হৃদয়ে কান্দে সংগোপনে (আদিত্য ৰঞ্জ দত্ত)

অপুর্ব, ডাঃ অপুর্ব শইকীয়া।ব্যস্ত চহৰখনৰ ব্যস্ত চিকিৎসক অপুর্ব। চিকিৎসক হিচাপে অপুর্ব যিমান বিখ্যাত তাতোকৈও বেছি বিখ্যাত কবি হিচাবেহে।দুখৰ নিশাৰ কবিতা লিখে সি। তাৰ এটা কবিতাত ধৰাসায়ী হৈ যায় যেন একোখন বলিয়া হৃদয়।কলেজীয়া দিনৰ পৰাই অপুর্ব কবি হিচাবে বিখ্যাত আছিল।তাৰ কবিতা পঢ়িয়েই কিমানে যে তাৰ বুকুলৈ নমাই আনিব খুজিছিল ক’ত প্রেমৰ জোৱাৰ,তাৰ প্রেমত যেন বলিয়া হৈ পৰিব প্রতিজনী অসমীয়া গাভৰু!অতদিনে বিদেশত থকাৰ পাছত যোৱাবছৰ অপুর্ব নিজৰ চহৰখনলৈ উভটি আহিছে।বিদেশত থাকোতেও লিখাৰ অভ্যাস এৰি দিয়া নাছিল।ডাকতেই হওঁক বা ই-মেইল যোগেই হওক সি নিয়মীয়া ভাৱেই লিখা পঠাইছিল।সেইবাবেই হয়তো অপুর্ব শইকীয়া বুলিলেই কঁপি উঠে একোখন গাভৰু বুকু।

ক্রিং ক্রিং ক্রিং
হঠাতে টেলিফোনটোৰ মাতটোত চক খাই উঠিল অপুর্ব।উঠি গৈ ফোনটো ধৰিবলৈ এলাহ লাগিল,তথাপি গ’ল।
……হেল্ল’
……অপুর্ব শইকীয়া নেকি বাৰু!মালবিকা বৰুৱা হিয়েৰ।
……আৰে মালা তুমি!ক’ত পালা মোৰ নম্বৰ!
……কিয়!চক খুৱাই দিলো নেকি?
……নহয় হে,পাঁচ বছৰৰ পাছত শুনিছো তোমাৰ মাত আজি।কেনেকৈনো চিনি পাম কোৱাচোন!
……কেনে আছা অপু?
……মোৰ ভালেই।ব্যস্ত হৈ পৰিলো বৰ বেছিকৈ।তোমাৰ কোৱা!
……মইয়ো আছো ভালে।অসমতেই সেই এন.জি.অ’.টোতেই লাগি আছো।
……হমম…ভাল লাগিল জানি।পিছে এদিন লগ হ’ব লাগিছিল নহয়!
……আহিবা।মোৰ অ’ফিচটো জানাই নহয়!আগৰ জেগাতেই আছে।থাকি গ’লো !
……নিশ্চয়। লগ হ’ম এদিন। আজিলৈ আহো দিয়া।বাই
……বাই..

আৰু বেছি কথা পতাৰ ইচ্ছা ন’গ’ল তাৰ।আচলতে সাহস ন’হ’ল।সেই মালবিকা,মালবিকা বৰুৱা,যাৰ বুকুৰ পৰা সি কাঢ়ি লৈ আনিছিল চাৰিটা বসন্তৰ দাগ!

ফ্লেচবেক,২০০৭ চন

হোষ্টেলৰ ৰুমতে সোমাই আছে অপুর্ব।হঠাতে অপুর্বৰ নলে গলে লগা বন্ধু ৰনোজ সোমাই আহিল।আৰু আহিয়েই কথা নাই বতৰা নাই তাক ভাল ঢকা কেইটামান সোধালে।
……চাল্লা কুকুৰ,ৰুমত সোমাই আছ পার্টি দিয়াৰ ভয়ত।মোকতো ক’ব’ পাৰিলি হয় লগে লগে!বেলেগৰ মুখত তোৰ খবৰ শুনিব লগা হ’ল আজি মই!
……ৰচোন ৰ।আহি পাইছোহিহে ক্লাচৰ পৰা।তোলেকে ৰৈ আছিলো ৰুমত।
……হয়নে!বাহানা মাৰিবলৈ মানুহ নাপালি আৰু!মালাই তোক য়েচ ক’ব আৰু মই বেলেগৰ মুখত সেই খবৰ শুনি আহিব লাগে?এইয়াই বন্ধুত্ব তোৰ!তাইৰ ফোন নম্বৰ গোটাই দিওঁতে,তাইৰ খবৰ আনি দিওঁতে খুউব বন্ধু বন্ধু বুলি লেন-চেলাই আছিলি।হুহ!
……নহয় অ’, তোক ন’কয়নো কাক কম!
……হ’ব হ’ব।পানীগাহৰি ক’ত খুৱাবি, কেতিয়া খুৱাবি?
……ব’ল ব’ল কিমান খাৱ খাই লবি অসুৰ।
…………………………

“চাৰ,ব্রেকফাষ্ট হ’ল,আপুনি ৰেডি হোৱাই নাই দেখোন!” অপুর্বৰ কাম কৰা ল’ৰাটোৰ মাততহে সম্বিত ঘুৰি আহিল।তাক ব্রেকফাষ্ট টেবুলত দিবলৈ কৈ সি চিকিৎসালয়লৈ যাবলৈ সাজু হ’ল।
…………………….
সেই যে মালবিকা!খুউব কিতাপ পঢ়ি ভাল পায় তাই।আর্নেষ্ট হেমিংৱেৰ পৰা জ্যোতিপ্রসাদলৈকে।বাদ পৰি নাযায় একো।অপুর্ব কেতিয়াবা আচৰিত হৈ যায়। কেনেকৈ ইমান সময় উলিয়াই এই ছোৱালীজনীয়ে! নিজৰ বিভাগীয় কিতাপকেইকন পঢ়াৰ উপৰিও ক’ত কি কাম কৰি নুফুৰে এই ছোৱালীজনীয়ে!বিৰক্তিও নজন্মা নহয় তাৰ কেতিয়াবা। তাৰবাবে যেন কেতিয়াবা সময়েই নহ’ব তাইৰ।তেতিয়া খং উঠিলে তাইক কয় সি,
……তুমি আচলতে মোক ভাল পোৱানে নে এই জগতখনৰ সামাজিক কামবোৰ কৰি বেছি ভাল পোৱা?
…….আচলতে কি জানা অপু,সমাজখন আছে বাবেহে তোমাক ভাল পাব পাৰিলো।সমাজখনৰ পৰাই ভালপোৱা শিকিছো মই।
তাইক বুজিব নোৱাৰে সি।খঙত গুচি যায়।আগুৰি ধৰে অভিমানে।পিছে কি হ’ব,তাইৰ সেই একাজলি মৰমত পমি যায় সি।

মালবিকা আৰু তাইৰ বান্ধবী কেইজনীমান লগ হৈ নতুনকৈ এন.জি.অ.’ এটা খুলিছে, ‘সপোন’ নামেৰে।সিহঁতৰ উদেশ্য ভিতৰুৱা গাওঁবিলাকত গৈ সহায় আগবঢ়াব,জনসংখ্যা বৃদ্ধিৰ কুফলৰ কথা ক’ব,জন্ম নিয়ন্ত্রণৰ কথা ক’ব, কণ্যা ভ্রুণ হত্যাৰ বিৰূদ্ধে আন্দোলন গঢ়ি তুলিব।অপুর্বকো তাই এই বিষয়ে কৈছে।সিহঁতৰ লগ হ’বলৈ কৈছে।পিছেঅপুর্ব যে উচ্চাকাংক্ষী!সি যে এই ধুলি বালিত সোমাই থাকিবলৈ জন্ম হোৱা নাই।

মালবিকাৰ প্রিয় লেখিকা অনুৰাধা শর্মা পুজাৰী।তেওঁৰ লিখনিত যেন তাই নিজকে বিচাৰি পাই।নাহৰৰ নিৰিবিলি চাঁত তাই নিজকে বিচাৰি ফুৰে।হৃদয় এক বিজ্ঞাপন!তাই সদায় নিজৰ লগত লৈ ফুৰে এইখন কিতাপ।অপুর্বকো দিছিল পঢ়িবলৈ,সিপিছে সময়েই উলিয়াব পৰা নাই।
……অপু শুনানা। মোৰ এটা সপোন আছে,তুমি সহযোগ কৰিবানে?
……কোৱা মালা,মই আকৌ কিয় নকৰিম তোমাৰ সৈতে সহযোগ!
……তুমি মোক কথা দিয়া।
……দিছো বাৰু,কোৱাচোন এতিয়া।
……মই এটা সন্তান তুলি ল’ব বিচাৰো আমাৰ বিয়াৰ পাছত।আমি নিজে কেতিয়াও সন্তান জন্ম নিদিওঁ।সকলো মানুহেটো নিজে সন্তান জন্ম দিব পৰা ক্ষমতা হেৰুৱালেহে কোনোবা অনাথ আশ্রমলৈ গৈ তুলি লয় কোনোবা নিঠৰুৱা শিশুক!কিন্তু মই নিজেই সুস্থভাবে এটি নিঠৰুৱা শিশু তুলি ল’ব বিচাৰো।অন্তত কোনো স্বার্থ নোহোৱাকৈ কাৰোবাৰ মুখত হাঁহি এটা ফুটাই তুলিব খোজো।
…….কি কৈ আছা এইবোৰ তুমি সোণ!বলিয়াৰ দৰে কি কথা কৈছা।
…….বলিয়া নহয় অপু,সচাঁকৈ কৈছো।এই বিষয়ত সিদ্ধান্ত লৈয়েই পেলাইছোমই,তুমি না ন’ক’বা প্লিজ!ইয়াৰ বাবে মই জৰায়ুৰ অপাৰেচন এটা কৰাম বুলি ভাবিছো,যাতে ভৱিষ্যতলৈ সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিব পাৰো মই।তুমি মোক হতাশ নকৰিবা অপু।

স্তব্ধ হৈ গৈছিল অপুর্ব তাইৰ কথা শুনি।একো কথাই ভাবিবপৰা নাছিল সি দুদিনমানলৈ।তাইকো লগ কৰা নাছিল।আৰু শেষত সি সিদ্ধান্তলৈ পেলাইছিল,গুচি যাব সি,বহুত দুৰলৈ গুচি যাব।নাই নোৱাৰে সি মালাৰ দৰে হ’ব।তাৰ ওপৰত আশা আছে তাৰ মাক-দেউতাকৰ।সি আৰু উভতি নাহে! তাৰ ৰিজাল্ট দিয়াৰদিনা ৰাতিয়েই সি গুচি গৈছিল বিদেশলৈ উচ্চ শিক্ষাৰ বাবে।যোৱাৰ সময়ত মালালৈ ফোন এটা কৰিবলৈও সাহস নহ’ল তাৰ।
…………………………………………..
বহুত কান্দিলে মালাই।বহুনিশা উজাগৰে পাৰ হ’ল।তাৰ খবৰ বিচাৰি নাপালে তাই।তাৰ ঘৰলৈ ফোন কৰিলেও ফোন কাটি দিয়ে,তাই গ’লেও তাইক বেয়াকৈ কৈ পঠাই দিয়ে।

আৰু লাহে লাহে ব্যস্ত হৈ পৰিল জীৱন।মালবিকাহঁতৰ এন.জি.অ’.টোএতিয়া অসমৰ ভিতৰতে লেখত লবলগীয়া হৈ পৰিছে।যোৱাবছৰ চৰকাৰে দহ লাখটকীয়া সাহায্য আগবঢ়াইছে।এই যুৱ স্বাস্থ্যমন্ত্রীজনে সিহঁতক বহুত সহায় কৰিদিছে।ভাল মানুহ,কাম কৰি ভাল পায় তেওঁ।মালা আচলতে প্রেমত পৰি গৈছে সেই যুৱমন্ত্রীজনৰ।সিদিনা হঠাতে তেওঁ মালাক ক’লে,
:“তোমালোকে যে এইবিলাক কাম কৰি আছা সচাঁকৈয়ে তোমালোকক লৈ গর্ব কৰিবলে মন যায়।মোৰ দেউতা এজন হোজা খেতিয়ক আছিল।তেৱেঁই মোক সৰুতে কৈছিল,”বাচা যিমান ওপৰলৈ যাবি সিমান তললৈ চাবি,তেতিয়াহে তলৰপৰাও তোক কোনোবাই চাব।নহ’লে যিদিনা তললৈ পৰিবি,তোক তেতিয়া বচাবৰ কাৰণে তলত কোনোৱেই নাথাকিব।”
:সঁচাকৈয়ে চাৰ।মানুহে কেতিয়াও নিজকে পাহৰি চলিব নালাগে।তেওঁৰ অতীতটোক পাহৰি যোৱা মানেই নিজকে পাহৰি যোৱা।
দেউতা নাই এতিয়া,কিন্তু তেওঁ কোৱা প্রত্যেকটো বাক্যইহে আজি মোক ইমানদুৰ আগবঢ়াই আনিব পাৰিছে।
:আপুনি সঁচাকৈয়ে বৰ ভাল মানুহ চাৰ।অন্তত এইখন অসমত আপোনাৰ দৰে মানুহৰ খুবেই প্রয়োজন এতিয়া।
:জানা মালা,মানুহে মোক সোধে মই কিয় বিয়া পতা নাই!মোৰ জীৱনত অতীতৰ বিৰহ সোমাই আছে নেকি!কিন্তু সেইবোৰ আচলতে একোৱেই নহয়।মইয়ো বিচাৰো বিয়া পাতিব,মোৰো ইচ্ছা মাৰ কাৰণে ভাল বোৱাৰী এজনী অনাৰ।কিন্তু মোৰ এটা চর্ত আছে,মই কোনো সন্তান জন্ম দিব নোখোজো।কোনো অনাথ আশ্রম নাইবা কোনো নর্দমাত পৰি থকা শিশু এটি বুটলি আনি তুলি ল’ব খোজো মই।কিন্তু এনেবোৰ কথাত আজিৰ যুগত কোনে সহযোগ কৰিব মোক!কোন ছোৱালী আগবাঢ়ি আহিব!
উচপ খাই উঠিছিল মালা।যেন হাঁহাকাৰ কৰি উঠিছিল আগৰ মালবিকাজনীয়ে।মালা প্রেমত পৰি গৈছিল,মালবিকা বৰুৱা আকৌ এবাৰ প্রেমত পৰিছিল।
……………………..
অপুর্ব আজিকালি বৰ দুখমনেৰে থাকে।চিকিৎসালয় যায়,মাজে মাজে কেতিয়াবা কবিতা লিখে।কিন্তু দুখবোৰ জানো এনেকৈ পাতলে!নিশা মদ খালে!কাৰ সতে মনৰ দুখবোৰ ভগাইল’ব!কোনে তাৰ দুখ বুজি তাক আকোৱালি ল’ব!নিজৰ জীৱনটোকেই ধিয়াই সি আজিকালি।বস্তুবাদী সমাজ এখনৰ লোভত সি কি পাবলৈ গৈ কি হেৰুৱালে!
সিবিদেশত পঢ়িবলৈ যোৱাৰ চাৰিবছৰমানৰ পাছৰ ঘটনা।পঢ়া শেষ কৰি সি তাতেই নতুনকৈ চাকৰিত সোমাইছে।এদিন সি আৰু তাৰ চাইবেৰিয়াৰ বন্ধু য়ুৰি একেলগে গাড়ী লৈফুৰিবলৈ ওলাই গৈছিল।গৰমৰ দিনৰ সাগৰৰ পাৰৰ অপৰূপ দৃশ্য।গাড়ী চলাইছিল য়ুৰিয়ে।ডেনমার্কৰ বিখ্যাত বিয়েৰ দুয়োৰে হাতে হাতে।য়ুৰিয়ে তাক কৈ গৈছিল সাগৰৰ পাৰতেই কেনেকৈ গোটেই জীৱন কটাইছে।তাৰ মাছুৱৈ দেউতাকৰ কথা।সাগৰৰ বুকুতে কেনেকৈ সি নিজৰ মাক-দেউতাকক হেৰুৱাইছিল সেই কথা।
আৰু ঠিক সেই সময়তেই ঘটি গৈছিল ঘটনাটো।সমুখৰ পৰা আহি থকা ট্রাক এখনৰ খুন্দাত চুর্ণ-বিচুর্ণ হৈ গৈছিল সিহঁতৰ সৰু গাড়ীখন।দুদিনৰ পাছত চিকিৎসালয়ৰ বিচনাত অপুর্বৰ সংজ্ঞা ঘুৰি আহিছিল।উঠিয়েই সি য়ুৰিক চাব বিচাৰিছিল।কিন্তু য়ুৰি যেনাই!য়ুৰি গুচি গৈছিল তাৰ মাক দেউতাকৰ কাষলৈ।

আৰু অপুর্ব!তাৰ পৃথিৱীখন যে হেৰাই গৈছিল।ডাঃডেভিদে যেতিয়া ক’লে সেই সর্বনাশী কথাটো,কেনেকৈ বিয়েৰৰ বটলৰভঙা টুকুৰাই চিঙি পেলাইছিল ডাঃ অপুর্বৰ গুপ্তাংগ!সি যে কোনোদিনেই সন্তান জন্ম দিবলে সক্ষম ন’হ’ব।অপুর্বৰ আকাশ ভাগি গৈছিল।মনত পৰিছিল মালবিকালৈ।পগলাহৈ পৰিছিল সি।আৰু তাৰ এবছৰৰ পাছতেই ঘৰলৈ ঘুৰি আহিছিল সি।চহৰৰ এখন নামজ্বলা চিকিৎসালয়ে কিনি লৈছিল তাক বহু পইচা দি। তেতিয়াৰে পৰা সি এইখন চিকিৎসালয়তে কাম কৰি আছে।সি জানে মালবিকাৰ অ’ফিচটো ক’ত।তাৰ চিকিৎসালয়লৈ যাওঁতেই বাটতে পাই যায়।সদায় চায় সি,কিজানিবা তাইক পায়েই দেখা!নাই,তাৰ তেনে কোনো সৌভাগ্য হোৱা নাই।আজি তাইৰ ফোনটো পাই তাৰ মনটো ভাল লাগিছে।তাই যে অন্তত তাক পাহৰি পেলোৱা নাই।

সি থিৰাং কৰিলে সি যাব।তাইক তাৰ জীৱনৰ সকলো দুখৰ কাহিনী খুলি ক’ব।তাই বাৰু তাক ক্ষমা কৰি দিব পাৰিবনে!দিবনে তাই

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments