হৃদয়ৰ সাতোটা ৰং- (এচ পন্নবী মেধি)

(শৈশৱ, কেইখনমান কিতাপ আৰু মই)

নিজকে চম্পাৰদৰে সাজোঁ।‌ লিহিৰি আঙুলিত জেতুকাৰ বোল।‌ লাহী শৰীৰ, লাহী কঁকালত এখন খামুচিয়া ৰিহা।‌ এটা ৰঙা চোলা।‌ এখন বুটাবছা মেখেলা।‌ কান্ধতে পৰি থকা এটা ধিলা সোলোক-ঢোলোক খোপা।‌ এই সৰোঁ, এই সৰোঁ কৰি থকা নাম নজনা দুটি অচিন সুগন্ধি ফুল।‌ বগা সেন্দুৰীয়া ভৰিৰ গোৰোহা পানীৰ খলখলনিত লহৰে লহৰে নাচে।‌ মই হাঁহো।‌ জুৰিটিয়েও তালে-তালে গীত গায়।‌ মই সুন্দৰী চম্পা।‌ চঞ্চলা, চপলা।‌ মোৰ এখন গভীৰ ৰঙচুৱা নাৰী হৃদয়।‌ অভিমানী মন।‌ মোক চুই চোৱা, তোমাক মই সঁজাল কৰি তুলিম।‌ তুমি সুবাসিত হ’বা।‌ফুলে পাতে ঠন ধৰি উঠিবা।‌ অথবা ৰিঙি ৰিঙি গলিবা।‌ আৰু মই তপতোৱা জেতুকাৰ গোন্ধ এটা হৈ বিয়পি পৰিম।তোমাক ৰঙা কৰি তুলিম।‌ সৰুকালত পাঠ্যপুঠিৰ সমানেই পঢ়িছিলোঁ চম্পাক, চন্দনক, গৌৰীক,সাদৰী উমাক, কমলনগৰক,”অসীমত যাৰ হেৰাল সীমা” ক।‌ মন গলেই কিতাপমেলি এসোঁতা কান্দিছিলোঁ।‌ আকৌ সামৰি থৈছিলোঁ।‌ নিজকে চম্পা সাজি কুৰুকি-কুৰুকি দুখ বুটলিছিলোঁ।‌ বুকু খান্দি হৃদয় থকাসৰকা কৰি কিবা ৰঙাযেন প্ৰলেপেৰে থাপনা তৰিছিলোঁ।‌কিনো অনামী দুখত একাত্ম হৈ খিলখিলাই হাঁহি সাথৰ কৰিছিলোঁ।‌ আৰু শেষত বুকু পাতল কৰি “জেতুকাৰ আঙুলিৰে” চাকিটো নুমুৱাইদি শুই পৰিছিলোঁ।‌ হায় ! মই চম্পাহে আছিলোঁ।‌সখী কাকলিহতৰ বাৰী মোৰ বৈতৰণী।‌ নিয়ৰসনা দুৱৰিত মই লিচিক্‌ পিচিক্‌ খোজেৰে শেৱালি বুটলোঁ।‌ভাৱো,কৰবাত চম্পাফুল দুটা পোৱাহ’লে!

তাৰপাছত মই অনুৰাধা হ’লো।‌ চুলি মোৰ বাদামী হ’ল।‌ মই বেণী গুঠোঁ।‌ ক্লাছত “অনিন্দিতা”ক লুকাই-চুৰকৈ চাওঁ।‌ডাঙৰ ডাঙৰ চকু।‌ সদায় বেণী গুঠে।‌ মই আঁৰ চকুৰে চাই “অনুৰাধা” ক দেখা পাওঁ‌ আৰু মই “অনুৰাধাৰ দেশ”ত ভ্ৰমি ফুৰোঁ।‌ “কপৌচৰাইৰ পাখিৰদৰে” কোমল ভাৱটো বুকুত আলফুলকৈ সামৰি লৈ উভতি আহোঁ।‌ পিত্‌পিত্‌কৈ বিচাৰোঁ বাস্তৱৰ পৃথিৱীত অনুৰাধাৰ দেশ।‌ কিন্তু অকণমানি বিদ্ৰোহী মনটোৱে ভাৱে, মোৰ অৰুণাভে “ৰূপালী”ক সাৱটি লোৱা নাছিল, আৰু নলয়।‌ তেতিয়াহে মোৰ শান্তি হয়।‌

কেতিয়াবা মই “হিটক্লিফ”ৰদৰে কুৎসিত হওঁ।‌ “ৱাদাৰিং হাইট্‌ছ”।‌ অবুজ ল’ৰালি মন।‌খুউব কিবা এটা বুজি পোৱা হয়তো নাছিলোঁ, কিবা এক ভিন্নসুৰী।‌কিন্তু কিতাপমেলি মই প্ৰায়ে চিমনিৰ পোৰা পোৰা ধোঁৱাৰ গোন্ধেৰে মোৰ কোঠালি ভৰাই তুলিছিলোঁ।‌ কাহিনীটো এতিয়াও সম্পূৰ্ণকৈ মনত নাই।‌ মনত আছে, কিছুমান তপত চুমা, আলফুল অপ্ৰতিৰোধ্য কেথেৰিণ, আৰ্নচ্‌ পৰিয়াল, এডগাৰ, ইজাবেলা।‌ ভাৱিছোঁ, ঘৰলৈ গলেই কিতাপখন পঢ়িম, শৈশৱৰ দৰে এতিয়াৰ জীৱনটোৰ পৰাও কিজানিবা পোৰা পোৰা বা ওলায়।‌ জীৱনটো তপত কৰি লওঁ।‌ অথবা সৰুকালৰ দৰে দাদাৰ ভাষাত “কিতাপ কিতাপ কথা কওঁ”।‌

আকৌ এদিন মই এলিজাবেথ বেনেট :(প্ৰাইদ এন্ড প্ৰিজোডিচ)।‌ মোৰ পাতল, আলফুল, কপাহী চুলি।‌মই আজিকালি গ্ৰাউন পিন্ধো।‌ থুতৰি থিয় কৰি, বুকু ফিন্দাই, তপিনা ওখ কৰি খোজ কাঢ়োঁ।‌ মই আজি ইউৰোপিয়ান।‌ জুহালৰ কাষত বহি মই কিবা এটা গুঠিঁছো, দুটামান উলৰ বল মোৰ কোঁচত , আৰু তাৰে কেইটামান মুকলি মজিয়াত।‌ মোৰ পৈণত আৰু খুউব সভ্য যেন মন এটা।‌মোৰ দেউতাই মোক ক’ব, “লিজি, আই কান্‌ট পাৰ্ট উইথ ইউ ফ’ৰ চ’মৱান লেচ্‌ দিজাৰভিং”।‌ সঠিক শাৰীটো মনত নাই,এনেধৰণৰ হয়তো কিবা এটা আছিল।‌ মই দাৰ্চিৰ প্ৰেমত পৰোঁ।‌দাৰ্চি, দাৰ্চি, দাৰ্চি।‌ আহ! আজিও দাৰ্‌চি মোৰ প্ৰিয়।‌ তেতিয়া মোৰ সকলোকে মিষ্টাৰ বিঙ্গলে, মিষ্টাৰ উইকহাম, মিচ্‌ কলিন্‌চ্‌;মিষ্টাৰ মিচ কৰি মাতিবৰ মন হয়।‌

আকৌ মই অসমলৈ ঘূৰি আহোঁ।‌ আজি মই “ৰাজনী কুৱৰী” আৰু “পাটকাইৰ সিপাৰে মোৰ দেশ”।‌নামচেং, বামুণী কোঁৱৰ নে চুহান,চাওপুলা,চুখ্ৰাং, তাইছুলাকে আদি কৰি সকলোৱে মিলি মোৰ বুকু খচখচাই থাকে দুদিনমান।‌ যাকেপাওঁ, যতেই পাওঁ বাৰম্বাৰ বিৰক্ত কৰোঁ, আমাৰ অসমৰ ইতিহাস কিমান গৌৰৱময় , কিমান সুন্দৰ।‌ ৰাজনী কুৱৰীৰ দৰে হৃদয় মোৰো হ’বনে! এবগেত,,,দুবেগেত হায় মোৰ জুখি চাবৰ মন হয়!

মই খুউব সুন্দৰ কেতিয়াও হবলৈ বিচৰা নাছিলোঁ।‌ নাৰীৰ” ব’ল্ড লুক” মোৰ খুউব পছন্দ।‌মন্দিৰাবেদীৰ চুটি চুলিৰ ট্ৰিম লুক অথবা “চল্ট”ৰ এঞ্জেলিনা মোৰ বেছি প্ৰিয়।‌পুৰুষতকৈ সৱল আৰু ক্ষীপ্ৰ, পৰিপাটী।‌ চিপচিপিয়া বৰষুণৰ দিন এটাত মই পবিত্ৰ লহকৰ হওঁ।‌ “কাওবয়” কেপ পিন্ধি কিবা অনুসন্ধানত ৰত হওঁ।‌অমলকৃষ্ণৰ লগত কিবা এটা ভীষণ আলোচনাত ব্যস্ত।‌শৈশৱ মানেই মোৰ বাবে “ৰঞ্জু হাজৰিকা”।‌ সৰুকালত টিংকল, মৌচাক, সঁফুৰা কিমান পঢ়িছিলোঁ মোৰ সঁচাই মনত নাই।‌মনত আছে যদি আলহী খাবলৈ গৈ মানুহৰ ঘৰত চুক এটা বিচাৰি ৰঞ্জু হাজৰিকাৰ কিতাপৰ কোনোবা কিবা ৰহস্যৰ কুঁৱলীত হাবুডুবু খাই থকা।‌ কিবা পাকত পৰি মায়ে যদি মাতিব আহে, এনেধৰণৰ তীক্ষ্ণ চাৱনি এটা দিছিলোঁ যে, মা দুনাই কাষ নাচাপিছিল।‌ এতিয়াও ছাগে তেখেতৰ নপঢ়া কিতাপ খুউব কম ওলাব ।‌ “স্তব্ধ অৰণ্য”ত অৰণ্যত বনভোজ খাবলৈ গৈ অন্তসত্বা “শ্ৰৱা”ক বাঘে খালে।‌ সমুদ্ৰই কিমান কান্দিলে? মই ফেকুৰি ফেকুৰি দুদিনমানলৈ কান্দিলোঁ, মাৰ বুজনি নৰজিল, দেউতাৰ ধমকতহে ঠিক হ’লো।‌

কিতাপ কি, কাহিনী কি, কৌতূহল কি? নাজানো।‌ মোৰ বাবে কিছুমান কিতাপ জীৱনৰ একো একোটা অংশ।‌ হয়তো শৈশৱ,একোটা সময়_যি সত্য আৰু সমানেই জীৱন্ত।‌কিন্তু ভাল অভ্যাস এটা ক’ৰবাত সৰি থাকি আহিল।‌গেৰেকনিত পৰি আহিল যেন এটা সুৰীয়া বাঁহী।‌ নতুন প্ৰকাশিত কিতাপবোৰ চাই ভাবোঁ, এইখন কিনিম, সেইখন কিনিম, নাই চবেই কিনিম।‌ কিন্তু কিনা নহয়।‌ মানুহজনেও কিতাপ কিনিলে ভাল পায়।‌ কয়;কিনিবা আকৌ ! মই আকৌ মীন্ট্ৰা ৰহে নিয়মীয়া গ্ৰাহক।‌ খুউব ফটাকানি কিনো।‌ কোনোবাই নতুন নতুন কিতাপৰ লিষ্ট দিলেই অলপো পলম নকৰাকৈ সাউত সাউত চেভ্‌ কৰি থওঁ।‌ভাবোঁ, সেইদিন আহিব,মোৰ সৰুকালৰ লাইব্ৰেৰীৰ দৰে মোৰ বুঢ়ীকালত এটা সংগ্ৰহালয় হ’ব।‌নপঢ়িবলৈ, নিলিখিবলৈ চেলু এটা অহৰহ বিচাৰি থাকো।‌কেতিয়াবা হেঁপাহ পলুৱাই কলম ধৰোঁ,কেতিয়াবা হেঁপাহ পলাই বেমাৰত ভোগোঁ, মানুহটোৰ লগত কাজিয়া কৰোঁ, হেপাহ পলাই ৰান্ধনী হওঁ, ঘৰসাজো, “কেইচী তেৰী খুদগৰ্জী, না ধুপ চুনে না চাৱ; হে কবিৰা মান জা” হেঁপাহ পলাই অলাগতিয়াল ট্ৰেজেডী ফালোঁ ; নহ’লে খুউব মেল’ডিয়াচ কিবা এটা সুৰ বেসুৰা কৰোঁ,”ৰৌক লৌউ ওচে আজ যানে ন দৌ, ৰৌনা পৰে বাদমে জিচ্‌কী ইয়াদমে, জিন্দেগী কী চফৰমে ” ;কেতিয়াবা খুউব কিবা এটা ৰোমাণ্টিক, “ইয়েহ মৌহ মৌহ কী ধাগে, তেৰী ওগলিয়ৌ চে যা উলঝে”, নহ’লে ছোৱালীৰ সৈতে ল’ৰালিৰ ফূৰ্তি, “জ্যোতিৰে লগতে এন্ধাৰে যুজিঁলে, এন্ধাৰে যায় যে ভাগৰি, মানুহ নমনা এন্ধাৰ নৃপতি যায় চুঁচৰি বাগৰি, পখীৰাজ ঘোঁৰা, খট্‌ খট্‌কৈ দৌৰা” আৰু কেতিয়াবা, কেতিয়াবা ভূৰুংকৈ অন্তৰ্ধান হওঁ।‌ বেলক’নিৰ গ্ৰীলৰ ফাঁকে ফাঁকে আঙুলি বুলাই ভাবোঁ, মই কয়দী।‌ আহ! বাহিৰত কি সুন্দৰ মুকলি আকাশ! ভাবোঁ, সাতমহলাৰ পৰা জাপ এটা দিছোঁ, আৰু “চোৱা চোৱা মই উৰিছো।‌” ছেহ্‌ ! চৰাই কিয় নহ’লো?” অথবা এদিনৰ বাবে ডেউকা এজোৰ ঋণত পোৱা হ’লেও কাম চলিল হয়! মনত পৰে সৰুতে কলপাত দুখিলা দুহাতত বান্ধি ধপলিয়াই ফুৰিছিলোঁ মুকলি পথাৰত! আৰু কেতিয়াবা হেৰাই থাকিবৰ মন হয়, “মই চিলা, মোৰ নাকী ছিঙা, বহু ওপৰলৈ উৰিছোঁ, চকুৰ আঁতৰত ,নাকত মোৰ ফাগুনৰ গোন্ধ” ।‌ “চোৱা, চোৱা মই এতিয়া ক’তো নাই।‌” কি যে একাচেকা মন এটাৰ ভাৰ বৈ থাকোঁ, নিজকে বুজি নাপাওঁ।‌

কিতাপ পঢ়াৰ নামত আজিকালি অনলাইন পেজবোৰ চাওঁ ।‌ ভাললগা মানুহবোৰৰ লিখনি প্ৰকাশ পালে তৃপ্তিৰ হাঁহি এটি ওলায় ,গৰ্বত গদ্‌গদ্‌ হওঁ ।‌কাৰোবাৰ পেজত গৈ টপ্‌ টপ্‌কৈ গল্পকেইটামান গিলি থওঁ।‌জীৱন কিয় সপোন নহয়? ইমান কিয় সচাঁ, জীৱন্ত! অভিভূত হওঁ।‌ কৰবাত জিভা মেলা আইকনটো বিচাৰি ঘুৰ্মুটিয়াই ফুৰো।‌কিবা এটা ৰসিক মন্তব্য পঢ়ি ফিচ্‌কৈ হাহোঁ।‌ক’ৰবাত কবিতা পঢ়োঁ, ততাতৈয়াকৈ উশাহ নোপোৱাযেন কৰি কবিতা লেখা মানুহজনীৰ মুখখন চাওঁ, চাওঁ ;” কি হয় সেয়া যি ইমান সুন্দৰ।‌” আৰু এনেদৰে কিছুমান ধুনীয়া ধুনীয়া কথাৰে বুকু ভৰাই আনো।‌ এনেদৰেই ,এনেদৰেই মই সুখী থাকো, বহুত সুখী।‌ আৰু মানুহবোৰ! তহঁতেও সুখ বিচাৰি পা, কুশলে থাক।‌ আৰু জীৱন তোৰ কিমানদিনৰ ঘৰ?প্ৰতিটো উশাহতেই চোন তোৰ গৰা খহনীয়া! তয়ো জৰা ব্যাধি দুখে চুব নোৱাৰাকৈ তুংগত বহি কুন্দত কটা হৈ জিলিকি থাক, হাঁহি থাক, দাঁত নিকটাই থাক, দপদপাই থাক।‌

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments