“হৃদয়ৰ মুকুতা-মালা” উচ্চজিৎ কলিতা

হৃদয়ৰ মুকুতা-মালা”
উচ্চজিৎ কলিতা
কাহিনী: ‌১

এখন অকণি হৃদয়
(এটা জাপানীজ কাহিনীৰ ভাবানুবাদ)

জাপানত বহুবছৰ আগতে এবাৰ ছুনামি হৈছিল। ছুনামিৰ শেষত পিছদিনাখন যেতিয়া মানুহবিলাক সাগৰৰ পাৰলৈ ধ্বংসলীলাৰ অৱশেষ চাবলৈ ওলাই আহিছিল, তেওঁলোকে দেখিছিল যে সাগৰৰ পাৰৰ পৰা বহু দূৰলৈ হাজাৰ হাজাৰ “অ’ইষ্টাৰ” ছুনামিত ছিটিকি আহিছে আৰু পানী নাপাই সিহঁতে ৰ’দত ছটফটাই থাকি লাহে লাহে মৃত্য্ মুখত পৰিছে।

সাগৰৰ পাৰৰ এখন গাঁৱৰ অকণমানি মইনা এজনীয়ে অ’ইষ্টাৰবিলাকে এনেকৈ কষ্ট পাই থকাটো সহ্য কৰিব নোৱাৰিলে আৰু তাইৰ কণ কণ হাতদুখনেৰে আলফুলে অকণি অকণি অ’ইষ্টাৰ এটা এটা তুলি লৈ সাগৰৰ পানীত এৰি দি আহিলে। তাই বাৰে বাৰে এই কাম কৰিয়েই থাকিল ৰাতিপুৱাৰ পৰা। তাই ভাগৰি গৈছিল, কিন্তু কৰিয়েই আছিল।

গাঁৱৰ মানুহবিলাকে মইনাজনীৰ এই আজৱ কাণ্ড দেখি আচৰিত হৈছিল আৰু তাই বাৰুকৈয়ে ভাগৰি পৰা দেখি ওচৰলৈ আহি কৈছিল – “মইনা, এই হাজাৰ হাজাৰ অ’ইষ্টাৰৰ মাজৰ পৰা তুমি তোমাৰ অকণি হাতদুখনেৰে কিমানকনো পানীত এৰি দি বচাব পাৰিবা। তুমি নিজেহে ভাগৰি পৰিবা। এই হাজাৰ হাজাৰ অ’ইষ্টাৰৰ মাজৰ পৰা তুমি কেইটামানক বচাই একো চিন ৰাখিব নোৱাৰা। তোমাৰ ক্ষমতা অতি নগণ্য।”

মইনাজনীয়ে মূৰ নোতোলাকৈয়ে উত্তৰ দিছিল – “হয়তো এই সমস্ত অ’ইষ্টাৰৰ প্ৰাণ মই বচাব নোৱাৰোঁ, সামগ্ৰিকভাবে মোৰ প্ৰচেষ্টা নগণ্য। কিন্তু যিটো অ’ইষ্টাৰৰ প্ৰাণ মই বচাব পাৰিছোঁ, তাৰ কাৰণে মোৰ প্ৰচেষ্টা মহৎ, সেয়াই মোৰ কাৰণে যথেষ্ট।”

এইবুলি তেওঁ আকৌ দুটা অ’ইষ্টাৰ পানীলৈ এৰি দিলে। লাহে লাহে গাঁৱৰ মানুহবিলাকেও অইন কাম এৰি অ’ইষ্টাৰ বিলাক পানীত এৰি দিবলৈ লাগিল।

কাহিনী :২

নিমখ দিয়া কফী
(Love is not to Let Go but HOLD ON )
(মূল স্পেনিছ কাহিনী এটাৰ ভাবানুবাদ )

অ’ক্টোবৰ মাহৰ কোনোবা এটা সন্ধিয়া সি তাইক এখন ভোজমেলত লগ পাইছিল । তাই ইমান মৰমলগা আছিল যে সকোলোৱে এবাৰ হ’লেও তাইৰ ফালে চাইছিল । তাত উপস্থিত থকা বেছিভাগ ডেকাল’ৰাই এপলকৰ বাবে হ’লেও তাইৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল । আনফালে সি অতি সাধাৰণভাবে বহি আছিল আৰু কোনেও তাক লক্ষ্য কৰা নাছিল । কিন্তু তাইৰ মৰমলগা হাঁহিটোৱে তাকো আকৰ্ষণ কৰিছিল আৰু ভোজমেলৰ শেষত সি তাইক একাপ ক’ফীৰ বাবে অনুৰোধ কৰিলে । তাই আচৰিত হ’ল কাৰণ সি তেনেকৈ একো চকুত পৰা ধৰণৰ একো কাম কৰা নাছিল আৰু হঠাৎ তাইক ক’ফীৰ বাবে মাতিলে । তথাপি নম্ৰতাৰ খতিৰত তাই তাৰ লগত ক’ফী খাবলৈ বহিল ।

সি অত্যন্ত অপ্ৰস্তুত হৈ আছিল আৰু তায়ো তাকে দেখি বৰ অস্বস্তিত ভুগিবলৈ ধৰিলে আৰু মনে মনে ভাবিলে – “মই ঘৰলৈ গুচি যোৱা হ’লেই ভাল আছিল” ।

ইতিমধ্যে ৱেইটাৰ এজনে ক’ফী দি গ’ল । তাই ভালেই পালে আৰু দুকাপ ক’ফী বাকিলে আৰু লগা পৰিমাণে চেনি মিহলাই তালৈ একাপ আগবঢ়াই দিলে । সি ক’ফী খাবলৈ ধৰিলে আৰু ক’লে – “তুমি ক’ফী বৰ ধুনীয়াকৈ বাকিছা” ।

অলপ পিছত তাই নিজৰ ক’ফীকাপত চুমুক দি মুখ বিকটাই দিলে আৰু নিজকে নিজকে ক’লে – “ছে:, মই দেখোন ক’ফীত নিমখ মিহলাই দিছোঁ ” ।

তাৰ পিছত তাই তালৈ চাই সুধিলে – “তুমি কিয় মোক কোৱা নাই যে ক’ফীত মই ভুলতে চেনি বুলি নিমখ দিছোঁ” ।

সি অপ্ৰস্তুত হৈ ক’লে – “মই ক’ফীত নিমখ দি খাইয়ে ভাল পাওঁ” ।

তাই সুধিলে – “কিয় আৰু কেনেকৈ” ।

সি কৈ গ’ল – “শৈশৱত মই সাগৰৰ পাৰত বাস কৰিছিলোঁ । সদায় সাগৰত খেলি থাকোঁতে মোৰ ওঁঠত সাগৰৰ লুণীয়া পানীৰ সোৱাদ লাগিছিল আৰু নিমখ দিয়া ক’ফীয়ে মোক সেই সোৱাদটো মনত পেলাই দিয়ে । মোক মোৰ মৰমৰ ঘৰখনলৈ লৈ যায় য’ত মোৰ মা-দেউতা এতিয়াও আছে । মোৰ নিজৰ ঠাইখন আৰু ঘৰখনলৈ বৰকৈ মনত পৰি থাকে । নিমখ দিয়া ক’ফীয়ে মোক তাৰ স্মৃতি অলপ হ’লেও আনি দিয়ে । তেনেকৈয়ে মই নিমখ দিয়া ক’ফী ভাল পাওঁ” ।

কথাবোৰ শুনি তাইৰ তাক কিবা ভাল লাগি গ’ল আৰু তাইও নিজৰ বিষয়ে কৈ গ’ল । তাই ভাবি থাকিল নিজৰ ঘৰখনলৈ ইমান মনত পৰি থকা মানুহজন নিশ্চয়কৈ অতি যত্নপৰায়ণ, মৰমীয়াল আৰু অনুভূতিশীল হ’ব । ঠিক তেনেকৈয়ে দুয়োৰে মাজত কথা-বাৰ্তা বাঢ়ি গ’ল । সিদিনাৰ বাবে সিহঁত এৰা-এৰি হ’ল ।

তাৰ পিছত দুয়ো দুয়োকে বহুবাৰ লগ পালে । তাই দেখিবলৈ পালে যে সঁচাকৈয়ে তাই বিচাৰি থকা মানুহজনেই সি । ধৈৰ্যশীল, মৰমীয়াল, যত্নপৰ, জীপাল, হৃদয়বান আৰু জীৱনমুখী । তাৰ মাজত তাই জীৱনৰ আটাইতকৈ আপোন সহযাত্ৰীজন বিচাৰি পালে । কিন্তু সি তাইক ক’ফী খাবলৈ নামাতিলে তাই কিজানি তাক নাপালেইহেঁতেন । নিমখ দিয়া ক’ফীকাপে সিহঁতক ওচৰ চপাই আনিলে ।

তাৰ পিছত সিহঁতহালৰ কাহিনীয়ে ধুনীয়া প্ৰেমভৰা কবিতা এটাৰ ৰূপ ল’লে । কিছুমাহ পিছত সিহঁতৰ বিয়া হ’ল আৰু দুয়ো দুয়োকে পাই সুখী হ’ল । সি সঁচাকৈয়ে তাইৰ বাবে আদৰ্শ জীৱন-সংগীতত পৰিণত হ’ল । বহুতো মৰমৰ মাজত দুয়োৰে সংসাৰ চলি থাকিল পঞ্চাছ বছৰ ধৰি । কেতিয়াও কমি নগ’ল ইজনৰ সিজনৰ প্ৰতি থকা অনুৰাগ । আৰু তাই সদায় তাক মৰমেৰে নিমখ দিয়া ক’ফী খুৱাই থাকিল । প্রতিদিনে, কাৰণ সি ভাল পায় নিমখ দিয়া ক’ফী । তাই কেতিয়াও তাক চেনি দিয়া ক’ফী খাবলৈ জোৰ নকৰিলে ।

পঞ্চাছ বছৰ পিছত তাৰ কিবা অসুখ হ’ল আৰু কিছুদিন পিছত সি ইহসংসাৰ এৰি গ’ল । তাইৰ নিজকে উকা উকা যেন লাগিল । সি নোহোৱাত তাইৰ জীৱনটো ৰিক্ত হৈ গ’ল । তাই তাৰ চিনবোৰ, তাৰ আলমাৰীটোত থকা বস্তুবোৰ, সিহঁতৰ একেলগে উঠা ফটোবোৰ চাই চাই সময় কটাবলৈ ধৰিলে । তেনেকৈ তাৰ বস্তুবোৰ চাই থাকোঁতে তাই এদিন সি লিখা চিঠি এখন পালে । চিঠিখন সি মৃত্যুৰ তিনিদিন আগতে লিখিছিল কঁপা কঁপা হাতেৰে ।

তাই চিঠিখন পঢ়ি গ’ল – “মৰমৰ সোণজনী, মই তোমাক সদায়ে বহুত ভাল পাইছিলোঁ আৰু কেতিয়াও তোমাক একো মিছা কোৱা নাই মাত্ৰ এটা কথাৰ বাহিৰে । মই জানো মই আৰু নাবাচোঁ; সেয়েহে মই তোমাক কোৱা একমাত্ৰ মিছাটো আজি ক’বলৈ ওলাইছোঁ । তোমাক মই বহুদিন ক’ম ক’ম বুলি ভাবিও ক’ব নোৱাৰিলোঁ, কাৰণ মই তোমাক মিছা নকওঁ বুলি কথা দিছিলোঁ । সেয়ে তোমাক কোৱাৰ সাহস নহ’ল । তোমাক হেৰুৱাৰ ভয়ত জীৱনকালত মই তোমাক কোৱা মিছাটো সৈ কাঢ়িব নোৱাৰিলোঁ । কথাটো হ’ল মোৰ ঘৰ সাগৰৰ পাৰত থকাটোও সঁচা । মই মোৰ ঘৰখন, মোৰ ঠাইখনৰ অভাৱ অনুভৱ কৰি থকাটোও সঁচা আছিল । কিন্তু মই নিমখ দিয়া ক’ফী খাই কেতিয়াও ভাল নাপাইছিলোঁ, আচলতে তেনে ক’ফীৰ সোৱাদ বৰ বেয়া । তোমাক প্ৰথম লগ পোৱাৰ দিনা ইমান অপ্ৰস্তুত হৈ আছিলোঁ যে মই কি কৈছিলোঁ নিজেই নাজানো । সেয়ে তুমি ভুল কৰি নিমখ মিহলাই দিয়া ক’ফীকাপ খায়ো তোমাক ক’বলৈ স’ত নগ’ল কাৰণ মই তোমাক আৰু অস্বস্তিত পেলাব বিচৰা নাছিলোঁ । আৰু সেয়ে তোমাক মই নিমখ দিয়া ক’ফীয়ে খাই ভাল পাওঁ বুলি ক’লোঁ । মই ভবা নাছিলোঁ যে নিমখ দিয়া ক’ফীয়ে আমাৰ মাজত সহৃদয়তা গঢ়ি তুলিব । কিন্তু তাৰ পিছত তোমাক ইমান ভাল পালোঁ আৰু ইমান মৰম কৰিলোঁ যে তোমাক কথাটো ক’ম বুলিও ক’ব নোৱাৰিলোঁ । মোৰ এই এটা মাত্ৰ মিছাৰ বাবে মোক ক্ষমা কৰি দিবা মোৰ সোণজনী ।

ভালে থাকিবা । পুনৰ যদি জীৱন পাওঁ, মই তোমাকেই বিচাৰিম মোৰ জীৱন-সংগীৰ ৰূপত আৰু তাৰ বাবে যদি মই আকৌ গোটেই জীৱন নিমখ দিয়া ক’ফীয়ে খাব লাগে, তাৰ বাবেও প্ৰস্তুত আছোঁ ।”

চিঠিখন পঢ়ি শেষ হোৱালৈ তাইৰ চকুলো বৈ আহিল আৰু চিঠিখন তিয়াই পেলালে ।

তাৰে কিছুদিন পিছত তাইৰ নাতিনীয়েকে তাইক এনেয়ে এদিন সুধিছিল – “আইতা, ক’ফীত নিমখ দিলে কেনেকুৱা লাগিব ?”

তাই কৈ উঠিল – “মিঠা !”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments