হীৰুদাৰ ছবিৰ অমূল্য সংগ্ৰহ – বিতোপন গগৈ

 

হীৰুদাৰ ছবিৰ অমূল্য সংগ্ৰহ

(১)

■■■■■■

(২)

■■■■■■

(৩)

■■■■■■

(৪)

■■■■■■

(৫)

■■■■■■

(৬)

■■■■■■

~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

গোলাঘাটৰ পিকুমনি দত্ত এগৰাকী কলা ৰসিক, অধ্যয়নশীল ব্যক্তি৷ তেওঁ ছাত্ৰাৱস্থাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন (AISF)ৰ সৈতে জড়িত আছিল৷ নব্বৈ দশকত ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব লৈ গুৱাহাটীৰ ৰাজগড়স্থিত ভাৰতৰ কমিউনিষ্ট (CPI)ৰ কাৰ্যালয়ত থাকিবলৈ লৈছিল৷ হীৰুদাও ছাত্ৰাৱস্থাত ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আছিল৷ উল্লেখযোগ্য যে অসমৰ প্ৰথম আৰু ভাৰতবৰ্ষৰ দ্বিতীয়টো ছাত্ৰ সংগঠন ’অসম ছাত্ৰ সন্মিলন’ ১৯৩৯ চনত এই নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অন্তৰ্ভুক্ত হৈছিল৷ কবি হীৰেন ভট্টাচাৰ্য সুদীৰ্ঘকাল বাওঁপন্থী আন্দোলনৰ সৈতে জড়িত আছিল৷ সেই সূত্ৰে তেখেত কিছু বছৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল৷ কিন্তুু খেয়ালী মনৰ কবি হিচাপে তেওঁ পাৰ্টিৰ অনুশাসনৰ মাজত আবদ্ধ হৈ থাকিবলৈ নিবিছাৰিলে যদিও হীৰুদা আমৃত্যু কমিউনিষ্ট পাৰ্টিৰ কামকাজৰ সৈতে জড়িত হৈ আছিল৷ সেই সুত্ৰে পাৰ্টিৰ কাৰ্যালয়লৈ তেওঁ আহযাহ আছিল৷ আনহাতে হীৰুদাৰ ঘৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা কেইশমিটাৰ মান দুৰতে হোৱাৰ বাবে পুৱা বাতৰি কাকত পঢ়িবৰ বাবে তেওঁ নিতৌ পাৰ্টিৰ কাৰ্যালয়লৈকে আহিছিল৷ হীৰুদাৰ সৈতে পিকুমনি দত্তৰ আগৰ পৰাই সম্পৰ্ক আছিল যদিও পাৰ্টি কাৰ্যালয়ত থাকিবলৈ লোৱাৰ পৰা ঘণিষ্ঠতা বাঢ়িছিল৷ সেই ঘণিষ্ঠতা সুত্ৰে তেওঁ হীৰুদাক অতি নিবিড় ভাবে পাইছিল৷ কলাৰসিক, অধ্যয়নশীল দত্তৰ লগত হীৰুদাই আড্ডা দি ভাল পাইছিল৷ সেই সময়ত দত্তইও ছবি আঁকিছিল৷ তেওঁ নিজৰ বাবে আনি থোৱা কেনভাছতে হীৰুদাই কেতিয়াবা তুলিকা বুলাইছিল৷ এই ছবিসমূহ হীৰুদাই এক্ৰিলিক মাধ্যমত ১৯৯২ চনৰ পৰা ১৯৯৭চনৰ মাজৰ সময় চোৱাৰ আঁকিছিল৷ এনেদৰেই কমিউনিষ্ট পাৰ্টিৰ কাৰ্যালয়তে বহুকেইখন ছবিয়ে হীৰুদাৰ হাতত প্ৰাণ পায় উঠিছিল আৰু সেইবিলাক তাতে এৰিছিল৷ সেই ছবি সমূহ পিকুমনি দত্তৰ সংগ্ৰহত থাকি গৈছিল৷ ছবি সমূহ দত্তৰ পৰা বিভিন্নজনে লৈ যোৱাৰ উপৰি বিভিন্ন ঠাই ঘূৰি ফুৰাৰ ফলত আৰু যত্নপৰ অভাৱত বহু ছবি নষ্ট হৈ গ’ল৷ তাৰে এইকেইখন ছবি পিকুমনি দত্ত সংৰক্ষণত থাকি গ’ল৷ বিচাৰে আন লোকৰ হাততো হীৰুদাৰ দুই-চাৰিখন ছবি উলাব৷ হীৰুদাৰ এই ছবি সমূহ আমাৰ বাবে অমূল্য সম্পদ৷
(হীৰুদাই ছবি সমূহৰ নাম দিয়া নাছিল যদিও চৰাইৰ ছবিখনৰ নাম কমলাকান্ত ভট্টাচাৰ্যৰ গীতৰ কলিৰে “চৰাই হালধীয়া“ দিছিল৷ )

তেখেতৰ ঠিকনাঃ
পিকুমনি দত্ত
ঘৰ নং: ৩
হাউচিং কলনি
গোলাঘাট নগৰ
ডাক/থানা/জিলাঃ গোলাঘাট
পিন: ৭৮৫৬২১

■■■■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক