হৃদয়লৈ বুলি (দেৱশ্ৰী বৰগোহাঁই)

মৰমৰ হৃদয়,

আশাকৰোঁ তুমি য’তে আছা কুশলে আছা । বহুদিনেই হ’ল তোমাৰ খবৰ বাতৰি নোপোৱাৰ । নতুন ঠাই, নতুন সংগীৰ মাজত তুমি চাগে মোক পাহৰিয়ে পেলাইছা । কিন্তু মই….। তুমিবিহীন মইজনী হেৰাই যাব খুজিও জীয়াই আছো তোমাৰ শেষ স্মৃতিকণৰ বাবে ।
হৃদয়! তুমি যোৱাৰ পাছৰ পৰাই মোৰ কণমানি পৃথিৱীখন তেনেই সলনি হৈ পৰিল মই নজনাকৈয়ে । নাজানো কোনখিনিত ভুল হৈ গ’ল মোৰ । যি আশাৰে সকলো সম্বন্ধ চিঙি কিছুমান নতুন সম্বন্ধৰে নিজক বান্ধি পেলাইছিলো সেই সকলো আজি চোন মোৰ বাবে অচিনা অজনা । কি ভুল কৰিলো মই সেই প্রশ্ন কৰি কৰি ভাগৰি পৰিছো । প্রশ্নবোৰ বাৰে বাৰে প্রশ্ন হৈ ঘূৰি আহে মোৰ কাষলৈ ।
হৃদয়! তুমি মোক পাতল ৰঙৰ সাজত চাবলৈ বেয়া পাইছিলা নহয় । সদায় যে মোক কৈছিলা “মৌ! মোৰ শপত তুমি অলপ colorful dress পিন্ধিবাচোন । ভাল নালাগে মোৰ তোমাক এইবোৰ সাজত চাবলৈ” । তোমাৰ বাবেইতো সলনি কৰিছিলো নিজকে । তোমাৰ বাবেই সলাই পেলাইছিলো মোৰ প্রিয় ৰঙ বগাৰ পৰা তেজ ৰঙালৈ । ভাল লাগিছিল মোৰ তুমি ভালপোৱা কামবোৰ কৰি । কথা দিছিলো কোনোদিন বগা ৰঙৰ সাজ নিপিন্ধো বুলি । মানুহে কয় নথকা মানুহক দিয়া কথাৰ কোনো মূল্য নাই । কিন্তু তুমি চোন সদায়ে আছা মোৰ লগত মোৰ সাহস, মোৰ প্রেৰণা হৈ । তেনেহ’লে মানুহবোৰে কিয় তেনেদৰে ক’ব ?
হৃদয়! তোমাৰ বাৰু মনত আছে নে তোমাৰ ভন্টী যি মোৰ আটাইতকৈ ভাল বান্ধৱী জুমিৱে যে মই কাপোৰ কিনিবলৈ ওলালেই কৈছিল ‘তই কিন্তু এইবাৰো বগা ৰঙৰ চেলোৱাৰবোৰ নিকিনিবি । নহ’লে মই তোৰ লগত ক’লৈকো নাযাওঁ । নহ’লে বিয়াখনো কিবা মৰা সবাহ যেন লাগে’ । আৰু এদিন যে মাৰ আগত আপত্তি কৰিছিলা এই লৈ মায়েও গাভৰু ছোৱালীয়ে ৰঙীন পোছাক পিন্ধিব লাগে বুলি সমৰ্থন জনাইছিল । কিন্তু হৃদয় জানানে মায়েও এতিয়া মই ৰঙীন কাপোৰ পিন্ধিলে বেয়া পায় । বিধৱা মানুহে হেনো ৰঙীন কাপোৰ পিন্ধিব নাপায় । মায়ে চোন এইষাৰ কথা কোৱা এবচৰে হোৱা নাই । এতিয়া তুমি নাই বাবেই কি মই গাভৰু নহয়? তুমি নাই বাবেই কি মোৰ বয়স তিনিগুণ বাঢ়ি গ’ল? আচলতে কি জানা হৃদয় মাৰ গাতো দোষ নাই । আহোতে যাওতে খোজ মৰা কথা শুনিলে কাৰনো ভাল লাগিব কোৱাচোন । আমি সমাজপ্রিয় মানুহবোৰে অকলে থাকিব লগীয়া হ’ব বুলিয়ে চাগে কিছুমান কথা মনে নিবিচাৰিলেও মানি ল’বলৈ বাধ্য হওঁ । সমাজক বাদ দি নো আমি কেনেকৈ থাকিম? সমাজৰ এই প্রথাবোৰ আঁতৰ কৰিবলৈ আমাৰ মাজলৈ ঈশ্বৰচন্দ্র বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায় দৰে মানুহৰ কেতিয়া আবিৰ্ভাৱ হ’ব বাৰু ?
হৃদয়! তোমাৰ ঠাইত যদি মই আঁতৰি গ’লোহেঁতেন তুমি কি কৰিলা হয় । পিন্ধিলাহেঁতেন নে বগাসাজ? অথবা সমাজে বাধ্য কৰালেহেঁতেন তোমাক? তেনেহ’লে কেৱল মোৰ ওপৰতে এই অভিশাপ কিয়? তুমি নাই বাবেই সলনি হৈ গৈছে মোৰ সকলো সংজ্ঞা । এতিয়া মই অংশ ল’ব নোৱাৰো কোনো মাংগলিক কাৰ্য্যত । আমাৰ জীউৰ জীৱনৰ আটাইতকৈ মধুৰ ক্ষণতো মই লগত থাকিব নোৱাৰিম । তুমি নাই যে সেইবাবে । সকলো মাংগলিক কাম কাজত মই এতিয়া অমংগলীয়া । নাজানো এই সকলোবোৰ শেষ ক’ত ?
হৃদয়! মই তোমাক অশান্তি কৰিছো নহয় ? তুমি চোন জানাই মনত খুন্দিয়াই থকা কথাবোৰ তোমাক ক’বলৈ পালেহে মই শান্তি পাওঁ । মনৰ ক্ষোভবোৰ কাৰোবাৰ আগত উজাৰি নিদিলে যে জীয়াই থাকিবলৈ বৰ কষ্ট হয় । আৰু আমনি নকৰো দিয়া । তুমি য’তে আছা কুশলে থাকা । তোমাক দিয়া কথা ৰাখিব নোৱাৰিলো পাৰিলে ক্ষমা কৰি দিবা মোক ।
ইতি
তোমাৰ মৌ
বিঃদ্রঃ জুমিহঁতে এইবাৰ ফাকুৱা খুব ধুমধামেৰে খেলিলে । নিলয় আহিছিল মোক ফাকু সানিবলৈ । মই নিদিলো । ভয় হ’ল জানোছা মোৰ বগা সাজযোৰত ৰং লাগি মা-দেউতাৰ নাক কাণ কটা যায় সমাজত ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments