰতাৰ বান্ধৱীসকলে সুধিলেও অতি সহজে কৈছিল,-“মদ খোৱাৰ পিছতহে বেয়া, এনেই মানুহজন ভালেই!”

আচলতে নম্ৰতাই জানিছিল তাই স্বামীক এৰি গ’লে সমাজখনে বহুত কথা উলিয়াব,  বহুত বু বু বা বা কৰিব। এনে পৰিস্থিতিত তাইৰ বৃদ্ধ মাক-দেউতাকে মনত কষ্ট পাব। আৰু বৌৱেকেও হয়তো ককায়েকক দুআষাৰ ক’বলৈ সুযোগ পাব। নিজৰ ঘৰখনৰ চিন্তাৰ বাবেই তাইৰ মনত কেতিয়াবা অহা ঋণাত্মক ভাৱটো নিয়ন্ত্ৰণ কৰিছিল।

এইবোৰ পুৰণি কথা আজি বাৰুকৈয়ে সোঁৱৰিছে নম্ৰতাই। এতিয়া দুয়োটা সন্তান কলেজ পাইছে, ডাঙৰটো এইমচত পঢ়ি আছে। সৰুটো এইবাৰ জেএনইউত নাম ভৰ্তি কৰিছে। সি যাবৰ সময়ত কৈ গৈছে,-“দেউতাই তোমাক দাদাগিৰি কৰিলে দিল্লীত গুচি যাবা। আমি এটা ভাড়া ঘৰ লৈ থাকিম।”

মাকৰ কিন্তু সহজ উত্তৰ,-“বাপেৰে মদ নাখালে সদায় ভাল। নিচা লগাৰ পিছত হে কি কৰে ঠিক নাই। আৰু তহঁতৰ মুখ দুখন চায়েই গোটেই জীৱন সহিলোঁ। এতিয়া আৰু কিহৰ চিন্তা!”

বৰুৱা এতিয়া ৫৭ বছৰ বয়সতো নাচোৰবান্দা। ঘৰৰ ভাড়ায়েই পায় পঞ্চাশ হাজাৰ মান। ঘৰৰ বজাৰ কৰে, অলপ জমাও ৰাখে চাগে। পত্নী হৈও নাজানে নম্ৰতাই! কিন্তু প্ৰায়ে দামী দামী মদ খাই, এতিয়া যেনিবা মাৰপিট নকৰে, কিন্তু খাই-লৈ গালি-গালাজ কৰে।

নম্ৰতাই সন্ধিয়া ভাত ৰান্ধি থাকোঁতে সৰু পুতেকৰ ফোন আহিল। মাকেও কথা পাতি আছে চৰুৰ ফালে পিঠি দি। কিমান সময় কথা পাতিছে হিচাপ নাই। এনেতে দেখিলে সুৰামত্ত বৰুৱাই হিংস্ৰ বাঘৰ দৰে সিটো ৰূমৰ পৰা কিবা এটা দেখি খেদি আহিছে। সেই এটা পলকৰ বাবে নম্ৰতাই ভাবিলে আকৌ আজি মাৰপিট কৰে নেকি!!!! ইতিমধ্যে বৰুৱা আহিয়েই তাইক চুলি কোঁচাত এখন হাতেৰে টানি মাটিত পেলাই দিলে। আনখন হাতত দাউ দাউকৈ জ্বলি উঠা তাইৰ শাৰীৰ আঁচলটো মেৰিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰিছে বৰুৱাই!

ঘটনাৰ তত পাই নম্ৰতাই লগে লগে শাৰীখন দেহৰ পৰা খুলি দিলে। ইফালে জ্বলন্ত পলিয়েষ্টাৰ শাৰীখন বৰুৱাৰ হাতত লাগি ধৰিছে। পাকঘৰৰ বেছিনৰ টেপটো খুলি নিজৰ হাতৰ জুই নিৰ্বাপন কৰি বৰুৱাই সুধিলে-

“তোমাৰতো একো হোৱা নাই?”

নম্ৰতা আচৰিত। কাৰণ বৰুৱাৰ হাতৰ লগতে গেঞ্জিও আধা জ্বলি গৈছে। তাই লগে লগে নিজেই গাড়ীখন উলিয়াই তেওঁক ওচৰৰে নাৰ্চিংহোমত লৈ গ’ল। দ্ৰেচিং কৰাই দৰৱ পাতি লৈ ঘৰ পালেহি। ডাক্তৰৰ মতে হাতখন ভালকৈ জ্বলিছে। কিমান নৰ্মেল অৱস্থালৈ আহে তাৰ একো নিশ্চয়তা নাই।

বৰুৱাই হাতৰ আঙুলি চাৰিটা এতিয়া আগৰ দৰে সম্পূৰ্ণকৈ মুঠি মাৰিব নোৱাৰে। হাতখন বগা হৈয়েই  থাকিল। দুবছৰ ধৰি মদাহী দুর্গাপ্ৰসাদে মদ্যপানো এৰিলে।

দুই সন্তান, লগৰ বান্ধৱী সকলোৰে আগত নম্ৰতাই এতিয়া গৌৰৱেৰে কয়,-

“তেওঁ হিৰো, মোৰ ধৈৰ্য্য-বিশ্বাসক জয় কৰিছে মোৰ নায়কে!”

০০০০০

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নীলাক্ষি দেৱী ডেকা
11 months ago

মনক জয় কৰিব পৰাটোৱেই প্ৰকৃত প্ৰেম দাদা। বৰ সুন্দৰ গল্প এটা দিলে পঢ়িবলৈ। আৰু এনে লিখনিলৈ বাট চালোঁ।

11 months ago

দাদা বহুত ভাল লাগিল ৷৷মদ খালেই যে মানুহ বেয়া নহয় ৷আপোনাৰ গল্পটো পঢ়ি বুজি পালোঁ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক