হেঁপাহৰ আকাশ এখন বহুদিন দেখা নাই- ৰণজিত গগৈ

সমনীয়াৰ স’তে দুপৰীয়া বৰশীৰ বটিয়া বাটোতে
হাতে-পাতে আথে-বেথে ইটো-সিটোক
আয়ে আছিল বতাই টিপনি-খোপনি৷

কঠালৰ আঠা লেটাই বেৰৰ খুচনিত যি আছিল হৈ হাওবৰণীয়া
তাৰ ঘঁহনিয়ে ফিট হোৱা বৰশী বটিয়া
ল’ৰালিতে চু-উ-ত চাঁহী লাগিলে
চাটুপকে’ তাক কাঢ়ি অনা
আইৰ মাত- কথাই এতিয়া ঘনাই আমনিয়াই থাকে৷

হামি এটা মাৰি মাৰি হুমুনিয়াহ কাঢ়ি থাকো৷
বাট এটা দেখি দেখি সপোন এটা ভাঙি থাকো৷

থাকক থাকক বুলি থ’ব পৰা হ’লে

কাতিৰ পথাৰৰ ফুল ডৰিকণা এজাক
নিয়ৰৰ টোপাল দোলি থকা কোমল পুৱা এটা
একে একে হৈ৷

ভাবিলে ভাবি ভাবি বহুতকে ভবাই তুলিব পাৰি
কোনে কিটো কেনেক’ ভাবি আছো৷ ভবাই আছো৷
দুপৰীয়াৰ যিটো কথাই আবেলিক আজুৰি আনিক গধূলিক
খুৱাই থ’ব পাৰে উফাল -জোফাল

ন-দি কৰি থকা নাই নে তাকে তেনে দৰে?

আং বাং বাং বিং
বিৰ বিৰ ভাব ভাষা
ফুটি ফাটি মুখৰ ভিতৰতে নুফুটা হোৱা দিনবোৰো
কিমান যে দীঘলীয়া হ’ল নোৱাৰি সতকাই কৈ থ’ব কাকো

চিৰাল ফটা দিয়া চনকা মনটো
চদকাই ধৰি থৈছে কত বেলিৰ পৰা
বেলি উঠক বুলি বহি আছো
মূৰ তুলি আকাশলৈ চোৱাৰ হেঁপাহ এটা
বুকুত সাবটি

কাৰ বা হিচাপ আৰু কোনে ৰাখে
ক’বতো নোৱাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক