হৃদয় যেতিয়া যন্ত্ৰনা – জয়ন্ত মাধৱ বৰা

বহুত চেষ্টা কৰিও সি ছবিখন সম্পূৰ্ণ কৰিব পৰা নাই৷ তিনিটা কাঠৰ খুটাৰ ফ্ৰেমটোত আঁওজাই থোৱা কেনভাচখনৰ ওচৰলৈ সি বাৰে বাৰে গৈছে৷ ৰঙৰ বাতি এটাত ডুবাই ব্ৰাছডালেৰে কেনভাচত আঁকডাল মাৰিবলৈ লৈও ৰৈ গৈছে৷ না না না, এইখিনিত এই ৰংটো হ’বই নোৱাৰে৷ নন্দিতাৰ মুখখন এনেকুৱা নহয়৷ হাঁহিটো এনেকুৱা নহয়৷ আৰু সেই কেঁচুৱাটো, অসহায়ভাৱে তাৰ ফালে চাই আছিলযে? মনৰ মাজলৈ আহো নাহোকৈ ৰঙৰ ধাৰণাটো আহে, সেইমতে সি ব্ৰাছডাল তুলি ৰঙত ডুবায়৷ কিন্তু কেনভাচখনত দিবলৈ লৈ ৰৈ যায়৷ সি বিচৰা ৰং এইটো নহয়৷ ফ্ৰেমটো নহয়৷ ছেঃ মিছাতে ৰঙৰ বাতিটোত ডুবাই ব্ৰাছডাল লেতেৰা কৰিলোঁ –সি ভাবিলে আৰু লগে লগে পানীৰ টেপটো খুলি ব্ৰাছডাল ধুই পেলালে৷ ব্ৰাছডাল ধুই থাকোতে অপৰাগতাৰ বাবে তাৰ নিজৰ ওপৰতে খং উঠিল৷ সি ভবাৰ দৰে ছবিখন আঁকিব পৰা নাই কিয়?

ব্ৰাছডাল টেবুলৰ ওপৰত থকা ট্ৰেখনত থৈ সি আকৌ কেনভাছখনলৈ চালে দূৰৈৰ পৰা৷ দূৰৈৰ পৰা চালে ভাৱবোৰো বেলেগ হয়৷ কিবা এটা ভাল লাগে৷ পাহাৰ এটা দূৰৈৰ পৰা চালে যেনেদৰে ভাল লাগে৷ বহু দূৰৈৰ পৰা চালে নীলা ঢৌ এটা স্থিৰ হৈ ৰৈ থকা যেন লাগে৷ না না না, এখন নীলা চাদৰ, ক’ৰবাত অলপ ওখ, ক’ৰবাত অলপ চাপৰ৷ যেন প্ৰেমিকাৰ আবেগ আপ্লুত আকুলতা সিঁচৰতি হৈ থকা বুকুৰ আঁচলখন৷ সেই দৃশ্যই চাওঁতাজনকো ৰোমান্তিক কৰি তোলে৷ মনটোক বান্ধিব নোৱাৰা হয়৷ অলপ কাষ চাপি গ’লেই কিন্তু ৰংটো বেলেগ হৈ যায়৷ গভীৰ ৰহস্যৰে ভৰা ওখ চাপৰ সেউজীয়া এখন ডাঠ হাবি যেন লাগে৷ তাত প্ৰেম নাথাকে৷ কৌতূহল থাকে৷ আৰু একেবাৰে ওচৰৰ পৰা? একেবাৰে ওচৰৰ পৰা পাহাৰটো দেখি কেনেকুৱা লাগে? লঠঙা গছ এসোপা৷ শিল এসোপা৷ সেইসোপাৰ মাজত কিবা সৌন্দৰ্য থাকেনে? মানুহৰ জীৱনটোও এনেকুৱাই৷ ধৰি লওক, ফুটপাথেদি মানুহ এগৰাকী আহি আছে৷ দূৰৈৰ পৰা চালে মানুহগৰাকীক খুব সুখী যেন লাগে৷ চকুত চানগ্লাছ, গাত লিপিট খাই লাগি থকা নতুন ডিজাইনৰ কাপোৰ, লয়লাস ভংগী, আঁতৰৰ পৰা বৰ ধুনীয়া দেখি৷ নীলা পাহাৰটোৰ দৰেই৷ মুখখন ধুনীয়া লাগে, দেহৰ গঠনটো ধুনীয়া লাগে৷  অলপ কাষ চাপি গ’লেই ধাৰণাটো বেলেগ হৈ যায়৷ যেনেকৈ ভবা গৈছিল তেনেকুৱা ধুনীয়া নহয়৷ মুখখনত অলপ দাগ আছে৷ উগ্ৰ প্ৰসাধনেৰে সেইবোৰ ঢাকিবৰ চেষ্টা কৰিছে৷ চুলিবোৰ ৰং কৰিছে নেকি? নে মুগা বৰণীয়া কৰি পেলোৱাটো ফেশ্বন? তাতকৈও ওচৰৰ পৰা দেখাৰ লগে লগে বহু প্ৰশ্নই কৌতূহলী কৰি তোলে মন৷ তেওঁৰ ঘৰৰ জীৱন আৰু বাহিৰৰ জীৱন একেইনে? এইযে গাটোত কেইবাটাও ভাঁজ দি মোলায়েম হাঁহি এটাৰে তেওঁ ফুটপাথত থিয় হৈ মানুহ এজনৰ লগত কথা পাতি আছে, ঘৰতো ইমান ধুনীয়াকৈ পাতেনে? ঘৰতো সেই হাঁহিটো তেওঁৰ মুখত লাগি থাকেনে? অলপতে বিয়া এখনত এহাল দম্পতী লগ পাইছিল৷ বৰ ধুনীয়াকৈ সাজি-কাচি বিয়া খাবলৈ আহিছিল৷ বিয়া ঘৰত ইজন সিজনৰ লগত হাঁহি হাঁহি কথা পাতিছিল৷ উপযাচি গৈ চিনাকি হৈছিল আনৰ লগত৷ দুয়োটা আহি তাৰ লগতো চিনাকি হৈছিল৷

: আপোনাৰ পেইণ্টিংবোৰ বৰ ভাল লাগে৷

সি মিচিকিয়াই হাঁহি দিছিল৷ সুধিব খুজিছিল –কিয়? নুসুধিলে৷ কাৰণ সি জানে, “আপোনাৰ পেইণ্টিং মোৰ খুব প্ৰিয়, আপোনাৰ লেখা মোৰ খুব প্ৰিয়”, কিছুমানে যে এনেদৰে কয়, এনেয়ে কয়৷  কেনভাচখনলৈ চাই থাকোতেই তাৰ এই কথাবোৰ মনলৈ আহিল৷ সিদিনা নন্দিতাৰ লগত কথা পাতোতেও এনেকুৱা ভাৱবোৰেই মনলৈ আহিছিল৷  প্ৰত্যেক মানুহৰ ভিতৰত আৰু এজন মানুহ সোমাই থাকে৷  ভিতৰত সোমাই থকা মানুহজনহে আচল৷ নন্দিতাৰ লগত কথা পাতি এই ভাৱটো তাৰ দৃঢ় হৈ পৰিছিল৷ নন্দিতা মানে তাৰ লগত শান্তি নিকেতনত একেলগে পঢ়িছিলযে, সেই চটফটীয়া ছোৱালীজনী৷ চটফটীয়া শব্দটো সিহে কয়, বাকীবোৰৰ বাবে নন্দিতা বৰ স্মাৰ্ট ছোৱালী৷ তাৰ লগৰকেইটাৰ মাতে স্মাৰ্ট আৰু চটফটীয়াৰ মাজত পাৰ্থক্য আছে৷ আচলতে নন্দিতাৰ দৰে ছোৱালী এজনী পাৰফৰ্মিং আৰ্ট পঢ়িবলৈ শান্তি নিকেতনলৈ কিয় গ’ল সেইটো তাৰ বাবে এতিয়াও ৰহস্য৷ নন্দিতা তেনে ধৰণৰ ছোৱালীয়েই নাছিল৷ এদিন সি সুধিয়েই দিছিল –“তুমিযে ইয়াত পঢ়িবলৈ আহিলা, কুছ্ হজম ন্যাহি হুৱা৷ ”

নন্দিতাই খিলখিলাই হাঁহি দিছিল৷

: হাঁহিলা যে?

:  হাঁহিলো আৰু৷

সি মন কৰে নন্দিতাই কিবা এটা ঢাকি থ’ব বিচাৰে৷ সেই দিনা পিছে মুকলিকৈ কৈ দিছিল –“কি কৰিবা আৰু৷ মায়ে ক’লে, চাকৰি পোৱাৰ আশা নায়েই৷ ঘৰতে সোমাই থাকিলে ওচৰ-চুবুৰীয়াই বুঢ়ী হোৱা বুলি ভাবিব৷ বিয়া দিবলৈ ল’ৰা নোলাবই৷ তাতকৈ ক’ৰবাত কিবা এটা পঢ়ি থাকা৷ পঢ়ি থাকিলে সৰু ছোৱালীৰ নিচিনা লাগিব৷ ল’ৰাও আহিব তেতিয়া বিয়া পাতিবলৈ৷ মাৰ কথা শুনিয়েই গুচি আহিলো৷” সি আচৰিত হৈছিল৷ নন্দিতাই বাৰু চিৰিয়াছলি কৈছেনে? বিয়া পাতিবলৈ ল’ৰা নাপাব বুলিয়েই পঢ়িবলৈ একেবাৰে শান্তি নিকেতন পালেহি? অন্য ক’ৰবাতো পঢ়ি থাকিব পাৰিলেহেঁতেন৷ বা গুৱাহাটীতে ক’ৰবাত৷ নে ঘৰখনৰ পৰা আঁতৰি নিৰিবিলি পৰিৱেশ এটা বিচাৰি আহিছে?

: এ সেইদিনা পেপাৰখন চাই আছিলো৷ এড্টো দেখিলো৷ ভাবিলো শান্তি নিকেতনতে দুদিনমান তাতে থাকি আহো৷ আজিকালি মানে অসমত পঢ়িছো বুলি ক’লে কোনেও পাট্টাই নিদিয়ে৷ বাহিৰত পঢ়াটো ফেশ্বন হৈ গৈছে৷ তেতিয়া মানে ওৱেটটো অলপ বাঢ়ি যায়৷ সেই কাৰণেই আহিলো৷

তাইৰ কথা শুনি লগৰ আটাইবোৰে হাঁহি দিছিল৷ সি কিন্তু হাঁহিব পৰা নাছিল৷ কি আচৰিত এই ছোৱালীজনী? কেৱল ফেশ্বনৰ বাবেই অকণো ৰাপ নথকা বিষয় এটা পঢ়িবলৈ ইয়ালৈ গুচি আহিল? বোধহয় এনেধৰণৰ ব্যতিক্ৰমী চৰিত্ৰৰ বাবেই সি নন্দিতাৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তাইক দেখিলেই আগবাঢ়ি গৈছিল, সুবিধা পালেই কাষে কাষে ফুৰিব বিচাৰিছিল, বন্ধত ফুৰিবলৈ লগ ধৰিছিল৷ ৰিঙা ৰিঙা কোনোবা দুপৰীয়া গছৰ ছাঁত অকলে বহি থকা দেখিলে সি দৌৰি গৈ কাষত বহিছিল৷  সুধিছিল –“অকলে অকলে কি ভাবি আছা?” বেছি গুৰুত্ব দিয়া দেখি এদিন তাই হাঁহি হাঁহি সুধিয়েই দিলে –“তুমি মোৰ প্ৰেমত পৰিছা নেকি?”

সি থতমত্ খাই গৈছিল৷ বাপৰে এইজনী কম ছোৱালী নহয় দেই! ল’ৰাইও এনেকৈ ফেচ্ টু ফেচ্ কথা ক’ব নোৱাৰে৷ তাক অবাক কৰি নন্দিতাই এইবাৰ খিল্খিলাই হাঁহি হাঁহি ক’লে –“যদি প্ৰেমত পৰিছা, প্লীজ এতিয়াই এৰা৷  পিছত দেৱদাস হৈ যাবা, মোক কিন্তু ব্লে’ম নিদিবা৷ মই তোমালোকৰ দৰে দীঘল চুলি ৰাখি পিছফালে টিকনি ওলোমাই নিজকে কিবা বেলেগ দেখুৱাই থকা ইম’চনেল আৰ্টিষ্টবোৰক বিয়া কৰোৱাত নাই৷ মই যেনেকৈ বেলেগ, মোৰ ড্ৰীমবোৰো বেলেগ৷ ”

সি ইমান লাজ পাইছিল, সেইদিনাৰ পৰা সি নন্দিতাৰ আগত মুখ উলিয়াবলৈও লাজ কৰা হৈছিল৷ নন্দিতাক দেখিলেই সি কিবা হীনমন্যতাত ভোগা হৈছিল৷ বৰ অশান্তিত দিন পাৰ হৈছিল তাৰ৷ পিছে এদিন তাৰ অস্বস্তিৰ ওৰ পেলাই নন্দিতা নিজেই পঢ়া আধাতে সামৰি শান্তি নিকেতনৰ পৰা গুচি গৈছিল৷ ধুমুহাৰ দৰে আহিছিল ছোৱালীজনী, ধুমুহাৰ দৰেই গুচিও গ’ল৷ তাই যোৱাৰ পিছত লগৰকেইটামানে তাইৰ ভংগীমাবিলাক ভেঙুচালি কৰি দেখুৱাই তাইৰ বদনাম গাইছিল৷ তাই হেনো নিজকে বেছি স্মাৰ্ট দেখুৱাইছিল৷ “বেছি দেখুৱায় বে!”৷ কৈয়েই উৎকট অশ্লীল ভংগীমাৰে ল’ৰাটোৱে উকি মাৰি দিছিল৷ অথচ সেই সময়ত সিহঁতেহে তাইৰ বেছিকৈ লগ লৈছিল৷ নন্দিতাৰ শৰীৰটোক লৈ আলোচনা কৰিছিল৷ সি ক্ষুণ্ণ হৈছিল এই কথাবোৰত৷

তাৰপিছত বহুদিন তাইৰ সৈতে একো যোগাযোগ নাছিল৷ সি গুৱাহাটীলৈ ঘূৰি আহিছিল আৰু দুখনমান প্ৰদৰ্শনী পাতিছিল৷ তেনেকুৱা এখন প্ৰদৰ্শনীলৈকে তাক অবাক কৰি এদিন নন্দিতা হুৰমূৰাই সোমাই আহিছিল৷ প্ৰথমতে সি চিনিয়েই পোৱা নাছিল৷

: কিয়? মই বেলেগ হৈ গ’লো নেকি? –নন্দিতাৰ একেই খিল্খিল্ হাঁহি৷

: অলপ খীণালা নেকি৷

: ইচ্ বহুদিনৰ মূৰত দেখি প্ৰেমিকাক কোৱাৰ দৰে ক’লা৷

সি অপ্ৰস্তুত হৈ পৰিছিল৷ নন্দিতাই পৰিৱেশটো সহজ কৰি তুলিছিল৷ ক’লে –“আজিকালি ডায়েটিং কৰো বুজিছা৷ শকত ছোৱালীক ল’ৰাই পছন্দ নকৰে৷ ”

আকৌ তাৰ অবাক হোৱাৰ পাল৷ নন্দিতাৰ দৰে ছোৱালীয়ে কেতিয়াৰ পৰা ল’ৰাৰ পছন্দ অপছন্দৰ কথা ভবা হ’ল? তাৰপিছত তাই খপজপাই বেগৰ পৰা চিঠি এখন উলিয়াই তাৰ হাতত দিলে –“মই আচলতে এইখন দিবলৈহে তোমাৰ ওচৰলৈ আহিছোঁ৷ ” চিঠিখন খুলি চাই সি বেছি আচৰিত হ’ল –“তোমাৰ বিয়া?”

: কিয়, মোৰ বিয়া হ’ব নালাগেনেকি?

: ন-হ-য় মানে…

: তুমি যেনেকুৱা কৰিছা মোৰ বিয়া হোৱাটো যেন অষ্টম আশ্চৰ্য৷

সি আকৌ অপ্ৰস্তুত হৈ পৰিছিল৷ প্ৰপ’জ কৰাৰ দিনা যেনেদৰে অপ্ৰস্তুত হৈ পৰিছিল তেনেদৰেই৷ অহাৰ দৰেই নন্দিতা আকৌ হুৰমূৰাই ওলাই গৈছিল৷ যাওঁতে বাৰে বাৰে কৈ গৈছিল –“বিয়ালৈ আহিবা কিন্তু৷ তোমাক বিচাৰি বিচাৰি আহি চিঠি দিছোহি৷ ”

তাৰ সেইদিনা খুব বেয়া লাগিছিল৷ ইমান দিনৰ মূৰত তাইক দেখিলে, অথচ তাইৰ বিয়াৰ খবৰটোৱে তাৰ মনটোক বিষাদগ্ৰস্ত কৰি গ’ল৷ সি কি এতিয়াও নন্দিতাক মনৰ পৰা আঁতৰাই পঠাব পৰা নাই? নন্দিতাৰ চেহেৰাটো সি আকৌ মনত পেলালে৷ মুখখনৰ কমনীয়তা বাৰু আগতকৈ কমিল নেকি? হয়, হয়, গালৰ হনুডাল অলপ ওলাই গ’ল৷ গাৰ ৰংটো? আগৰ উজ্জ্বলতা নাই৷ কথা কোৱাৰ ধৰণ আৰু হাঁহিটো পিছে একেই আছে৷

বিয়াৰ ৰিচেপশ্যনৰ দিনা সি গ’ল৷ পেণ্ডেলৰ ভিতৰত অজস্ৰ মানুহ৷ সি প্ৰায়খিনি সময় নন্দিতাৰ কাষতে থাকিল৷ সকলোৱে উপহাৰ দি তাইক শুভেচ্ছা জনাইছে৷ মিচিকিয়া হাঁহি মাৰি তাই উপহাৰবোৰ লৈছে৷ উপহাৰ লওঁতে বিনয়ী হৈ মূৰটো দোঁ খাই গৈছে৷ সি নন্দিতাৰ মুখলৈকে চাই আছিল৷ তাৰ প্ৰেমিকাৰ বিয়া৷ কইনাৰ সাঁজত তাৰ প্ৰেমিকা তাৰ সন্মুখত৷ হিন্দী চিনেমাৰ ক্লাইমেক্সৰ নিচিনা দৃশ্য৷ হঠাৎ তাক অবাক কৰি নন্দিতাই মুখখন তাৰ মুখৰ ওচৰলৈ নি আনে নুশুনাকৈ ক’লে –“এই কইনা হোৱা কাৰবাৰটো বৰ বিৰক্তিকৰ৷ চিনাকি অচিনাকি গোটেইবোৰকেযে জোৰকৈ হাঁহি এটা মাৰি নমস্কাৰ দি থাকিব লাগে৷ মোৰ মুখলৈ চোৱাচোন৷ হাঁহিটো নেছাৰেল যেন লাগিছেনে?” এইবুলি তাই তাৰ ফালে চাই হাঁহি হাঁহি প’জ এটা দি নমস্কাৰ দিলে৷ তাৰ হাঁহি উঠি গ’ল৷ কি অদ্ভুত ছোৱালী এইজনী৷ বিয়াৰ পেণ্ডেলৰ ভিতৰত ইমানবোৰ মানুহৰ আগতনো এই ধেমালিবোৰ কৰিব লাগেনে?

বিয়াৰ পিছত বহুদিন তাৰ নন্দিতাৰ লগত যোগাযোগ নাছিল৷ বিয়াৰ দিনা সি সোধাও নাছিল বিয়াৰ পিছত তাই গুৱাহাটীতে থাকিব নে তাই কল্পনা কৰাৰ দৰে কোনোবা মেট্ৰ’ চিটিত থাকিব? আনকি কাৰ লগত বিয়া হৈছে, ল’ৰাটোৱে কৰে কি সেইটোও নুসুধিলে৷  সি বাৰু ঈৰ্ষান্বিত হৈ উঠিছিল নেকি? অস্থিৰ হৈ পৰিছিল নেকি? তাৰ জীৱনৰ পৰা কিবা এটা হেৰাই যোৱা যেন লাগিছিল নেকি?

বহুত দিনৰ মূৰত সিদিনা হঠাৎ সি আকৌ নন্দিতাৰ সৈতে মুখামুখি হ’ল৷ তাকো এক অবাঞ্চিত পৰিৱেশত৷ লগৰে আৰ্টিষ্ট এজনৰ খবৰ ল’বলৈ সি গুৱাহাটী মেডিকেল কলেজলৈ গৈছিল৷ হচপিটালৰ কৰিডৰতে হঠাৎ তাৰ সৈতে মুখামুখি হ’ল নন্দিতাৰ৷ সি একেবাৰে চিনি পোৱা নাছিল৷ তাৰ ফালে চাই হাঁহি দিয়াতহে সি মনোযোগ দি চালে আৰু উচপ্ খাই উঠাদি উঠিল –“নন্দিতা তুমি? ইয়াতযে?”

অকণমান সময় তাই অলপ অপ্ৰস্তুত হৈছিল৷ তাৰপিছতে আকৌ আগৰ স্বভাৱ আচৰণত ফুটি উঠিল –“কি খবৰ? তোমাৰ নাম আজিকালি পেপাৰত ওলাই থাকে৷ ডাঙৰ আৰ্টিষ্ট হৈ গ’লাহে৷ ”

তাৰ মুখখনত মুহূৰ্ত্তৰ বাবে অহংকাৰৰ ভাৱ এটা ফুটি উঠিল৷ অন্ততঃ আজি নন্দিতাই স্বীকৃতি দিবলৈ বাধ্য হ’ল যে তাৰো এটা আইডেনটিটি আছে৷ ক’ব খুজিছিল –তুমিহে আৰ্টিষ্ট বুলি হাঁহিছিলা৷ দেখিলা, মই ক’ত পাই গ’লো৷ তাৰ মনৰ ভাৱটো নন্দিতাই ধৰিব পাৰিলে নে নাই সি বুজি নাপালে৷ সি নন্দিতাৰ মুখখনলৈ চালে৷ ইমান খীণালে যে তাইৰ মুখৰ গঢ়টোৱেই সলনি হৈ গৈছে৷ চুলিকোচা? আগতে বিউটি পাৰ্লাৰলৈ গৈ চুলিবোৰ পোন কৰি ৰাখিছিল৷ বোধহয় বহুদিন যোৱা নাই৷ চুলিবোৰ কেঁকোৰা, ৰুক্ষ৷ যতন নোলোৱাৰ চিহ্ন স্পষ্ট৷ আৰু আগতেযে তাই পিন্ধিছিল কিচিম কিচিম ডিজাইনৰ কাপোৰবোৰ? সম্পূৰ্ণ বিপৰীত এজনী ছোৱালী৷ বাৰে বাৰে সি ইমান বৈপৰীত্যৰ মুখামুখি হয় কিয়? সি নন্দিতালৈ একেথৰে চাই থাকিল৷ ইমান জধলা হৈ পৰিলযে তাই? কোলাত এটা কেঁচুৱা৷ লগত কোনো নথকাৰ পৰা ধৰিব পাৰি সেইটো তাইৰেই কেঁচুৱা৷ কেঁচুৱাটো শুই আছে৷ অসুখীয়া যেন লাগে৷

: তোমাৰ?

: কিযে কোৱা, মই আৰু লোকৰ কেঁচুৱা এটা লৈ ফুৰিমনে? –সি মন কৰিলে নন্দিতাৰ কথা কোৱাৰ ধৰণ কিন্তু সলনি হোৱা নাই৷

: ইয়াত ক’ত থাকা?

: একচুৱেলি আমি বাংগালুৰুতে চেটেল্ড হ’লো৷ ইয়াত এচাইনমেণ্ট এটাত আহিছো৷ দুদিনমান থাকিম কাৰণে ভাড়াঘৰ এটাকে লৈ আছো৷ মিষ্টাৰে কৈছিল ফ্লেট এটাকে কিনি লওঁ বুলি৷ মই মানা কৰিলো৷ মিছা-মিছি ঘৰ এসোপা কিনাৰ কি দৰ্কাৰ?

সি অস্থিৰ হৈ পৰিল৷ নন্দিতাৰ ওচৰত সি আজিও নিঃস্ব৷ এবাৰ এখন আলোচনীত পঢ়িছিল, ভাৰতৰ আটাইতকৈ ধনী মানুহজনে হেনো তেওঁৰ পত্নীৰ জন্মদিনত পত্নীক উপহাৰ দিছিল কোটিটকীয়া এখন এৰ’প্লেন৷ নন্দিতাৰ হাজবেণ্ডেও নন্দিতা য’লৈকে যায় তাতেই এটা অট্টালিকা কিনি দিয়ে৷ প্ৰথমবাৰৰ বাবে সি অনুভৱ কৰিলে, সি দুখীয়া৷ বোধহয় তাৰ অস্থিৰতা মুখত প্ৰকাশ পালে আৰু ক’ব নোৱাৰাকৈ তাৰ মুখৰ পৰা ওলাই গ’ল –“অ’ কে৷ যাওঁ৷ ” কৈ সি নৰলেই৷ কৰিডৰটোৱেদি অলপ দূৰ যোৱাৰ পিছতহে তাৰ খেয়াল হ’ল, কেঁচুৱাটো লৈ নন্দিতা কিয় হচপিটাললৈ আহিছিল সিটো নুসুধিলেই৷ সেইযে শান্তি নিকেতনত কিবা এটা ভাল লাগিছিল, সেই ভালপোৱা আকৌ উক্ দিলে৷ তাৰ ভাৱ হ’ল নন্দিতাই কিবা এটা ফাঁকি দিছে৷ তাইক কিবা এটা সহায়ৰ প্ৰয়োজন, অথচ সংকোচ কৰিছে ক’বলৈ৷ লুকুৱাবলৈ কৰা তাইৰ সযতন চেষ্টা ধৰা পৰি গৈছে৷ য’ত নন্দিতাক এৰি থৈ গৈছিল তালৈ সি দৌৰি অহাদি আহিল৷ কৰিডৰটোৱেদি মানুহৰ অবিচ্ছিন্ন সোঁত৷ এেসোপা সোমাইছে, এসোপা ওলাইছে৷ প্ৰতিজনেই ইয়াত যন্ত্ৰনা আৰু সমস্যাৰে আক্ৰান্ত৷ অপৰিসীম কষ্ট, যন্ত্ৰনা আৰু সমস্যাৰ মাজতো জীয়াই থাকিবলৈ মানুহৰ কিমান হেঁপাহ, ইয়ালৈ আহিলেই অনুভৱ কৰিব পাৰি৷

ইতিমধ্যে নন্দিতা চাগে তাইৰ বিলাসী গাড়ীখনত বহিছেগৈ৷ খন্তেক পিছতে নন্দিতাক লৈ খুব নিমজ আৰু শ্লথ গতিত গাড়ীখন হচপিটালৰ চৌহদৰ পৰা ওলাই যাব৷ তাৰ আগতেই সি নন্দিতাক লগ ধৰাটো দৰকাৰ –কোৱাচোন, তোমাক মই কেনেদৰে সহায় কৰিব পাৰো?

: মোক সহায়? মইতো বিচৰা নাই৷ ইয়াততো অকণমান সহায়ৰ আশাত কিমান মানুহ আছে৷ তুমি তেওঁলোকৰ ওচৰলৈ যোৱা নাই কিয়? মোৰ প্ৰতি বেছি দুৰ্বলতা দেখুৱাইছা দেখোন৷

ইচচচ….খোলাৰ ভিতৰত শামুকটো সোমাই যোৱাদি সিও কোঁচ-মোচ খাই গ’ল৷ হ’ব পাৰে, হ’ব পাৰে, নন্দিতাৰ লগত এনেকুৱাও হ’ব পাৰে৷ তাই ছোৱালীজনী তেনেকুৱাই৷ ঘপহকৈ মুডটো সলনি কৰি দিয়ে৷ মনটো বেয়া কৰাতকৈ নন্দিতাক মনৰ পৰা উলিয়াই দিয়া ভাল৷  বাহিৰলৈ ওলাই গৈও নন্দিতাক বিচৰাৰ চিন্তা এৰি সি আকৌ ভিতৰলৈ সোমাই যাব খুজিলে আৰু সেই সময়তে দেখিলে, কেঁচুৱাটো লৈ নন্দিতা এখন অটোত উঠিছে৷ সি কল্পনা কৰিছিল এখন বিলাসী গাড়ীৰ আৰু বাস্তৱত দেখিলে তিনিটা চকাৰ জৰাজীৰ্ণ এখন অটো৷ তাৰ কল্পনাতো ইমান বৈপৰীত্য কিয়? এই মুহূৰ্ত্তত তাৰ নিজকে এজন অনুসন্ধানকাৰী বিষয়া হ’বলৈ মন গ’ল৷ সৰুতে আগাথা ক্ৰিষ্টিৰ কাহিনীবোৰ পঢ়ি থাকোতেও সি নিজকে এজন ডিটেক্টিভৰ ৰূপত কল্পনা কৰিছিল আৰু তেনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ মন গৈছিল৷ আৰু সেইযে ব্যোমকেশ বক্সি? সি ব্যোমকেশ বক্সিৰ দৰে কথা ক’বলৈ ধৰিছিল আৰু লগৰবোৰে তাক পাগল বুলি জোকাইছিল৷ তাৰ কল্পনাই লগৰবোৰক বিৰক্ত কৰিছিল৷ এতিয়াও যদি তাৰ কল্পনাই নন্দিতাক বিৰক্ত কৰে? মুহূৰ্ততে তাৰ মনৰ পৰা বতাহত কৰ্পূৰ উৰাদি উৰি গ’ল আগাথা ক্ৰিষ্টিৰ সেই ডিটেক্টিভজন অথবা আকৌ এবাৰ ব্যোমকেশ বক্সি হোৱাৰ সপোন৷

নন্দিতাক পাহৰিবৰ বাবেই দুদিনমান সি অনাই-বনাই ঘূৰি ফুৰিলে৷ নদীৰ পাৰত অথবা পাৰ্কত বহিল৷ গধূলি ৰত্নহঁতৰ লগত বহি মদ খালে৷ মদ খাওঁতে ৰত্নই খুব অশ্লীল কথা কয়৷ ৰত্নই ব্যৱসায় কৰে৷ টকা কৰিছে যথেষ্ট৷ কেৱল ফূৰ্ত্তি কৰাৰ ধান্দা৷ কোনজনী ছোৱালীক কোনখন হোটেললৈ নি কি কৰিলে, মদ খাই থাকোতে গোটেই কথাবোৰ সি মুকলিকৈ কয়৷ কওঁতে অংগী-ভংগী কৰি দেখুৱায়৷ বাকীবোৰে হাঁহে৷ সি কিন্তু হাঁহিব নোৱাৰে৷ পৰিৱেশটোৱে তাক অস্থিৰ কৰি তোলে৷ গোটেইখন লেতেৰা লেতেৰা লাগে, ৰত্নহঁতক পায়খানাৰ গাঁত এটাত সোমাই থকা যেন লাগে৷ দুৰ্গন্ধত তাৰ বমি কৰি দিওঁ যেন লাগে৷ এদিন বমি কৰি দিলেই৷ ৰত্নই তাক গতিয়াই গতিয়াই খেদি দিলে –“চাল্লা মাল খাই হজম কৰিব নোৱাৰ যদি খাৱ কিয়?”

: এইটোক লগত বহুৱাবই নালাগে৷ এগিলাচ খাওঁতেই বমি৷

: বমি নকৰিব? আমি ছোৱালী পালে এঞ্জয় কৰো৷ ই বেটাই ছোৱালীজনীৰ কথা ভাবি ভাবি ছবি আঁকে৷

: হিজৰা হয় বে৷

গোটেইবোৰে ইতিকিং কৰি শব্দ কৰি হাঁহিলে৷ সি গুচি আহিল আৰু সেই দিন ধৰি সিহঁতৰ আড্ডালৈ যোৱা নাই৷ আৰু আচৰিতভাৱেই সেই দিনাৰ পৰাই সি নন্দিতাৰ ছবি এখন আঁকিবলৈ চেষ্টা কৰি আছে৷ অথচ পৰা নাই৷ ৰঙত ডুবাই ব্ৰাছ ডালেৰে আঁক এটা টানিবলৈ গৈও ৰৈ যায় –না না না, এই ৰংটোৰে নন্দিতাক ফুটাই তুলিব পৰা নাযাব৷ তাইৰ বহুত সপোন আছে৷ তাইযে পাখি মেলি উৰি থাকিব বিচাৰে, এই ৰংটোৱে সেইটো প্ৰকাশ নকৰিব৷ আচ্ছা, পেন্সিল আৰ্ট কৰিব নেকি? ব্লেক এণ্ড হোৱাইট্? না না, নন্দিতাৰ সপোন ইমান ৰঙীন, পেন্সিল আৰ্টৰ দ্বাৰা সেইটো প্ৰকাশ কৰিব নোৱাৰি৷ সি বাৰে বাৰে চেষ্টা কৰে, বাৰে বাৰে হতাশ হয়৷ কিয় আঁকিব পৰা নাই নন্দিতাৰ ছবিখন? ক’ৰবাত কিবা গণ্ডগোল আছে৷ কি গণ্ডগোল আছে? আকৌ আগাথা ক্ৰিষ্টিৰ ডিটেক্টিভজন তাৰ ভিতৰলৈ সোমাই আহিল৷ কৌতূহলী হৈ সি এইবোৰ গণ্ডগোলটো বিচৰাত লাগিল৷ কৌতূহল থাকিবই লাগিব৷ জীৱনটোৱেই কিমান অপাৰ কৌতূহলৰ আকৰ৷ কৌতূহল নাথাকিলে আজিকালি কোনেও চিনেমা এখন নাচায়৷ কৌতূহল নাথাকিলে আনকি টি ভিৰ নিউজটোও নোচোৱা হ’ল, বাতৰিখনো নপঢ়া হ’ল৷ এই কৌতূহলটোৱেই আজিকালি ড্ৰাগছ জাতীয় কিবা এটা হৈ পৰিছে৷ সকলো সময়তে কৌতূহলী হৈ থাকে সকলো৷ কোনে কি কৰে চাই থাকে৷ কৌতূহলী হৈয়েই দুদিনমান সি অলিয়ে-গলিয়ে ঘূৰি ফুৰিলে৷ নন্দিতাৰ নিচিনা ছোৱালী দেখিলেই কপাল সংকুচিত কৰি চালে৷ কেনেকুৱা ঠাইবোৰলৈ নন্দিতা যাব পাৰে, মানে গৈ ভাল পাইছিল, সি মনত পেলাবলৈ চেষ্টা কৰিলে৷ হয়, আগতে তাই খুব চিনেমা চাইছিল৷ কেইদিনমান সি চিনেমা হলবোৰত বিচাৰি ফুৰিলে৷ নোপোৱা দেখি ভাবিলে, তাইৰ আগৰ চখবোৰ নোহোৱা হৈ গ’লনেকি? আৰু সপোনবোৰ? হঠাৎ তাৰ ভাৱ হ’ল, কিজানি কিহবাই তাইৰ সপোনবোৰ সলাই পেলালে? সি আকৌ হচপিটালখনলৈ যোৱাটোকে ভাল হ’ব৷  সিদিনা হচপিটালৰ কৰিডৰত দেখি তাৰ এনেকুৱা লাগিছিল, এই ৰাস্তাটো নন্দিতাৰ চিনাকি৷ প্ৰতিদিনেই আহে৷ ৰহস্য উদঘাটনৰ সূত্ৰৰ সন্ধানে ব্যোমকেশ বক্সিৰ মুখখন যেনেদৰে উজ্জ্বল কৰি তুলিছিল, তাৰ মুখখনো তেনেদৰেই উজ্জ্বল হৈ উঠিল৷

নন্দিতাক লগ পোৱাৰ দিনা যিটো সময়ত সি হচপিটাল পাইছিলগৈ, সেই একে সময়তে সি আকৌ ওলালগৈ৷ তাৰ কৌতূহলী দৃষ্টিয়ে চাৰিওফালে চলাথ কৰিলে নন্দিতাক আৰু আচৰিতভাৱে চিনেমাৰ কাহিনীৰ দৰে, যেন কাহিনীকাৰে তেনেদৰে কাহিনীটো সজাইহে থৈছিল, তেনেদৰেই সি নন্দিতাক দেখা পাই গ’ল৷ লগত কেঁচুৱাটো নাই৷ ডাক্তৰৰ চেম্বাৰৰ সন্মুখত ৰৈ আছে৷ অলপ অস্থিৰ তাই৷ সি আগবাঢ়ি গ’ল আৰু হঠাৎ যেন দেখা পালে এনেকুৱা এটা ভাৱত মাতিলে – ‘নন্দিতা৷’

আজি তাই অপ্ৰস্তুত হ’ল৷ এই মুহূৰ্ত্তত তাকযে তাই কাষত বিচৰা নাই তাইৰ মুখত প্ৰকাশ পাই গৈছে৷ এয়া অন্য এজনী নন্দিতা৷ আগৰ সেই বেপৰোৱা, গৰ্বিত যৌৱনা ছোৱালীজনী নহয়৷ অসহায়, অধোবদন আৰু কিছু অস্থিৰ৷

: “তুমি ইয়াতযে?” –সি আকৌ আচৰিত হোৱাৰ ভাও ধৰিলে৷

: ছোৱালীজনীক অলপ ট্ৰিটমেণ্ট কৰাই আছো৷

: কি হৈছে?

: নাই নাই নাই একো হোৱা নাই৷ তাই সম্পূৰ্ণ সুস্থ৷ –তাই জোৰ দি কথাটোৰ সত্যতা প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰিলে৷  সম্পূৰ্ণ সুস্থ ছোৱালীজনীৰ আকৌ কি ট্ৰিটমেণ্ট? নন্দিতাৰ সন্মুখতে সি এইবাৰ আগাথা ক্ৰিষ্টিৰ কাহিনীৰ ডিটেক্টিভজন হৈ পৰিল৷

: কিবা এবনৰ্মেল?

: নাই নাই নাই তেনেকুৱা একো নহয়৷ –নন্দিতাই এইবাৰ তাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি ডাক্তৰৰ চেম্বাৰটোৰ ভিতৰলৈ সোমাই গ’ল৷ তাইযে বিৰক্ত হৈছে যাওঁতে সেইটো দেখুৱাইও গ’ল৷ সি কিন্তু নাচোৰবান্দা৷ আগাথা ক্ৰিষ্টিৰ ডিটেক্টিভজনেও, আনকি ব্যোমকেশ বক্সিয়েও বহু সময়ত কটু কথা শুনিবলগীয়া হৈছিল৷ সি কিছু দূৰ আঁতৰি গ’ল আৰু আলেঙে আলেঙে লক্ষ্য কৰি থাকিল৷

বহু সময়ৰ পিছত কেঁচুৱাটোক কোলাত লৈ নন্দিতা ওলাই আহিল৷ এইবাৰ কিছু ক্লান্ত তাই৷ সি দৌৰ মাৰি অহাদি তাইৰ ওচৰলৈ আহিল আৰু সি এনেকৈ অহা দেখি নন্দিতা আচৰিত হ’ল৷ আত্মাভিমান আৰু আত্ম-অহংকাৰত আঘাত পৰাত ভয়ংকৰ হৈ উঠাৰ সকলো সম্ভাৱনা দেখা পোৱাত সি অলপ ভয় খালে৷ নন্দিতাৰ পৰা প্ৰত্যাখিত হোৱাৰ আগতেই কৈ পেলালে –“চোৱা, আমি বন্ধু আছিলো৷ তুমি স্বীকাৰ নকৰিলেও তোমাৰ প্ৰতি এটা সময়ত মই দুৰ্বল হৈছিলো৷ এনেবোৰ আবেগিক সম্পৰ্কইতো মানুহে মানুহক সহায় কৰিবলৈ বাধ্য কৰাই আহিছে৷ মই মনটোৱে কৈছে এই সময়ত তোমাক মোৰ সহায়ৰ প্ৰয়োজন৷ মোক বিশ্বাস কৰিব পাৰা৷ মই তোমাৰ কোনো অপকাৰ নকৰো৷ ”

এটা নেন’ ছেকেণ্ডৰ বাবে সি অনুভৱ কৰিলে, বেছি নাটকীয় হ’লনেকি বাৰু কথাখিনি? কিন্তু সি দেখিলে এই নাটকীয় কথাখিনিয়েই নন্দিতাকো আবেগিক কৰি পেলাইছে৷ ক্লান্তিয়ে হেঁচা মাৰি ধৰা তাইৰ মুখখন উজ্জ্বল হৈ উঠিল৷ সিহঁতৰ কাষেদিয়েই সমস্যাজৰ্জৰ, যন্ত্ৰনাকাতৰ অগণিত মানুহৰ অহা-যোৱা৷ তাৰমাজত সিহঁত দুটা একেঠাইত ৰৈ আছে৷ “ব’লা, বাহিৰলৈ যাওঁ৷ ” –সি ক’লে৷ সমস্যাজৰ্জৰ, যন্ত্ৰনাকাতৰ মানুহবোৰৰ লগে লগে দুয়োটা বাহিৰলৈ ওলাই আহিল৷ আহি থাকোতে তাৰ ভাৱ হ’ল, নন্দিতাৰ প্ৰতি তাৰ এটা দায়িত্ব আছে৷ নন্দিতাৰো মন ভৰি আহিল৷ ইমান দিনৰ পিছত এখন আপোন আৰু বিশ্বাসী হাত যেন তাইৰ কাষলৈ আহিছে৷ সকলো অহংকাৰ, সকলো আত্মাভিমান হুৰহুৰকৈ খহি পৰিল৷ মন্ত্ৰমুগ্ধৰ দৰে তাই তাৰ কাষে কাষে গৈ থাকিল আৰু সি উঠাৰ লগে লগে কোনো প্ৰশ্ন নকৰি তায়ো অটোৰিক্সাখনত উঠিল৷ এইবাৰ ৰিক্সাখনক তাই নিৰ্দ্দেশ দি গ’ল৷ নন্দিতাৰ নিৰ্দ্দেশ অনুসৰি এটা প্ৰকাণ্ড অট্টালিকাৰ সন্মুখত অটোখন ৰ’ল৷ এই গোটেই সময়খিনি দুয়োটা দুয়োটাৰ মাজত ডুবি থাকিল৷ কোনেও এটা শব্দও নক’লে৷ ঘৰটোৰ সন্মুখত ৰৈ সি ভাবিলে, দুটা মানুহ থাকিবৰ বাবে এই প্ৰকাণ্ড ঘৰটো? অৱশ্যে এইটো একো ডাঙৰ কথা নহয়৷ ধনী মানুহবোৰৰ চখবোৰো অদ্ভুত ধৰণৰ৷ ইয়াত থকা সময়খিনিত ফ্লেট এটাকে কিনি দিব খুজিছে যেতিয়া…… পিছ মুহূৰ্ত্ততে কিন্তু তাৰ সকলো ধাৰণা নসাৎ কৰি নন্দিতা প্ৰকাণ্ড ঘৰটোৰ কাষেদি গৈ পিছফালৰ দীঘলীয়া ঘৰ এটাৰ কোঠা এটাৰ সন্মুখত ৰৈ দুৱাৰখন খুলিলে আৰু তাৰ ফালে চাই ক’লে –“আহা৷ ”

এটা বিশৃংখল কোঠা৷ চুক এটাত টেবুল এখনৰ ওপৰত গেছ ষ্ট’ভ, তাতে ৰন্ধাৰ সামগ্ৰী৷ বিছনাখনত এসোপা কাপোৰ৷ নন্দিতাই তাৰ ফালে চাই বিষণ্ণভাৱে হাঁহিলে আৰু ক’লে –“মোৰ জীৱনটোৰ দৰেই মোৰ কোঠাটোও৷ খেলি-মেলি৷ ” সি অবাক হৈ নন্দিতাৰ ফালে চাই থাকিল৷ ছোৱালীজনীক সি বুজি নাপালে নে সঁচাকৈয়ে তাইক বুজাটো টান? তাৰ অবাক চাৱনিয়ে নন্দিতাক গহীন কৰি তুলিলে –“ছোৱালীজনীৰ কাৰণে মোৰ বৰ টেনছন হৈছে বুজিছা৷”

: কি হৈছে?

: অল্ আৰ্ নৰ্মেল৷ মাত্ৰ তাই কথা ক’ব নোৱাৰে৷

: হা?

সি বিছনাত বহি থকা নন্দিতাৰ ছোৱালীজনীলৈ চালে৷ তাইৰ চকুত কোনো প্ৰতিক্ৰিয়া নাই৷ বাস্তৱৰ প্ৰতি সম্পূৰ্ণৰূপে নিস্পৃহ৷

: সৰুতেই ট্ৰিটমেণ্ট নকৰালা কিয়?

: মই কৈ আছিলো, মিষ্টাৰে কথাটোত গুৰুত্বই নিদিলে৷ কেৱল টকা ঘটাৰ চিন্তা৷ আমি দুয়োটা ৰাতিপুৱাই ওলাই যাওঁ৷ দিনটো তাই থাকে কাম কৰা মানুহজনীৰ লগত৷ তাই নিজৰ ভাষাত কথাবোৰ কয়৷ আমিয়েই বুজি নাপাওঁ, সৰু ছোৱালীজনীয়ে কি বুজি পাব? দিনটো ছোৱালীজনী সেই ভাষা নুবুজা মানুহজনীৰ লগত আৰু টি ভিটোৰ লগত থাকে৷ ৰাতি আমি আহি অসমীয়াত কথা পাতো৷ বোধহয় ভাষা লৈয়ে তাই কনফিউজড্ হৈ গ’ল৷ একো ভাষাতেই তাই কথা ক’ব নোৱাৰা হৈ গ’ল৷

সি আকৌ বিছনাত বহি থকা ছোৱালীজনীৰ ফালে চালে৷ তাই অবাক হৈ সিহঁত দুয়োটালৈ চাই আছে৷ কি কথা পাতিছে তাই চাগে বুজি পোৱা নাই৷ কিন্তু তাইৰ বিষয়েইযে পাতিছে সেইটো বোধহয় ধাৰণা কৰিব পাৰিছে৷ ছোৱালীজনীলৈ তাৰ মায়া উপজিল৷ এওঁলোকৰ সকলো আছে৷ বাংগালুৰুত ফ্লেট আছে, দিল্লীত ফ্লেট আছে, দেশ-বিদেশ ঘূৰি ফুৰিবলৈ অজস্ৰ টকা আছে৷ কিন্তু এই ছোৱালীজনীৰ মুখৰ মাত উলিয়াবলৈ শক্তি নাই৷ যিটো মানুহৰ লগত বিয়া হ’ল তাক টকাৰ বাহিৰে একো নালাগে৷ ছোৱালীজনীৰ মাতটোও নালাগে৷ টকাৰ প্ৰতি ইমান টান যে ছোৱালীজনীক ইয়াত ভাল পৰিৱেশ এটাৰ ৰখাৰ আগ্ৰহ দেখুওৱা নাই৷  এওঁলোকৰ কাম-কাজে ছোৱালীজনীৰ মুখৰ মাত কাঢ়িহে নিছে৷  অথচ কথাবোৰ এনেকৈ কয়, যেন পৃথিৱীৰ আটাইতকৈ সুখী মানুহ তেওঁলোক৷ মুখা এখন পিন্ধি ঢাকি ৰাখিব খোজে হৃদয়ৰ সমস্ত যন্ত্ৰনা৷

: মিষ্টাৰৰ বাধা নামানি মই তাইক ইয়ালৈ লৈ আহিছো৷ মোৰ দৃঢ় বিশ্বাস, ইয়াত তাইৰ মাত ফুটিবই৷

তাৰ ভাৱ হ’ল নন্দিতাৰ বুকুত এতিয়াও এখন ফুলনি গঢ় লৈ উঠা নাই৷ এপাহো যদি ফুলেই নুফুলে, কি চাই ছোৱালীজনীৰ বুকুত সপোন জাগিব? মাকৰ মৰমত তাই আহিছে, কিন্তু ভালপোৱাৰ বোকামাটিৰ গোন্ধ তাইৰ বুকুত লগাই নাই৷ সি অস্থিৰ হৈ পৰিল৷ সেইযে নন্দিতাই এদিন কৈছিল তাইৰ ড্ৰীমবোৰ বহুত বেলেগ৷ সেইযে এটা গান আছে –এনেকৈয়ে ভাগেনে সপোন….হীৰুদাৰ কবিতা এটালৈও তাৰ মনত পৰিল –“মই হাতৰ মুঠি খুলি দিলোয একো অনা নাই তোমাৰ পৰা৷  নগণ্য এটি অশ্ৰুমুদ্ৰাৰ প্ৰচ্ছায়ায হাতৰ তলুৱাতয মোৰ সকলো দুখ, এটি স্বপ্ন৷ মই একো অনা নাই তোমাৰ পৰায মোৰ দুহাত শূন্য..” সি অস্থিৰ হৈ পৰিল৷ কোঠাটোৰ ভিতৰত তাৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল৷ নন্দিতাক মাত নলগোৱাকৈয়ে সি ওলাই গুচি আহিল৷

দুদিনমান সি আকৌ অনাই বনাই ঘূৰি ফুৰিলে৷ বেয়া পালেও এদিন ৰত্নহঁতৰ আড্ডালৈও গ’ল৷ ৰত্নহঁতেও তাক ইতিকিং কৰি খেদি দিয়াদি দিলে৷ ক’লে –“মাল খাবলৈ মন আছে যদি কিনি লৈ আহিবি৷ মুফত খাবলৈ নাহিবি৷ ” তাৰ দুঃখ লাগিল৷ দুখীয়া শিল্পী বুলি এদিন নন্দিতাই তাক ইতিকিং কৰিছিল৷ প্ৰকাশ কৰাৰ আগতেই প্ৰত্যাখ্যান কৰিছিল তাৰ প্ৰেম৷ ৰত্নহঁতে তাৰ সংগ নিবিচাৰে৷ কাৰণ সি মদৰ বটল কিনি আনিব নোৱাৰে৷ মদ খাই ছোৱালীক লৈ “এনজয়” কৰিব নাজানে৷ সি এটা ব’ৰ৷ এইখন পৃথিৱীৰ বাবে উপযুক্ত নহয়?

সি আকৌ নিজৰ কোঠাত সোমাল৷ সেইখন তাৰ পৃথিৱী৷ ৰং তুলিকাৰ নিজৰ পৃথিৱী৷ নিজৰ ইচ্ছা মতেই য’তে-ত’তে ৰং সানিব পাৰে৷ নিজৰ ইচ্ছা মতেই নিজৰ স’তে কথা পাতিব পাৰে কেতিয়াও কাৰো সৈতে নপতা কথা৷ বহুদিনৰ মূৰত সি আকৌ কেনভাছখন ফ্ৰেমডালত আওজাই লৈছে৷ সি এখন ছবি আঁকিব খুজিছে৷ নন্দিতাৰ সপোনবোৰৰ ছবি৷ সপোনৰ ছবি? সপোনৰ ছবি আঁকিব পাৰিনে? পাৰি, পাৰি৷ নিজে গঢ়া পৃথিৱীখনত সিয়েই আঁকিব সেইখন ছবি৷ সি আকৌ ব্ৰাছ আৰু ৰঙৰ থালখন হাতত ল’লে৷ জীৱনটো ৰঙীন কৰিবলৈ ৰামধেনুৰ সাঁতোটা ৰঙেই যথেষ্ট৷ কেনভাছখনত সি ব্ৰাছডাল ঘঁহি গ’ল আৰু এটা সময়ত সি অনুভৱ কৰিলে কেনভাছখনত ৰং তুলিকাৰ মাজত জিলিকি উঠিছে নন্দিতাৰ ছোৱালীজনীৰ মুখখন৷ কেনভাছখনত আগৰ দৰে তাই নিস্পৃহ, প্ৰতিক্ৰিয়াহীন হৈ থকা নাই৷ অসহায় হৈ চাই থকা নাই৷ তাৰ ফালে চাই তাই হাঁহিছে৷ তাইৰ হাঁহিত ফুল ফুলিছে৷ হাতত ৰং আৰু ব্ৰাছৰ থালখন লৈ থকা অৱস্থাতে সি অস্থিৰ হৈ পৰিছে৷ উত্তেজিত হৈ পৰিছে৷ তাৰ চিঞৰি দিবৰ মন গৈছে –শুনিছেনে? আপোনালোকে শুনিছেনে, নন্দিতাৰ ছোৱালীজনীয়ে হাঁহিছে৷ তাইৰ মুখৰ মাত ওলাইছে-মা মা মা…শুনিছেনে আপোনালোকে?■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক