হুদু (উজ্জল ফুকন)

হুদু

তাৰ কৰুণ দৃষ্টিক ৰাতুলে আৰু চাই থাকিব নোৱাৰা হ’ল। মুখখন দেখিলেই বুজি পোৱা যায় সি উশাহ লওঁতে কিমান কষ্ট পাইছে। তাৰ জীয়াই থকাৰ হেঁপাহ জোৰ কৈ মেলি ৰখা চকুকেইটাই বাৰে বাৰে সকলোকে বুজাই আছে। তাৰ চকুৰ ভাষা ৰাতুলে ভালকৈ বুজি পায়।

সি যুঁজ নকৰাকৈ হাৰিব নিবিচাৰে। স্কুলৰ দিনত দৌৰত সদায় ৰাতুল প্ৰথম আৰু যতীন দ্বিতীয় হয়। কিন্তু যতীনে এটা বছৰো তাক সহজতে জিকিব এৰি দিয়া নাছিল। পঢ়াৰ ক্ষেত্ৰতো একেই। ৰাতুল প্ৰথম আৰু যতীন দ্বিতীয়। সি প্ৰায়ে কৈছিল ৰাতুলক “তোক মই সহজে এৰি দিম বুলি নাভাবিবি। হাৰিম কিন্তু যুঁজি যুঁজি হাৰিম।” যুঁজাৰু যতীন চমুকৈ জেজে(jj) নামেৰে জনাজাত আছিল স্কুলত। স্কুলৰ ফুটবল টীমটোৰ বেগী (ফুল বেক) আছিল সি। ৰাতুলে তেতিয়া ফৰৱাৰ্ড খেলে, জেজে থাকিলে গ’ল নাখায় বুলি সিহঁত নিশ্চিত আছিল। সঁচাকৈ স্কুলৰ দিনত সিহঁতে গোল খাই পোৱাই নাছিল। যিকেইখন খেলত গোল খাইছিল বা হাৰিছিল সেই কেইখনত হয়তো যতীনে খেলাই নাছিল। ৰাতুলে কিন্তু তাক যতীন বা জেজে বুলি মতা মনত নপৰে। ৰাতুলে তাক সৰুৰে পৰা হুদু বুলি মাতে। তাক এই নামেৰে মতাৰ এটাই কাৰণ দিনতকৈ ৰাতি তাৰ উৎপাতবোৰ বেছি আছিল। ৰাতি আঁহত গছৰ তলত ভূত বিছৰি যোৱাটো এটা উদাহৰণ। স্কুলৰ শেষ পৰ্য্যায়ত ৰাতি কাৰেণ্ট নাইকিয়া হ’লে চোতালৰ এচুকত ৰৈ আড্ডা মৰাটো সিহঁতৰ অভ্যাসত পৰিণত হৈছিল। আৰু ল’ৰালিৰ সেই বৰা আৰু চুতিয়াৰ মাজৰ চিনাকি কাজিয়াখন জানো পাহৰিব পাৰি। কাৰেণ্ট যোৱাৰ লগে লগে দুয়োটাই বাৰীৰ চুকৰ জোপোহাটোৰ কাষত ৰৈ দুই ঘৰৰ আলেখ-লেখ চাই থাকে। যদি কেনেবাকৈ গৰম আৰু মহৰ কামোৰত থাকিব নোৱাৰি চুতিয়া চোতাললৈ ওলাই আহে তেন্তে সিহঁতে বৰাৰ ঘৰৰ টিনলৈ প্ৰকাণ্ড শিল এটা মাৰি পঠিয়াই। ৰঙীন পানীত ডুবি থকা বৰাই টিনত শিলগুটিৰ শব্দ শুনি ধলং-পলংকৈ বাহিৰলৈ ওলাই সন্মুখৰ ঘৰত চুতিয়াক দেখি উৰাই-ঘূৰাই গালি পাৰে। যুদ্ধখন সিহঁতে কৰেণ্ট নহালৈকে উপভোগ কৰি থাকে। কেনেবাকৈ কাৰেণ্ট অহাৰ আগতেই যুদ্ধ শাম কাটিলে এইবাৰ আন এটা শিল বৰাৰ টিনলৈ মাৰি পঠিয়াই। অকৌ যুদ্ধ আৰম্ভ হৈ যায় যেন এখন ভাল এদিনীয়া ক্ৰিকেট খেলৰ ৰিপিট টেলিকাষ্ট। বন্ধু সমাজৰ মাজত থাকিলে ৰাতুলে যতীনক পিছে হুদু বুলি কেতিয়াও নামাতিছিল। ঠিক সেইদৰে যতীনেও তাক বন্ধুসমাজৰ মাজত ৰাতুল বুলিয়েই মাতিছিল আৰু অকলে থাকিলে…. টিঙিছকৈ খংটো উঠি আহিল ৰাতুলৰ।

 

“বাহিৰলৈ উলিয়াই নিব লাগে” কাৰোবাৰ মাতত ৰাতুল আকৌ আজিৰ যতীনৰ কাষলৈ ঘূৰি আহিল। যতীনৰ বুকুখন যেন হিচাপতকৈ অলপ বেছিকৈ উঠা নমা কৰিছে। তথাপি সি হাত এখন দাঙি মানুহজনক ৰ’বলৈ ক’লে। তাৰপিছত ৰাতুললৈ চাই কাষতে থকা মেজ খনলৈ আঙুলিয়াই দেখুৱালে। ৰাতুলে মেজখনৰ ওপৰত থকা নীলা খামৰ চিঠিখন উলিয়াই পঢ়িবলৈ ধৰিলে।

 

মৰমৰ বন্ধু ৰাতুল,

তই চিঠিখন পঢ়িব নালাগে। কোনোবা সৰু ল’ৰা এটাক পঢ়িবলৈ দি দে। তই মাথোঁ মোৰ ফালে চাই শুনি যা। দুয়োটাই একেলগে যাতে এৰি অহা দিনবোৰ আকৌ এবাৰ সজীৱ কৰিব পাৰোঁ।

—-ৰাতুলে এই দুই শাৰী পঢ়ি কাষতে থকা খটাসুৰ ভতিজা এটাক চিঠিখন পঢ়িবলৈ দি যতীনলৈ একেৰাহে চাই ৰ’ল। এইবাৰ ভতিজাকে চিঠিখন পঢ়িবলৈ ধৰিলে।

—-ৰাতুল তোৰ মনত আছেনে স্কুলৰ ক্লাছৰ দিনবোৰ য’ত আমাৰ কথা শেষ হোৱাৰ কোনো লক্ষণ নাথাকে। বুৰঞ্জীৰ পৰা ভূগোললৈ, বিজ্ঞানৰ পৰা অঙ্ক খোজেৰে গতি কৰা কাষৰ ছোৱালী স্কুলখনৰ ছোৱালীকেইজনীলৈ আমি চাগৈ সকলো বিষয় সামৰি লৈছিলোঁ। কেতিয়াবা অঙ্ক চাৰে এটাক আঁঠু কঢ়াই থ’লে ইটোৱে উৎপাত আৰম্ভ কৰি একেলগে কাণত ধৰি থাকোঁ। আৰু কাণত ধৰি ধৰি কথা পাতি থাকোঁতে আঠু চেকচেকণিৰ কথা অকণো মনত নপৰে। মই সদায় চেষ্টা কৰিছিলোঁ প্ৰথম হ’বলৈ। কিন্তু তোক কেতিয়াও হৰুৱাব পৰা নাছিলোঁ। সেয়া লাগিলে দৌৰতে হওক বা পঢ়াতে হওক। কিন্তু মই তোক সদায় এটা কথা কৈছিলোঁ তোৰ চাগৈ মনত আছে “মই এদিন নহয় এদিন তোক হৰুৱামেই।” আজি চা জীৱনৰ খেলখন মই আগতে শেষ কৰিবলৈ গৈ আছোঁ। এটাই অনুৰোধ তহঁতে যেন মোক কান্দি কাটি বিদায় নিদিয়।

 

বুকুৰ মাজত কথা ৰাখি মৰিব নাপায়। তই মোক হুদু বুলি মাত কিন্তু বাকী আমাৰ বন্ধুবৰ্গ কোনেও নাজানে। মৃত্যুৰ পিছত তই মোক হুদু বুলি মুকলিকৈ মাতিবি মই বেয়া নাপাওঁ। বাধা দিবলৈ মই নাথাকিমেই। সৰুতে ৰাতি কাৰেণ্ট নাইকিয়া হ’লে তোৰ ঘৰৰ মুখৰ পৰা মই দিয়া সংকেত ধ্বনিটো তোৰ চাগৈ মনত আছে।

“হোৱাৱাৱাৱা…..হোৱাৱাৱাৱা…..

শিয়ালী অ’ নাহিবি ৰাতি

তোৰে কানে কাটি লগামে বাটি”

 

ৰাইজে চাগৈ এতিয়া ভালকৈ বুজি পাইছে মই তাক “শিয়াল” বুলি মাতোঁ। আজিৰ পৰা যেন ল’ৰা-বুঢ়া সকলোৱে তাক শিয়াল বুলি মাতে। সেই শিয়াল নামটোৰ মাজত সি মোক বিচাৰি পাব। বাক্যটো পঢ়ি খটাসুৰে মিচিকিয়া হাঁহি মাৰি ৰাতুললৈ চালে। ৰাতুলে দেখিলে সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছে।

 

ৰাতুলে মনে মনে ভাবিলে “হুদু ধুৰন্ধৰে মৰি মৰি মোক ফঁচাই থৈ গৈছে। হুদুৰ মুখৰ হাঁহিটোত সি বুজি পাইছে তাৰ ক’বলগীয়া কথাখিনি। মাত মাতিব পৰা অৱস্থাত থকা হ’লে হুদুৱে হয়তো গালেইহেঁতেন সিহঁতৰ সেই পুৰণা গীতটো

‘টু হে গৰমী মে হু পচিনা,

টু হে কুট্টা মে হু কমিনা”।

খটাসুৰে আকৌ পঢ়িবলৈ আৰম্ভ কৰিলে ‘এতিয়া যেন সকলোৱে একেলগে মই মতাৰ দৰে ৰাতুলক মাতি তাক বন্ধু হিচাপে আদৰি লয়। কাৰণ মোৰ বাহিৰে তাৰ বন্ধু কোনো নাই। মই যোৱাৰ পিছত সি যেন কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। সকলোৱে শিয়ালক এবাৰ সুৰ লগাই মাতক। খটাসুৰে শাৰীটো পঢ়ি উঠি সকলোলৈ চালে।

সকলোৱে একেলগে চিঞৰিলে

 

“হোৱাৱাৱাৱা…..হোৱাৱাৱাৱা…..

শিয়ালী অ’ নাহিবি ৰাতি

তোৰে কানে কাটি লগামে বাটি”

 

সকলোৰে মুখত হাঁহি আৰু চকুবোৰ চলচলীয়া হৈ পৰিল। মিচিকিয়া হাঁহি মাৰি থকা হুদুৰ চকু দুটা লাহে লাহে জাপ খাই আহিল। খটাসুৰে চিঠিৰ শেষ শাৰীকেইটা পঢ়িব ধৰিলে।

 

শিয়াল, নাজানো সৰগ বা নৰক কেনেকুৱা কিন্তু তথাপি জানো আমি থকা পৃথিৱীৰ দৰে নহ’ব। যিমান দিন থাক হাঁহি হাঁহি থাকিবি। মই তোৰ সপোনত সদায় আহি থাকিম।

 

ইতি তোৰ…

—যতীনৰ স্থিৰ হৈ ৰোৱা মুখখনলৈ চাই খটাসুৰে আৰু পঢ়িব নোৱাৰা হ’ল।

“হুদুদুদুদু……..” ৰাতুলে চিঞৰি তাক সাৱটি ধৰিলে।

 

(স্কুলৰ পৰা কলেজৰ দিনলৈ পাই অহা কিছুমান অদ্ভুত নাম সুঁৱৰি লেখাটো লিখিলোঁ। মনত পৰা কেইটামান নাম হুদু, শিয়াল, শালিকা, নিমগুটি, শগুণ, বান্দৰ, নিগনি, ভোকেন্দ্ৰ, মামা, চুলাই, ৰাৱণ, মগৰ, বাজিকৰ, কনটিলৌ আদি)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক