হেঁপাহৰ ভাতসাঁজ (মিতালী বৰ্মন)

(তাৰ পৰাই তেওঁ তিনিডোখৰ ইটা লৈ আহি চৌকা সাজিবৰ দিহা কৰিলে। মার্বল পাথৰৰ মজিয়াত পোনেই চৌকা পাতিলে মজিয়াখন নষ্ট হৈ যাব বুলি চৌকা পাতিবলৈ পুৰণি ষ্টীলৰ কাঁহী এখন উলিয়াই দিলোঁ। তাতে তিনিও ডোখৰ ইটা খাপ খুৱাই চৌকা সজা হ’ল। এতিয়া প্রশ্ন হ’ল জুইকুৰা জ্বলামনো কেনেকৈ?)

এমুঠি ভাত! সেই ভাতমুঠিৰ বাবেই নানা সংগ্রাম। জাৰ-জহ, দিন-ৰাতি কাটি কৰি অশেষ কষ্টৰ অন্তত পোৱা সেই ভাতমুঠি হৈ পৰে কাৰোবাৰ বাবে ‘হেঁপাহৰ ভাতসাঁজ’। আপোনাৰ বাৰু মনত আছেনে বা আপুনি বাৰু কেতিয়াবা খাইছেনে সেই ‘হেঁপাহৰ ভাতসাঁজ’? ২০১২চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে আমাৰো সৌভাগ্য হ’ল ‘হেঁপাহৰ ভাতসাঁজ’ খোৱাৰ।

ডিচেম্বৰ মাহৰ দিল্লী, শীতৰ তাণ্ডব। সিদিনা ভাইটিও মোৰ লগত বিশ্ববিদ্যালয়লৈ গৈছিল। উভতি আহোঁতে ৰাতিৰ সাঁজৰ বাবে মাংস খোৱাৰ কথা ভাবিলোঁ। ভবা মতেই কাম। বিজয় নগৰহৈ অহা বাবে তাতে মাংস কিনিলোঁ। আমি সদায় মাংস কিনা দোকানখনতকৈ প্রায় ৫০টকা বেছিকৈ দি (মানে আমি ঠগ খালোঁ)। যি কি নহওক, মাংস কিনি ঘৰমুৱা হ’লোঁ। ঠাণ্ডা বেছিকৈ পৰা বাবে গৰমে গৰমে ভাতসাঁজ খাব পালে ভাল লাগে। সেয়ে গিৰিহঁত আহি পোৱাৰ পাচতহে একাপ একাপ চাহ খাই ভাত ৰান্ধিবলৈ যাওঁ। পিচে সিদিনা মাংস ৰান্ধিবলৈ যা-যোগাৰখিনি কৰি থওঁ বুলি পাকঘৰলৈ গৈ মনত পৰিল চাউল আনিবলগীয়া হৈ আছিল। লগে লগে ভাইটিৰ লগত ওলালোঁ। ইতিমধ্যে নমান বজিল। ভাইটি আৰু মোক পদূলিমুখতে তেওঁ লগ পালে। চাউল অনাৰ পাচত আমি সকলোৱে চাহ খালোঁ। তাৰ পাচত ইটো-সিটোকৈ কথা পাতি থাকোতে নিশা চাৰে দহ বাজিল। মাংস ৰন্ধাৰ যা-যোগাৰ কৰা হোৱালৈ এঘাৰ বাজিল। এপাকত গিৰিহঁতে পাকঘৰলৈ আহি ক’লে, ‘যোগাৰখিনি হ’লনে? মাংস মই ৰান্ধিম দিয়া। ছ’নি টিভিত ‘ক্রাইম পেট্র’ল’ আৰম্ভ হৈছে। আজি তাতে ‘অ’নাৰ কিলিং’ৰ কেছ এটা দেখুৱাই আছে। তুমি চোৱাগৈ।’ তেওঁ পিচি থোৱা আদা-নহৰু আৰু কাটি থোৱা পিঁয়াজখিনি ভাজিবলৈ ল’লে। তেওঁক আৰু কিবা যোগাৰ লাগিব নেকি বুলি তদাৰক কৰিবলৈ যাওঁতে ক’লে, ‘ক্রাইম পেট্র’লৰ অ’নাৰ কিলিং চাবানে? মোৰ ফালেও অ’নাৰ কিলিং হৈ আছে।’ একো নুবুজি মই তেওঁৰ কাষ পালোঁ। তেতিয়াহে মন কৰিলোঁ বাৰ্নাৰৰ জুইকুৰা ঢিপঢিপাবলৈ আৰম্ভ কৰিছে। মানে চিলিণ্ডাৰটোৰ গেছখিনিয়ে অন্তিম মুহূর্তত উপনীত হৈছে। কিছু সময়ৰ পাচত ঢিপঢিপনি বন্ধ হ’ল আৰু মই হৈ পৰিলোঁ বিমূঢ়! মনত পেলাবলৈ যত্ন কৰিলোঁ ওচৰে-পাঁজৰে ক’ৰবাত হোটেল-ৰেষ্টুৰেণ্ট খোলা থাকিব পাৰে নেকি। নাই, ইমান নিশা, তাতে ঠাণ্ডাৰ কথা, সকলোৱে দোকান-পোহাৰ বন্ধ কৰি কেতিয়াবাই ঘৰ পালেগৈ। মোৰ অসহায় অৱস্থা দেখি গিৰিহঁতে মাত লগালে, ‘ৰ’বা কিবা এটা ব্যৱস্থা কৰি আছোঁ।’ এইবুলি তেওঁ গে’টখন খুলি বাহিৰলৈ গ’ল। ৰাস্তাৰ কাষতে গাড়ীবোৰ ৰখোৱা ঠাইতে কেইবাটুকুৰাও ইটা পৰি আছিল। তাৰ পৰাই তেওঁ তিনিডোখৰ ইটা লৈ আহি চৌকা সাজিবৰ দিহা কৰিলে। মার্বল পাথৰৰ মজিয়াত পোনেই চৌকা পাতিলে মজিয়াখন নষ্ট হৈ যাব বুলি চৌকা পাতিবলৈ পুৰণি ষ্টীলৰ কাঁহী এখন উলিয়াই দিলোঁ। তাতে তিনিও ডোখৰ ইটা খাপ খুৱাই চৌকা সজা হ’ল। এতিয়া প্রশ্ন হ’ল জুইকুৰা জ্বলামনো কেনেকৈ? গিৰিহঁতৰ উত্তৰ লগে লগে সাজু- ‘ঘৰ সলনি কৰিবৰ সময়ত ব্যৱহাৰ কৰা কার্টুনকেইটা সৰু সৰুকৈ টুকুৰা কৰা। মই জুইকুৰা জ্বলোৱাৰ দিহা কৰোঁ।’ কথা মতেই কাম। ভাইটি আৰু মই কার্টুনবোৰ ফালি সৰু সৰু টুকুৰা কৰি দিলোঁ। অলপ পৰৰ ভিতৰতেই চৌকাৰ জুইত মাংসৰ কেৰাহি উঠিল। লগে লগে চৌকাৰ জুইৰ ধোঁৱাই পাকঘৰ ছানি ধৰিলে। ধোঁৱাখিনি ওলাই যাবৰ বাবে এগজষ্ট ফেনখন দুবাৰমান চলাই দিছিলোঁ। কিন্তু পাচত ধোঁৱাৰ গোন্ধত কোনোবা সাৰ পাব বুলি সেইখন বন্ধ কৰি থোৱা হ’ল। ভাগ্য ভাল আছিল যে আমি থকা অঞ্চলটোৰ প্রায়ভাগ মানুহেই সেইসময়ত শুই নিঃপালি দিছিল। অন্যথা সোপাই আমাৰ ঘৰত উপস্থিত হ’লহেঁতেন ক’ৰবাত ‘জুই লাগিছে’ বুলি। চৌকা ফুৱাই ফুৱাই চৌকাৰ জুইৰ ধোঁৱাত চকুৰ পানী বোৱাই বোৱাই গিৰিহঁতৰ প্রায় এঘণ্টাৰ ভিতৰত মাংস-ভাত ৰন্ধা হ’ল। অৱশেষত ইমানবোৰ কষ্টৰ অন্তত নিশা প্রায় ডেৰ বজাত আমি ভাত খাবলৈ বহিলোঁ। আমাৰ হেঁপাহৰ ভাতসাঁজ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments