হৃদয়ৰ অপাৰেচন (ৰণজিৎ কুমাৰ বৰা)

দুয়োৰে মাজত সংঘাত অৱধাৰিত আছিল। অৱশেষত সেয়াই হ’ল। অৱশ্যে তেনে পৰিস্থিতিত কাজিয়া লগাটো স্বাভাৱিক আছিল।

ৰাজু : ৰিমী, তোমাক শেষবাৰৰ বাবে কলোঁ, তুমি বিকি (ৰিমীৰ পূৰ্বৰ প্ৰেমিক) আৰু মোৰ মাজত এজনক বাছনি কৰিব লাগিব। মই তোমাক বহুত ভাল পাওঁ। কিন্তু সেইবুলি মই তোমাৰ ‘অপ্‌ন্‌’ হৈ থাকিব নোৱাৰোঁ।

ৰিমী : না, মই এই মুহূৰ্তত বিকীৰ সংগ এৰিব নোৱাৰোঁ। তুমিতো জানাই, বিকিৰ হাৰ্টৰ অৱস্থা শোচনীয়। সি হয়তো আৰু বেছি দিন জীয়াই নাথাকিব। জীৱনৰ অন্তিম ক্ষণত তাক কিদৰে এৰি দিওঁ! অলপ বুজিবলৈ চেষ্টা কৰা, প্লীজ!

ৰাজু : তেন্তে ঠিক আছে। তুমি বিকীক লৈ সুখী থাকা। মই আহিলোঁ। গুড্‌ বাই।

 

১০ দিনৰ পিচত…

এটা জটিল অপাৰেচনৰ অন্তত বিকিৰ হৃদপিণ্ড সংৰোপণ হ’ল। সি এতিয়া বহুখিনি সুস্থ। তাৰ জীৱনৰ অনিশ্চয়তাও দূৰ হ’ল। ৰিমীয়ে ‘হাৰ্ট’দাতাৰ পৰিচয় বিচাৰি ডাক্তৰৰ কাষ চাপিলে। চিকিৎসকে দাতাই তাইক উদ্দেশ্যি লিখা কাগজ এটুকুৰা তাইৰ হাতত তুলি দিলে। তাত লিখা আছিল—‘মৰমৰ ৰিমী, মোৰ হৃদয়খন অকল তোমাৰ বাবে। সেয়ে হৃদয়খন বিকিক দিলোঁ। মোৰ হৃদয়খনক কেতিয়াও অৱহেলা নকৰিবা। সদায়েই মৰমেৰে ওপচাই ৰাখিবা। ইতি— তোমাৰ ৰাজু।’

 

(লেখকে লেখাটোৰ ভাবাৰ্থ এটা ইংৰাজী অণুগল্পৰ পৰা লৈছে)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments